< 2 Chronicles 7 >
1 Nígbà tí Solomoni sì ti parí àdúrà, iná sọ̀kalẹ̀ láti ọ̀run ó sì jó ẹbọ sísun àti ẹbọ, ògo Ọlọ́run sì kún ilé Olúwa.
১যেতিয়া চলোমনৰ প্ৰাৰ্থনা শেষ হ’ল, তেতিয়া আকাশৰ পৰা অগ্নি নামি আহি হোম-বলি আৰু আন বলিসমূহ গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে সেই গৃহ পৰিপূৰ্ণ হ’ল।
2 Àwọn àlùfáà kò sì le wo ilé Olúwa náà nítorí pé ògo Olúwa kún un.
২তেতিয়া পুৰোহিতসকলে যিহোৱাৰ গৃহত প্ৰৱেশ কৰিব নোৱাৰিলে; কিয়নো যিহোৱাৰ প্ৰতাপেৰে তেওঁৰ গৃহ পৰিপূৰ্ণ হৈ আছিল।
3 Nígbà tí gbogbo àwọn ọmọ Israẹli rí iná tí ó ń sọ̀kalẹ̀ àti ògo Olúwa lórí ilé Olúwa náà, wọ́n sì kúnlẹ̀ lórí eékún wọn pẹ̀lú ojú ni dídàbolẹ̀, wọ́n sì sin Olúwa, wọ́n sì fi ìyìn fún Olúwa wí pé, “Nítorí tí ó dára; àánú rẹ̀ sì dúró títí láéláé.”
৩অগ্নি নামি আহি থকাত আৰু গৃহৰ ওপৰত যিহোৱাৰ প্ৰতাপ পৰিপূর্ণ হৈ থকা সময়ত ইস্ৰায়েলৰ সন্তান সকলে চাই আছিল৷ তেওঁলোকে মূৰ দোঁৱাই, শিলেৰে বন্ধা মাটিত মুখ লগাই প্ৰণিপাত কৰি যিহোৱাক ধন্যবাদ জনালে৷ তেওঁলোকে ক’লে “কিয়নো তেওঁ মঙ্গলময়, সেই বাবে তেওঁৰ দয়া চিৰকাললৈকে থাকে৷”
4 Nígbà náà ọba àti gbogbo àwọn ènìyàn sì rú ẹbọ níwájú Olúwa.
৪তাৰ পাছত ৰজা আৰু সকলো প্ৰজাই যিহোৱাৰ আগত বলিদান কৰিলে।
5 Ọba Solomoni sì rú ẹbọ ti ẹgbẹ̀rún méjìlélógún, orí màlúù àti àgùntàn àti ọ̀kẹ́ mẹ́fà àgùntàn àti ẹranko. Bẹ́ẹ̀ ni ọba àti gbogbo àwọn ènìyàn ya ilé Ọlọ́run sí mímọ́.
৫ৰজা চলোমন বাইশ হাজাৰ গৰু আৰু এক লাখ বিশ হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিলে। এইদৰে ৰজা আৰু সকলোৱে মিলি ঈশ্বৰৰ গৃহ প্ৰতিষ্ঠা কৰিলে।
6 Àwọn àlùfáà dúró ní ààyè wọn, gẹ́gẹ́ bí àwọn ọmọ Lefi ti ṣe pẹ̀lú ohun èlò orin Olúwa, tí ọba Dafidi ti ṣe fún ìyìn Olúwa àti tí á lò nígbà tí ó dúpẹ́, wí pé, “Àánú rẹ̀ sì dúró láéláé,” níwájú àwọn ọmọ Lefi, àwọn àlùfáà sì fọn ìpè, gbogbo àwọn ọmọ Israẹli sì dúró.
