< Nahum 3 >

1 Ègbé ni fún ìlú ẹ̀jẹ̀ nì, gbogbo rẹ̀ kún fún èké, ó kún fún olè, ìjẹ kò kúrò!
পৰিপূৰ্ণ ৰক্তৰে নগৰীৰ সন্তাপ হওঁক! তাই মিছা কথা আৰু লুন্ঠনৰ সম্পত্তিৰে পৰিপূৰ্ণ; তাইৰ ওচৰত ক্ষতিগ্ৰস্তসকল সদায় থাকে।
2 Ariwo pàṣán àti ariwo kíkùn kẹ̀kẹ́ ogun àti jíjó ẹṣin àti gbígbọn kẹ̀kẹ́ ogun jìgìjìgì!
কিন্তু এতিয়া চাবুকৰ শব্দ, চকাৰ ঘৰ্ঘৰণিৰ শব্দ, জপিয়াই থকা ঘোঁৰা আৰু জপিওৱা ৰথৰ শব্দ শুনা যায়।
3 Ológun orí ẹṣin ń fi ìgbónára ju idà wọn mọ̀nàmọ́ná ọ̀kọ̀ rẹ̀ ti ń dán yanran sí òkè! Ọ̀pọ̀lọpọ̀ si ní àwọn ẹni tí a pa, àti ọ̀pọ̀lọpọ̀ òkú; òkú kò sì ni òpin; àwọn ènìyàn sì ń kọsẹ̀ lára àwọn òkú.
আক্ৰমণকাৰী অশ্বাৰোহী, চিকমিকোৱা তৰোৱাল, জিলিকা বৰছা, হত হোৱা লোক সমূহ আৰু দ’ম হৈ থকা বৃহৎ মৃত-দেহবোৰ; মৰা শৱবোৰৰ সীমা নাই, তেওঁলোকৰ শৱৰ ওপৰত তেওঁলোকৰ আক্ৰমাণকাৰীসকলে উজুটি খায়।
4 Nítorí ọ̀pọ̀lọpọ̀ panṣágà àgbèrè tí ó rójú rere gbà, ìyá àjẹ́ tí ó ṣọ́ àwọn Orílẹ̀-èdè di ẹrú nípa àgbèrè rẹ̀ àti àwọn ìdílé nípa ìṣe àjẹ́ rẹ̀.
এইবোৰ সংঘটিত হোৱাৰ কাৰণ হ’ল, যি মায়াবিনী সুন্দৰী বেশ্যাই নিজৰ বেশ্যা কৰ্মৰ দ্বাৰাই জাতি সমূহক আৰু নিজৰ মায়াকাৰ্য্যৰ দ্বাৰাই প্রজাসকলক বিক্রী কৰিলে; তাইৰ অধিক বেশ্যাকৰ্মৰ কাৰণে এইবোৰ ঘটিছে।
5 “Èmi dojúkọ ọ́,” ni Olúwa àwọn ọmọ-ogun wí. “Èmi ó si ká aṣọ àwọ̀tẹ́lẹ̀ rẹ ní ojú rẹ. Èmi yóò sì fi ìhòhò rẹ̀ han àwọn orílẹ̀-èdè àti ìtìjú rẹ̀ han àwọn ilẹ̀ ọba.
বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমাৰ বিপক্ষে; মই তোমাৰ কাপোৰৰ আঁচল তোমাৰ মুখৰ ওপৰলৈকে দাঙি তোমাক অনাবৃতা কৰিম; মই জাতি সমূহক তোমাৰ বিবস্ত্ৰতা আৰু ৰাজ্যক তোমাৰ লাজ দেখুৱাম।
6 Èmi yóò da ẹ̀gbin tí ó ni ìríra sí ọ ní ara, èmi yóò sì sọ ọ́ di aláìmọ́, èmi yóò sì sọ ọ́ di ẹlẹ́yà.
মই তোমাৰ ওপৰত মলিয়ন ঘিণলগীয়া বস্তু পেলাই তোমাক ঘৃণনীয় কৰিম; মই তোমাক মানুহে ঠৰ লাগি চাই থকা বস্তুৰ দৰে স্থাপন কৰিম।
7 Gbogbo àwọn tí ó ba sì wò ọ́ yóò sì káàánú fún ọ, wọn yóò sì wí pé, ‘Ninefe ṣòfò, ta ni yóò kẹ́dùn rẹ?’ Níbo ni èmi o ti wá olùtùnú fún ọ?”
