< Exodus 39 >

1 Nínú aṣọ aláró, ti elése àlùkò àti ti òdòdó ni wọ́n fi ṣe aṣọ híhun fún àwọn òṣìṣẹ́ ní ibi mímọ́. Ó sì tún dá aṣọ mímọ́ fún Aaroni gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
তেওঁলোকে, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে।
2 Ó ṣe ẹ̀wù efodu wúrà, ti aṣọ aláró, ti elése àlùkò, ti òdòdó àti ti ọ̀gbọ̀ olókùn dáradára.
তেওঁ সোণ, আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এফোদ বস্ত্ৰখন যুগুত কৰিলে।
3 Ó sì lu wúrà náà di ewé fẹ́lẹ́fẹ́lẹ́, ó sì tún gé e láti fi ṣe iṣẹ́ sí aṣọ aláró, ti elése àlùkò, ti òdòdó, àti sínú ọ̀gbọ̀ dáradára, iṣẹ́ ọlọ́nà.
তেওঁলোকে সোণ পিটি পতা কৰি, কাটি মিহি গুনা তৈয়াৰ কৰি নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰ কাপোৰত নিপুণ শিল্পকাৰ্য্যৰ দ্বাৰাই কাম কৰালে।
4 Ó ṣe aṣọ èjìká fún ẹ̀wù efodu náà, èyí tí ó so mọ igun rẹ̀ méjèèjì, nítorí kí ó lè so ó pọ̀.
তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে।
5 Ọnà ìgbànú híhun rẹ̀ rí bí i ti rẹ̀ ó rí bákan náà pẹ̀lú ẹ̀wù efodu ó sì sé e pẹ̀lú wúrà, àti pẹ̀lú aṣọ aláró, elése àlùkò, òdòdó àti pẹ̀lú ọ̀gbọ̀ olókùn dáradára, gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
এফোদৰ কঁকালত বান্ধিবৰ বাবে তাৰ লগত নিপুণৰূপে বোৱা কাপোৰৰ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে টঙালি প্রস্তুত কৰিলে। যিহোৱাই মোচিক আজ্ঞা কৰাৰ দৰে তেওঁলোকে সেই সকলো কৰিলে।
6 Ó ṣiṣẹ́ òkúta óníkìsì tí a tò sí ojú ìdè wúrà, tí a sì fín wọn gẹ́gẹ́ bí èdìdì pẹ̀lú orúkọ àwọn ọmọ Israẹli.
তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে।
7 Ó sì so wọ́n mọ́ aṣọ èjìká ẹ̀wù efodu náà bí òkúta ìrántí fún àwọn ọmọ Israẹli, gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
সেয়ে ইস্ৰায়েলৰ পুত্ৰসকলৰ সোঁৱৰণীয় পাথৰ স্বৰূপে তাক এফোদৰ স্কন্ধপটিৰ ওপৰত লগালে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই কৰিলে।
8 Ó ṣe iṣẹ́ ọnà sí ìgbàyà náà iṣẹ́ ọgbọ́n ọlọ́nà. Ó ṣe é bí ẹ̀wù efodu: ti wúrà ti aṣọ aláró, ti elése àlùkò, ti òdòdó àti ti ọ̀gbọ̀ olókùn dáradára.
এফোদ তৈয়াৰ কৰাৰ দৰে, তেওঁ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে নিপুণ শিল্পকাৰ্যেৰে বুকুপটা যুগুত কৰিলে।
9 Igun rẹ̀ mẹ́rẹ̀ẹ̀rin rẹ̀ ṣe déédé ìwọ̀n ìka kan ní ìnà rẹ̀, ìwọ̀n ìka kan ní ìbú rẹ̀, ó sì jẹ́ ìṣẹ́po méjì.
এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপ কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল।
10 Ó sì to ipele òkúta oníyebíye mẹ́rin sí i. Ní ipele kìn-ín-ní ní rúbì wà, topasi àti berili;
১০তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত;
11 ní ipele kejì, turikuose, safire, emeradi àti diamọndi;
১১দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা;
12 ní ipele kẹta, jasiniti, agate àti ametisiti;
১২তৃতীয় শাৰীত পেৰোজ, যিষ্ম, আৰু কটাহেলা;
13 ní ipele kẹrin, karisoliti, óníkìsì, àti jasperi. Ó sì tò wọ́n ní ojú ìdè wúrà ní títò wọn.
