< Nnwom 15 >

1 Dawid dwom. Awurade, hwan na ɔbɛsoeɛ wo kronkronbea hɔ? Hwan na ɔbɛtena wo bepɔ kronkron no so?
হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
2 Deɛ ne ho nni asɛm na ɔyɛ deɛ ɛtene, deɛ ɔka nokorɛ a ɛfiri nʼakomam
সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়;
3 na ɔmfa ne tɛkrɛma nsɛe nnipa deɛ ɔnnyɛ ne yɔnko bɔne na ɔmmu ne yɔnko onipa abomfiaa,
যিসকলৰ জিভাই পৰচর্চ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
4 deɛ ɔbu afideyɛni animtiaa na ɔde anidie ma wɔn a wɔsuro Awurade, deɛ ɔdi ne ntam so ɛberɛ a ɛtia no mpo,
যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
5 deɛ ɔde ne sika bɔ bosea a ɔnnye nsiho na ɔnnye adanmudeɛ ntia deɛ ɔdi bem. Deɛ ɔyɛ yeinom no renhinhim da.
যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।

< Nnwom 15 >