< II Các Vua 3 >
1 Giô-ram, con A-háp lên làm vua Ít-ra-ên vào năm thứ mười tám đời Giô-sa-phát vua Giu-đa, và cai trị mười hai năm tại Sa-ma-ri.
১যিহূদাত যিহোচাফটৰ ৰাজত্বৰ ওঠৰ বছৰত ইস্রায়েলৰ ৰজা আহাবৰ পুত্ৰ যোৰাম ৰজা হ’ল। তেওঁ চমৰিয়াত থাকি বাৰ বছৰ ৰাজত্ব কৰিলে।
2 Vua làm điều ác trước mặt Chúa Hằng Hữu, nhưng có điểm khá hơn cha mẹ mình là vua dẹp trụ thờ Ba-anh do vua cha dựng lên.
২যিহোৱাৰ দৃষ্টিত তেওঁ কু-আচৰণ কৰিলে, কিন্তু তেওঁ তেওঁৰ পিতৃ-মাতৃৰ দৰে কৰা নাছিল; কিয়নো তেওঁৰ পিতৃয়ে বাল দেৱতাৰ পূজাৰ কাৰণে যি স্তম্ভ নিৰ্ম্মাণ কৰিছিল, তাক তেওঁ দূৰ কৰি দিছিল।
3 Tuy nhiên, Giô-ram không từ bỏ tội Giê-rô-bô-am, con Nê-bát, đã phạm và tội lôi kéo dân chúng phạm tội theo.
৩তথাপি নবাটৰ পুত্র যাৰবিয়ামে যি সকলো পাপ কার্য কৰি ইস্ৰায়েলক পাপ কৰিবলৈ বাধ্য কৰাইছিল, সেই পাপবোৰত তেওঁ আসক্ত হৈ থাকিল; তেওঁ সেইবোৰ বন্ধ নকৰিলে।
4 Lúc ấy, Mê-sa vua Mô-áp nuôi rất nhiều chiên. Hằng năm vua nạp cống cho vua Ít-ra-ên 100.000 con chiên và lông của 100.000 chiên đực.
৪মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।
5 Nhưng từ ngày A-háp mất, vua Mô-áp nổi lên chống lại Ít-ra-ên.
৫কিন্তু আহাবৰ মৃত্যুৰ পাছত, মোৱাবৰ ৰজাই ইস্ৰায়েলৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।
6 Vua Giô-ram, Ít-ra-ên từ Sa-ma-ri đi khắp nơi trong nước chiêu mộ quân sĩ.
৬সেয়ে ইস্রায়েলৰ ৰজা যোৰামে তেতিয়া চমৰিয়াৰ পৰা ওলাই গৈ ইস্ৰায়েলীয়াসকলক যুদ্ধৰ কাৰণে একগোট কৰিলে।
7 Đồng thời, vua sai sứ giả hỏi Giô-sa-phát, vua Giu-đa: “Vua Mô-áp phản loạn. Vua sẵn lòng cùng tôi đi đánh Mô-áp không?” Vua Giu-đa đáp: “Vâng, tôi ra trận với vua. Dân tôi và ngựa tôi sẵn sàng cho vua điều động.
৭যিহূদাৰ ৰজা যিহোচাফটৰ ওচৰলৈ তেওঁ বার্তা পঠাই জনালে যে, “মোৱাবৰ ৰজাই মোৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে; আপুনি মোৱাবৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোৰ লগত যাব নে?” যিহোচাফটে ক’লে, “মই আপোনাৰ লগত যাম। মই আপোনাৰ দৰেই হওঁ; মোৰ লোক আৰু ঘোঁৰাবোৰ যেনে আপোনাৰ লোকসকল আৰু ঘোঁৰাবোৰো তেনে।”
8 Ta sẽ tiến quân theo lối nào?” Giô-ram đáp: “Lối hoang mạc Ê-đôm.”
৮তাৰ পাছত ৰজা যোৰামে সুধিলে, “আমি কোন বাটেৰে গৈ আক্রমণ কৰিম?” তাতে তেওঁ ক’লে, “ইদোমৰ মৰুপ্রান্তৰৰ মাজেদি।”
9 Vậy, vua Ít-ra-ên và vua Giu-đa, có cả vua Ê-đôm theo, kéo quân đi vòng trong hoang mạc bảy ngày. Trong cuộc hành quân, họ thiếu nước cho người và thú vật uống.