১৩আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।
14 Wọ́n jẹ́ òkúta méjìlá, ọ̀kan fún orúkọ àwọn ọmọ Israẹli kọ̀ọ̀kan, a fín ọ̀kọ̀ọ̀kan gẹ́gẹ́ bí èdìdì pẹ̀lú orúkọ ẹnìkọ̀ọ̀kan ẹ̀yà méjèèjìlá.
১৪এই পাথৰ ইস্ৰায়েলৰ বাৰজন পুত্রৰ নাম অনুসাৰে, একাদিক্রমে ডাঙৰৰ পৰা সৰুলৈকে লিখা হ’ল; মোহৰৎ খোদিত কৰা দৰে প্ৰত্যেক পাথৰত বাৰ ফৈদৰ বাবে এজন এজন পুত্ৰৰ নাম ক্ষুদিত কৰা হ’ল।
15 Fún ìgbàyà náà, wọ́n ṣe ẹ̀wọ̀n iṣẹ́ kìkì wúrà, gẹ́gẹ́ bi okùn.
১৫তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।
16 Wọ́n sì ṣe ojú ìdè wúrà méjì àti òrùka wúrà méjì, wọ́n sì so àwọn òkúta náà mọ́ igun méjèèjì ìgbàyà náà.
১৬তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে।
17 Wọ́n sì so ẹ̀wọ̀n wúrà méjèèjì náà mọ́ àwọn òrùka náà ni igun ìgbàyà náà,
১৭মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মুৰত থকা আঙঠি দুটাত লগালে।
18 àti ní àwọn òpin ẹ̀wọ̀n tókù ni wọ́n fi mọ ojú ìdè méjèèjì, wọ́n so wọ́n mọ́ aṣọ èjìká ẹ̀wù efodu náà ní iwájú.
১৮মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।
19 Wọ́n ṣe òrùka wúrà méjì, wọ́n sì so wọ́n mọ́ igun méjèèjì ìgbàyà náà ní etí tí ó wà ní inú lẹ́gbẹ̀ẹ́ ẹ̀wù efodu náà.
১৯সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে।
20 Wọ́n sì túnṣe òrùka wúrà méjì sí i, wọ́n sì so wọ́n mọ́ ìdí aṣọ èjìká ní iwájú ẹ̀wù efodu náà tí ó súnmọ́ ibi tí a ṣe lọ́ṣọ̀ọ́ ní òkè ìgbànú ẹ̀wù efodu náà.
২০তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে।
21 Wọn so àwọn òrùka ìgbàyà mọ́ àwọn òrùka ẹ̀wù efodu ọ̀já aṣọ aláró, kí a pa á pọ̀ mọ́ ìgbànú, nítorí kí ìgbàyà náà má ṣe tú kúrò lára ẹ̀wù efodu náà gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
২১বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
22 Ó sì ṣe ọ̀já àmùrè ẹ̀wù efodu gbogbo rẹ̀ jẹ́ aṣọ aláró iṣẹ́ aláṣọ híhun,
২২বচলেলে এফোদৰ চোলা সিপিনীয়ে বোৱা, সম্পূৰ্ণ বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰ কৰিলে।
23 pẹ̀lú ihò ní àárín ọ̀já àmùrè náà gẹ́gẹ́ bí i ojú kọ́là, àti ìgbànú yí ihò yìí ká, nítorí kí ó má ba à ya.
