< Levítico 15 >
1 Yahvé habló a Moisés y a Aarón, diciendo:
১যিহোৱাই মোচি আৰু হাৰোণক কোৱা কথাখিনি এইদৰে ক’লে,
2 “Hablad a los hijos de Israel y decidles: ‘Cuando un hombre tenga flujo de su cuerpo, a causa de su flujo será impuro.
২“তোমালোকে ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘কোনো পুৰুষৰ শৰীৰৰ পৰা কোনো ধৰণৰ বৈ থকা সোঁচৰা ৰোগ হ’লে, সেই ৰোগৰ কাৰণে তেওঁ অশুচি হ’ব।
3 Esta será su impureza en su flujo: ya sea que su cuerpo corra con su flujo, o que su cuerpo se haya detenido por su flujo, es su impureza.
৩সেই ৰোগ থকাৰ বাবে তেওঁ অশুচি হৈ থাকিব। তেওঁৰ শৰীৰৰ পৰা সেই ৰোগ বৈ থাকক বা বন্ধ হওঁক, তথাপি তেওঁ অশুচি।
4 “‘Todo lecho sobre el que se acueste el que tiene el flujo será impuro; y todo aquello sobre lo que se siente será impuro.
৪সেই ৰোগী শোৱা প্ৰত্যেক শয্যা অশুচি আৰু তেওঁ বহা প্ৰত্যেক আসনো অশুচি।
5 El que toque su lecho lavará su ropa y se bañará con agua, y quedará impuro hasta la noche.
৫যিজনে তেওঁৰ শয্যা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীৰে গা ধুব লাগিব আৰু সন্ধ্যালৈকে অশুচি হৈ থাকিব।
6 El que se siente sobre cualquier cosa en la que se haya sentado el hombre que tiene el flujo, lavará su ropa, se bañará con agua y quedará impuro hasta la noche.
৬আৰু সেই ৰোগী বহা আসনত যদি কোনোজনে বহে, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
7 “‘El que toque el cuerpo del que tiene el flujo se lavará la ropa y se bañará con agua, y quedará impuro hasta la noche.
৭আৰু যিজনে সেই ৰোগীৰ গা চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
8 “‘Si el que tiene el flujo escupe sobre el que está limpio, entonces lavará su ropa y se bañará con agua, y quedará impuro hasta la noche.
৮সেই ৰোগীয়ে যদি কোনো মানুহৰ গা’ত থুই পেলায়, তেন্তে তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব, এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
9 “‘Cualquier silla de montar que lleve el enfermo será impura.
৯আৰু সেই ৰোগী যিকোনো বাহনত উঠিব, সেয়ে অশুচি হ’ব।
10 El que toque cualquier cosa que haya estado debajo de él quedará impuro hasta la noche. El que lleve esas cosas se lavará la ropa y se bañará con agua, y quedará impuro hasta la noche.
১০আৰু যিজনে তেওঁৰ তলত থকা কোনো বস্তু চুব, তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব আৰু যিজনে সেই বস্তু তুলি বৈ নিব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
11 “‘Cualquiera que toque el que tiene el flujo, sin haberse lavado las manos con agua, lavará su ropa y se bañará con agua, y quedará impuro hasta la noche.
১১সেই ৰোগীয়ে হাত নোধোৱাকৈ যিজনক চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব, পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
12 “‘La vasija de barro que toque el que tiene él flujo, será rota; y toda vasija de madera será enjuagada en agua.
১২আৰু সেই ৰোগীয়ে যি কোনো মাটিৰ পাত্ৰ চুব, তাক ভাঙি পেলাব লাগিব আৰু সকলো কাঠৰ পাত্ৰ পানীত ধুব লাগিব।
13 “‘Cuando el que tiene flujo se limpie de su flujo, contará para sí siete días para su purificación, y lavará sus vestidos; y bañará su carne en agua corriente, y quedará limpio.