৯সেইদৰে, যিহূদাৰ ৰজা আৰু ইদোমৰ ৰজাৰ সৈতে ইস্ৰায়েলৰ ৰজা ওলাই গ’ল। তেওঁলোকে সাত দিন ধৰি অর্ধবৃত্ত হৈ ঘূৰি আগবাঢ়ি গ’ল। তেতিয়া সৈন্যসকলৰ কাৰণে আৰু লগত নিয়া পশুবোৰৰ কাৰণে তেওঁলোকে পানী বিচাৰি পোৱা নাছিল।
10 Vua Ít-ra-ên than: “Chúa Hằng Hữu gọi ba chúng ta đến đây để nạp cho người Mô-áp rồi!”
১০তাকে দেখি ইস্ৰায়েলৰ ৰজাই ক’লে, “হায় হায়! মোৱাবৰ হাতত পৰাজিত হ’বলৈকে যিহোৱাই আমাৰ এই তিনিজন ৰজাক একত্রিত কৰি মাতি আনিলে নেকি?”
11 Giô-sa-phát hỏi: “Ở đây không có tiên tri nào của Chúa Hằng Hữu cho chúng ta cầu hỏi Ngài sao?” Một cận thần của vua Ít-ra-ên lên tiếng: “Có Ê-li-sê, con Sa-phát, là môn đệ của Ê-li trước kia.”
১১কিন্তু যিহোচাফটে ক’লে, “ইয়াত যিহোৱাৰ কোনো ভাববাদী নাই নেকি যিজনৰ যোগেদি আমি যিহোৱাৰ ওচৰত সুধিব পাৰিম?” তাতে ইস্ৰায়েলৰ ৰজাৰ দাসবোৰৰ এজনে ক’লে, “চাফটৰ পুতেক ইলীচা ইয়াত আছে। তেওঁ এলিয়াৰ হাতত পানী বাকী দিয়া সেৱাকাৰী আছিল।”
12 Giô-sa-phát nói: “Người ấy sẽ nói lời của Chúa Hằng Hữu cho chúng ta.” Vậy, cả ba vua đi đến gặp Ê-li-sê.
১২যিহোচাফটে ক’লে, “যিহোৱাৰ বাক্য তেওঁৰ ওচৰত আছে।” তাতে ইস্ৰায়েলৰ ৰজা, ইদোমৰ ৰজা আৰু যিহোচাফট ইলীচাৰ ওচৰলৈ নামি গ’ল।
13 Ê-li-sê nói với vua Ít-ra-ên: “Vua đến đây làm gì? Sao không đi tìm các tiên tri của cha mẹ vua?” Vua Ít-ra-ên đáp: “Không! Vì Chúa Hằng Hữu có gọi chúng ta đến đây để nạp cho người Mô-áp.”
১৩ইলীচাই ইস্ৰায়েলৰ ৰজাক ক’লে, “আপোনাৰ কাৰণে মই কি কৰিব পাৰোঁ? আপুনি আপোনাৰ পিতৃ আৰু মাতৃৰ ভাববাদীসকলৰ ওচৰলৈ যাওঁক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁক ক’লে, “নহয়, আমি নাযাওঁ, কাৰণ মোৱাবৰ হাতত পৰাজিত হ’বলৈ যিহোৱাই আমাৰ তিনিওজন ৰজাক একত্রিত কৰি মাতি আনিলে।”
14 Ê-li-sê nói: “Tôi thề trước Chúa Hằng Hữu Toàn Năng là Đấng tôi phục vụ, nếu không nể Giô-sa-phát vua Giu-đa, tôi chẳng nhìn vua đâu.
