< 2 Samuel 10 >
1 Después de esto, la muerte llegó al rey de los hijos de Amón, y Hanun, su hijo, se convirtió en rey en su lugar.
১পাছত অম্মোনৰ সন্তান সকলৰ ৰজা মৃত্যু হোৱাত, তেওঁৰ পুতেক হানুন তেওঁৰ পদত ৰজা হ’ল।
2 Y David dijo: Seré amigo de Hanun, el hijo de Nahas, como su padre fue mi amigo. Entonces David envió a sus siervos para darle palabras de consuelo a causa de su padre. Y vinieron los siervos de David a la tierra de los hijos de Amón.
২তাতে দায়ুদে ক’লে, “হানুনৰ পিতৃ নাহচে মোক যিদৰে অনুগ্ৰহ কৰিছিল, সেই দৰে ময়ো হানুনক অনুগ্ৰহ কৰিম।” এই বুলি দায়ূদে তেওঁৰ পিতৃৰ বাবে সান্ত্বনা দিবলৈ নিজৰ দাসবোৰক পঠিয়ালে। তাতে দায়ুদৰ দাসবোৰে অম্মোনৰ সন্তান সকলৰ দেশ প্ৰবেশ কৰিলে৷
3 Pero los jefes de los hijos de Amón dijeron a Hanun su señor: ¿Te parece que David está honrando a tu padre enviándote consoladores? ¿No ha enviado a sus sirvientes para que pasen por el pueblo y lo observen en secreto y luego destruirla?
৩অম্মোনৰ সন্তান সকলৰ অধ্যক্ষসকলে নিজ প্ৰভু হানুনক ক’লে, “দায়ূদে আপোনাৰ পিতৃক আদৰ কৰে দেখি, আপোনাক সান্ত্বনা দিবলৈ আপোনাৰ ওচৰলৈ লোক পঠিয়াইছে বুলি আপুনি ভাবিছেনে?” দায়ূদে নগৰ চাবলৈ, তাৰ বুজ-বিচাৰ ল’বলৈ আৰু তাক নষ্ট কৰিবলৈ দাসবোৰক জানো পঠোৱা নাই?
4 Entonces Hanun tomó a los sirvientes de David, y después de cortar la mitad del cabello en sus barbillas, y cortando las faldas de sus túnicas hasta descubrir las nalgas, después los envió lejos.
৪তাতে হানুনে দায়ূদৰ দাসবোৰক ধৰি তেওঁলোকৰ এফাল এফাল ডাঢ়ি খুৰোওৱালে আৰু তেওঁলোকৰ পিন্ধা কাপোৰৰ আধা টিকাৰ গুৰিত কাটি তেওঁলোকক বিদায় দিলে।
5 Cuando David tuvo noticias de ello, envió a los hombres con el propósito de encontrarlos en su camino, porque los hombres se avergonzaron enormemente: y el rey dijo: Ve a Jericó hasta que tus cabellos vuelvan a ser largos, y luego Vuelve.
৫যেতিয়া তেওঁলোকে দায়ূদৰ আগত এই সকলো বাখ্যা কৰিলে, ৰজাই তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ মানুহ পঠিয়ালে, কাৰণ তেওঁলোকে অতিশয় লজ্জিত হৈছিল। ৰজাই তেওঁলোকক আজ্ঞা দিলে, বোলে “তোমালোকৰ ডাঢ়ি নহয় মানে তোমালোক যিৰীহোতে থাকাগৈ; পাছত উলটি আহিবা।”
6 Y cuando los hijos de Amón vieron que se habían hecho odiosos por David, enviaron a los arameos de Bet-rehob y Soba, y pagaron veinte mil soldados sirios, y del rey de Maaca mil hombres, y de Is-tob doce mil.
৬পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।
7 Y al oír esto, David envió a Joab, a todo el ejército y a los mejores combatientes.
৭পাছে দায়ূদে সেই সম্বাদ পাই যোৱাবক আৰু পৰাক্ৰমী গোটেই সৈন্যসামন্তক তালৈ পঠিয়াই দিলে।
8 Salieron los hijos de Amón y pusieron sus fuerzas en orden de batalla en el camino hacia el pueblo, mientras que los arameos de Soba y de Rehob, con los hombres de Is-tob y Maaca, estaban solos en el campo.
৮তাতে অম্মোনৰ সন্তান সকলে বাহিৰলৈ আহি নগৰৰ দুৱাৰ মুখত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যৰ বেহু পাতিলে আৰু চোবাৰ ও ৰহোবৰ অৰামীয়া লোকসকল আৰু টোবৰ ও মাখাৰ লোকসকল পৃথকে পৃথকে মুকলি পথাৰত থাকিল।
9 Cuando Joab vio que sus fuerzas estaban en posición contra él delante y detrás de él, tomó lo mejor de los hombres de Israel y los puso en fila contra los arameos;
৯এইদৰে শাৰীপাতি তেওঁৰ ফালে মুখ কৰি আগফালে আৰু পাছফালে অৰ্থাৎ দুয়োফালে যুদ্ধ হোৱাৰ আশঙ্কা দেখি, যোৱাবে ইস্ৰায়েলৰ আটাই মনোনীতলোকৰ মাজত মানুহ বাচি লৈ, অৰামীয়াসকলৰ বিৰুদ্ধে বেহু পাতিলে;
10 Y el resto de la gente se puso en posición contra los hijos de Amón, con Abisai, su hermano, a la cabeza.
১০আৰু অৱশিষ্ট লোকসকলক নিজ ভায়েক অবীচয়ৰ হাতত শোধাই দিলে, তেতিয়া তেওঁ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে বেহু পাতিলে।
11 Y él dijo: Si los sirios son más fuertes y me superan, entonces debes venir en mi ayuda; Pero si los hijos de Ammón te vencen, acudiré en tu ayuda.