২৩সেই চোলাত মুৰ সুমুৱাবলৈ সোঁ মাজত খোলা আছিল। সেয়ে নাফালিবৰ বাবে, ডিঙিৰ চাৰিওফালটো চিলোৱা হৈছিল।
24 Ó sì ṣe pomegiranate ti aṣọ aláró, elése àlùkò, òdòdó àti ti ọ̀gbọ̀ olókùn dáradára yí ìṣẹ́tí ọ̀já àmùrè náà ká.
২৪তেওঁলোকে সেই চোলাৰ তল দাঁতিত, নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা, আৰু পকোৱা মিহি শণ সূতাৰে ডালিমৰ নক্সা তুলিলে।
25 Ó sì ṣe agogo kìkì wúrà, ó sì so wọ́n mọ́ àyíká ìṣẹ́tí àárín pomegiranate náà.
২৫তেওঁলোকে শুদ্ধ সোণৰ জুণুকা গঢ়াই, সেই জুণুকাবোৰ ডালিমৰ মাজে মাজে চোলাৰ তলৰ দাঁতিৰ চাৰিওফালে লগাই দিলে।
26 Ago àti pomegiranate kọjú sí àyíká ìṣẹ́tí ọ̀já àmùrè láti máa wọ̀ ọ́ fún iṣẹ́ àlùfáà, bí Olúwa ti pàṣẹ fún Mose.
২৬পৰিচৰ্যা কৰোঁতে, পিন্ধিবলৈ চোলাৰ তল দাঁতিত এটা জুণুকা এটা ডালিম, এটা জুণুকা এটা ডালিম এই দৰে চোলাৰ চাৰিওফালে লগাই দিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
27 Fún Aaroni àti àwọn ọmọ rẹ, wọ́n ṣe àwọ̀tẹ́lẹ̀ ti ọ̀gbọ̀ dáradára tí iṣẹ́ aláṣọ híhun.
২৭তেওঁলোকে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বাবে মিহি শণ সূতাৰে কোট চোলা প্রস্তুত কৰিলে।
28 Àti fìlà ọ̀gbọ̀ dáradára, ìgbàrí ọ̀gbọ̀ àti aṣọ abẹ́ ọ̀gbọ̀ olókùn dáradára.
২৮মিহি শণ সূতাৰ পাগুৰি, পকোৱা মিহি শণ সূতাৰে কপালত বন্ধা কাপোৰ, মিহি শণ সূতাৰে গুপ্তাঙ্গ ঢাকিবলৈ কাপোৰ প্রস্তত কৰিলে।
29 Ọ̀já náà jẹ́ ti ọ̀gbọ̀ olókùn dáradára, aṣọ aláró, elése àlùkò àti òdòdó tí a fi iṣẹ́ abẹ́rẹ́ ṣe bí Olúwa ṣe pàṣẹ fún Mose.
২৯পকোৱা মিহি শণ সূতা আৰু নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতাৰে, শিল্পকাৰে ফুল বছা টঙালি যুগুত কৰিলে।
30 Ó ṣe àwo, adé mímọ́, láti ara kìkì wúrà, wọ́n sì kọ̀wé sí i, gẹ́gẹ́ bí i ìkọ̀wé lórí èdìdì: Mímọ́ sí Olúwa.