১৪ইলীচাই ক’লে, “যিজনাৰ সন্মুখত থাকি মই সেৱা কৰিবলৈ প্রস্তুত, বাহিনীসকলৰ সেই জীৱিত যিহোৱাৰ শপত যে, যিহূদাৰ ৰজা যিহোচাফট যদি ইয়াত নাথাকিলহেঁতেন, মই আপোনালৈ মনোযোগ নিদিলোহেঁতেন, এনেকি মই আপোনাৰ ফালে নাপালোহেঁতেন।
15 Bây giờ, xin đem đến đây một nhạc sĩ.” Khi nhạc sĩ tấu nhạc, quyền năng của Chúa Hằng Hữu đến với Ê-li-sê.
১৫কিন্তু এতিয়া মোৰ ওচৰলৈ এজন বীণা বজোৱা লোকক লৈ আনক।” লোকজনে যেতিয়া বীণা বজাইছিল, তেতিয়া যিহোৱাৰ হাত ইলীচাৰ ওপৰলৈ আহিল।
16 Ông nói: “Chúa Hằng Hữu phán bảo đào thật nhiều hào hố trong thung lũng này.
১৬তাতে তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে: ‘এই শুকান নদীৰ উপত্যকাটো খান্দি খাল তৈয়াৰ কৰক।’
17 Vì Chúa Hằng Hữu có phán rằng người ta sẽ không thấy mưa gió, nhưng cả thung lũng sẽ đầy nước cho người và thú vật uống.
১৭কিয়নো যিহোৱাই এই কথা কৈছে, ‘আপোনালোকে কোনো বতাহ বা বৰষুণ দেখা নাপালেও, এই নদীৰ উপত্যকা পানীৰে পৰিপূৰ্ণ হ’ব আৰু আপোনালোকে পানী খাব পাৰিব; আপোনালোকৰ পশুধন আৰু আন আন জন্তুবোৰেও পানী খাব।’
18 Việc này đối với Chúa Hằng Hữu chỉ là chuyện nhỏ, vì Ngài sẽ cho Ít-ra-ên thắng quân Mô-áp!
১৮যিহোৱাৰ দৃষ্টিত ই অতি সৰু কথা; তেওঁ মোৱাবীয়াসকলৰ ওপৰত আপোনালোকক বিজয়ী কৰিব।
19 Các vua sẽ chiếm hết các thành kiên cố và phồn thịnh nhất của họ, sẽ đốn ngã cây có trái, chận các dòng nước và lấy đá phá hủy những đồng ruộng phì nhiêu.”
১৯গড়েৰে আবৃত প্ৰত্যেকখন নগৰ আৰু উত্তম নগৰ আপোনালোকে আক্রমণ কৰিব; আপোনালোকে প্ৰত্যেকটো উত্তম গছ কাটি পেলাব, পানীৰ সকলো ভুমুক বন্ধ কৰি দিব আৰু সকলো উত্তম পথাৰ শিলেৰে নষ্ট কৰি পেলাব।”
20 Sáng hôm sau, vào giờ dâng tế lễ, nước từ hướng Ê-đôm chảy đến, cho đến khi khắp miền ấy ngập cả nước.
২০পাছদিনা ৰাতিপুৱা বলি উৎসৰ্গৰ সময়ত ইদোম দেশৰ ফালৰ পৰা পানীবৈ আহিল। পানীৰে দেশখন ভৰি পৰিল।
21 Khi người Mô-áp nghe tin các vua liên minh kéo quân đánh, liền kêu gọi tất cả những người đến tuổi có thể mang binh khí. Và họ kéo quân ra trấn giữ biên giới.
২১ইতিমধ্যে মোৱাবীয়াসকলে শুনিছিল যে, তেওঁলোকৰ বিৰুদ্ধে সেই তিনিজন ৰজা যুদ্ধ কৰিবলৈ আহিছে। তেতিয়া যুদ্ধৰ সাজ পিন্ধি যুদ্ধ কৰিব পৰা সকলো একগোট হৈ দেশৰ সীমাত উপস্থিত হ’ল।
22 Nhưng hôm sau, khi mặt trời mọc, người Mô-áp thức dậy thấy nước phản chiếu ánh mặt trời đỏ rực, tưởng là máu.
২২অতি ৰাতিপুৱাতে যেতিয়া তেওঁলোকে সাৰ পালে, তেতিয়া সূৰ্যৰ ৰশ্মি পানীৰ ওপৰত প্রতিফলিত হৈছিল। মোৱাবীয়াসকলে তেওঁলোকৰ ওচৰত সেই পানী তেজৰ দৰে ৰঙা যেন দেখিলে।
