< Zacarías 2 >
1 Levanté los ojos y vi, y he aquí, un hombre con un cordel de medir en la mano.
১তাৰ পাছত মই চকু তুলি চাই হাতত এডাল পৰিমান-জৰী লোৱা এজন পুৰুষক দেখিলোঁ।
2 Entonces pregunté: “¿Adónde vas?” Me dijo: “Para medir Jerusalén, para ver cuál es su anchura y cuál su longitud”.
২তেতিয়া মই সুধিলোঁ, “আপুনি ক’লৈ যায়?” তেতিয়া তেওঁ মোক ক’লে, “যিৰূচালেমৰ দৈৰ্ঘ্য আৰু প্ৰস্থ কিমান, তাক জুখি নিৰ্ণয় কৰিবলৈ যাওঁ।”
3 He aquí que el ángel que hablaba conmigo salió, y otro ángel salió a su encuentro,
৩তেতিয়া মোৰে সৈতে কথা হোৱা দূতজন আগবাঢ়ি গ’ল, আৰু আন এজন দূতে তেওঁৰ লগত সাক্ষাৎ কৰিবলৈ ওলাই আহিল।
4 y le dijo: “Corre, habla a este joven, diciendo: ‘Jerusalén será habitada como aldeas sin murallas, a causa de la multitud de hombres y de ganado que hay en ella.
৪আৰু দ্বিতীয় দূতজনে তেওঁক ক’লে, “তুমি বেগাই যোৱা আৰু সেই ডেকাক এই কথা কোৱা, ‘যিৰূচালেম গড় নোহোৱা গাওঁৰ নিচিনা বসতিস্থান হ’ব; যিৰূচালেমৰ মাজত থকা অধিক মানুহ আৰু পশুৰ কাৰণে।
5 Porque yo — dice Yahvé — seré para ella un muro de fuego alrededor, y seré la gloria en medio de ella.
৫কিয়নো যিহোৱাই কৈছে, ‘ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড়, আৰু তাৰ মাজত গৌৰৱস্বৰূপ হ’ম।
6 ¡Ven! ¡Venid! Huye de la tierra del norte”, dice Yahvé; “porque te he extendido como los cuatro vientos del cielo”, dice Yahvé.
৬যিহোৱাই কৈছে, হে লোকসকল, হে লোকসকল! তোমালোক উত্তৰ দেশৰ পৰা পলাই যোৱা; কিয়নো যিহোৱাই কৈছে, ‘আকাশৰ চাৰি বায়ুৱে কৰা নিচিনাকৈ মই তোমালোকক ছিন্ন-ভিন্ন কৰিলোঁ!’
7 “¡Ven, Sión! Escapa, tú que habitas con la hija de Babilonia’.
৭‘বাবিল জীয়াৰীয়ে সৈতে প্ৰবাস কৰা হে চিয়োন, ৰক্ষাৰ অৰ্থে পলোৱা’।”
8 Porque Yahvé de los Ejércitos dice: ‘Por honor me ha enviado a las naciones que te saquearon; porque el que te toca toca la niña de sus ojos.
৮কিয়নো বাহিনীসকলৰ যিহোৱাই মোক সন্মানিত কৰিলে, আৰু তোমালোকক লুণ্ঠণ কৰা জাতিবোৰৰ ওচৰলৈ তেওঁ মোক পঠিয়ালে; কাৰণ যিজনে তোমালোকক স্পৰ্শ কৰে, সেইজনে তেওঁৰ চকুৰ মণি স্পৰ্শ কৰে।
9 Porque he aquí que yo sacudiré mi mano sobre ellas, y serán un botín para los que las sirvieron; y sabrás que el Señor de los Ejércitos me ha enviado.
৯কিয়নো চোৱা, মই যেতিয়া সিহঁতৰ ওপৰত মোৰ হাত জোকাৰিম; তেতিয়া সিহঁত সেই লোকসকলৰ বন্দীকাম কৰা লোকৰ লুটদ্ৰব্য হ’ব।” আৰু বাহিনীসকলৰ যিহোৱাই যে মোক পঠিয়ালে, তেতিয়া তোমালোকে জানিবা।
10 ¡Canta y alégrate, hija de Sión! Porque he aquí que vengo y habitaré en ti’, dice Yahvé.
১০“হে চিয়োন জীয়াৰী, গীত গাই আনন্দ কৰা;” কিয়নো, যিহোৱাই কৈছে, চোৱা, “মই আহিছোঁ, আৰু মই তোমালোকৰ মাজত বাস কৰিম!”
11 Muchas naciones se unirán a Yahvé en aquel día, y serán mi pueblo; y yo habitaré en medio de vosotros, y sabréis que Yahvé de los Ejércitos me ha enviado a vosotros.
১১তেতিয়া সেই দিনা অনেক জাতিয়ে যিহোৱাৰ লগ ল’ব। তেওঁ ক’ব, “তোমালোক মোৰ প্ৰজা হ’বা; আৰু মই তোমাৰ মাজত বাস কৰিম।” তেতিয়া বাহিনীসকলৰ যিহোৱাই যে মোক তোমাৰ ওচৰলৈ পঠালে, ইয়াকে তুমি জানিবা।
12 Yahvé heredará a Judá como su porción en la tierra santa, y volverá a elegir a Jerusalén.
১২আৰু যিহোৱাই পবিত্ৰ দেশত নিজ অংশস্বৰূপে যিহূদা অধিকাৰ কৰিব আৰু পুনৰায় যিৰূচালেমক মনোনীত কৰিব।
13 ¡Silencio, toda carne, ante Yahvé, porque se ha levantado de su santa morada!”
১৩হে সমূদায় লোক, যিহোৱাৰ আগত মনে মনে থাকা; কিয়নো তেওঁ স্বৰ্গৰ পৰা জাগি উঠিছে!