১৩পাছত সেই ৰোগী যেতিয়া নিজ ৰোগৰ পৰা সুস্থ হ’ব, তেতিয়া তেওঁ নিজ শুচিৰ অৰ্থে, সাত দিন বাট চাই থাকি নিজ বস্ত্ৰ ধুব আৰু বোৱতী পানীত গা ধুব লাগিব; তেতিয়া তেওঁ শুচি হ’ব।
14 “‘Al octavo día tomará dos tórtolas o dos pichones de paloma, y se presentará ante Yahvé a la puerta de la Tienda del Encuentro, y los entregará al sacerdote.
১৪অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
15 El sacerdote los ofrecerá, uno como ofrenda por el pecado y el otro como holocausto. El sacerdote hará la expiación por él ante Yahvé por su liberación.
১৫তেতিয়া পুৰোহিতে তাৰ এটা পাপাৰ্থক বলিৰ বলি স্বৰূপে উৎসৰ্গ কৰিব; এইদৰে পুৰোহিতে তেওঁৰ সেই ৰোগৰ কাৰণে যিহোৱাৰ সন্মূখত তাক প্ৰায়শ্চিত্ত কৰিব।
16 “‘Si un hombre tiene una emisión de semen, se lavará con agua toda su carne y quedará impuro hasta la noche.
১৬যদি কোনো পুৰুষৰ স্বাভাৱিকভাৱে বীৰ্য্যপাত হয়, তেন্তে তেওঁ নিজৰ গোটেই শৰীৰ পানীত ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
17 Toda la ropa y toda la piel sobre la que haya semen se lavará con agua, y quedará impura hasta la noche.
১৭আৰু যিকোনো বস্তুত বা ছালত বীৰ্য্য লাগিলে, তাক পানীত ধুব লাগিব আৰু সেয়ে সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
18 Si un hombre se acuesta con una mujer y hay emisión de semen, ambos se bañarán con agua y quedarán impuros hasta la noche.
১৮আৰু কোনো পুৰুষে স্ত্রীৰ সৈতে শয়ন কৰোঁতে যদি বীৰ্য্যপাত হয়, তেওঁলোক দুয়ো পানীত গা ধুব লাগিব আৰু সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
19 “‘Si una mujer tiene flujo, y su flujo en su carne es de sangre, estará en su impureza siete días. Quien la toque será impuro hasta la noche.
১৯যেতিয়া কোনো মহিলাৰ ঋতুস্রাৱ হয়, তেতিয়া সাত দিনলৈ তেওঁ অশুচি হৈ থাকিব আৰু যিজনে তাইক চুব, সি সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
20 “‘Todo lo que ella se acueste en su impureza será impuro. Todo lo que ella se siente será impuro.
২০আৰু সেই অশৌচৰ কালত তেওঁ য’ত শুব, সেই ঠাইও অশুচি হ’ব; আৰু য’ত তেওঁ বহিব, সেইবোৰো অশুচি হ’ব।
21 El que toque su lecho lavará su ropa y se bañará en agua, y quedará impuro hasta la noche.
২১আৰু যিজনে তেওঁৰ শয্যা চুব; তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
22 El que toque algo sobre lo que ella se siente, lavará su ropa, se bañará con agua y quedará impuro hasta la noche.
২২আৰু যিজনে তেওঁ বহা আসন চুব, তেওঁ নিজ বস্ত্ৰ ধুব লাগিব আৰু পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
23 Si está en la cama o en cualquier cosa sobre la que ella se siente, cuando la toque será impuro hasta la noche.
২৩আৰু তাইৰ শয্যাৰ ওপৰত থকা কিবা বস্তু বা যিকোনো বস্তু যদি তেওঁ চোৱে তেন্তে তেওঁ সন্ধ্যালৈকে অশুচি হৈ থাকিব।
24 “‘Si alguno se acuesta con ella, y su flujo menstrual está sobre él, será impuro siete días; y toda cama en la que se acueste será impura.
২৪আৰু যদি কোনো পুৰুষে তাইৰে সৈতে শয়ন কৰে আৰু তাইৰ তেজ তেওঁৰ শৰীৰত লাগে, তেন্তে তেওঁ সাত দিনলৈ অশুচি হৈ থাকিব আৰু যিকোনো শয্যাত তেওঁ শুব, সেই শয্যাও অশুচি হ’ব।
25 “‘Si una mujer tiene una descarga de su sangre muchos días fuera del tiempo de su período, o si tiene una descarga más allá del tiempo de su período, todos los días de la descarga de su impureza serán como en los días de su período. Será impura.
