< نَحَمْيَا 2 >
وَفِي شَهْرِ نِيسَانَ فِي ٱلسَّنَةِ ٱلْعِشْرِينَ لِأَرْتَحْشَسْتَا ٱلْمَلِكِ، كَانَتْ خَمْرٌ أَمَامَهُ، فَحَمَلْتُ ٱلْخَمْرَ وَأَعْطَيْتُ ٱلْمَلِكَ. وَلَمْ أَكُنْ قَبْلُ مُكْمَدًّا أَمَامَهُ. | ١ 1 |
১ৰজা অৰ্তক্ষত্ৰৰ ৰাজত্বৰ বিশ বছৰৰ নীচান মাহত, তেওঁ দ্ৰাক্ষাৰস বাছি ল’লে, আৰু মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই ৰজাৰ আগত কেতিয়াও মুখ মলিন কৰা নাই।
فَقَالَ لِي ٱلْمَلِكُ: «لِمَاذَا وَجْهُكَ مُكْمَدٌّ وَأَنْتَ غَيْرُ مَرِيضٍ؟ مَا هَذَا إِلَا كآبَةَ قَلْبٍ!». فَخِفْتُ كَثِيرًا جِدًّا، | ٢ 2 |
২কিন্তু ৰজাই মোক ক’লে, “তোমাৰ মুখ কিয় মলিন হৈছে? তোমাক অসুখীয়া যেন লগা নাই জানো। নিশ্চয় এয়া আন্তৰিক বেদনা।” তেতিয়া মোৰ অতিশয় ভয় লাগিল।
وَقُلْتُ لِلْمَلِكِ: «لِيَحْيَ ٱلْمَلِكُ إِلَى ٱلْأَبَدِ. كَيْفَ لَا يَكْمَدُّ وَجْهِي وَٱلْمَدِينَةُ بَيْتُ مَقَابِرِ آبَائِي خَرَابٌ، وَأَبْوَابُهَا قَدْ أَكَلَتْهَا ٱلنَّارُ؟» | ٣ 3 |
৩মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
فَقَالَ لِي ٱلْمَلِكُ: «مَاذَا طَالِبٌ أَنْتَ؟» فَصَلَّيْتُ إِلَى إِلَهِ ٱلسَّمَاءِ، | ٤ 4 |
৪তেতিয়া ৰজাই মোক ক’লে, “মই কি কৰাটো তুমি বিচাৰিছা?” সেয়ে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলোঁ।
وَقُلْتُ لِلْمَلِكِ: «إِذَا سُرَّ ٱلْمَلِكُ، وَإِذَا أَحْسَنَ عَبْدُكَ أَمَامَكَ، تُرْسِلُنِي إِلَى يَهُوذَا، إِلَى مَدِينَةِ قُبُورِ آبَائِي فَأَبْنِيهَا». | ٥ 5 |
৫মই ৰজাক উত্তৰ দি কলোঁ, “যদি মহাৰাজে ভাল দেখে, আৰু আপোনাৰ এই দাসে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক মোৰ পিতৃসকলৰ মৈদামৰ নগৰ যিহূদালৈ পঠিয়াই দিয়ক, মই তাক পুনৰাই সাজিম।”
فَقَالَ لِي ٱلْمَلِكُ، وَٱلْمَلِكَةُ جَالِسَةٌ بِجَانِبِهِ: «إِلَى مَتَى يَكُونُ سَفَرُكَ، وَمَتَى تَرْجِعُ؟» فَحَسُنَ لَدَى ٱلْمَلِكِ وَأَرْسَلَنِي، فَعَيَّنْتُ لَهُ زَمَانًا. | ٦ 6 |
৬ৰজাই মোক উত্তৰ দিলে, (আৰু তেওঁৰ ৰাণীও তেওঁৰ কাষত বহি আছিল), “তুমি কিমান দিনৰ বাবে যাবা আৰু কেতিয়া উভতি আহিবা?” মই যেতিয়া তেওঁক নিৰূপিত সময়ৰ কথা দিলোঁ, তেতিয়া ৰজাই আনন্দেৰে মোক পঠিয়াই দিলে।
وَقُلْتُ لِلْمَلِكِ: «إِنْ حَسُنَ عِنْدَ ٱلْمَلِكِ فَلْتُعْطَ لِي رَسَائِلُ إِلَى وُلَاةِ عَبْرِ ٱلنَّهْرِ لِكَيْ يُجِيزُونِي حَتَّى أَصِلَ إِلَى يَهُوذَا، | ٧ 7 |
৭তাৰ পাছত মই ৰজাক ক’লোঁ, “যদি ৰজা এই কথাত সন্তোষ পাইছে, তেনেহলে নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ বাবে লিখা চিঠি মোক দিব পাৰে, যাতে যিহূদালৈ যাওঁতে তেওঁলোকৰ দেশ পাৰ হ’বলৈ তেওঁলোকে মোক অনুমতি দিয়ে।
