< 1 Samuel 17 >

1 Filistini kó àwọn ọmọ-ogun rẹ̀ jọ fún ogun ní Soko ti Juda. Wọ́n pàgọ́ sí Efesi-Damimu, láàrín Soko àti Aseka,
পলেষ্টীয়াসকলে যুদ্ধ কৰিবলৈ তেওঁলোকৰ সৈন্যসকলক গোট খোৱালে। যিহূদাৰ অধিকাৰত থকা চোকোত তেওঁলোক একে লগ হ’ল। চোকো আৰু অজেকাৰ মাজত এফচদম্মীমত ছাউনি পাতিলে।
2 Saulu àti àwọn ọmọ Israẹli wọ́n kò ara wọ́n jọ pọ̀, wọ́n sì pàgọ́ ní àfonífojì Ela, wọ́n sì gbé ogun wọn sókè ní ọ̀nà láti pàdé àwọn Filistini.
চৌল আৰু ইস্ৰায়েলৰ লোকসকলে গোট খাই এলা উপত্যকাত ছাউনি পাতিলে আৰু পলেষ্টীয়াসকলৰ বিৰুদ্ধে সৈন্যসকলক শাৰী পাতি থিয় কৰালে।
3 Àwọn Filistini sì wà ní orí òkè kan àwọn ọmọ Israẹli sì wà ní orí òkè mìíràn, àfonífojì sì wà láàrín wọn.
তাতে পলেষ্টীয়াসকলে এফালে এটা পৰ্বতত আৰু ইস্ৰায়েলসকলে আনফালে আন এটা পৰ্বতত থিয় হ’ল, আৰু উভয়ৰে মাজত এক উপত্যকা আছিল।
4 Ọ̀gágun tí a ń pè ní Goliati, tí ó jẹ́ ará Gati, ó wá láti ibùdó Filistini. Ó ga ní ìgbọ̀nwọ́ mẹ́fà àti ìnà ìka kan ní ìbú.
তাৰ পাছত গাত নিবাসী এজন বীৰ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
5 Ó ní àṣíborí idẹ ní orí rẹ̀, ó sì wọ ẹ̀wù tí a fi idẹ pẹlẹbẹ ṣe, ìwọ̀n ẹ̀wù náà sì jẹ́ ẹgbẹ̀rún márùn-ún ṣékélì idẹ.
তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আছিল, আৰু মাছৰ বাকলিৰ দৰে পিতলৰ কবচ পিন্ধিছিল আৰু সেই কবচৰ ওজন পাঁচ হাজাৰ চেকল আছিল।
6 Òun sì wọ ìhámọ́ra idẹ sí ẹsẹ̀ rẹ̀ àti àpáta idẹ kan láàrín ẹ̀yìn rẹ̀.
তেওঁৰ ভৰি পিতলৰ পতাৰে আবৃত আছিল আৰু তেওঁৰ দুই কান্ধৰ মাজত এপাত পিতলৰ চুটি যাঠী আছিল।
7 Ọ̀pá ọ̀kọ̀ rẹ̀ rí bí apásá ìhunṣọ, orí ọ̀kọ̀ rẹ̀ sì wọn ẹgbẹ̀ta kilogiramu méje irin, ẹni tí ó ru asà ogun rẹ̀ lọ ṣáájú u rẹ̀.
তেওঁৰ বৰছাৰ লাঠিডাল, তাঁত শালৰ টোলোঠাৰ সমান ডাঙৰ আছিল। তেওঁৰ লোহাৰ বৰছাপাতৰ ওজন ছশ চেকল আছিল। তেওঁৰ ঢাল ধৰাজন তেওঁৰ আগে আগে গৈছিল।
8 Goliati dìde, ó sì kígbe sí ogun Israẹli pé, “Èéṣe tí ẹ̀yin fi jáde wá, tí ẹ ṣe tò fún ogun? Ṣé èmi kì í ṣe Filistini ni, àbí ẹ̀yin kì í ṣe ìránṣẹ́ Saulu? Yan ọkùnrin kan kí o sì jẹ́ kí ó sọ̀kalẹ̀ wá sí ọ̀dọ̀ mi.