২৫আৰু মাহেকীয়া অশৌচৰ কালত ৰক্তস্ৰাৱ নহৈ, যদি অসময়ত কোনো স্ত্রী’ৰ বহু দিনলৈকে ৰক্তস্ৰাৱ হয় বা মাহেকীয়া অশৌচৰ কালত যদি অনেক দিনলৈ ৰক্তস্ৰাৱ হয়, তেন্তে মাহেকীয়া অশৌচৰ কালৰ দৰে, সেই অশুচি ৰক্তস্ৰাৱৰ সকলো দিন তাই অশুচি হৈ থাকিব; তাই অশুচি।
26 Toda cama en la que se acueste durante todos los días de su flujo será para ella como la cama de su período. Todo aquello sobre lo que se siente será impuro, como la impureza de su menstruación.
২৬সেই ৰক্তস্ৰাৱৰ সকলো দিন যিকোনো শয্যাত তাই শুব, সেয়ে মাহেকীয়া অশৌচৰ কালৰ দৰে অশুচি হব; আৰু যিকোনো আসনৰ ওপৰত তাই বহিব সেয়ে মাহেকীয়া অশৌচৰ কালৰ অশুচিতাৰ দৰে অশুচি হ’ব।
27 Quien toque estas cosas quedará impuro, lavará su ropa y se bañará con agua, y quedará impuro hasta la noche.
২৭আৰু যিজনে সেইবোৰ চুব, তেওঁ অশুচি হ’ব আৰু তেওঁ বস্ত্ৰ ধুই পানীত গা ধুব লাগিব আৰু এইদৰে তেওঁ সন্ধিয়ালৈকে অশুচি হৈ থাকিব।
28 “‘Pero si se limpia de su flujo, contará para sí siete días, y después de eso quedará limpia.
২৮পাছত সেই স্ত্রী ৰক্তস্ৰাৱৰ পৰা সুস্থ হ’লে, তাই সাত দিন থাকিব; তাৰ পাছত তাই শুচি হ’ব।
29 Al octavo día tomará dos tórtolas o dos pichones y los llevará al sacerdote, a la puerta de la Tienda de reunión.
২৯পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
30 El sacerdote ofrecerá una como ofrenda por el pecado, y la otra como holocausto; y el sacerdote hará expiación por ella ante Yahvé por la impureza de su flujo.
৩০পুৰোহিতে তাৰ এটা পাপাৰ্থক বলি স্বৰূপে আৰু আনটো হোম-বলিস্বৰূপে উৎসৰ্গ কৰিব; এইদৰে তাই অশুচি ৰক্তস্ৰাৱৰ কাৰণে পুৰোহিতে যিহোৱাৰ সন্মূখত তাইক প্ৰায়শ্চিত্ত কৰিব।
31 “‘Así separarás a los hijos de Israel de su impureza, para que no mueran en su impureza cuando contaminen mi tabernáculo que está en medio de ellos’”.
৩১ইস্ৰায়েলৰ সন্তান সকলে তাৰ মাজত থকা মোৰ আৱাস অশুচি কৰি তেওঁলোকে নিজ নিজ অশৌচৰ কাৰণে নমৰিবলৈ এইদৰে তোমালোকে তেওঁলোকক নিজ নিজ অশৌচৰ পৰা পৃথক কৰিবা।
32 Esta es la ley del que tiene flujo, y del que tiene emisión de semen, de modo que es impuro por ello;
৩২গা’ৰ পৰা কিবা বৈ থকা ৰোগী, বীৰ্য্যপাতৰ অশুচি হোৱা লোক,
33 y de la que tiene la menstruación, y del hombre o la mujer que tiene flujo, y del que se acuesta con ella que es impuro.
৩৩ৰজস্বলা হোৱা কোনো পুৰুষ বা মহিলাৰ শৰীৰৰ পৰা যদি কোনো তৰল পদাৰ্থ বৈ থাকে, আৰু অশুচি স্ত্রী’ৰে সৈতে শয়নকাৰী পুৰুষ, এই লোকসকলৰ বাবে এই নিয়ম’।”