৬পুৰোহিতসকলে নিজ নিজ সেৱা কৰা ঠাইত থিয় হৈ আছিল; আৰু যিহোৱাৰ ধন্যবাদ কৰি দায়ুদ ৰজাই যিহোৱাৰ গীত গাবৰ কাৰণে যি বাদ্য-যন্ত্ৰ নিৰ্ম্মাণ কৰিছিল, সেই বাদ্যযন্ত্ৰ লেবীয়াসকলে হাতত লৈ থিয় হ’ল আৰু বাদ্য বজাই দায়ূদৰ ৰচিত গীত গাই ক’লে, বোলে, “কিয়নো যিহোৱাৰ দয়া চিৰকাললৈকে থাকে৷” পুৰোহিতসকলেও তেওঁলোকৰ আগত তূৰী বজালে; আৰু গোটেই ইস্ৰায়েল থিয় হ’ল।
7 Solomoni sì yà àgbàlá níwájú ilé Olúwa sọ́tọ̀, níbẹ̀ sì ni ó ti ṣe ìrúbọ ẹbọ sísun àti ọ̀rá ẹbọ àlàáfíà, nítorí pẹpẹ idẹ tí ó ti ṣe kò lè gba ẹbọ sísun, àti ọrẹ oúnjẹ, àti ọ̀rá náà.
৭চলোমনে যিহোৱাৰ গৃহৰ সম্মুখত থকা চোতালৰ মাজ-মজিয়াটো পবিত্ৰ কৰিছিল৷ সেই ঠাইতেই তেওঁ হোম-বলি আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল, কাৰণ তেওঁ সজা পিতলৰ যজ্ঞবেদীয়ে সেই হোমবলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিব নোৱাৰিছিল।
8 Bẹ́ẹ̀ ni Solomoni ṣe àsè ní àkókò náà fún ọjọ́ méje àti gbogbo àwọn ọmọ Israẹli pẹ̀lú rẹ̀ àti ìjọ ènìyàn ńlá, àwọn ènìyàn láti Lebo-Hamati títí dé odò Ejibiti.
৮এইদৰে সেই সময়ত চলোমন আৰু তেওঁৰ লগত গোটেই ইস্ৰায়েলে হমাতৰ প্ৰৱেশ স্থানৰ পৰা মিচৰ জুৰিলৈকে সেই উৎসৱ মহা-সমাজে সাত দিন ধৰি পালন কৰিলে।
9 Ní ọjọ́ kẹjọ, wọ́n sì pe ìjọ ènìyàn jọ nítorí tí wọ́n pe àpèjẹ ìyàsímímọ́ ti orí pẹpẹ fún ọjọ́ méje àti àsè náà fún ọjọ́ méje sí i.
৯পাছত অষ্টম দিনা তেওঁলোকে ধৰ্মসভা পাতিলে; কিয়নো তেওঁলোকে সাত দিন যজ্ঞবেদী প্ৰতিষ্ঠা কৰিছিল আৰু সাত দিন উৎসৱ কৰিছিল।
10 Ní ọjọ́ kẹtàlélógún tí oṣù keje, ó sì rán àwọn ènìyàn padà sí ilé wọn, pẹ̀lú ayọ̀ àti ìdùnnú nínú wọn fún ohun rere tí Olúwa ti ṣe fún Dafidi àti Solomoni, àti fún àwọn ènìyàn Israẹli.
১০চলোমনে সপ্তম মাহৰ তেইশ দিনৰ দিনা নিজ নিজ তম্বুলৈ লোকসকলক আনন্দিত আৰু সন্তুষ্ট মনেৰে বিদায় দিলে; কিয়নো যিহোৱাই দায়ুদ, চলোমন আৰু তেওঁৰ প্ৰজা ইস্ৰায়েললৈ মঙ্গল কৰিলে৷
11 Nígbà tí Solomoni ti parí ilé Olúwa àti ibi ilé ọba, nígbà tí ó sì ti ṣe àṣeyọrí láti gbé jáde gbogbo ohun tí ó ní lọ́kàn láti ṣe nínú ilé Olúwa àti nínú ilé òun tìkára rẹ̀,
১১এইদৰে চলোমনে যিহোৱাৰ গৃহ আৰু ৰাজগৃহ সাজি সমাপ্ত কৰিলে৷ যিহোৱাৰ গৃহত ও নিজৰ গৃহত যি যি কৰ্ম কৰিবলৈ চলোমনে স্থিৰ কৰিছিল, তেওঁ সেই সকলোকেই সিদ্ধ কৰিলে।
12 Olúwa sì farahàn Solomoni ní òru ó sì wí pé: “Èmi ti gbọ́ àdúrà rẹ mo sì ti yàn ibí yìí fún ara mi gẹ́gẹ́ bí ilé fún ẹbọ.