তেওঁ আহি থিয় হ’ল আৰু ইস্ৰায়েলৰ সৈন্য শ্ৰেণীক লক্ষ্য কৰি ৰিঙিয়াই ক’লে, “তহতে যুদ্ধ কৰিবৰ অৰ্থে শাৰী পাতি বাহিৰলৈ কিয় ওলাই আহিছ? মই জানো এজন পলেষ্টীয়া নহওঁ? আৰু তহঁত জানো চৌলৰ দাস নহয়? তহঁতে নিজৰ বাবে এজন মানুহ বাচি ল’ আৰু তাক মোৰ ওচৰলৈ আহিবলৈ দে।
9 Tí òhun bá sì le jà tí ó sì pa mí, àwa yóò di ẹrú u yín, ṣùgbọ́n tí èmi bá lè ṣẹ́gun rẹ̀ tí mo sì pa á, ẹ̀yin yóò di ẹrú u wa, ẹ̀yin yóò sì máa sìn wá.”
সি যদি মোৰ সৈতে যুদ্ধ কৰি জয়ী হৈ মোক বধ কৰে, তেনেহলে আমি সকলো তহঁতৰ বন্দী হ’ম; কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেনেহলে তহঁত আমাৰ বন্দী হৈ আমাৰ দাসৰ কাম কৰিবি।”
10 Nígbà náà Filistini náà wí pé, “Èmi fi ìjà lọ ogun Israẹli ní òní! Ẹ mú ọkùnrin kan wá kí ẹ sì jẹ́ kí a bá ara wa jà.”
১০পলেষ্টীয়াজনে পুনৰ ক’লে, “আজি মই ইস্ৰায়েলৰ সৈন্যসকলক প্ৰত্যাহ্ৱান জনাইছোঁ, তহঁতে মোক এজন মানুহ দে, যাতে আমি দুয়ো একেলগে যুদ্ধ কৰোঁ।”
11 Nígbà tí Saulu àti gbogbo àwọn ọmọ Israẹli gbọ́ ọ̀rọ̀ Filistini, ìdààmú bá wọn.
১১যেতিয়া পলেষ্টীয়াজনে কোৱা কথা চৌল আৰু ইস্ৰায়েলৰ লোকসকলে শুনিলে, তেতিয়া তেওঁলোক নিৰাশ হ’ল আৰু অতিশয় ভয়াতুৰ হ’ল।
12 Nísinsin yìí Dafidi jẹ́ ọmọ ará Efrata kan tí orúkọ rẹ̀ ń jẹ́ Jese, tí ó wá láti Bẹtilẹhẹmu ní Juda, Jese ní ọmọ mẹ́jọ, ní àsìkò Saulu ó ti darúgbó ẹni ọdún púpọ̀.
১২দায়ুদ যিহূদাৰ বৈৎলেহেম নিবাসী যিচয় নামেৰে সেই ইফ্ৰাথীয়া পুৰুষৰ পুত্ৰ আছিল; তেওঁৰ আঠজন পুত্ৰ আছিল, যিচয় চৌলৰ সময়ত বৃদ্ধ আছিল আৰু লোকসকলৰ মাজত বয়সস্থ পুৰুষ আছিল।
13 Àwọn ọmọ Jese mẹ́tẹ̀ẹ̀ta tí ó ti dàgbà bá Saulu lọ sí ojú ogun, èyí àkọ́bí ni Eliabu, èyí èkejì ni Abinadabu, èyí ẹ̀kẹta sì ní Ṣamma.
১৩যিচয়ৰ তিনিজন ডাঙৰ সন্তান চৌলৰ পাছে পাছে যুদ্ধলৈ গৈছিল; আৰু যুদ্ধলৈ যোৱা তেওঁৰ তিনিজন পুত্ৰৰ নাম আছিল, প্ৰথমজন ইলীয়াব, দ্বিতীয়জনৰ নাম অবীনাদৰ, আৰু তৃতীয়জনৰ নাম চম্মা।
14 Dafidi ni ó kéré jù nínú wọn. Àwọn àgbà mẹ́tẹ̀ẹ̀ta sì tẹ̀lé Saulu,
১৪দায়ুদ সকলোতকৈ সৰু আছিল। আৰু ডাঙৰ তিনিজন চৌলৰ পাছত চলোঁতা আছিল।
15 ṣùgbọ́n Dafidi padà lẹ́yìn Saulu, láti máa tọ́jú àgùntàn baba rẹ̀ ní Bẹtilẹhẹmu.