وَرِسَالَةٌ إِلَى آسَافَ حَارِسِ فِرْدَوْسِ ٱلْمَلِكِ لِكَيْ يُعْطِيَنِي أَخْشَابًا لِسَقْفِ أَبْوَابِ ٱلْقَصْرِ ٱلَّذِي لِلْبَيْتِ، وَلِسُورِ ٱلْمَدِينَةِ، وَلِلْبَيْتِ ٱلَّذِي أَدْخُلُ إِلَيْهِ». فَأَعْطَانِي ٱلْمَلِكُ حَسَبَ يَدِ إِلَهِي ٱلصَّالِحَةِ عَلَيَّ. | ٨ 8 |
৮ৰজাৰ বনাঞ্চল ৰখীয়া আচফলৈও এখন চিঠি দিব পাৰে, যাতে মন্দিৰৰ কাষত থকা দুৰ্গৰ দুৱাৰৰ চৌকাঠ, নগৰৰ দেৱাল, আৰু যি গৃহত মই থাকিম সেই সকলোৰ বাবে তেওঁ মোক যেন কাঠ দিয়ে।” মোৰ ওপৰত ঈশ্বৰৰ মঙ্গলময় হাত থকাত, ৰজাই মোৰ অনুৰোধবোৰ গ্রহণ কৰিলে।
فَأَتَيْتُ إِلَى وُلَاةِ عَبْرِ ٱلنَّهْرِ وَأَعْطَيْتُهُمْ رَسَائِلَ ٱلْمَلِكِ. وَأَرْسَلَ مَعِي ٱلْمَلِكُ رُؤَسَاءَ جَيْشٍ وَفُرْسَانًا. | ٩ 9 |
৯মই নদীৰ সিপাৰে থকা দেশাধ্যক্ষসকলৰ ওচৰলৈ আহিলোঁ আৰু ৰজাৰ পত্ৰবোৰ তেওঁলোকক দিলোঁ। ৰজাই মোৰ লগত সৈন্য সমূহৰ কৰ্মচাৰী আৰু অশ্বাৰোহী পঠাইছিল।
وَلَمَّا سَمِعَ سَنْبَلَّطُ ٱلْحُورُونِيُّ وَطُوبِيَّا ٱلْعَبْدُ ٱلْعَمُّونِيُّ سَاءَهُمَا مَسَاءَةً عَظِيمَةً، لِأَنَّهُ جَاءَ رَجُلٌ يَطْلُبُ خَيْرًا لِبَنِي إِسْرَائِيلَ. | ١٠ 10 |
১০ইস্ৰায়েলৰ লোকসকলক সহায় কৰিবলৈ কোনো এজন ব্যক্তি আহি থকা কথা যেতিয়া, হোৰোণীয়া চনবল্লট আৰু অম্মোনীয়া টোবিয়া দাসে শুনিলে, তেতিয়া তেওঁলোকে অতিশয় বেজাৰ পালে।
فَجِئْتُ إِلَى أُورُشَلِيمَ وَكُنْتُ هُنَاكَ ثَلَاثَةَ أَيَّامٍ. | ١١ 11 |
১১মই যিৰূচালেমলৈ আহিলোঁ, আৰু তাত তিনি দিন থাকিলোঁ।
ثُمَّ قُمْتُ لَيْلًا أَنَا وَرِجَالٌ قَلِيلُونَ مَعِي، وَلَمْ أُخْبِرْ أَحَدًا بِمَا جَعَلَهُ إِلَهِي فِي قَلْبِي لِأَعْمَلَهُ فِي أُورُشَلِيمَ. وَلَمْ يَكُنْ مَعِي بَهِيمَةٌ إِلَّا ٱلْبَهِيمَةُ ٱلَّتِي كُنْتُ رَاكِبَهَا. | ١٢ 12 |
১২মই ৰাতিয়ে উঠিলো, তাতে মই আৰু কেইজন মান পুৰুষ মোৰ সৈতে আছিল। যিৰূচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ মনত উদগণি দিলে, সেই কথা মই কাৰো আগত নক’লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল।
وَخَرَجْتُ مِنْ بَابِ ٱلْوَادِي لَيْلًا أَمَامَ عَيْنِ ٱلتِّنِّينِ إِلَى بَابِ ٱلدِّمْنِ، وَصِرْتُ أَتَفَرَّسُ فِي أَسْوَارِ أُورُشَلِيمَ ٱلْمُنْهَدِمَةِ وَأَبْوَابِهَا ٱلَّتِي أَكَلَتْهَا ٱلنَّارُ. | ١٣ 13 |
১৩মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ।
وَعَبَرْتُ إِلَى بَابِ ٱلْعَيْنِ وَإِلَى بِرْكَةِ ٱلْمَلِكِ، وَلَمْ يَكُنْ مَكَانٌ لِعُبُورِ ٱلْبَهِيمَةِ ٱلَّتِي تَحْتِي. | ١٤ 14 |
১৪তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
فَصَعِدْتُ فِي ٱلْوَادِي لَيْلًا وَكُنْتُ أَتَفَرَّسُ فِي ٱلسُّورِ، ثُمَّ عُدْتُ فَدَخَلْتُ مِنْ بَابِ ٱلْوَادِي رَاجِعًا. | ١٥ 15 |