১২পাছত যিহোৱাই ৰাতি চলোমনক দৰ্শন দি ক’লে, “মই তোমাৰ প্ৰাৰ্থনা শুনিলোঁ আৰু মোৰ যজ্ঞগৃহ বুলি এই ঠাই মনোনীত কৰিলোঁ।
13 “Nígbà tí mo bá sé ọ̀run kí ó ma bá à sí òjò, tàbí láti pàṣẹ fún eṣú láti jẹ ilẹ̀ náà run tàbí rán àjàkálẹ̀-ààrùn sí àárín àwọn ènìyàn mi,
১৩মই যদি আকাশ এনেকৈ বন্ধ কৰোঁ, যে, বৰষুণ নহ’ব বা দেশ গ্ৰাস কৰিবলৈ কাকতি ফৰিঙক আজ্ঞা কৰোঁ বা নিজ প্ৰজাসকলৰ মাজলৈ মহামাৰী পঠাওঁ,
14 tí àwọn ènìyàn, tí a fi orúkọ mi pè, tí wọ́n bá rẹ ara wọn sílẹ̀, tí wọ́n sì gbàdúrà, tí wọ́n sì rí ojú mi, tí wọ́n sì yí kúrò nínú ọ̀nà búburú wọn, nígbà náà, èmi yóò gbọ́ láti ọ̀run, èmi yóò sì dárí ẹ̀ṣẹ̀ wọn jì wọ́n èmi yóò sì wo ilẹ̀ wọn sàn.
১৪তেনেহ’লে মোৰ নামেৰে প্ৰখ্যাত হোৱা মোৰ প্ৰজাসকলে যদি নিজকে নম্ৰ কৰি প্ৰাৰ্থনা কৰে আৰু মোৰ সাক্ষাৎ হবলৈ বিচাৰে বা নিজ নিজ কু-পথৰ পৰা ঘূৰে, তেনেহ’লে মই স্বৰ্গৰ পৰা শুনি তেওঁলোকৰ পাপবোৰ ক্ষমা কৰিম আৰু তেওঁলোকৰ দেশ আৰোগ্য কৰিম।
15 Nísinsin yìí, ojú mi yóò sì là etí mi yóò sì là, sí àdúrà ọrẹ níbí yìí.
১৫আজিৰ পৰা এই ঠাইত কৰা প্ৰাৰ্থনালৈ মোৰ চকু মেলা আৰু মোৰ কাণ পতা হ’ব।
16 Èmi sì ti yàn, èmi sì ti ya ilé yìí sí mímọ́ bẹ́ẹ̀ ni kí orúkọ mi kí ó le wà níbẹ̀ títí láéláé.
১৬কিয়নো মোৰ নাম চিৰকাললৈকে থাকিবৰ কাৰণে মই এই গৃহ মনোনীত কৰি পবিত্ৰ কৰিলোঁ; আৰু সকলো সময়ত এই ঠাইলৈ মোৰ চকু আৰু ইয়াত মোৰ মন থাকিব।
17 “Ní ti bí ìwọ bá rìn níwájú mi gẹ́gẹ́ bí Dafidi baba rẹ ti ṣe, tí o sì ṣe gbogbo ohun tí mo paláṣẹ, tí ìwọ sì ṣe àkíyèsí àṣẹ mi láti ọ̀run,
১৭আৰু তুমিও যদি তোমাৰ পিতৃ দায়ূদৰ দৰে মোৰ সাক্ষাতে চলা আৰু মই তোমাক দিয়া সকলো আজ্ঞা অনুসাৰে কাৰ্য কৰা আৰু মোৰ বিধি ও শাসন প্ৰণালীবোৰ পালন কৰা,
18 Èmi yóò fi ìdí ìtẹ́ ìjọba rẹ múlẹ̀, gẹ́gẹ́ bí mo ti ṣe pẹ̀lú Dafidi baba rẹ nígbà tí mo bá a dá májẹ̀mú wí pé, ìwọ kò ní fẹ́ ẹnìkan kù láti ṣe alákòóso lórí Israẹli.