১৫কিন্তু দায়ূদে চৌলৰ ওচৰৰ পৰা আহি বৈৎলেহেমত থকা পিতৃৰ মেৰ-ছাগ চৰাবৰ বাবে অহা যোৱা কৰি থাকিছিল।
16 Fún ogójì ọjọ́, Filistini wá síwájú ní àràárọ̀ àti ní ìrọ̀lẹ́ wọ́n sì fi ara wọn hàn.
১৬তাতে সেই পলেষ্টীয়া মানুহজনে চল্লিশ দিনলৈকে ৰাতিপুৱা আৰু গধূলি বেলা ওচৰলৈ আহি নিজকে দেখা দি আছিল।
17 Nísinsin yìí Jese wí fún ọmọ rẹ̀ Dafidi pé, “Mú ìwọ̀n efa àti àgbàdo yíyan àti ìṣù àkàrà mẹ́wàá lọ fún àwọn ẹ̀gbọ́n rẹ kí o sì súré lọ sí ibùdó o wọn.
১৭সেই সময়ত যিচয়ে তেওঁৰ পুতেক দায়ূদক ক’লে, “তুমি এক ঐফা ভজা শস্য আৰু দহটা পিঠা লৈ, ছাউনিত থকা ককায়েৰা সকলৰ ওচৰলৈ যোৱা।”
18 Kí o sì mú wàrà mẹ́wàá yìí lọ́wọ́ fún adarí ogun tiwọn. Wo bí àwọn ẹ̀gbọ́n rẹ ṣe wà kí o sì padà wá fún mi ní àmì ìdánilójú láti ọ̀dọ̀ wọn.
১৮এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।
19 Wọ́n wà pẹ̀lú Saulu àti gbogbo àwọn ọkùnrin Israẹli ní àfonífojì Ela, wọ́n bá àwọn Filistini jà.”
১৯চৌল আৰু তেওঁলোকৰ লগতে ইস্ৰায়েলৰ সকলো লোকে এলা উপত্যকাত পলেষ্টীয়াসকলৰ সৈতে যুদ্ধ কৰি আছে।
20 Ní àárọ̀ kùtùkùtù Dafidi fi agbo ẹran rẹ̀ sílẹ̀ pẹ̀lú àwọn olùtọ́jú, ó di ẹrù, ó sì mú ọ̀nà rẹ̀ pọ̀n gẹ́gẹ́ bí Jese ti sọ fún un. Ó dé ibùdó bí àwọn ọmọ-ogun ti ń lọ láti dúró ní ipò wọn ní ojú ogun, wọ́n hó ìhó ogun.
২০পাছত দায়ূদে ৰাতিপুৱা সোনকালে উঠিল আৰু মেৰ-ছাগবোৰ এজন ৰখীয়াৰ হাতত গতাই দিলে আৰু পিতৃ যিচয়ৰ আজ্ঞা অনুসাৰে বস্তুবোৰ লগত লৈ তালৈ গ’ল। যি সময়ত সৈন্যই ৰণলৈ ওলাই ৰণৰ কাৰণে ৰণ-ধ্বনি কৰিছিল, সেই সময়তে তেওঁ ছাউনি আহি পাইছিল।
21 Israẹli àti Filistini lọ sí ojú ìjà wọ́n da ojú ìjà kọ ara wọn.
২১তেতিয়া ইস্ৰায়েল আৰু পলেষ্টীয়াসকলে সন্মুখা-সন্মুখি হৈ ৰণৰ বাবে শাৰী পাতি আছিল।
22 Dafidi sì kó ẹrù rẹ̀ ti àwọn olùtọ́jú ohun èlò, ó sì sálọ sí ojú ogun ó sì kí àwọn ẹ̀gbọ́n rẹ̀.
২২পাছত দায়ূদে বস্তু-ৰখীয়াৰ হাতত নিজৰ বস্তুবোৰ থৈ, সৈন্যশ্ৰেণীৰ মাজলৈ দৌৰি গ’ল আৰু নিজৰ ককায়েকসকলক মঙ্গলবাদ কৰিলে;
23 Bí ó ṣe ń bá wọn sọ̀rọ̀, Goliati akíkanjú Filistini tí ó wá láti Gati bọ́ sí iwájú ní ojú ogun, ó sì kígbe fún ìpèníjà, Dafidi sì gbọ́.