১১যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ বলৱান হয়, তেন্তে তুমি আহি মোক সহায় কৰিবাহি৷ আৰু যদি তোমাতকৈ অম্মোনৰ সন্তান সকল অতি বলৱান হয়, তেন্তে মই গৈ তোমাক সহায় কৰিম।
12 Anímate y seamos fuertes para nuestro pueblo y para los pueblos de nuestro Dios, y que el Señor haga lo que le parezca bien.
১২তুমি সাহিয়াল হোৱা; আমি স্ব-জাতীয় লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ বাবে পুৰুষালি দেখুৱাওহঁক; আৰু যিহোৱাই নিজ দৃষ্টিত যিহকে ভাল দেখে, তাকেই কৰক।”
13 Entonces Joab y su ejército avanzaron a la lucha contra los sirios, y huyeron delante de él.
১৩পাছে যোৱাব আৰু তেওঁৰ লগৰ লোকসকল অৰামীয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওচৰ চাপোতেই তেওঁলোক ইস্ৰায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাল।
14 Y cuando los hijos de Amón vieron la huida de los sirios, ellos mismos huyeron de Abisai y entraron en la ciudad. Entonces Joab dejó de pelear con los hijos de Amón y vino a Jerusalén.
১৪আৰু অৰামীয়াসকলক পলোৱা দেখি, অম্মোনৰ সন্তান সকলেও অবীচয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। তেতিয়া যোৱাব অম্মোনৰ সন্তান সকলৰ ওচৰৰ পৰা ঘুৰি যিৰূচালেমলৈ উভটি আহিল।
15 Y cuando los sirios vieron que Israel los había vencido, se juntaron otra vez.
১৫পাছত অৰামীয়াসকলে ইস্ৰায়েলৰ সন্মুখত নিজকে পৰাজিত হোৱা দেখি তেওঁলোক পুনৰ গোট খালে।
16 Y Hadad Ezer envió a los sirios que estaban al otro lado del río: y llegaron a Helam, con sobac, el capitán del ejército de Hadad Ezer, a la cabeza.
১৬তেতিয়া হদদেজৰে মানুহ পঠিয়াই ইউফ্ৰেটাচ্ নদীৰ সিপাৰে থকা অৰামীয়াসকলক বাহিৰ কৰি আনিলে৷ তেওঁলোক হেলমলৈ হদদেজৰৰ সেনাপতি চোবকৰ সৈতে তেওঁলোকৰ অগ্ৰগামী হৈ আহিল।
17 Y se le comunicó esto a David: y juntó a todo Israel, pasó por el Jordán y fue a Helam. Y los sirios pusieron sus tropas en posición contra David, e hicieron un ataque contra él.
১৭পাছে দায়ূদৰ আগত এই বাতৰি দিয়া হোৱাত, তেওঁ গোটেই ইস্ৰায়েলক গোটাই লৈ যৰ্দ্দন পাৰহৈ হেলমলৈ গ’ল। তাতে অৰামীয়া লোকসকলে দায়ূদৰ বিৰুদ্ধে বেহু পাতি তেওঁৰ লগত যুদ্ধ কৰিলে।
18 Y los sirios huyeron delante de Israel; y David puso a la espada a setecientos hombres de caballería arameos y cuarenta mil hombres de infantería, y Sobac, el capitán del ejército, resultó herido y allí murió.
১৮কিন্তু অৰামীয়াসকল ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাল৷ আৰু দায়ূদে অৰামীয়াসকলৰ সাত শ ৰথী সৈন্য আৰু চল্লিশ হাজাৰ অশ্বাৰোহী বধ কৰিলে আৰু তেওঁলোকৰ সেনাপতি চোবককো এনেকৈ প্ৰহাৰ কৰিলে যে, তেওঁ তাতে মৰিল।
19 Y cuando todos los reyes que eran siervos de Hadad Ezer vieron que fueron vencidos por Israel, hicieron la paz con Israel y se convirtieron en sus siervos. Así que los sirios, con miedo, no dieron más ayuda a los hijos de Amón.
১৯পাছত ইস্ৰায়েলৰ সন্মুখত নিজক পৰাজিত হোৱা দেখি, হদদেজৰৰ অধীনত থকা সকলো ৰজাই ইস্ৰায়েল সকলৰ সৈতে সন্ধি পাতি তেওঁলোকৰ অধীন হ’ল। তেতিয়াৰে পৰা অৰামীয়ালোকে অম্মোনৰ সন্তান সকলক আৰু সহায় কৰিবলৈ ভয় কৰিলে।