১৮তেনেহলে মই তোমাৰ ৰাজ সিংহাসন স্থাপন কৰিম, যিদৰে তোমাৰ পিতৃ দায়ূদে সৈতে নিয়ম স্থাপন কৰোঁতে কৈছিলোঁ যে, বোলে, ‘তোমালোকৰ বংশধৰৰ সন্তান সকলে ইস্ৰায়েলৰ ওপৰত শাসন কৰোঁতে তেওঁলোক কেতিয়াও বিফল নহ’ব৷’
19 “Ṣùgbọ́n tí ìwọ bá yípadà tí o sì kọ òfin mi sílẹ̀ àti àṣẹ tí mo ti fi fún yín tí ẹ sì lọ sókè láti lọ sin ọlọ́run mìíràn tí ẹ sì bọ wọ́n,
১৯কিন্তু যদি তোমালোকে মোৰ পৰা বিমুখ হৈ, মই তোমালোকৰ সন্মুখত স্থাপন কৰা মোৰ বিধি আৰু আজ্ঞাবোৰ ত্যাগ কৰা আৰু ইতৰ দেবতাবোৰক সেৱা পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা,
20 nígbà náà ni èmi yóò fa Israẹli tu kúrò láti ilẹ̀ mi, èyí tí èmi ti fi fún wọn, èmi yóò sì kọ̀ ilé náà sílẹ̀ èyí tí èmi ti yà sọ́tọ̀ fún orúkọ mi, èmi yóò sì fi ṣe ọ̀rọ̀ òwe, n ó fi ṣe ẹlẹ́yà láàrín gbogbo ènìyàn,
২০তেনেহ’লে, মই তেওঁলোকক দিয়া দেশৰ পৰা উচ্ছন্ন কৰিম; আৰু নিজ নামৰ কাৰণে মই পবিত্ৰ কৰা এই গৃহকো মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম আৰু সকলো জাতিৰ মাজত তাক দৃষ্টান্ত আৰু বিদ্ৰূপৰ বিষয় কৰিম।
21 àti ní gbogbo àyíká ilé yìí nísinsin yìí, bẹ́ẹ̀ ni yóò di ohun ìtànjẹ; gbogbo àwọn tí ó bá sì kọjá níbẹ̀ ni yóò jáláyà, wọn yóò sì wí pé, ‘Kí ni ó dé tí Olúwa fì ṣe irú èyí sí ilẹ̀ yí àti sí ilé yìí?’
২১আৰু এই যি গৃহ ইমান ওখ হৈছে, ইয়াৰ ওচৰেদি যোৱা প্ৰতিজন লোকে আচৰিত হৈ সুধিব যে, ‘এই দেশলৈ আৰু এই গৃহলৈ যিহোৱাই কিয় এইদৰে কাৰ্য কৰিলে?’
22 Àwọn ènìyàn yóò sì dáhùn wí pé, ‘Nítorí tí wọ́n ti kọ̀ Olúwa sílẹ̀, Ọlọ́run baba wọn ẹni tí ó mú wọn jáde láti Ejibiti wá, wọ́n sì ti fi ọwọ́ gba ọlọ́run mìíràn mọ́ra, wọ́n bọ wọ́n, bẹ́ẹ̀ ni wọ́n sì ń sìn wọ́n, ìdí nìyí tí ó fi mú gbogbo ìjàǹbá náà wá sórí wọn.’”
২২তেতিয়া আন আন লোকসকলে উত্তৰ দি ক’ব, ‘এওঁলোকৰ পূৰ্বপুৰুষসকলে মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা নিজৰ পূৰ্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক এওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেবতাবোৰত আসক্ত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰিলে আৰু সেইবোৰক সেৱাপূজাও কৰিলে৷ এই কাৰণে যিহোৱাই এওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’৷”