23 Họ nói với nhau: “Chắc các vua ấy đánh giết lẫn nhau rồi. Bây giờ anh em ta chỉ việc đi thu chiến lợi phẩm!”
২৩তেওঁলোকে আচৰিত হৈ ক’লে, “এই চাওকচোন, চাওঁক, এইয়া তেজ! নিশ্চয়ে, সেই ৰজাসকলে এজনে আন জনক হত্যা কৰিলে আৰু তেওঁলোকৰ মৃত্যু হ’ল! গতিকে হে মোৱাবীয়াসকল ব’লা, এতিয়া আমি গৈ লুট কৰোঁহক!”
24 Nhưng khi quân Mô-áp đến doanh trại Ít-ra-ên, người Ít-ra-ên xông ra chém giết. Quân Mô-áp bỏ chạy. Ít-ra-ên đuổi theo đến đất địch
২৪কিন্তু মোৱাবীয়াসকল ইস্ৰায়েলৰ ছাউনিৰ ওচৰ আহি পোৱাত ইস্ৰায়েলীয়াসকলে অতর্কিতে ওলাই গৈ মোৱাবীয়াসকলক আক্রমণ কৰিলে আৰু মোৱাবীয়াসকল ইস্রায়েলৰ সন্মুখৰ পৰা পলাই গ’ল। ইস্ৰায়েলৰ সৈন্যসকলে মোৱাবীয়াসকলক বধ কৰি কৰি তেওঁলোকৰ দেশত সোমাই পৰিল।
25 phá tan các thành phố, lấy đá lấp các đồng ruộng phì nhiêu, chận các dòng nước, đốn cây có trái. Cuối cùng, chỉ còn vách thành Kiệt Ha-rê-sết trơ trọi, nhưng rồi cũng bị đội quân bắn đá vây quanh triệt hạ.
২৫তেওঁলোকে নগৰবোৰ ধ্বংস কৰিলে আৰু প্ৰত্যেকে শিল দলিয়াই সকলো সাৰুৱা পথাৰবোৰ শিলাময় কৰিলে। তেওঁলোকে পানীৰ ভুমুকবোৰ বন্ধ কৰি দিলে আৰু উত্তম উত্তম গছবোৰ কাটি পেলালে। কেৱলমাত্র কীৰ-হেৰচত নগৰখনৰ শিলবোৰ য’তে আছিল ত’তে এৰি হ’ল। কিন্তু ফিঙ্গা অস্ত্রধাৰী সৈন্যসকলে নগৰখন আক্রমণ কৰিলে।
26 Vua Mô-áp thấy không cự địch nổi, mới đem theo 700 kiếm thủ, định chọc thủng phòng tuyến của vua Ê-đôm để thoát thân, nhưng không thành công.
২৬পাছত মোৱাবৰ ৰজা মেচেই যেতিয়া দেখিলে যে তেওঁ যুদ্ধত পৰাজয় হ’ব, তেতিয়া তেওঁ সৈন্যসকলৰ মাজেদিয়েই ইদোমৰ ৰজাৰ ওচৰলৈ যাবলৈ নিজৰ লগত সাতশ তৰোৱালধাৰী সেনা ল’লে; কিন্তু তেওঁলোকে নোৱাৰিলে।
27 Túng thế, vua Mô-áp bắt trưởng nam của mình là người sẽ lên ngôi kế vị đem lên tường thành tế sống. Quân Ít-ra-ên cảm thấy ghê rợn nên rút về nước.
২৭তাৰ পাছত তেওঁ নিজৰ জ্যেষ্ঠপুত্র, যিজন তেওঁৰ পাছত ৰাজপাটৰ উত্তৰাধিকাৰী, তেওঁক লৈ গৈ নগৰৰ দেৱালৰ ওপৰত হোম-বলি উৎসর্গ কৰিলে আৰু ইস্ৰায়েলৰ বিৰুদ্ধে অতিশয় ক্রোধিত হ’ল। তাতে ইস্রায়েলীয়া সৈন্যসকলে ৰজা মেচাক এৰি দি নিজ দেশলৈ ওভটি গ’ল।