< I Các Vua 21 >
1 Na-bốt, người Gít-rê-ên, có một vườn nho tại thành Ghít-rê-ên, gần cung điện Vua A-háp của xứ Sa-ma-ri.
১তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া নাবোতৰ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
2 Một hôm, A-háp đề nghị với Na-bốt: “Nhường cho ta vườn nho ấy để ta làm vườn rau đi, vì nó ở ngay bên cung ta. Ta sẽ đổi cho ngươi một vườn nho tốt hơn, hoặc nếu ngươi muốn, ta sẽ trả tiền cho.”
২আহাবে নাবোতক ক’লে, “তোমাৰ দ্ৰাক্ষাবাৰীখন মোক দিয়া, মই তাক শাকৰ বাৰী কৰিম, কাৰণ সেয়ে মোৰ ঘৰৰ ওচৰতে আছে; মই তাৰ সলনি তোমাক তাতকৈ উত্তম আন এখন দ্ৰাক্ষাবাৰী দিম, বা যদি তুমি ইচ্ছা কৰা তেনেহলে তাৰ যি ৰূপ হ’ব, তাৰ মূল্যও তোমাক দিম।”
3 Na-bốt đáp: “Luật Chúa Hằng Hữu cấm tôi nhường cho vua di sản của cha ông để lại.”
৩তেতিয়া নাবোতে আহাবক ক’লে, “মই যে মোৰ পৈতৃক সম্পত্তি আপোনাক দিম, যিহোৱাই সেই বিষয়ে নিষেধ কৰক।”
4 A-háp về cung, lòng phiền giận lắm vì lời Na-bốt người Gít-rê-ên đã nói với vua. Vua nằm quay mặt vào tường và không chịu ăn.
৪তেতিয়া আহাবে খঙীয়াল আৰু অসন্তুষ্ট হৈ নিজ ৰাজ-গৃহলৈ ঘূৰি আহিল; কিয়নো যিজ্ৰিয়েলীয়া নাবোতে তেওঁক এই কথাষাৰেৰে উত্তৰ দিছিল বোলে, “মই মোৰ পৈতৃক সম্পত্তি আপোনাক নিদিওঁ।” তেওঁ নিজ শয্যাত বাগৰ দি, মুখ ঘূৰাই, অনাহাৰে থাকিল।
5 Hoàng hậu Giê-sa-bên vào và hỏi A-háp: “Tại sao vua buồn phiền và không chịu ăn?”
৫তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি যে আহাৰ গ্ৰহন কৰা নাই, তোমাৰ মনত এনে কি বেজাৰ আছে?”
6 A-háp đáp: “Vì ta có bảo Na-bốt bán hoặc đổi vườn nho cho ta, nhưng nó không chịu!”
৬এনেতে ৰজাই তেওঁক ক’লে, “মই যিজ্ৰিয়েলীয়া নাবোতক কৈছিলোঁ, ‘তোমাৰ দ্ৰাক্ষাবাৰীখন মোলৈ বিক্ৰী কৰি দিয়া, বা তুমি যদি সন্তুষ্ট হোৱা তেনেহলে তাৰ সলনি মই তোমাক আন এখন দ্ৰাক্ষাবাৰীও দিম।’ তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, ‘মই মোৰ দ্ৰাক্ষাবাৰী আপোনাক নিদিওঁ’।”
7 Giê-sa-bên hỏi: “Không phải vua đang cầm quyền cả nước Ít-ra-ên sao? Dậy, ăn uống và vui vẻ lên! Tôi sẽ hiến cho vua vườn nho của Na-bốt, người Gít-rê-ên.”
৭তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁক ক’লে, “তুমিয়েই জানো এতিয়াও ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ নকৰা? উঠা আৰু ভোজন কৰা; তোমাৰ মন আনন্দিত হওঁক। যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰী মই তোমাৰ কৰিম।”
8 Giê-sa-bên nhân danh vua Ít-ra-ên viết một bức thư, rồi lấy con dấu của A-háp đóng lên, gửi cho chính quyền thành Ghít-rê-ên, nơi Na-bốt đang cư ngụ.
৮পাছত ঈজেবলে আহাবৰ নামেৰে পত্ৰ লিখি তেওঁৰ মোহৰেৰে মোহৰ মাৰি, নাবোতৰ নগৰত বাস কৰা বৃদ্ধ লোকসকললৈ, তেওঁৰ সৈতে সভাত বহা প্ৰধান লোকসকল আৰু তেওঁৰ ওচৰ-চুবুৰীয়া সকলৰ ওচৰলৈ সেই পত্ৰবোৰ পঠিয়াই দিলে।
9 Trong thư bà bảo họ: “Truyền cho dân trong thành dự lễ kiêng ăn, cầu nguyện, và đặt Na-bốt lên ngồi hàng đầu.
৯তাই পত্ৰবোৰত এই কথা লিখিছিল, “তোমালোকে উপবাস প্ৰচাৰ কৰা; আৰু লোকসকলৰ মাজত নাবোতক ওখ পদত ঠাই দিয়া;
10 Khi đó hãy cho hai đứa vô lại đứng ra làm chứng, buộc Na-bốt vào tội nguyền rủa Đức Chúa Trời và đức vua, rồi mang ra ném đá cho chết.”
