< Genesis 34 >

1 Ní ọjọ́ kan, Dina ọmọbìnrin tí Lea bí fún Jakọbu jáde lọ bẹ àwọn ọmọbìnrin ilẹ̀ náà wò.
লেয়াৰ গৰ্ভত দীনা নামেৰে যাকোবৰ যিগৰাকী ছোৱালীৰ জন্ম হৈছিল, তাই এদিন সেই ঠাইৰ ছোৱালীবোৰৰ লগত দেখা কৰিবলৈ ওলাই গৈছিল।
2 Nígbà tí Ṣekemu ọmọ ọba Hamori ará Hifi rí i, ó mú un, ó sì fi ipá bá a lo pọ̀.
তেতিয়া চিখিম নামৰ সেই দেশৰ ৰজা হিব্বীয়া হমোৰৰ পুতেকে তাইক দেখা পালে। চিখিমে দীনাক ধৰি নি বেয়া ব্যৱহাৰ কৰিলে।
3 Ọkàn rẹ sì fà sí Dina ọmọ Jakọbu gan an, ó sì fẹ́ràn rẹ̀ ó sì bá ọmọbìnrin náà sọ̀rọ̀ ìfẹ́.
চিখিম যাকোবৰ জীয়েক দীনাৰ প্রেমত পৰি আকৰ্ষিত হৈছিল; তেওঁ দীনাক ভাল পাইছিল আৰু তাইৰ লগত মৰমেৰে কথা পাতিছিল।
4 Ṣekemu sì wí fún Hamori baba rẹ̀ pé, “Fẹ́ ọmọbìnrin yìí fún mi bí aya.”
চিখিমে নিজৰ বাপেক হমোৰক ক’লে, “আপুনি এই ছোৱালীগৰাকীক মোক বিয়া কৰাই দিয়ক।”
5 Nígbà tí Jakọbu gbọ́ ohun tí ó ṣẹlẹ̀ pé a fi ipá bá Dina ọmọbìnrin òun ní ògo jẹ́, ṣùgbọ́n àwọn ọmọ rẹ̀ wà nínú pápá níbi tí wọ́n ti ń daran nítorí náà ó mú sùúrù títí tí wọ́n fi dé.
জীয়েক দীনাক যে সেই ল’ৰাজনে বেয়া ব্যৱহাৰ কৰিলে, যাকোবৰ কাণত পৰিল। সেই সময়ত যাকোবৰ পুত্ৰসকল পথাৰত পশুধন চৰাবলৈ গৈছিল; সেয়ে তেওঁলোক আহি নোপোৱালৈকে যাকোব মনে মনে থাকিল।
6 Hamori baba Ṣekemu sì jáde wá láti bá Jakọbu sọ̀rọ̀.
চিখিমৰ বাপেক হমোৰ যাকোবৰে সৈতে কথা-বতৰা হ’বলৈ ওলাই আহিল।
7 Àwọn ọmọ Jakọbu sì ti oko dé, wọ́n sì gbọ́ ohun tí ó ṣẹlẹ̀ inú wọn sì bàjẹ́, ó sì ń bí wọn nínú gidigidi, nítorí tí ó ṣe ohun búburú ní Israẹli, ní ti ó bá ọmọbìnrin ọmọ Jakọbu lòpọ̀—irú ohun tí kò yẹ kí ó ṣẹlẹ̀ rárá.
এই বিষয়ে শুনি যাকোবৰ পুত্ৰসকল পথাৰৰ পৰা আহিল; তেওঁলোকে মনত যিমান কষ্ট পালে, সিমান বেছিকৈ খঙত জ্বলিও উঠিল। কিয়নো যাকোবৰ জীয়েকৰ প্রতি বেয়া ব্যৱহাৰ কৰি চিখিমে ইস্ৰায়েলৰ প্রতি এক অপমানৰ কার্য কৰিলে, যি কৰা তেওঁৰ উচিত নাছিল।
8 Hamori sì bá wọn sọ̀rọ̀ pé, “Ọkàn ọmọ mi Ṣekemu fà sí ọmọ rẹ. Jọ̀wọ́ fi fún un gẹ́gẹ́ bí aya.
হমোৰে তেওঁলোক সকলোকে ক’লে, “মোৰ পুত্র চিখিমে আপোনালোকৰ ছোৱালীক ভাল পায়। অনুগ্রহ কৰি তাইক আপোনালোকে মোৰ পুত্ৰলৈ বিয়া দিয়ক।
9 Ẹ jẹ́ kí a máa ṣe ìgbéyàwó láàrín ara wa, kí àwọn ọmọ yín kó máa fẹ́ àwọn ọmọ wa.