২৩আৰু তেওঁলোকৰ লগত কথা পাতি থাকোতেই গাত নিবাসী গলিয়াথ নামৰ পলেষ্টীয়া মহাবীৰজন ফিলিষ্টীয়াসকলৰ সৈন্যবাহিনীৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু আগতে কোৱা দৰেই কথা ক’বলৈ ধৰিলে। তাতে দায়ূদে সেই কথা শুনিবলৈ পালে।
24 Nígbà tí àwọn Israẹli rí ọkùnrin náà, gbogbo wọn sì sá fún un ní ìbẹ̀rù bojo.
২৪যেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই ব্যক্তিজনক দেখিলে, তেতিয়া তেওঁলোক তেওঁৰ সন্মুখৰ পৰা পলাল আৰু অতিশয় ভয় কৰিলে।
25 Nígbà náà ni àwọn ọkùnrin Israẹli wí pé, “Ǹjẹ́ ẹ̀yin kò rí i bí ọkùnrin yìí ṣe ń jáde wá? Ó jáde wá láti pe Israẹli níjà. Ọba yóò fún ọkùnrin tí ó bá pa á ní ọrọ̀ púpọ̀. Yóò tún fi ọmọ rẹ̀ obìnrin fún un ní ìyàwó, yóò sì sọ ilé e baba rẹ̀ di òmìnira kúrò nínú sísan owó orí ní Israẹli.”
২৫আৰু ইস্ৰায়েলৰ লোকসকলে পৰস্পৰৰ মাজত ক’বলৈ ধৰিলে, “ওপৰলৈ উঠি অহা সেই মানুহজনক তুমি দেখিছা নে? তেওঁ ইস্ৰায়েলক ইতিকিং কৰিবলৈ আহিছে। তেওঁক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক অধিক ধনেৰে ধনৱান কৰিব, আৰু তেওঁৰ লগত নিজৰ জীয়েকক বিয়া দিব, আৰু ইস্ৰায়েলৰ মাজত তেওঁৰ পিতৃ-বংশক স্ৱাধীন কৰিব।”
26 Dafidi béèrè lọ́wọ́ ọkùnrin tí ó dúró ní ẹ̀gbẹ́ ẹ rẹ̀ pé, “Kí ni a yóò ṣe fún ọkùnrin náà tí ó bá pa Filistini yìí, tí ó sì mú ẹ̀gàn kúrò lára Israẹli? Ta ni aláìkọlà Filistini tí ó jẹ́ wí pé yóò máa gan ogun Ọlọ́run alààyè?”
২৬তেতিয়া দায়ুদে নিজৰ ওচৰত থিয় হৈ থকা লোকসকলক সুধিলে, “সেই পলেষ্টীয়াজনক যিজনে বধ কৰি ইস্ৰায়েলৰ পৰা অপমান দূৰ কৰিব, সেইজনলৈ কি কৰা যাব? কিয়নো সেই অচুন্নৎ ফিলিষ্টীয়াজন নো কোন, সি যে জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিব?”
27 Wọ́n tún sọ fún un ohun tí wọ́n ti ń sọ, wọ́n sì wí pé, “Èyí ni ohun tí wọn yóò ṣe fún ọkùnrin tí ó bá pa á.”
২৭তেতিয়া লোকসকলে আগতে কোৱাৰ দৰে তেওঁক পুনৰ ক’লে, “তেওঁক বধ কৰাজনলৈ এইদৰে কৰা হ’ব।”
28 Nígbà tí Eliabu ẹ̀gbọ́n Dafidi gbọ́ nígbà tí ó ń bá ọkùnrin yìí sọ̀rọ̀, ó bínú sí i, ó sì wí pé, “Kí ni ó dé tí ìwọ fi sọ̀kalẹ̀ wá síbí? Àti pé ta ni ìwọ fi àwọn àgùntàn kékeré tókù ṣọ́ ní aginjù? Èmi mọ ìgbéraga rẹ, àti búburú ọkàn rẹ: ìwọ sọ̀kalẹ̀ wá nìkan láti wòran ogun.”
২৮লোকসকলৰ সৈতে দায়ূদে কথা পাতি থাকোতে তেওঁৰ ডাঙৰ ককায়েক ইলীয়াবে তেওঁৰ কথা শুনি তেওঁলৈ ক্ৰুদ্ধ হৈ ক’লে, “তই ইয়ালৈ কিয় নামি আহিলি?” মৰুপ্ৰান্তৰ মাজত সেই মেৰ-ছাগকেইটা কাৰ ওচৰত থৈ আহিলি? তোৰ অহংকাৰ আৰু মনৰ দুষ্টতা মই জানো, তই কেৱল যুদ্ধ চাবলৈহে ইয়ালৈ নামি আহিলি।”
29 Dafidi wí pé, “Kí ni mo ṣe nísinsin yìí? Ǹjẹ́ mo lè sọ̀rọ̀ bí?”
২৯দায়ূদে ক’লে, “মই এতিয়া কি কৰিলোঁ? কেৱল এটা প্ৰশ্নহে সুধিছোঁ, নহয় জানো?”