১০তেওঁৰ লগত দুজন অসৎ লোককো ঠাই দিয়া যেন সেই দুজন লোকে তেওঁৰ অহিতে সাক্ষ্য দি কয় বোলে, ‘তুমি ঈশ্বৰক আৰু ৰজাক শাও দিলা’।” তাৰ পাছত তোমালোকে তেওঁক বাহিৰলৈ উলিয়াই আনি তেওঁক শিল দলিয়াই বধ কৰা।
11 Các trưởng lão và nhà cầm quyền ở Ghít-rê-ên thi hành lệnh Giê-sa-bên.
১১তেতিয়া নাবোতৰ নগৰৰ লোকসকলে, অৰ্থাৎ সেই নগৰবাসী বৃদ্ধ আৰু প্ৰধান লোকসকলে, ঈজেবলে তেওঁলোকলৈ পত্রবোৰত লিখি পঠিওৱাৰ দৰে, সেই লোকসকলে পত্ৰত লিখা আজ্ঞা অনুসাৰে কাৰ্য কৰিলে।
12 Họ thông báo cho dân chúng đến dự lễ kiêng ăn cầu nguyện, đặt Na-bốt lên ngồi hàng đầu.
১২তেওঁলোকে উপবাস প্ৰচাৰ কৰি লোকসকলৰ মাজত নাবোতক তেওঁলোকৰ ওপৰত ওখ পদত ঠাই দিলে।
13 Hai đứa vô lại đến ngồi đối diện Na-bốt và vu cáo ông trước công chúng: “Na-bốt nguyền rủa Đức Chúa Trời và đức vua.” Sau lời buộc tội, người ta lôi Na-bốt ra ngoài thành và ném đá chết.
১৩আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
14 Các nhà cầm quyền thành ấy sai tâu với Giê-sa-bên: “Na-bốt bị ném đá chết rồi.”
১৪তাৰ পাছত সেই বৃদ্ধ লোকসকলে ঈজেবলৰ ওচৰলৈ মানুহ পঠিয়াই কোৱালে বোলে, “নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হ’ল।”
15 Được tin Na-bốt đã chết, Giê-sa-bên nói với A-háp: “Vườn nho của Na-bốt của Gít-rê-ên mà vua vẫn mong muốn, nay đã thuộc về vua, vì Na-bốt đã chết rồi. Dậy, đi chiếm vườn nó đi.”
১৫তেতিয়া নাবোতলৈ শিল দলিওৱাত, তেওঁৰ মৃত্যু হোৱাৰ কথা শুনা মাত্রকে ঈজেবলে আহাবক ক’লে, “উঠা, যিজ্ৰিয়েলীয়া নাবোতে যি দ্ৰাক্ষাবাৰী তোমাক বিক্রী কৰিবলৈ অসন্মত আছিল, তাক অধিকাৰ কৰাগৈ; কিয়নো নাবোত জীয়াই থকা নাই, তেওঁৰ মৃত্যু হ’ল।
16 A-háp liền ngồi dậy, đi xuống chiếm vườn nho của Na-bốt.
১৬যেতিয়া আহাবে নাবোতৰ মৃত্যু হোৱাৰ কথা শুনিলে তেতিয়া তেওঁ উঠি যিজ্ৰিয়েলীয়া নাবোতৰ দ্ৰাক্ষাবাৰীখন অধিকাৰ কৰিবলৈ নামি গ’ল।
17 Bấy giờ, Chúa Hằng Hữu phán bảo Ê-li, người Tích-bê:
১৭সেই সময়ত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
18 “Con đi Sa-ma-ri gặp A-háp, vua Ít-ra-ên, hiện đang ở trong vườn nho mà nó vừa chiếm đoạt của Na-bốt,
১৮“উঠা, চমৰিয়া-নিবাসী ইস্ৰায়েলৰ ৰজা আহাবৰ লগত সাক্ষ্য কৰিবলৈ যোৱা। তেওঁ নাবোতৰ দ্ৰাক্ষাবাৰীত আছে; তেওঁ তাক অধিকাৰ কৰিবলৈ সেই ঠাইলৈ গ’ল।
19 và bảo A-háp: ‘Chúa Hằng Hữu phán: Vì ngươi đã giết người lại còn cướp của, nên chó sẽ liếm máu ngươi tại chính nơi chúng đã liếm máu Na-bốt!’”
১৯তুমি তেওঁৰ আগত এই কথা ক’বা, যিহোৱাই এই কথা কৈছে, ‘তুমি নৰ-বধ কৰি উত্তৰাধীকাৰ লৈছা নে?’ আৰু তুমি তেওঁক ক’বা, যিহোৱাই এই কথা কৈছে, ‘যি ঠাইত কুকুৰবোৰে নাবোতৰ তেজ চেলেকি খালে, সেই ঠাইতে কুকুৰবোৰে তোমাৰো তেজ চেলেকি খাব। হয়, তোমাৰো তেজ চেলেকি খাব’।”
20 A-háp kinh ngạc: “Kẻ thù ta ơi! Ngươi đã bắt gặp ta làm điều gì sai trái chăng!” Ê-li đáp: “Phải, tôi đã bắt gặp vua đã cả gan làm việc ác trước mặt Chúa Hằng Hữu.