১৫সেয়ে মই ৰাতি উপত্যকায়েদি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ, আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ।
وَلَمْ يَعْرِفِ ٱلْوُلَاةُ إِلَى أَيْنَ ذَهَبْتُ، وَلَا مَا أَنَا عَامِلٌ، وَلَمْ أُخْبِرْ إِلَى ذَلِكَ ٱلْوَقْتِ ٱلْيَهُودَ وَٱلْكَهَنَةَ وَٱلْأَشْرَافَ وَٱلْوُلَاةَ وَبَاقِي عَامِلِي ٱلْعَمَلِ. | ١٦ 16 |
১৬মই ক’লৈ গৈছিলোঁ, আৰু কি কৰিলোঁ, সেই বিষয়ে শাসনকৰ্ত্তাসকলে জনা নাছিল। তেতিয়ালৈকে মই যিহুদীসকলক, বা পুৰোহিতসকলক, বা প্ৰধান লোকসকলক, বা শাসনকৰ্ত্তাসকলক, বা অৱশিষ্ট যিসকল লোকে কাম কৰিছিল, তেওঁলোককো একো কোৱা নাছিলোঁ।
ثُمَّ قُلْتُ لَهُمْ: «أَنْتُمْ تَرَوْنَ ٱلشَّرَّ ٱلَّذِي نَحْنُ فِيهِ، كَيْفَ أَنَّ أُورُشَلِيمَ خَرِبَةٌ، وَأَبْوَابَهَا قَدْ أُحْرِقَتْ بِٱلنَّارِ. هَلُمَّ فَنَبْنِيَ سُورَ أُورُشَلِيمَ وَلَا نَكُونُ بَعْدُ عَارًا». | ١٧ 17 |
১৭মই তেওঁলোকক ক’লো, “আমি কেনে দুৰৱস্থাত আছোঁ, যিৰূচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে, আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়ে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ’বলৈ কোনো কাৰণ নাথাকিব।”
وَأَخْبَرْتُهُمْ عَنْ يَدِ إِلَهِي ٱلصَّالِحَةِ عَلَيَّ، وَأَيْضًا عَنْ كَلَامِ ٱلْمَلِكِ ٱلَّذِي قَالَهُ لِي، فَقَالُوا: «لِنَقُمْ وَلْنَبْنِ». وَشَدَّدُوا أَيَادِيَهُمْ لِلْخَيْرِ. | ١٨ 18 |
১৮মই তেওঁলোকক ইয়াকো ক’লো যে, “ঈশ্বৰৰ মঙ্গলময় হাত মোৰ ওপৰত আছে;” আৰু ৰজাই মোক যি কথা কৈছিল, সেই কথাও তেওঁলোকক জনালোঁঁ। তেওঁলোকে ক’লে, “আহক আমি নিৰ্ম্মাণ কাৰ্যৰ বাবে সাজোঁ হওঁহক।” সেয়ে তেওঁলোকে সেই উত্তম কাৰ্যৰ অৰ্থে নিজৰ হাত সবল কৰিলে।
وَلَمَّا سَمِعَ سَنْبَلَّطُ ٱلْحُورُونِيُّ وَطُوبِيَّا ٱلْعَبْدُ ٱلْعَمُّونِيُّ وَجَشَمٌ ٱلْعَرَبِيُّ هَزَأُوا بِنَا وَٱحْتَقَرُونَا، وَقَالُوا: «مَا هَذَا ٱلْأَمْرُ ٱلَّذِي أَنْتُمْ عَامِلُونَ؟ أَعَلَى ٱلْمَلِكِ تَتَمَرَّدُونَ؟». | ١٩ 19 |
১৯কিন্তু হোৰোণীয়া চনবল্লট, অম্মোনীয়া টোবিয়া দাস আৰু আৰবীয়া গেচমে এই কথা শুনি আমাক উপহাস কৰিলে; আৰু আমাক হেয়জ্ঞান কৰি ক’লে, “তোমালোকে কি কৰি আছা? তোমালোকে ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা নে?”
فَأَجَبْتُهُمْ وَقُلْتُ لَهُمْ: «إِنَّ إِلَهَ ٱلسَّمَاءِ يُعْطِينَا ٱلنَّجَاحَ، وَنَحْنُ عَبِيدُهُ نَقُومُ وَنَبْنِي. وَأَمَّا أَنْتُمْ فَلَيْسَ لَكُمْ نَصِيبٌ وَلَا حَقٌّ وَلَا ذِكْرٌ فِي أُورُشَلِيمَ». | ٢٠ 20 |
২০তেতিয়া মই তেওঁলোকক উত্তৰ দি ক’লো, “স্বৰ্গৰ ঈশ্বৰেই আমাক কৃতকাৰ্য কৰিব। আমি তেওঁৰ দাস আৰু আমি নিৰ্ম্মাণ কাৰ্য কৰিম। কিন্তু যিৰূচালেমত তোমালোকৰ ভাগ কি অধিকাৰ নাই আৰু যিৰূচালেমত ইতিহাসতো তোমালোকৰ কোনো স্বত্ব নাছিল।