ইয়াৰ দ্বাৰা আপোনালোকৰ সৈতে আমাৰ বিবাহৰ এক ব্যৱস্থা হ’ব। আপোনালোকৰ জীয়ৰী আমালৈ দিয়ক আৰু আমাৰ জীয়ৰীকো আপোনালোকে বিয়া কৰি গ্ৰহণ কৰিব পাৰিব।
10 Ẹ lè máa gbé láàrín wa, ibikíbi tí ó bá tẹ́ yín lọ́rùn láàrín wa ni ẹ lè gbé, ẹ máa ṣe òwò yín kí ẹ sì kó ọrọ̀ jọ fún ara yín.”
১০আপোনালোকে আমাৰ মাজতে বাস কৰক। আপোনালোকৰ কাৰণে এই দেশ মুকলি হৈ আছে; ইয়াতেই থাকি বেহা বেপাৰ কৰি ঐশ্বৰ্য্যৱন্ত হওঁক।”
11 Ṣekemu sì wí fún baba àti arákùnrin Dina pé, “Ẹ jọ̀wọ́, ẹ jẹ́ kí n rí ojúrere yín, èmi yóò sì fún yín ní ohunkóhun tí ẹ̀yin bá fẹ́ gbà.
১১চিখিমেও দীনাৰ বাপেক আৰু ভায়েক ককায়েকসকলক ক’লে, “আপোনালোকে মোলৈ এই অনুগ্ৰহ দান কৰক; আপোনালোকে মোক যিহকে কব, মই তাকে কৰিম।
12 Iyekíye tí owó orí rẹ̀ bá jẹ́ àti ẹ̀bùn gbogbo tí ẹ bá fẹ́, bí ó ti wù kí ó pọ̀ tó, èmi yóò san án, kí ẹ sá à jẹ́ kí ń fi ọmọ náà ṣe aya.”
১২বিয়াৰ ধন আৰু উপহাৰ হিচাবে আপোনালোকে যিহকে দাবী কৰিব, মই সেই সকলো আপোনালোকক দিম; আপোনালোকে মাথোন ছোৱালীজনীক মোৰ লগত বিয়া দিয়ক।”
13 Àwọn ọmọ Jakọbu sì fi ẹ̀tàn dá Ṣekemu àti Hamori baba rẹ̀ lóhùn, wọ́n sì wí pé, nítorí tí ó ti ba ògo Dina arábìnrin wọn jẹ́.
১৩যিহেতু চিখিমে তেওঁলোকৰ ভনীয়েক দীনাক ভ্রষ্ট কৰিলে, সেয়ে যাকোবৰ পুত্রসকলে চিখিম আৰু তেওঁৰ বাপেক হমোৰক ছলনাৰে উত্তৰ দিলে।
14 Wọ́n wí fún wọn pé, “Àwa kò le ṣe nǹkan yìí láti fi arábìnrin wa fún aláìkọlà, nítorí àbùkù ni èyí yóò jẹ́ fún wa.
১৪তেওঁলোকে ক’লে, “আমি এনে কাম কৰিব নোৱাৰোঁ; যাৰ চুন্নৎ কৰা হোৱা নাই, এনে কাৰো লগত আমাৰ ভনীক বিয়া দিয়াটো আমাৰ বাবে অসন্মানৰ বিষয়।
15 Àwa yóò fi ara mọ́ ọn bí ẹ̀yin yóò bá gbà láti dàbí i tiwa, wí pé ẹ̀yin pẹ̀lú yóò kọ gbogbo ọkùnrin yín ní ilà.
১৫কেৱল এটা কাৰ্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ’ব পাৰোঁ; সেয়া হৈছে আপোনালোকৰ প্রত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ চুন্নৎ হ’ব লাগিব।
16 Nígbà náà ni àwa yóò le máa fún yín ní ọmọ wa, tí àwa náà yóò máa fẹ́ ẹ yín. A ó máa gbé láàrín yín, a ó sì di ara kan pẹ̀lú yín.
১৬তেতিয়া আমি আপোনালোকলৈ আমাৰ ছোৱালী দিম; আপোনালোকৰ ছোৱালীবোৰকো আমি গ্ৰহণ কৰিম আৰু আমি আপোনালোকৰ সৈতে নিবাস কৰি এক জাতি হ’ম।
17 Ṣùgbọ́n bí ẹ̀yin bá kọ̀ láti kọlà, àwa yóò mú arábìnrin wa, á ó sì máa lọ.”