তেতিয়া এনে ঘটিব, যে যি জনে তোমালৈ চাব, তেওঁ তোমাৰ পৰা পলাব আৰু ক’ব, ‘নীনবি বিনষ্ট হ’ল; কোনে তাইৰ কাৰণে বিলাপ কৰিব?’ মই ক’ৰ পৰা তোমাৰ কাৰণে শান্ত্বনা দিওঁতা লোক বিচাৰি আনিম?”
8 Ǹjẹ́ ìwọ ha sàn ju Tebesi lọ, èyí tí ó wà ní ibi odò Naili, tí omi sì yí káàkiri? Odò náà sì jẹ́ ààbò rẹ̀, omi si jẹ́ odi rẹ̀.
হে নীনবি, তুমি জানো যি থিব্‌চ (নো-আমোন নগৰ) নীল নদীবোৰৰ মাজত সজা আছিলা, যাৰ চাৰিওফালে জল সমূহ আছিল, যাৰ কোঁঠ সাগৰ আৰু গড় সমুদ্ৰ, সেই থিব্‌চতকৈ তুমি জানো উত্তম?
9 Etiopia àti Ejibiti ni agbára rẹ, kò sí ní òpin; Puti àti Libia ni àwọn olùgbèjà rẹ̀.
কুচ আৰু মিচৰ তাইৰ ক্ষমতা আছিল আৰু সেয়ে অসংখ্য আছিল; পূটীয়া আৰু লুবীয়া তাইৰ মিত্র আছিল।
10 Síbẹ̀síbẹ̀ a kó o ní ìgbèkùn o sì lọ sí oko ẹrú. Àwọn ọmọ wẹ́wẹ́ rẹ̀ ni a ó fọ́ mọ́lẹ̀ ní orí ìta gbogbo ìgboro. Wọ́n sì di ìbò nítorí àwọn ọlọ́lá rẹ̀ ọkùnrin, gbogbo àwọn ọlọ́lá rẹ ni a sì fi ẹ̀wọ̀n dè.
১০তথাপি তাইক নিয়া হৈছিল, তাই বন্দী-অৱস্থালৈ গ’ল, তাইৰ আটাই শিশুক আলিৰ মূৰত আছাৰি ডোখৰ ডোখৰ কৰা হ’ল; শত্ৰুবোৰে তাইৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে চিঠি খেলিলে আৰু তাইৰ আটাই বৰ লোকসকলক শিকলিৰে বন্ধা হ’ল।
11 Ìwọ pẹ̀lú yóò sì mu àmupara; a ó sì fi ọ́ pamọ́ ìwọ pẹ̀lú yóò máa ṣe àfẹ́rí ààbò nítorí ti ọ̀tá náà.
১১তুমিও মতলীয়া হ’বা; নিজকে লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিবা; তুমি শত্ৰুৰ ভয়ত আশ্রয় লবলৈ এটা দুৰ্গ বিচাৰিবা।
12 Gbogbo ilé ìṣọ́ agbára rẹ yóò dàbí igi ọ̀pọ̀tọ́ pẹ̀lú àkọ́pọ́n èso wọn; nígbà tí wọ́n bá ń gbọ̀n wọ́n, ọ̀pọ̀tọ́ yóò sì bọ́ sí ẹnu àwọn ọ̀jẹun.
১২তোমাৰ আটাই কোঁঠ আগতিয়া গুটি লগা ডিমৰু গছৰ নিচিনা হ’ব; যেতিয়া সেইবোৰত জোকাৰণি লাগে, তেতিয়া সেইবোৰ খাওঁতাৰ মুখত পৰে।
13 Kíyèsi gbogbo àwọn jagunjagun! Obìnrin ni gbogbo wọn. Ojú ibodè rẹ ní a ó ṣí sílẹ̀ gbagada, fún àwọn ọ̀tá rẹ; iná yóò jó ọ̀pá ìdábùú ìlẹ̀kùn ibodè rẹ.
১৩চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা; তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে; অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে।
14 Pọn omi nítorí ìhámọ́, mú ilé ìṣọ́ rẹ lágbára sí i wọ inú amọ̀ kí o sì tẹ erùpẹ̀, kí ó sì tún ibi tí a ti ń sun bíríkì-amọ̀ ṣe kí ó le.