৩০যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে শুদ্ধ সোণৰ পবিত্ৰ মুকুট যুগুত কৰিলে, আৰু মোহৰত খোদিতকৰাৰ দৰে তাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ”, এই বচন ক্ষুদিত কৰিলে।
31 Wọ́n sì so ọ̀já aláró mọ́ ọn láti ṣo ó mọ́ fìlà náà, gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
৩১তেওঁলোকে পাগুৰিৰ ওপৰত মুকুট বান্ধিবলৈ, নীলা বৰণীয়া ফিতা লগালে।
32 Bẹ́ẹ̀ ni gbogbo iṣẹ́ àgọ́ náà, ti àgọ́ àjọ parí. Àwọn ọmọ Israẹli ṣe ohun gbogbo gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
৩২এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে।
33 Wọ́n sì mú tabanaku náà tọ Mose wá: àgọ́ náà àti gbogbo ohun ọ̀ṣọ́ rẹ̀, ìkọ́ rẹ̀, pákó rẹ̀, ọ̀pá rẹ̀, òpó rẹ̀ àti àwọn ihò ìtẹ̀bọ̀ rẹ̀;
৩৩তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
34 ìbòrí awọ àgbò tí a kùn ní pupa, ìbòrí awọ àti ìji aṣọ títa;
৩৪ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালৰ আৱৰণ, তহচ জন্তুৰ ছালৰ আৱৰণ, আৰু আঁৰ কৰি ৰখা পৰ্দা,
35 àpótí ẹ̀rí pẹ̀lú àwọn òpó rẹ̀ àti ìbòrí àánú;
৩৫সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু তাৰ কানমাৰি, আৰু পাপাবৰণ।
36 tábìlì pẹ̀lú gbogbo ohun èlò rẹ̀ àti àkàrà ìfihàn;
৩৬মেজ, তাৰ সকলো সঁজুলি, আৰু দৰ্শন-পিঠা;
37 ọ̀pá fìtílà kìkì wúrà pẹ̀lú ipele fìtílà rẹ̀ àti gbogbo ohun èlò rẹ̀, àti òróró fún títanná rẹ̀;
৩৭শুদ্ধ সোণৰ দীপাধাৰ আৰু শাৰী পাতি ৰখা প্ৰদীপবোৰ, তাৰ সকলো সঁজুলি, আৰু প্ৰদীপৰ বাবে তেল;
38 pẹpẹ wúrà àti òróró ìtasórí, tùràrí dídùn, àti aṣọ títa fún ẹnu-ọ̀nà àgọ́ náà.
৩৮সোণৰ বেদি, অভিষেক কৰা তেল, সুগন্ধি ধূপ, আৰু তম্বুৰ দুৱাৰৰ বাবে পৰ্দা।
39 Pẹpẹ idẹ pẹ̀lú idẹ ọlọ, àwọn òpó rẹ̀ àti gbogbo ohun èlò rẹ̀; agbada pẹ̀lú ẹsẹ̀ rẹ̀;
৩৯পিতলৰ বেদি তাৰ লগৰ পিতলৰ জালি, তাৰ কানমাৰি, আৰু তাৰ সকলো সঁজুলি। প্ৰক্ষালন-পাত্ৰ, আৰু তাৰ খুৰা।
40 aṣọ títa ti àgbàlá pẹ̀lú àwọn òpó rẹ̀ àti àgbàlá, àti aṣọ títa fún ẹnu-ọ̀nà àgbàlá; ọ̀já àmùrè àti èèkàn àgọ́ fún àgbàlá náà; gbogbo ohun ọ̀ṣọ́ fún àgọ́, àgọ́ àjọ náà;
৪০চোতালৰ পৰ্দাবোৰ, তাৰ খুঁটা আৰু চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দা, তাৰ ৰছী আৰু তম্বুৰ খুটি, আৰু সাক্ষাৎ কৰা তম্বুৰ বাবে আবাসৰ কাৰ্যৰ সকলো সজুলি।
41 aṣọ híhun tí wọ́n ń wọ̀ fún iṣẹ́ ibi mímọ́, aṣọ mímọ́ fún Aaroni àlùfáà àti aṣọ fún àwọn ọmọ rẹ̀ nígbà tí wọ́n bá ń ṣiṣẹ́ àlùfáà.
৪১পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ।
42 Àwọn ọmọ Israẹli ti ṣe gbogbo iṣẹ́ náà gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
৪২যি যি কৰ্ম কৰিবলৈ যিহোৱাই মোচিক আজ্ঞা কৰিছিল, সেই সকলোকে ইস্ৰায়েলৰ লোকসকলে কৰিলে।
43 Mose bẹ iṣẹ́ náà wò, ó sì rí i wí pé wọ́n ti ṣe é gẹ́gẹ́ bí Olúwa ti pàṣẹ. Nítorí náà Mose sì bùkún fún wọn.
৪৩তাৰ পাছত মোচিয়ে সেই সকলো কাম চোৱা চিতা কৰি সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।

< Exodus 39 >