< Hosea 8 >

1 “Fi ìpè sí ẹnu rẹ! Ẹyẹ idì wà lórí ilé Olúwa nítorí pé àwọn ènìyàn ti dalẹ̀ májẹ̀mú, wọ́n sì ti ṣọ̀tẹ̀ sí òfin mi.
তোমাৰ মুখত এটি শিঙা ৰাখা। মোৰ অর্থাৎ যিহোৱাৰ গৃহৰ ওপৰত শত্রু এক ঈগল চৰাইৰ নিচিনাকৈ আহিছে; কিয়নো ইস্রায়েলবাসীয়ে মই দিয়া নিয়মটি লঙ্ঘন কৰিলে, আৰু মোৰ ব্যৱস্থাৰ অহিতে বিদ্রোহ কৰিলে।
2 Israẹli kígbe pè mí, ‘Ọlọ́run wa, àwa mọ̀ ọ́n!’
ইস্রায়েলে মোৰ ওচৰত কাতৰোক্তি কৰি কৈছে, ‘হে মোৰ ঈশ্বৰ, আমি ইস্ৰায়েলবাসীয়ে আপোনাক জানো।’
3 Ṣùgbọ́n Israẹli ti kọ ohun tí ó dára sílẹ̀ ọ̀tá yóò sì máa lépa rẹ̀.
কিন্তু যি উত্তম, ইস্রায়েলে তাক অগ্রাহ্য কৰিলে; সেয়ে শত্ৰুৱে তেওঁৰ পাছে পাছে খেদি যাব।
4 Wọ́n fi àwọn ọba jẹ ṣùgbọ́n, kì í ṣe nípasẹ̀ mi wọ́n yan ọmọ-aládé láì si ìmọ̀ mi níbẹ̀. Wọ́n fi fàdákà àti wúrà ṣe ère fún ara wọn, si ìparun ara wọn.
মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।
5 Ju ère ẹgbọrọ màlúù rẹ, ìwọ Samaria! Ìbínú mi ń ru sí wọn: yóò ti pẹ́ tó kí wọ́n tó dé ipò àìmọ̀kan?
হে চমৰিয়া, মই তোমাৰ দামুৰিৰ মূর্তিক অগ্রাহ্য কৰিলোঁ। এই লোকসকলৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ল; নির্দোষী হ’বলৈ তেওঁলোকৰ পুনৰ কিমান কাল লাগিব?
6 Israẹli ni wọ́n ti wá! Ère yìí agbẹ́gilére ló ṣe é, àní ère ẹgbọrọ màlúù Samaria, ni a ó fọ́ túútúú.
কিয়নো এই দামুৰিৰ মূর্তি ইস্ৰায়েলৰ লোকসকলেই নির্মাণ কৰিছে; এজন শিল্পকাৰে তাক নির্মাণ কৰিলে; কিন্তু সেয়া ঈশ্বৰ নহয়; চমৰিয়াৰ সেই দামুৰিৰ মূর্তিটো ডোখৰ ডোখৰকৈ ভঙা হ’ব।
7 “Wọ́n gbin afẹ́fẹ́ wọ́n sì ká ìjì. Igi ọkà kò lórí, kò sì ní mú oúnjẹ wá. Bí ó bá tilẹ̀ ní ọkà àwọn àjèjì ni yóò jẹ.
তেওঁলোকে বতাহক ৰোপণ কৰে আৰু শেষত বা’মৰলীৰ শস্য দাব। শস্যৰ গোচাত কোনো দানা নাথাকে, তাৰ পৰা কোনো আহাৰ উৎপন্ন নহ’ব। যদি তাত কিছু উৎপন্ন হয়ও, তেন্তে বিদেশীসকলে তাক গ্ৰাস কৰিব।
8 A ti gbé Israẹli mì, báyìí, ó sì ti wà láàrín àwọn orílẹ̀-èdè bí ohun èlò tí kò wúlò.
ইস্ৰায়েলক গ্ৰাস কৰা হ’ল; তেওঁলোক এতিয়া বিভিন্ন জাতিবোৰৰ মাজত এক অৱহেলিত পাত্রৰ নিচিনাকৈ আছে।
9 Nítorí pé wọ́n ti gòkè lọ sí Asiria gẹ́gẹ́ bí kẹ́tẹ́kẹ́tẹ́ igbó tó ń rìn kiri. Efraimu ti ta ara rẹ̀ fún àwọn olólùfẹ́ rẹ̀.