30 Ó sì yípadà sí ẹlòmíràn, ó sì ń sọ̀rọ̀ kan náà, ọkùnrin náà sì dáhùn bí ti ẹni ìṣáájú.
৩০তাৰ পাছত তেওঁ তেওঁৰ পৰা আন জনৰ মূখৰ ফালে ঘূৰি একে দৰেই সুধিলে; তাতে লোকসকলে তেওঁক আগেয়ে কোৱাৰ দৰেই উত্তৰ দিলে।
31 Àwọn ènìyàn gbọ́ ohun tí Dafidi sọ wọ́n sọ fún Saulu, Saulu sì ránṣẹ́ sí i.
৩১দায়ূদে কোৱা কথা যেতিয়া লোকসকলে শুনিলে, তেতিয়া সৈন্যসকলে গৈ চৌলৰ আগত সেই কথা জনালে। তেতিয়া তেওঁ দায়ূদক মাতি অনালে।
32 Dafidi sọ fún Saulu pé, “Kí ẹnikẹ́ni má ṣe ba ọkàn jẹ́ nítorí Filistini yìí, ìránṣẹ́ rẹ yóò lọ láti bá a jà.”
৩২পাছত দায়ূদে চৌলক ক’লে, “তেওঁৰ বাবে কাৰো মন হতাশ নহওক; আপোনাৰ এই দাসে গৈ সেই পলেষ্টীয়াজনৰ লগত যুদ্ধ কৰিব।”
33 Saulu sì wí fún Dafidi pé, “Ìwọ kò tó láti jáde lọ pàdé ogun Filistini yìí àti láti bá a jà; ọmọdé ni ìwọ, òun sì ti ń jagun láti ìgbà èwe rẹ̀ wá.”
৩৩চৌলে দায়ূদক ক’লে, “তুমি সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ; কাৰণ তুমি কেৱল এজন যুৱক, আৰু তেওঁ যুৱক অৱস্থাৰে পৰা এজন যুদ্ধাৰু।”
34 Ṣùgbọ́n Dafidi sọ fún Saulu pé, “Ọmọ ọ̀dọ̀ rẹ ti ń tọ́jú agbo àgùntàn baba rẹ̀. Nígbà tí kìnnìún tàbí àmọ̀tẹ́kùn bá wá láti wá gbé àgùntàn láti inú igbó.
৩৪কিন্তু দায়ূদে চৌলক ক’লে, “আপোনাৰ এই দাসে পিতৃৰ মেৰ-ছাগ চৰাওঁতে, এটা সিংহ আৰু এটা ভালুকে আহি জাকৰ মাজৰ পৰা মেৰ-ছাগ ধৰি লওঁতে;
35 Mo sá tẹ̀lé e, mo lù ú, mo sì gba àgùntàn náà kúrò lẹ́nu rẹ̀. Nígbà tí ó kọjú sí mi, mo fi irun rẹ̀ gbá a mú, mo sì lù ú mo sì pa á.
৩৫মই তাৰ পাছত খেদি গৈ তাক প্ৰহাৰ কৰিলোঁ আৰু তাৰ মুখৰ পৰা সেই মেৰ-ছাগ ৰক্ষা কৰিলোঁ; তাৰ পাছত সি মোৰ বিৰুদ্ধে উঠি থিয় হ’ল, আৰু মই তাৰ ডাঢ়িত ধৰি আঘাত কৰি তাক বধ কৰিলোঁ।
36 Ìránṣẹ́ rẹ ti pa kìnnìún àti àmọ̀tẹ́kùn, aláìkọlà Filistini yìí yóò jẹ́ ọ̀kan lára wọn, nítorí ó ti pe ogun Ọlọ́run alààyè ní ìjà.
৩৬আপোনাৰ দাসে সিংহ আৰু ভালুক দুয়োকো মাৰিলে; এই অচুন্নৎ পলেষ্টীয়াজন সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব, কাৰণ সি জীৱন্ত ঈশ্বৰৰ সৈন্যসকলক ইতিকিং কৰিছে।”
37 Olúwa tí ó gbà mí kúrò lọ́wọ́ ìhàlẹ̀ kìnnìún àti ti ìhàlẹ̀ àmọ̀tẹ́kùn yóò gbà mí kúrò lọ́wọ́ Filistini yìí.” Saulu wí fún Dafidi pé, “Lọ kí Olúwa wà pẹ̀lú rẹ.”
