< Isaías 55 >

1 “¡Oye! ¡Venid todos los que tengáis sed a las aguas! Ven, el que no tiene dinero, compra y come. Sí, ven, compra vino y leche sin dinero y sin precio.
“হে তৃষ্ণাতুৰ লোকসকল, পানীৰ ওচৰলৈ আহাঁ! আৰু যি সকলৰ ধন নাই, সকলো আহাঁ; খোৱা বস্তু কিনা, আৰু ভোজন কৰা! আহাঁ, বিনামূল্যে বিনাদামে দ্ৰাক্ষাৰস আৰু গাখীৰ কিনা।
2 ¿Por qué gastas dinero en lo que no es pan? y tu trabajo por lo que no satisface? Escúchame con atención y come lo que es bueno, y deja que tu alma se deleite en la riqueza.
যি আহাৰ নহয় তাৰ বাবে ৰূপ কিয় জোখা? আৰু যি হে সন্তুষ্ট নিদিয়ে তাৰ বাবে কিয় পৰিশ্ৰম কৰা? সাৱধানেৰে মোৰ কথা শুনা, আৰু যি উত্তম, সেই সকলো ভোজন কৰা, আৰু পুষ্টিকৰ বস্তুৰ দ্বাৰাই জীৱন আনন্দিত কৰা।
3 Vuelve tu oído y ven a mí. Escucha, y tu alma vivirá. Haré con vosotros un pacto eterno, las misericordias seguras de David.
মনোযোগ দিয়া আৰু মোৰ ওচৰলৈ আহাঁ! শুনা, তাৰ দ্বাৰাই তোমালোকৰ প্ৰাণ যেন সজীব হয়! মই নিশ্চয় তোমালোকৰ সৈতে অনন্তকলীয়া চুক্তি, দায়ূদক দিয়া বিশ্ৱাসযোগ্য নিয়মৰ চুক্তি স্থাপন কৰিম।
4 He aquí que lo he dado por testigo a los pueblos, un líder y comandante de los pueblos.
চোৱা, মই তেওঁক দেশবোৰৰ সাক্ষীস্বৰূপে, আৰু লোকসকলৰ মুখ্য ব্যক্তি আৰু অধ্যক্ষস্বৰূপে নিযুক্ত কৰিলোঁ।”
5 He aquí que llamarás a una nación que no conoces; y una nación que no te conocía correrá hacia ti, a causa de Yahvé, tu Dios, y para el Santo de Israel; porque te ha glorificado”.
চোৱা, যি জাতিক তোমালোকে নাজানা, এনে জাতিক তোমালোকে আহ্বান কৰিবা, আৰু যি জাতিয়ে তোমালোকক নাজানে, এনে জাতি তোমালোকৰ ওচৰলৈ দৌৰি আহিব; তোমালোকৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, যি জনে তোমালোকক গৌৰৱাম্বিত কৰিলে, তেওঁৰ বাবে এনে ঘটিব।
6 Busca a Yahvé mientras pueda ser encontrado. Invócalo mientras esté cerca.
যিহোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা; তেওঁ ওচৰত থাকোঁতে তেওঁক মাতা।
7 Que el malvado abandone su camino, y el hombre injusto sus pensamientos. Que vuelva a Yahvé, y él se apiadará de él, a nuestro Dios, porque él perdonará libremente.
দুষ্ট লোকে তেওঁলোকৰ পথ আৰু পাপীলোকে তেওঁলোকৰ চিন্তাধাৰা ত্যাগ কৰক। তেওঁলোক যিহোৱালৈ ঘুৰি আহক, তাতে তেওঁ তেওঁলোকক দয়া কৰিব; আৰু যি জনে প্ৰচুৰ পৰিমাণে তেওঁলোকক ক্ষমা কৰিব, আমাৰ সেই ঈশ্বৰলৈ ঘুৰি আহাঁ।
8 “Porque mis pensamientos no son vuestros pensamientos, y tus caminos no son mis caminos”, dice Yahvé.
“কাৰণ মোৰ চিন্তাধাৰা তোমালোকৰ চিন্তাধাৰা নহয়, বা তোমালোকৰ পথ মোৰ পথ নহয়” এইয়া যিহোৱাৰ ঘোষনা।
9 “Porque como los cielos son más altos que la tierra, así que mis caminos son más altos que los tuyos, y mis pensamientos que tus pensamientos.
“কাৰণ যি দৰে পৃথিবীতকৈ আকাশ-মণ্ডল ওখ, সেই দৰে তোমালোকৰ সকলো পথতকৈ মোৰ পথ ওখ, আৰু তোমালোকৰ চিন্তাধাৰাতকৈ মোৰ চিন্তাধাৰা।
10 Porque como la lluvia baja y la nieve del cielo, y no vuelve allí, sino que riega la tierra, y lo hace crecer y brotar, y da semilla al que siembra y pan al que come;
১০কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে, আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে,
11 así es mi palabra que sale de mi boca: no volverá a mi vacío, pero logrará lo que yo quiera, y prosperará en lo que le he mandado hacer.
১১সেয়ে মোৰ মুখৰ পৰা ওলোৱা বাক্যও সেই দৰে ওলায় যায়: সেয়ে ফলপ্রদ নোহোৱাকৈ মোলৈ ঘুৰি নাহিব, কিন্তু মই ইচ্ছা কৰাৰ দৰেই সম্পন্ন কৰিব, আৰু যিহৰ বাবে ইয়াক পঠাওঁ, সেই বিষয়ত সফল হ’ব।
12 Porque saldrás con alegría, y ser conducido con paz. Los montes y las colinas romperán a cantar ante ti; y todos los árboles de los campos aplaudirán.
১২সেয়ে তোমালোক আনন্দেৰে বেবিলনৰ পৰা বাহিৰ ওলাই যাবা, আৰু তোমালোকক শান্তিৰে নিয়া হ’ব; পৰ্ব্বত আৰু পাহাৰবোৰে তোমালোকৰ আগত উচ্চ-স্বৰে আনন্দ কৰিব, আৰু পথাৰত থকা গছবোৰে হাত তালি দিব।
13 En lugar de la espina surgirá el ciprés; y en lugar de la zarza surgirá el mirto. Hará un nombre para Yahvé, para una señal eterna que no será cortada”.
১৩কাঁইট গছৰ সলনি চিৰসেউজীয়া গছ গজিব; আৰু কাঁইটীয়া জাৰণিৰ পৰিবর্তে সুগন্ধি পাত আৰু ফুলযুক্ত গছ গজিব; আৰু সেয়ে যিহোৱা আৰু তেওঁৰ নামৰ বাবে হ’ব, কেতিয়াও লুপ্ত নোহোৱা, অনন্ত কালৰ বাবে এক চিন হ’ব।

< Isaías 55 >