১৪অৱৰোধ কালৰ কাৰণে তুমি পানী তুলি থোৱা; তোমাৰ কোঁঠবোৰ দৃঢ় কৰা, বোকালৈ গৈ বোকা খচা; ইটাৰ ভাটাবোৰ মেৰামতি কৰা।
15 Níbẹ̀ ni iná yóò ti jó ọ́ run; idà yóò sì ké ọ kúrò, yóò sì jẹ ọ́ bí i kòkòrò, yóò sì sọ ara rẹ̀ di púpọ̀ bí i tata, àní, di púpọ̀ bí eṣú!
১৫সেই ঠাইতে অগ্নিয়ে তোমাক গ্ৰাস কৰিব আৰু তৰোৱালে তোমাক ছেদন কৰিব। ফৰিঙৰ দৰে তোমাক খাই পেলাব; তুমি ফৰিঙ আৰু কাকতী ফৰিঙৰ নিচিনা বহুসংখ্যক হোৱা।
16 Ìwọ ti sọ àwọn oníṣòwò rẹ di púpọ̀ títí wọn yóò fi pọ̀ ju ìràwọ̀ ojú ọ̀run lọ, ṣùgbọ́n bi eṣú ni wọn yóò sọ ilẹ̀ náà di ahoro, wọn yóò sì fò lọ.
১৬তুমি আকাশৰ তৰাবোৰতকৈ তোমাৰ বণিকসকলক অধিক কৰিলা; কিন্তু তেওঁলোক ফৰিংবোৰৰ নিচিনা: তেওঁলোকে দেশ লুন্ঠণ কৰি তাৰ পাছত উড়ি গুচি যাই।
17 Àwọn aládé rẹ̀ dàbí eṣú, àwọn ọ̀gágun rẹ dàbí ẹlẹ́ǹgà ńlá, èyí tí ń dó sínú ọgbà ni ọjọ́ òtútù, ṣùgbọ́n nígbà tí oòrùn jáde, wọ́n sálọ, ẹnìkan kò sì mọ ibi tí wọ́n gbé wà.
১৭তোমাৰ ৰাজকুমাৰসকল কাকতী ফৰিঙৰ সংখ্যাবোৰৰ নিচিনা আৰু তোমাৰ সেনাপতিসকল এনে ফৰিঙৰ নিচিনা যি ফৰিঙে জাৰৰ দিনা বেৰাত আশ্ৰয় লয় - কিন্তু যেতিয়া বেলি উদয় হয়, তেতিয়া তেওঁলোকে যি ঠাইলৈ উড়ি যায়, সেই ঠাইৰ বিষয়ে কোনেও নাজানে।
18 Ìwọ ọba Asiria, àwọn olùṣọ́-àgùntàn rẹ̀ ń tòògbé; àwọn ọlọ́lá rẹ dùbúlẹ̀ láti sinmi. Àwọn ènìyàn rẹ fọ́nká lórí àwọn òkè ńlá, tí ẹnikẹ́ni kò sì kó wọn jọ.
১৮হে অচূৰৰ ৰজা, তোমাৰ মেৰ-ছাগ ৰখীয়াবোৰ টোপনিত আছে; তোমাৰ প্ৰধান লোকসকলে বিশ্ৰাম কৰি আছে। তোমাৰ প্ৰজাবোৰ পৰ্ব্বতৰ ওপৰত গোট গোট হ’ল, কিন্তু তেওঁলোকক একেলগে গোট খোৱাবলৈ কোনো নাই।
19 Kò sì sí ohun tí ó lè wo ọgbẹ́ ẹ̀ rẹ sàn; ọgbẹ́ rẹ kún fún ìrora, Gbogbo ẹni tí ó bá sì gbọ́ ìròyìn rẹ yóò pàtẹ́wọ́ lé ọ lórí, nítorí ta ni kò ní pín nínú ìwà búburú rẹ ti kò ti lópin.
১৯তোমাৰ ঘা সুস্থ হ’বলৈ কোনো সম্ভাৱনা নাই। তোমাৰ ঘা অত্যন্ত। তোমাৰ বিষয়ে বাৰ্ত্তা শুনা সকলোৱে তোমালৈ হাত-তালি দিব; কাৰণ কোনে তোমাৰ অনৰ্গল দুষ্কৰ্মৰ পৰা মুক্তি পাইছে?

< Nahum 3 >