< Psalms 68 >

1 Fún adarí orin. Ti Dafidi. Saamu. Orin. Kí Ọlọ́run kí ó dìde, kí àwọn ọ̀tá rẹ̀ kí ó fọ́nká; kí àwọn ọ̀tá rẹ̀ kí ó sá níwájú rẹ̀.
ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।
2 Bí ìjì ti ń fẹ́ èéfín lọ, kí ó fẹ́ wọn lọ; bí ìda ti í yọ́ níwájú iná, kí olùṣe búburú ṣègbé níwájú Ọlọ́run.
ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
3 Ṣùgbọ́n kí inú olódodo kí ó dùn kí ó sì kún fún ayọ̀ níwájú Ọlọ́run; kí inú wọn kí ó dùn, kí ó sì kún fún ayọ̀.
কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
4 Ẹ kọrin sí Ọlọ́run, ẹ kọrin ìyìn sí i, ẹ la ọ̀nà fún ẹni tí ń rékọjá ní aginjù. Olúwa ni orúkọ rẹ̀, kí ẹ sì máa yọ̀ níwájú rẹ̀.
তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
5 Baba àwọn aláìní baba àti onídàájọ́ àwọn opó ni Ọlọ́run ní ibùgbé rẹ̀ mímọ́
ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
6 Ọlọ́run gbé aláìlera kalẹ̀ nínú ìdílé, ó darí àwọn ẹlẹ́wọ̀n pẹ̀lú orin, ṣùgbọ́n àwọn ọlọ́tẹ̀ ní ń gbé nínú ilẹ̀ gbígbẹ.
অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
7 Nígbà tí ìwọ bá jáde lónìí níwájú àwọn ènìyàn rẹ, Ọlọ́run, tí ń kọjá lọ láàrín aginjù, (Sela)
হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, (চেলা)
8 Ilẹ̀ mì títí, àwọn ọ̀run ń rọ òjò jáde, níwájú Ọlọ́run, ẹni Sinai, níwájú Ọlọ́run, Ọlọ́run Israẹli.
তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
9 Ìwọ fún wa ní ọ̀pọ̀lọpọ̀ òjò, Ọlọ́run; ìwọ tu ilẹ̀ ìní rẹ̀ lára nígbà tí ó rẹ̀ ẹ́ tan.
হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
10 Àwọn ènìyàn rẹ tẹ̀dó síbẹ̀ nínú ọ̀pọ̀lọpọ̀ ìní rẹ, Ọlọ́run, ìwọ pèsè fún àwọn aláìní.
১০তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
11 Olúwa ti pàṣẹ ọ̀rọ̀, púpọ̀ ní ogun àwọn ẹni tí ó ń ròyìn rẹ̀.
১১যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল।
12 “Àwọn ọba àti àwọn ológun yára sálọ; obìnrin tí ó sì jókòó ni ilé ní ń pín ìkógun náà.
১২তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:
13 Nígbà tí ẹ̀yin dùbúlẹ̀ láàrín agbo ẹran, nígbà náà ni ẹ̀yin ó dàbí ìyẹ́ àdàbà ti a bò ní fàdákà, àti ìyẹ́ rẹ̀ pẹ̀lú wúrà pupa.”
১৩যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
14 Nígbà tí Olódùmarè fọ́n àwọn ọba ká ní ilẹ̀ náà, ó dàbí òjò dídi ní Salmoni.
১৪সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
15 Òkè Baṣani jẹ́ òkè Ọlọ́run; òkè tí ó ní orí púpọ̀ ni òkè Baṣani.
১৫হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
16 Kí ló dé tí ẹ̀yin fi ń ṣe ìlara, ẹ̀yin òkè wúwo, òkè tí Ọlọ́run ti fẹ́ láti jẹ ọba níbi tí Olúwa fúnra rẹ̀ yóò máa gbé títí láé?
১৬হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
17 Ẹgbẹ̀rún mẹ́wàá ni kẹ̀kẹ́ ogun Ọlọ́run ẹgbẹ̀rún lọ́nà ẹgbẹ̀rún; Olúwa ń bẹ láàrín wọn, ní Sinai ni ibi mímọ́ rẹ̀.