৩৭দায়ূদে ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।” তাতে চৌলে দায়ূদক ক’লে, “যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।”
38 Saulu fi aṣọ àwọ̀tẹ́lẹ̀ rẹ̀ wọ Dafidi, ó wọ̀ ọ́ ní aṣọ ìhámọ́ra ogun, ó sì fi ìbòrí idẹ kan bò ó ní orí.
৩৮চৌলে নিজৰ সাজেৰে দায়ূদক সজাই তেওঁৰ মূৰত পিতলৰ শিৰোৰক্ষক আৰু গাত কবচ পিন্ধালে।
39 Dafidi si di idà rẹ̀ mọ́ àwọ̀tẹ́lẹ̀ rẹ̀ ó sì bẹ̀rẹ̀ sí ní rìn káàkiri nítorí wí pé kò mọ́ ọ lára. Ó sọ fún Saulu pé, “Èmi kò le wọ èyí lọ, kò mọ́ mi lára.” Ó sì bọ́ wọn kúrò.
৩৯তাৰ পাছত দায়ূদে নিজৰ সাজৰ ওপৰত তেওঁৰ তৰোৱাল বান্ধি ল’বলৈ চেষ্টা কৰিলে; কাৰণ তেওঁ আগেয়ে এইবোৰ পিন্ধাৰ অভ্যাস কৰা নাছিল। পাছত দায়ূদে চৌলক ক’লে, “মই এইবোৰৰ পিন্ধি বাহিৰলৈ গৈ যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মই এইবোৰৰ অভ্যাস কৰা নাই।” সেয়ে দায়ূদে সেইবোৰ সোলোকাই হ’ল।
40 Nígbà náà, ó sì mú ọ̀pá rẹ̀ lọ́wọ́, ó ṣá òkúta dídán márùn-ún létí odò, ó kó wọn sí àpò olùṣọ́-àgùntàn tí ó wà lọ́wọ́ rẹ̀ pẹ̀lú kànnàkànnà, ó sì súnmọ́ Filistini náà.
৪০তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল’লে, আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাচি লৈ, সেইবোৰ মেৰ-ছাগ ৰখীয়াৰ লাগতীয়াল বস্তু থোৱা জোলোঙাত ভৰাই ল’লে; আৰু ফিঙ্গাগছ হাতত লৈ সেই পলেষ্টীয়াজনৰ ওচৰলৈ গ’ল।
41 Lákòókò yìí, Filistini pẹ̀lú ẹni tí ń gbé ìhámọ́ra ààbò wà níwájú rẹ̀, ó ń bọ̀ wá sọ́dọ̀ Dafidi.
৪১তাতে সেই পলেষ্টীয়াজনে আগবাঢ়ি আহি দায়ূদৰ ওচৰ চাপিল আৰু তেওঁৰ ঢালবাহীজন তেওঁৰ আগে আগে আহি আছিল।
42 Nígbà tí Filistini náà sì wo Dafidi láti òkè délẹ̀, ó sì rí i wí pé ọmọ kékeré kùnrin ni, ó pọ́n ó sì lẹ́wà lójú, ó sì kẹ́gàn an rẹ̀.
৪২তাৰ পাছত পলেষ্টীয়াজনে চাৰিওফালে চাই দায়ূদক দেখা পালে আৰু তেওঁ তেওঁক হেয়জ্ঞান কৰিলে; কাৰণ তেওঁ কেৱল এজন ল’ৰা, তেওঁৰ বৰণ অলপ ৰঙচুৱা, আৰু মুখ সুন্দৰ আছিল।
43 Ó sì wí fún Dafidi pé, “Ṣé ajá ni mí ni? Tí o fi tọ̀ mí wá pẹ̀lú ọ̀pá?” Filistini sì fi Dafidi bú pẹ̀lú Ọlọ́run rẹ̀.
৪৩তাতে সেই পলেষ্টীয়াজনে দায়ূদক ক’লে, “মই এটা কুকুৰ নেকি যে, তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ?” আৰু সেই পলেষ্টীয়াজনে নিজ দেৱতাবোৰৰ নাম লৈ দায়ূদক শাও দিলে।
44 Filistini náà sì wí Dafidi pé, “Wá níbí, èmi yóò fi ẹran-ara rẹ fún àwọn ẹyẹ ojú ọ̀run jẹ àti fún àwọn ẹranko tí ó wà nínú igbó!”