এটা বনৰীয়া গাধই অকলে ইফালে-সিফালে ঘূৰি ফুৰাৰ দৰে তেওঁলোক অচূৰলৈকে উঠি গ’ল; ইফ্ৰয়িমে নিজকে প্রতিৰক্ষা কৰিবলৈ প্ৰেমিকসকলক বেচ দি আনিলে।
10 Bí ó tilẹ̀ jẹ́ pé wọ́n ti ta ara wọn sí àárín Orílẹ̀-èdè, Èmi ó ṣà wọ́n jọ nísinsin yìí. Wọn ó sì bẹ̀rẹ̀ sí í ṣòfò dànù lọ́wọ́ ìnilára ọba alágbára.
১০যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে, তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম; ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব।
11 “Nítorí Efraimu ti kọ́ pẹpẹ púpọ̀ fún ìrúbọ ẹ̀ṣẹ̀ gbogbo rẹ̀ ti di pẹpẹ ìdẹ́ṣẹ̀ fún un
১১পাপৰ প্রায়শ্চিত্ত কৰিবৰ কাৰণে ইফ্ৰয়িমে অনেক যজ্ঞ-বেদী সাজিলে; কিন্তু সেইবোৰ পাপ কৰাৰ যজ্ঞ-বেদী হ’ল।
12 Mo kọ ọ̀pọ̀lọpọ̀ ohun tí ó jẹ́ òfin mi fún wọn, ṣùgbọ́n wọn kà á sí ohun àjèjì.
১২মোৰ ব্যৱস্থাৰ অনেক কথাও যদি মই লিখোঁ, সেইবোৰ এক বিজতৰীয়া কোনো অদ্ভুত কথা বুলি গণ্য হ’ব।
13 Wọ́n ń rú ẹbọ tí wọ́n yàn fún mi, wọ́n sì ń jẹ ẹran ibẹ̀, ṣùgbọ́n inú Olúwa kò dùn sí wọn. Báyìí yóò rántí ìwà búburú wọn yóò sì jẹ wọ́n ní yà fún ẹ̀ṣẹ̀ wọn. Wọn yóò padà sí Ejibiti.
১৩যদিও তেওঁলোকে মোৰ উদ্দেশ্যে পশু বলি দি তাৰ মাংস খায়, কিন্তু মই, যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰোঁ। এতিয়া মই তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰি তেওঁলোকক পাপৰ প্ৰতিফল দিম; তেওঁলোক মিচৰলৈ উলটি যাব।
14 Nítorí Israẹli ti gbàgbé ẹlẹ́dàá rẹ̀ Ó sì ń kọ́ ààfin púpọ̀ Juda ti kọ́ ìlú olódi púpọ̀ ṣùgbọ́n èmi ó rán iná kan sí orí àwọn ìlú rẹ̀ èyí tí yóò jẹ ibi agbára rẹ̀ run.”
১৪ইস্ৰায়েলে মোক, তেওঁলোকৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক পাহৰি গৈ ডাঙৰ ডাঙৰ ৰাজগৃহ নির্মাণ কৰিলে; যিহূদাই অনেক নগৰ গড়েৰে আবৃত কৰিলে; কিন্তু মই তেওঁৰ নগৰবোৰৰ ওপৰত জুই বর্ষাম; তাতে তেওঁৰ সকলো কোঁঠ জুইয়ে পুৰি গ্ৰাস কৰিব।

< Hosea 8 >