২০তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ শত্ৰু, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা।
21 Ngài sẽ giáng tai họa trên vua, quét sạch dòng họ vua, không chừa cho vua một người đàn ông sống sót trong Ít-ra-ên, dù là con trai của người nô lệ trong nhà vua.
২১যিহোৱাই তোমাক এই কথা কৈছে: মই তোমালৈ অমঙ্গল ঘটাম আৰু তোমাক সম্পূৰ্ণৰূপে ধংস কৰিম আৰু তোমাৰ সম্বন্ধীয়া প্ৰতিজন পুৰুষক বা ইস্ৰায়েলৰ মাজত বন্দী বা মুক্ত অৱস্থাত থকা দুয়োকে উচ্ছন্ন কৰিম।
22 Vì vua đã làm cho Chúa giận và xúi cho người Ít-ra-ên phạm tội, Chúa sẽ làm cho gia đình vua giống như gia đình của Giê-rô-bô-am, con Nê-bát, và gia đình Ba-ê-sa, con A-hi-gia.
২২আৰু যি অসন্তোসজনক কাৰ্যবোৰেৰে তুমি মোৰ ক্রোধ উত্তেজিত কৰিলা আৰু ইস্ৰায়েলক পাপ কৰোৱালা, সেই কাৰণে মই তোমাৰ বংশ, নবাটৰ পুত্র যাৰবিয়ামৰ বংশ আৰু অহিয়াৰ পুত্র বাচাৰ বংশৰ দৰে কৰিম।’
23 Về phần Gít-rê-ên, Chúa Hằng Hữu báo trước rằng: ‘Chó sẽ cắn xé thây Giê-sa-bên trong thành Ghít-rê-ên.’
২৩আৰু যিহোৱাই ঈজেবলৰ বিষয়েও কৈছে বোলে, ‘যিজ্ৰিয়েলৰ গড়ৰ কাষত ঈজেবলক কুকুৰবোৰে খাব।’
24 Trong dòng họ A-háp, ai chết trong thành sẽ bị chó xé xác, ai chết ngoài đồng, bị chim rỉa thây.”
২৪আহাবৰ বংশৰ যি জন লোকৰ যেতিয়া নগৰত মৃত্যু হ’ব- তেওঁক কুকুৰবোৰে খাব। আৰু যি জন লোকৰ নগৰৰ বাহিৰত মৃত্যু হ’ব, তেওঁক আকাশৰ চৰাইবোৰে খাব।”
25 (Không ai dám làm điều ác trước mắt Chúa Hằng Hữu như A-háp, vì bị vợ là Giê-sa-bên xúi giục.
২৫কিন্তু যি জনক নিজ পত্নী ঈজেবলে উত্তেজিত কৰাই যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিবলৈ নিজকে বেচিলে, সেই আহাবৰ দৰে কোনো এজন লোক নাছিল।
26 Việc ác đáng tởm của A-háp là thờ thần tượng giống như người A-mô-rít, dân đã bị Chúa đuổi khỏi xứ, lấy đất cho Ít-ra-ên.)
২৬আৰু যিহোৱাই যি ইমোৰীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ সন্মুখৰ পৰা দূৰ কৰিলে, তেওঁলোকৰ সকলো কৰ্মৰ দৰে, তেওঁ প্ৰতিমাবোৰৰ পাছত চলোঁতা হৈ অতিশয় ঘিণলগীয়া কাৰ্য কৰিলে।
27 Nghe xong những lời ấy, A-háp liền xé áo, mặc bao bố, kiêng ăn, đắp bao bố khi ngủ, tỏ vẻ hạ mình khiêm tốn.
২৭যেতিয়া আহাবে এইবোৰ কথা শুনিলে, তেতিয়া তেওঁ নিজৰ কাপোৰ ফালিলে আৰু গাত চট কাপোৰ পিন্ধি লঘোন দিলে আৰু চটত শয়ন কৰি অতি দুখী হ’ল।
28 Chúa Hằng Hữu phán bảo Ê-li:
২৮পাছত তিচবীয়া এলিয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল বোলে,
29 “Con có thấy A-háp tỏ vẻ hạ mình trước mặt Ta không? Vì thế, Ta không giáng họa trong đời nó; nhưng đến đời con nó, Ta sẽ tiêu diệt dòng họ này.”
২৯“আহাবে মোৰ দৃষ্টিত কেনেকৈ নিজকে নম্ৰ কৰিছে, সেই বিষয়ে তুমি দেখিছা নে? কিয়নো তেওঁ মোৰ আগত নিজকে নম্ৰ কৰিলে, এই হেতুকে মই তেওঁৰ আয়ুসৰ কালত সেই অমঙ্গল নঘটাম, কিন্তু তেওঁৰ পুত্রৰ দিনত তেওঁৰ বংশলৈ সেই অমঙ্গল ঘটাম।”