১৭কিন্তু যদি আপোনালোকে আমাৰ কথা নুশুনে আৰু চুন্নৎ হবলৈ মান্তি নহয়, তেনেহলে আমাৰ ছোৱালীক লৈ আমি ইয়াৰ পৰা গুচি যাম।”
18 Àbá náà sì dùn mọ́ Hamori àti Ṣekemu ọmọ rẹ̀.
১৮তেওঁলোকৰ কথাত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে সন্তোষ পালে।
19 Ọ̀dọ́mọkùnrin náà, ẹni tí ó jẹ́ ẹni iyì jùlọ ní ilé baba rẹ̀, kò jáfara láti ṣe ohun tí wọ́n wí. Nítorí tí ó fẹ́ràn ọmọbìnrin Jakọbu.
১৯পৰিয়ালৰ সকলোতকৈ সন্মানীত ব্যক্তি যুবক চিখিমে পলম নকৰি তেওঁলোকে কোৱা কথাত সন্মতি জনালে; কাৰণ তেওঁ যাকোবৰ জীয়েকক বৰ ভাল পাইছিল।
20 Hamori àti Ṣekemu ọmọ rẹ̀ sì wá sí ẹnu ibodè ìlú náà wọn sì bá àwọn ará ìlú náà sọ̀rọ̀.
২০পাছত হমোৰ আৰু তেওঁৰ পুতেক চিখিমে তেওঁলোকৰ নগৰৰ দুৱাৰ মুখলৈ গৈ নগৰৰ লোক সকলৰ সৈতে কথোপকথন কৰিলে।
21 Wí pé, “Ìwà àwọn ọkùnrin wọ̀nyí dára, ẹ jẹ́ kí wọn máa gbé ní àárín wa, kí wọn sì máa ṣòwò, ilẹ̀ kúkú wà rẹpẹtẹ tó gba ààyè dáradára. A lè fẹ́ àwọn ọmọ wọ́n, ki wọn sì fẹ́ tiwa pẹ̀lú.
২১তেওঁলোকে ক’লে, “এই লোকসকল আমাৰ সৈতে মিলেৰে আছে; তেওঁলোক থাকিবৰ কাৰণে আমাৰ দেশত যথেষ্ট এক বৃস্তিত ঠাই আছে। তেওঁলোক ইয়াতেই থাকক আৰু বেহা-বেপাৰ কৰক। আমি তেওঁলোকৰ ছোৱালীবোৰক বিয়া কৰাই আনিম আৰু আমাৰ ছোৱালীকো তেওঁলোকলৈ দিম।
22 Ṣùgbọ́n kín ní kan ni a lè ṣe kí wọn tó gbà láti gbé pẹ̀lú wa, ìyẹn sì ni pé àwọn ọkùnrin wa yóò kọlà bí i tiwọn.
২২কিন্তু মাথোন এটা কথাহে আছে, তেওঁলোক যেনেকৈ চুন্নৎ হোৱা লোক, আমি প্ৰত্যেক পুৰুষেও তেনেকৈ চুন্নৎ হলেহে তেওঁলোক আমাৰ কথাত আমাৰ মাজত নিবাস কৰি এক জাতি হ’বলৈ মান্তি হ’ব।
23 Ṣe bí àwọn ẹran wọn àti ẹrú wọn àti àwọn ohun ọ̀sìn wọn ni yóò di tiwa bí a bá lè gbà bẹ́ẹ̀, wọn yóò sì máa gbé ni àárín wa.”
২৩তেওঁলোকৰ পশুধন আৰু সা-সম্পত্তি - অর্থাৎ সকলো জীৱ-জন্তুৱেই জানো আমাৰ নহ’ব? গতিকে আহঁক, আমি তেওঁলোকৰ সেই কথাত মান্তি হওঁহক; তাতে তেওঁলোকে আমাৰে সৈতে বাস কৰিব।”
24 Gbogbo àwọn ọkùnrin tí ń jáde ní ẹnu-bodè ìlú náà sì gbọ́ ti Hamori àti Ṣekemu ọmọ rẹ̀. Gbogbo ọkùnrin ìlú náà sì kọlà.
