< أَمْثَالٌ 25 >
هَذِهِ أَيْضًا أَمْثَالُ سُلَيْمَانَ ٱلَّتِي نَقَلَهَا رِجَالُ حَزَقِيَّا مَلِكِ يَهُوذَا: | ١ 1 |
১যিহূদাৰ ৰজা হিষ্কিয়াৰ লোক সকলে সংগ্ৰহ কৰা চলোমনৰ নীতিবাক্য এইবোৰ।
مَجْدُ ٱللهِ إِخْفَاءُ ٱلْأَمْرِ، وَمَجْدُ ٱلْمُلُوكِ فَحْصُ ٱلْأَمْرِ. | ٢ 2 |
২বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ; কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ।
اَلسَّمَاءُ لِلْعُلُوِّ، وَٱلْأَرْضُ لِلْعُمْقِ، وَقُلُوبُ ٱلْمُلُوكِ لَا تُفْحَصُ. | ٣ 3 |
৩উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে, সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়।
أَزِلِ ٱلزَّغَلَ مِنَ ٱلْفِضَّةِ، فَيَخْرُجَ إِنَاءٌ لِلصَّائِغِ. | ٤ 4 |
৪ৰূপৰ পৰা ধাতুমল দূৰ কৰা; ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে;
أَزِلِ ٱلشِّرِّيرَ مِنْ قُدَّامِ ٱلْمَلِكِ، فَيُثَبَّتَ كُرْسِيُّهُ بِٱلْعَدْلِ. | ٥ 5 |
৫তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা; ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হ’ব।
لَا تَتَفَاخَرْ أَمَامَ ٱلْمَلِكِ، وَلَا تَقِفْ فِي مَكَانِ ٱلْعُظَمَاءِ، | ٦ 6 |
৬ৰজাৰ সন্মুখত নিজকে নিজে প্রশংসা নকৰিবা; আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহ’বা।
لِأَنَّهُ خَيْرٌ أَنْ يُقَالَ لَكَ: ٱرْتَفِعْ إِلَى هُنَا، مِنْ أَنْ تُحَطَّ فِي حَضْرَةِ ٱلرَّئِيسِ ٱلَّذِي رَأَتْهُ عَيْنَاكَ. | ٧ 7 |
৭উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ, “ইয়ালৈ আহাঁ”, এই বুলি তেওঁ তোমাক কোৱা ভাল। তোমাৰ সাক্ষ্য কি আছিল,
لَا تَبْرُزْ عَاجِلًا إِلَى ٱلْخِصَامِ، لِئَلَّا تَفْعَلَ شَيْئًا فِي ٱلْآخِرِ حِينَ يُخْزِيكَ قَرِيبُكَ. | ٨ 8 |
৮বিচাৰত বেগাই গৈ উপস্থিত নহ’বা; কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, তেতিয়া শেষত তুমি কি কৰিবা?
أَقِمْ دَعْوَاكَ مَعَ قَرِيبِكَ، وَلَا تُبحْ بِسِرِّ غَيْرِكَ، | ٩ 9 |
৯তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা, কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা;
لِئَلَّا يُعَيِّرَكَ ٱلسَّامِعُ، فَلَا تَنْصَرِفَ فَضِيحَتُكَ. | ١٠ 10 |
১০তোমাৰ কথা যিজনে শুনে, তেওঁ তোমাক লাজত পেলাব, আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব।
تُفَّاحٌ مِنْ ذَهَبٍ فِي مَصُوغٍ مِنْ فِضَّةٍ، كَلِمَةٌ مَقُولَةٌ فِي مَحَلِّهَا. | ١١ 11 |
১১ভাল কথা কোৱাটো ৰূপত খটোৱা সোণৰ আপেলৰ দৰে,
قُرْطٌ مِنْ ذَهَبٍ وَحُلِيٌّ مِنْ إِبْرِيزٍ، ٱلْمُوَبِّخُ ٱلْحَكِيمُ لِأُذُنٍ سَامِعَةٍ. | ١٢ 12 |
১২শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে, জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে।
كَبَرْدِ ٱلثَّلْجِ فِي يَوْمِ ٱلْحَصَادِ، ٱلرَّسُولُ ٱلْأَمِينُ لِمُرْسِلِيهِ، لِأَنَّهُ يَرُدُّ نَفْسَ سَادَتِهِ. | ١٣ 13 |
১৩শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে, বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে; তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে;
سَحَابٌ وَرِيحٌ بِلَا مَطَرٍ، ٱلرَّجُلُ ٱلْمُفْتَخِرُ بِهَدِيَّةِ كَذِبٍ. | ١٤ 14 |
১৪বৰষুণ নোহোৱা মেঘ আৰু বতাহ যেনে, মিছাকৈ দান দিছোঁ বুলি অহংকাৰ কৰা জনো তেনে।