৪৪পলেষ্টীয়াজনে দায়ূদক ক’লে, “তই মোৰ ওচৰলৈ আহ; মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু মাটিৰ পশুবোৰক দিওঁ।”
45 Dafidi sì wí fún Filistini pé, “Ìwọ dojú ìjà kọ mí pẹ̀lú idà, ọ̀kọ̀ àti ọfà, ṣùgbọ́n èmi wá sí ọ̀dọ̀ rẹ pẹ̀lú orúkọ Olúwa àwọn ọmọ-ogun, Ọlọ́run àwọn ọmọ-ogun Israẹli tí ìwọ tí gàn.
৪৫দায়ূদে সেই পলেষ্টীয়াজনক উত্তৰ দি ক’লে, “তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
46 Lónìí yìí ni Olúwa yóò fi ọ́ lé mi lọ́wọ́, èmi yóò sì pa ọ́, èmi yóò sì gé orí rẹ. Lónìí èmi yóò fi òkú ogun Filistini fún ẹyẹ ojú ọ̀run àti fún ẹranko igbó, gbogbo ayé yóò sì mọ̀ pé Ọlọ́run wà ní Israẹli.
৪৬আজি যিহোৱাই তোমাক মোৰ হাতত শোধাই দিব; আৰু মই তোমাক আঘাত কৰি তোমাৰ মূৰ ছেদন কৰিম, আৰু পলেষ্টীয়াসকলৰ সৈন্য সমূহৰ শৱ আজি মই আকাশৰ চৰাই আৰু বনৰীয়া জন্তুবোৰক দিম; তাতে ইস্ৰায়েলৰ মাজত যে এজন ঈশ্বৰ আছে, ইয়াকে গোটেই পৃথিৱীয়ে জানিব।
47 Gbogbo àwọn tí ó péjọ níbí ni yóò mọ̀ pé kì í ṣe nípa ọ̀kọ̀ tàbí idà ni Olúwa fi ń gbàlà; ogun náà ti Olúwa ni, yóò sì fi gbogbo yín lé ọwọ́ wa.”
৪৭আৰু যিহোৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”
48 Bí Filistini ṣe súnmọ́ iwájú láti pàdé e rẹ̀. Dafidi yára sáré sí òun náà láti pàdé e rẹ̀.
৪৮পাছত সেই পলেষ্টীয়াই আগবাঢ়ি আহি দায়ূদক লগ পাবলৈ বিচাৰোতে, দায়ূদেও বেগাই পলেষ্টীয়াজনক লগ পাবৰ বাবে সেনাবাহিনীটোৰ দিশে বেগাই আগবাঢ়ি গ’ল।
49 Dafidi ti ọwọ́ sí àpò rẹ̀, ó sì mú òkúta jáde wá ó sì fì í, ó sì jù ú sí ọ̀kọ́kán iwájú orí Filistini. Òkúta náà sì wọ̀ ọ́ níwájú orí, ó sì ṣubú ó sì dojúbolẹ̀ ní orí ilẹ̀.
৪৯তাৰ পাছত দায়ূদে তেওঁৰ জোলোঙাত হাত সুমুৱাই এটা শিল উলিয়ালে আৰু ফিঙ্গাত থৈ পাক দি সেই পলেষ্টীয়াজনৰ কপালত এনেকৈ মাৰিলে যে, সেই শিল তাৰ কপালত বহি গ’ল; তাতে সি মাটিত তললৈ মুখ কৰি পৰি গ’ল।
50 Dafidi yọ ayọ̀ ìṣẹ́gun lórí Filistini pẹ̀lú kànnàkànnà àti òkúta, láìsí idà ní ọwọ́ rẹ̀, ó lu Filistini, ó sì pa á.
৫০এইদৰে দায়ূদে এগছ ফিঙ্গা আৰু এটা শিলেৰে সেই পলেষ্টীয়াজনক জয় কৰিলে, আৰু তাক আঘাত কৰি বধ কৰিলে; কিন্তু দায়ূদৰ হাতত তৰোৱাল নাছিল।
51 Dafidi sì sáré ó sì dúró lórí rẹ̀. Ó sì mú idà Filistini, ó sì fà á yọ nínú àkọ̀ ọ rẹ̀. Lẹ́yìn ìgbà tí ó ti pa á tan, ó sì gé orí rẹ̀ pẹ̀lú idà. Nígbà tí àwọn ará Filistini rí i wí pé akọni wọn ti kú, wọ́n yípadà wọ́n sì sálọ.