২৪তেতিয়া নগৰৰ সকলো মানুহে হমোৰ আৰু তেওঁৰ পুতেক চিখিমৰ কথাত মান্তি হ’ল আৰু প্ৰত্যেক পুৰুষৰ চুন্নৎ কৰা হ’ল।
25 Lẹ́yìn ọjọ́ kẹta, nígbà tí gbogbo wọn sì wà nínú ìrora. Àwọn ọmọ Jakọbu méjì, Simeoni àti Lefi tí ó jẹ́ ẹ̀gbọ́n fún Dina, sì mú idà wọn pẹ̀lú ìgboyà, wọ́n sì pa gbogbo ọkùnrin ìlú náà.
২৫তাৰ পাছত তৃতীয় দিনা যেতিয়া পুৰুষসকলে বিষত কষ্ট পাই আছিল, তেতিয়া দীনাৰ ককায়েক অর্থাৎ যাকোবৰ দুজন পুতেক চিমিয়োন আৰু লেবীয়ে তৰোৱাল লৈ হঠাৎ নগৰত সোমাই সকলো পুৰুষক বধ কৰিলে।
26 Wọ́n sì fi idà pa Hamori àti Ṣekemu ọmọ rẹ̀, wọ́n mú Dina kúrò ní ilé wọn, wọ́n sì jáde.
২৬তেওঁলোকে হমোৰ আৰু চিখিমক তৰোৱালৰ ধাৰেৰে বধ কৰিলে আৰু চিখিমৰ ঘৰৰ পৰা দীনাক উলিয়াই আনিলে।
27 Àwọn ọmọ Jakọbu sì wọlé àwọn tí a pa, wọ́n sì kó ẹrù ìlú tí a ti ba ògo arábìnrin wọn jẹ́.
২৭ভনীয়েকক ভ্রষ্ট কৰাৰ কাৰণে যাকোবৰ আন আন পুত্ৰসকলেও হত হোৱা লোকসকলৰ কাষলৈ গৈ নগৰখন লুটপাত কৰিলে।
28 Wọ́n kó màlúù wọn àti agbo ẹran wọn àti kẹ́tẹ́kẹ́tẹ́, àti ohun gbogbo tí ó wà nínú ìlú àti ní oko.
২৮নগৰৰ ভিতৰত আৰু পথাৰত চৰি থকা তেওঁলোকৰ যিমান মেৰ-ছাগ, ছাগলী, গৰু, গাধ আদি আছিল, সেই সকলো তেওঁলোকে লৈ গ’ল।
29 Gbogbo ọrọ̀ wọn, gbogbo obìnrin ìlú àti àwọn ọmọ wẹẹrẹ pátápátá ni wọ́n kó. Wọ́n sì kó gbogbo ohun tí ó wà nínú ilé wọn bí ìkógun.
২৯তেওঁলোকে লোকসকলৰ ধন-সম্পদ, ভার্য্যা আৰু তেওঁলোকৰ শিশুসকলক বন্দী কৰি নিলে; এনেকি ঘৰত থকা বস্তুবোৰো তেওঁলোকে লুট কৰি নিলে।
30 Nígbà náà ni Jakọbu wí fún Simeoni àti Lefi wí pé, “Ẹ̀yin ti kó ìyọnu bá mi nípa sísọ mí di olóòórùn láàrín ará Kenaani àti Peresi, tí ó ń gbé ilẹ̀ yìí. Àwa kò pọ̀, bí wọn bá wá parapọ̀ ṣígun sí wa, gbogbo wa pátápátá ni wọn yóò parun.”
৩০যাকোবে চিমিয়োন আৰু লেবীক ক’লে, “তোমালোকে এই দেশ-নিবাসী কনানীয়া আৰু পৰিজ্জীয়া লোকসকলৰ মাজত মোক ঘৃণাৰ পাত্র কৰি বিপদত পেলালা; মোৰ লোক সংখ্যাত তাকৰ। যদি তেওঁলোকে মোৰ অহিতে একগোট হৈ মোক আক্রমণ কৰে, তেতিয়া মই সপৰিবাৰে বিনষ্ট হ’ম।”
31 Ṣùgbọ́n wọ́n dáhùn pé, “Ǹjẹ́ ó yẹ kí ó ṣe arábìnrin wa bí panṣágà?”
৩১তাতে চিমিয়োন আৰু লেবীয়ে ক’লে, “চিখিমে আমাৰ ভনীক জানো বেশ্যাৰ দৰে ব্যৱহাৰ কৰা উচিত আছিল?”

< Genesis 34 >