১৭ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব।
18 Ìwọ ti gòkè sí ibi gíga ìwọ ti di ìgbèkùn ní ìgbèkùn lọ; ìwọ ti gba ẹ̀bùn fún ènìyàn: nítòótọ́, fún àwọn ọlọ̀tẹ̀ pẹ̀lú, kí Olúwa Ọlọ́run lè máa bá wọn gbé.
১৮তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
19 Olùbùkún ni Olúwa, Ọlọ́run Olùgbàlà wa, ẹni tí ó ń fi ojoojúmọ́ gba ẹrù wa rù. (Sela)
১৯প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
20 Ọlọ́run wa jẹ́ Ọlọ́run tó ń gbàlà àti sí Olúwa Olódùmarè ni ó ń gbà wá lọ́wọ́ ikú.
২০আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।
21 Ṣùgbọ́n Ọlọ́run yóò tẹ orí àwọn ọ̀tá rẹ̀, àti agbárí onírun àwọn tó ń tẹ̀síwájú nínú ẹ̀ṣẹ̀ wọn
২১কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব।
22 Olúwa wí pé, “Èmi ó mú wọn wá láti Baṣani; èmi ó mú wọn wá láti ibú omi Òkun,
২২প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,
23 kí ẹsẹ̀ rẹ kí ó le pọ́n ní inú ẹ̀jẹ̀ àwọn ọ̀tá rẹ, àti ahọ́n àwọn ajá rẹ ní ìpín tiwọn lára àwọn ọ̀tá rẹ.”
২৩যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
24 Wọ́n ti rí ìrìn rẹ, Ọlọ́run, ìrìn Ọlọ́run mi àti ọba mi ní ibi mímọ́ rẹ̀.
২৪হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
25 Àwọn akọrin wà ní iwájú, àwọn olórin wà lẹ́yìn; àwọn ọmọbìnrin tí ń lu ṣaworo sì wà pẹ̀lú wọn.
২৫আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
26 Ẹ fi ìyìn fún Olúwa ní ẹgbẹgbẹ́; àní fún Olúwa ẹ̀yin tí ó ti orísun Israẹli wá.
২৬তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
27 Níbẹ̀ ní ẹ̀yà kékeré Benjamini wà, tí ó ń darí wọn, níbẹ̀ ni àwọn ọmọ-aládé Juda, níbẹ̀ ni àwọn ọmọ-aládé Sebuluni àti tí Naftali.
২৭তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
28 Pàṣẹ agbára rẹ, Ọlọ́run; fi agbára rẹ hàn wá, Ọlọ́run, gẹ́gẹ́ bí ìwọ ti ṣe ní ìṣáájú.
২৮হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
29 Nítorí tẹmpili rẹ ni Jerusalẹmu àwọn ọba yóò mú ẹ̀bùn wá fún ọ.
২৯যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
30 Bá àwọn ẹranko búburú wí, tí ń gbé láàrín eèsún ọ̀pọ̀lọpọ̀ àwọn akọ màlúù pẹ̀lú àwọn ọmọ màlúù títí olúkúlùkù yóò fi foríbalẹ̀ pẹ̀lú ìwọ̀n fàdákà: tú àwọn ènìyàn tí ń ṣe inú dídùn sí ogun ká.
৩০নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।
31 Àwọn ọmọ-aládé yóò wá láti Ejibiti; Etiopia yóò na ọwọ́ rẹ̀ sí Ọlọ́run.
৩১মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব।
32 Kọrin sí Ọlọ́run, ẹ̀yin ìjọba ayé, kọrin ìyìn sí Olúwa, (Sela)
৩২হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)
33 Sí ẹni tí ń gun ọ̀run dé ọ̀run àtijọ́ lókè, tó ń fọhùn rẹ̀, ohùn ńlá.
৩৩তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
34 Kéde agbára Ọlọ́run, ọláńlá rẹ̀ wà lórí Israẹli, tí agbára rẹ̀ wà lójú ọ̀run.
৩৪ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
35 Ìwọ ní ẹ̀rù, Ọlọ́run, ní ibi mímọ́ rẹ; Ọlọ́run Israẹli fi agbára àti okun fún àwọn ènìyàn rẹ. Olùbùkún ní Ọlọ́run!
৩৫হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!

< Psalms 68 >