৫১তেতিয়া দায়ূদে লৰি গৈ পলেষ্টীয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।
52 Nígbà náà, àwọn ọkùnrin Israẹli àti ti Juda súnmọ́ iwájú pẹ̀lú ariwo, wọ́n sì lépa àwọn ará Filistini dé ẹnu ibodè Gati àti títí dé ẹnu ibodè Ekroni. Àwọn tí ó kú wà káàkiri ẹ̀gbẹ́ ọ̀nà Ṣaaraimu àti títí dé ọ̀nà Gati àti Ekroni.
৫২তাৰ পাছত ইস্ৰায়েলৰ আৰু যিহূদাৰ লোকসকলে ওলাই জয়-ধ্বনি কৰি গাতলৈকে আৰু ইক্ৰোণৰ দুৱাৰলৈকে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি গ’ল; তাতে পলেষ্টীয়াসকলৰ হত হোৱা লোকবোৰ চাৰয়িমৰ বাটত গয় আৰু ইক্ৰোণলৈকে পৰি পৰি গ’ল।
53 Nígbà tí àwọn ọmọ Israẹli sì padà láti máa lé àwọn ará Filistini, wọ́n sì ba ibùdó wọn jẹ́.
৫৩পাছত ইস্ৰায়েলৰ সন্তান সকলে পলেষ্টীয়াসকলৰ পাছে পাছে খেদি যোৱাৰ পৰা উভটি আহি সিহঁতৰ ছাউনি লুট কৰিলে।
54 Dafidi gé orí Filistini ó sì gbé e wá sí Jerusalẹmu, ó sì kó àwọn ohun ìjà Filistini sínú àgọ́ tirẹ̀.
৫৪আৰু দায়ূদে সেই পলেষ্টীয়াজনৰ মূৰটো যিৰূচালেমলৈ লৈ গ’ল; কিন্তু তাৰ ৰণৰ সাজ নিজৰ তম্বুত ৰাখিলে।
55 Bí Saulu sì ti wo Dafidi bí ó ṣe ń jáde lọ pàdé Filistini, ó wí fún Abneri, olórí àwọn ológun rẹ̀ pé, “Abneri, ọmọ ta ni ọmọdékùnrin yìí?” Abneri dáhùn pe, “Bí ọkàn rẹ̀ ti ń bẹ ní ààyè, ọba èmi kò mọ̀.”
৫৫সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে দায়ুদ ওলাই যোৱাৰ পাছত চৌল তেওঁৰ সেনাপতি অবনেৰক সুধিলে, “অবনেৰ, সেই ডেকা কাৰ পুত্র?” তাতে অবনেৰে ক’লে, “মহাৰাজ, আপোনাৰ জীৱনৰ শপত, মই ক’ব নোৱাৰোঁ।”
56 Ọba sì wí pé, “Wádìí ọmọ ẹni tí ọmọdékùnrin náà ń ṣe.”
৫৬পাছত ৰজাই ক’লে, “তুমি সোধাচোন, সেই যুৱকজন কাৰ পুত্র হয়?”
57 Kété tí ó dé láti ibi tí ó ti lọ pa Filistini, Abneri sì mú u wá síwájú Saulu, orí Filistini sì wà ní ọwọ́ Dafidi.
৫৭পাছত দায়ূদে যেতিয়া পলেষ্টীয়াজনক বধ কৰি ঘূৰি আহিছিল, তেতিয়া অবনেৰে তেওঁক ধৰি চৌলৰ ওচৰলৈ লৈ গ’ল আৰু তেওঁৰ হাতত তেতিয়া পলেষ্টীয়াজনৰ মূৰ আছিল।
58 Saulu béèrè pé, “Ọmọdékùnrin, ọmọ ta ni ọ́?” Dafidi dáhùn pé, “Èmi ni ọmọ ìránṣẹ́ rẹ Jese ti Bẹtilẹhẹmu.”
৫৮তাতে চৌলে তেওঁক সুধিলে, “হে ডেকা, তুমি কাৰ পুত্র?” দায়ূদে উত্তৰ দিলে, “মই আপোনাৰ দাস বৈৎলেহেমীয়া যিচয়ৰ পুত্র।”

< 1 Samuel 17 >