بِبُطْءِ ٱلْغَضَبِ يُقْنَعُ ٱلرَّئِيسُ، وَٱللِّسَانُ ٱللَّيِّنُ يَكْسِرُ ٱلْعَظْمَ. | ١٥ 15 |
১৫ধৈৰ্যেৰে শাসনকৰ্ত্তাই প্ৰত্যয় জন্মাব পাৰে, আৰু নম্র জিভাই হাড় ভাঙিব পাৰে।
أَوَجَدْتَ عَسَلًا؟ فَكُلْ كِفَايَتَكَ، لِئَلَّا تَتَّخِمَ فَتَتَقَيَّأَهُ. | ١٦ 16 |
১৬তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা; নহ’লে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা।
اِجْعَلْ رِجْلَكَ عَزِيزَةً فِي بَيْتِ قَرِيبِكَ، لِئَلَّا يَمَلَّ مِنْكَ فَيُبْغِضَكَ. | ١٧ 17 |
১৭তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা, তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব।
مِقْمَعَةٌ وَسَيْفٌ وَسَهْمٌ حَادٌّ، ٱلرَّجُلُ ٱلْمُجِيبُ قَرِيبَهُ بِشَهَادَةِ زُورٍ. | ١٨ 18 |
১৮যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে, তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা, বা তৰোৱাল, বা তীক্ষ্ন কাঁড়ৰ দৰে।
سِنٌّ مَهْتُومَةٌ وَرِجْلٌ مُخَلَّعَةٌ، ٱلثِّقَةُ بِٱلْخَائِنِ فِي يَوْمِ ٱلضِّيقِ. | ١٩ 19 |
১৯বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে, সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে।
كَنَزْعِ ٱلثَّوْبِ فِي يَوْمِ ٱلْبَرْدِ، كَخَلٍّ عَلَى نَطْرُونٍ، مَنْ يُغَنِّي أَغَانِيَّ لِقَلْبٍ كَئِيبٍ. | ٢٠ 20 |
২০কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ, বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে।
إِنْ جَاعَ عَدُوُّكَ فَأَطْعِمْهُ خُبْزًا، وَإِنْ عَطِشَ فَٱسْقِهِ مَاءً، | ٢١ 21 |
২১তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া।
فَإِنَّكَ تَجْمَعُ جَمْرًا عَلَى رَأْسِهِ، وَٱلرَّبُّ يُجَازِيكَ. | ٢٢ 22 |
২২কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব, আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব।
رِيحُ ٱلشِّمَالِ تَطْرُدُ ٱلْمَطَرَ، وَٱلْوَجْهُ ٱلْمُعْبِسُ يَطْرُدُ لِسَانًا ثَالِبًا. | ٢٣ 23 |
২৩উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়।
اَلسُّكْنَى فِي زَاوِيَةِ ٱلسَّطْحِ، خَيْرٌ مِنِ ٱمْرَأَةٍ مُخَاصِمَةٍ فِي بَيْتٍ مُشْتَرِكٍ. | ٢٤ 24 |
২৪দ্বন্দুৰী মহিলাৰ সৈতে ঘৰত বাস কৰাতকৈ, ঘৰৰ ছালৰ এচুকত থকাই ভাল।
مِيَاهٌ بَارِدَةٌ لِنَفْسٍ عَطْشَانَةٍ، ٱلْخَبَرُ ٱلطَّيِّبُ مِنْ أَرْضٍ بَعِيدَةٍ. | ٢٥ 25 |
২৫তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে, দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে।
عَيْنٌ مُكَدَّرَةٌ وَيَنْبُوعٌ فَاسِدٌ، ٱلصِّدِّيقُ ٱلْمُنْحَنِي أَمَامَ ٱلشِّرِّيرِ. | ٢٦ 26 |
২৬ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে, দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে।
أَكْلُ كَثِيرٍ مِنَ ٱلْعَسَلِ لَيْسَ بِحَسَنٍ، وَطَلَبُ ٱلنَّاسِ مَجْدَ أَنْفُسِهِمْ ثَقِيلٌ. | ٢٧ 27 |
২৭অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ ওপৰি সন্মান বিচৰা দৰে হয়।
مَدِينَةٌ مُنْهَدِمَةٌ بِلَا سُورٍ، ٱلرَّجُلُ ٱلَّذِي لَيْسَ لَهُ سُلْطَانٌ عَلَى رُوحِهِ. | ٢٨ 28 |
২৮যি জনে নিজৰ মনক দমন নকৰে, তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে।