< Éxodo 21 >
1 “Éstas son las ordenanzas que les pondrás delante:
১“তুমি যিবোৰ বিধি তেওঁলোকৰ আগত প্ৰকাশ কৰিবা, সেয়ে এই:
2 “Si compras un siervo hebreo, servirá seis años, y al séptimo saldrá libre sin pagar nada.
২‘তুমি যদি কোনো ইব্ৰীয়া দাস কিনি লোৱা, তেওঁ ছয় বছৰৰ বাবে সেৱা কৰিব; কিন্তু সপ্তম বছৰত তেওঁ বিনামূল্যে মুক্ত হৈ যাব।
3 Si entra solo, saldrá solo. Si está casado, su mujer saldrá con él.
৩তেওঁ যদি নিজে আহে, তেনেহ’লে তেওঁ নিজেই মুক্ত হৈ যাব। তেওঁ যদি বিবাহিত হয়, তেনেহ’লে তেওঁৰ ভাৰ্যা তেওঁৰে সৈতে মুক্ত হৈ যাব।
4 Si su amo le da una esposa y ella le da hijos o hijas, la esposa y sus hijos serán de su amo, y él saldrá solo.
৪যদি তেওঁৰ মালিকে তেওঁক বিয়া কৰাই দিয়ে, আৰু তেওঁ ল’ৰা বা ছোৱালী জন্ম দিয়ে, তেনেহ’লে সেই ভাৰ্যা আৰু তেওঁৰ সন্তান সকল মালিকৰ স্বত্বত থাকিব, আৰু তেওঁ নিজেই মুক্ত হৈ যাব লাগিব।
5 Pero si el siervo dice claramente: “Amo a mi amo, a mi mujer y a mis hijos. No saldré libre;’
৫সেই দাসে যদি স্পষ্টৰূপে কয়, ‘মই মোৰ মালিকক, মোৰ ভাৰ্যাক, আৰু মোৰ সন্তানসকলক প্ৰেম কৰোঁ, সেয়ে মই মুক্ত হৈ নাযাওঁ’।
6 entonces su amo lo llevará a Dios, y lo traerá a la puerta o al poste de la puerta, y su amo le perforará la oreja con un punzón, y le servirá para siempre.
৬তেতিয়া তেওঁৰ মালিকে তেওঁক ঈশ্বৰৰ ওচৰলৈ আনিব লাগিব। মালিকে তেওঁক দুৱাৰ বা দুৱাৰৰ চৌকাঠৰ দুই দাঁতিৰ এডাললৈ আনি, তেওঁৰ মালিকে বেজিৰে তেওঁৰ কাণ ফুটা কৰিব লাগিব। তেতিয়াহে দাস জনে গোটেই জীৱন তেওঁৰ মালিকৰ সেৱা কৰিব পাৰিব।
7 “Si un hombre vende a su hija para que sea sierva, no saldrá como los siervos.
৭কোনো মানুহে যদি নিজৰ জীয়েকক দাসী হ’বলৈ বিক্রী কৰে, তেনেহ’লে দাসৰ দৰে তেওঁ মুক্ত হৈ যাব নোৱাৰিব।
8 Si no le gusta a su amo, que la ha casado consigo, entonces la dejará rescatar. No tendrá derecho a venderla a un pueblo extranjero, ya que ha actuado con engaño con ella.
৮যিজনে তাইক নিজৰ কাৰণে মনোনীত কৰি লয়; সেই মালিকক যদি তাই সন্তুষ্ট কৰিব নোৱাৰে, তেনেহ’লে তেওঁ তাইক ঘূৰাই পঠিয়াব লাগিব। তেওঁ তাইক বিদেশীক বেচিবৰ অধিকাৰ নাথাকিব। তাইক প্রতাৰণা কৰাৰ কাৰণে তেওঁৰ সেই অধিকাৰ নাথাকিব।
9 Si la casa con su hijo, la tratará como a una hija.
৯তাইৰ মালিকে যদি তাইক নিজৰ পুত্রৰ বাবে ভাৰ্যা কৰি লয়, তেনেহ’লে তেওঁ তাইক নিজৰ জীয়েকৰ দৰে ব্যৱহাৰ কৰিব লাগিব।
10 Si toma otra esposa para sí, no disminuirá su comida, su ropa ni sus derechos matrimoniales.
১০তেওঁ যদি নিজৰ বাবে আন এগৰাকী ভাৰ্যা আনে, তেনেহ’লে তেওঁ তাইৰ অন্ন, বস্ত্ৰ, আৰু বিবাহৰ অধিকাৰৰ বিষয়ে ত্রুটি কৰিব নোৱাৰিব।
11 Si no hace estas tres cosas por ella, podrá quedar libre sin pagar nada.
১১কিন্তু যদি তেওঁ তাইলৈ এই তিনিওটা বিষয়ত ত্ৰুটি কৰে, তেনেহ’লে তাই বিনামূল্যে মুক্ত হৈ যাব পাৰিব।
12 “El que golpee a un hombre de modo que muera, será ciertamente condenado a muerte,
১২কোনো মানুহে যদি কোনো মানুহক মাৰোতে তেওঁৰ মৃত্যু হয়; তেনেহ’লে সেই ব্যক্তিৰ অৱেশ্যে প্ৰাণদণ্ড হ’ব।
13 pero no si es involuntario, sino que Dios permite que ocurra; entonces te designaré un lugar donde huirá.
১৩কোনো মানুহে যদি পূৰ্বপৰিকল্পনা নকৰাকৈ মাৰোতে আকস্মিকভাৱে কাৰো মৃত্যু হয়; তেনেহ’লে তেওঁ পলাই যাব পৰা ঠাই মই নিৰূপণ কৰিম।
14 Si un hombre trama y se acerca presuntuosamente a su prójimo para matarlo, lo sacarás de mi altar para que muera.
১৪যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।
15 “Cualquiera que ataque a su padre o a su madre será condenado a muerte.
১৫যি কোনোৱে নিজৰ পিতৃ বা মাতৃক প্ৰহাৰ কৰে, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব।
16 “Cualquiera que secuestre a alguien y lo venda, o si lo encuentra en su mano, será condenado a muerte.
১৬কোনোৱে যদি কোনো মানুহক অপহৰণ কৰি বিক্রী কৰে বা সেই মানুহক যদি অপহৰণকাৰীৰ হাতত পোৱা যায়, তেনেহ’লে তেওঁৰো অৱশ্যে প্ৰাণদণ্ড হ’ব।
17 “Cualquiera que maldiga a su padre o a su madre será condenado a muerte.
১৭যি কোনোৱে নিজৰ পিতৃ বা মাতৃক শাও দিয়ে, তেওঁৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
18 “Si los hombres riñen y uno golpea al otro con una piedra o con su puño, y no muere, sino que queda confinado en la cama;
১৮লোকসকলে বিবাদ কৰোঁতে, এজনে আন জনক শিল দলিয়ালে বা ভুকু মাৰিলে, তেওঁ যদি নমৰি শয্যাগত হয়,
19 si se levanta de nuevo y camina con su bastón, entonces el que lo golpeó quedará libre de culpa; sólo que pagará por la pérdida de su tiempo, y proveerá a su curación hasta que esté completamente curado.
১৯তাৰ পাছত তেওঁ সুস্থ হৈ লাখুটি ধৰি খোজ কাঢ়িব পৰা হয়, তেতিয়া সেই ব্যক্তিৰ নষ্ট হোৱা সময় আৰু সম্পূৰ্ণ সুস্থতাৰ কাৰণে প্ৰহাৰ কৰা জনে তাৰ মূল্য দিব লাগিব। কিন্তু সেই প্রহাৰক জন হত্যাকাৰী বুলি বিবেচিত নহব।
20 “Si un hombre golpea a su siervo o a su sierva con una vara, y éste muere bajo su mano, el hombre será castigado.
২০কোনোৱে নিজৰ দাস বা দাসীক লাখুটিৰে মাৰোঁতে, তেওঁৰ যদি মৃত্যু হয়, তেনেহ’লে তেওঁ অৱশ্যে শাস্তি পাব।
21 Sin embargo, si su siervo se levanta después de uno o dos días, no será castigado, porque el siervo es de su propiedad.
২১তথাপিও তেওঁ যদি এদিন বা দুদিন জীয়াই থাকে, তেনেহ’লে তেওঁ শাস্তি নাপায়; কাৰণ তেওঁ তেওঁৰ দাস হেৰোৱাই কষ্ট ভুগিব।
22 “Si los hombres pelean y hieren a una mujer embarazada de modo que dé a luz prematuramente, y sin embargo no se produce ningún daño, se le impondrá la multa que el marido de la mujer exija y los jueces permitan.
২২পুৰুষসকলে ইজনে সিজনৰ লগত বিবাদ কৰোঁতে যদি কোনো গৰ্ভৱতী মহিলাই আঘাত পাই তেওঁৰ গৰ্ভপাত হয়, কিন্তু তেওঁৰ যদি আন কোনো ঠাইত আঘাত নহয়, তেনেহ’লে দোষী পুৰুষজনে জৰিমনা দিব লাগিব। সেই মহিলাৰ স্বামীয়ে যদি তেওঁৰ পৰা জৰিমনা বিচাৰে, তেনেহ’লে বিচাৰকৰ্ত্তাসকলে নিৰূপন কৰা অনুসাৰে জৰিমনা দিব লাগিব।
23 Pero si se produce algún daño, entonces hay que quitar vida por vida,
২৩কিন্তু যদি গভীৰ আঘাত হয়, তেনেহ’লে প্ৰাণৰ সলনি প্ৰাণ,
24 ojo por ojo, diente por diente, mano por mano, pie por pie,
২৪চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি,
25 quemadura por quemadura, herida por herida y contusión por contusión.
২৫জুইৰ আঘাতৰ সলনি জুইৰ আঘাত, আঘাতৰ সলনি আঘাত, বা থেতেলা খোৱাৰ সলনি থেতেলা খোৱা, দিব লাগিব।
26 “Si un hombre golpea el ojo de su siervo o de su sierva y lo destruye, lo dejará libre por su ojo.
২৬কোনো লোকে যদি নিজৰ দাস বা দাসীৰ চকুত আঘাত কৰোঁতে চকু নষ্ট হয়, তেনেহ’লে তেওঁৰ চকুৰ বাবে তেওঁক ক্ষতিপূৰণ দি মুক্ত কৰি পঠাই দিব।
27 Si golpea el diente de su siervo o de su sierva, lo dejará libre por su diente.
২৭তেওঁ যদি মাৰোঁতে নিজৰ দাস বা দাসীৰ দাঁত সৰে, তেনেহ’লে সেই দাঁতৰ কাৰণে ক্ষতিপূৰণ দি তেওঁ তেওঁক মুক্ত কৰি পঠাই দিব।
28 “Si un toro mata a un hombre o a una mujer de una cornada, el toro será apedreado y su carne no se comerá; pero el dueño del toro no será responsable.
২৮কোনো গৰুৱে যদি কোনো পুৰুষ বা মহিলাক শিঙেৰে খোঁচোতে, তেওঁৰ মৃত্যু হয়, তেনেহ’লে লোকসকলে সেই গৰুটোক অৱশ্যে শিল দলিয়াই বধ কৰিব। সেই গৰুৰ মাংস খাব নোৱাৰিব; কিন্তু গৰুৰ গৰাকী সেই দোষত নির্দোষী হ’ব।
29 Pero si el toro ha tenido la costumbre de cornear en el pasado, y esto ha sido atestiguado a su dueño, y éste no lo ha guardado, pero ha matado a un hombre o a una mujer, el toro será apedreado, y su dueño también será condenado a muerte.
২৯কিন্তু যদি সেই গৰুৱে আগেও শিঙেৰে খোঁচাৰ অভ্যাস আছে, আৰু গৰাকীক সেই বিষয়ে সাৱধান কৰি দিয়াৰ পাছতো যদি গৰাকীয়ে গৰুটোক সাৱধানে নাৰাখে, আৰু সেই গৰুৱে যদি কোনো পুৰুষ বা মহিলাক খুচি মাৰে, তেনেহ’লে সেই গৰুটোক শিল দলিয়াই বধ কৰা হ’ব, লগতে গৰুটোৰ গৰাকীকো প্ৰাণদণ্ড দিয়া হ’ব।
30 Si se le impone un rescate, deberá dar por la redención de su vida lo que se le imponga.
৩০তেওঁৰ পৰা যদি মূল্য বিচাৰা হয়, তেনেহ’লে তেওঁ দিবলগীয়া মূল্য দিবই লাগিব।
31 Tanto si ha corneado a un hijo como si ha corneado a una hija, según este juicio se hará con él.
৩১সেই গৰুৱে যদি কোনো লোকৰ পুত্র বা জীয়েকক খোঁচে, তেনেহ’লে এই নিয়ম অনুসাৰেই গৰুৰ গৰাকীয়ে তেওঁলৈ কৰিব লাগিব।
32 Si el toro cornea a un siervo o a una sierva, se darán treinta siclos de plata a su amo, y el buey será apedreado.
৩২সেই গৰুৱে যদি কোনো লোকৰ দাস বা দাসীক খোঁচে, তেনেহ’লে গৰুৰ গৰাকীয়ে ত্ৰিশ চেকল ৰূপ দিব লাগিব, আৰু গৰুটোক শিল দলিয়াই বধ কৰা হ’ব।
33 “Si un hombre abre una fosa, o si un hombre cava una fosa y no la cubre, y un toro o un asno cae en ella,
৩৩কোনো লোকে যদি গাত মুকলি কৰি ৰাখে, বা গাত খানি তাক ঢাকি নথয়, আৰু সেই গাতত যদি কোনো গৰু বা গাধ পৰে,
34 el dueño de la fosa deberá repararla. Dará dinero a su dueño, y el animal muerto será suyo.
৩৪তেনেহ’লে সেই গাতৰ গৰাকীয়ে ক্ষতিপূৰণ দিব লাগিব। তেওঁ মৃত জন্তুটোৰ গৰাকীক ধন দিব লাগিব, কিন্তু সেই মৃত জন্তুটো তেওঁৰ হ’ব।
35 “Si el toro de un hombre hiere al de otro, de modo que muera, entonces venderán el toro vivo y dividirán su precio; y también dividirán el animal muerto.
৩৫এজনৰ গৰুৱে যদি আন জনৰ গৰুক খোঁচোতে, সেই গৰু মৰে, তেনেহ’লে তেওঁলোকে জীয়াই থকা গৰুটো বেচি তাৰ মূল্য দুভাগ কৰিব, আৰু সেই মৰা গৰুটোকো দুভাগ কৰি লব।
36 O si se sabe que el toro tenía la costumbre de corneado en el pasado, y su dueño no lo ha guardado, pagará ciertamente toro por toro, y el animal muerto será suyo.
৩৬কিন্তু যদি সেই গৰুৱে আগেও খোঁচাৰ অভ্যাস আছে, আৰু সেই কথা গৰাকীয়ে জানিবলৈ পায়ো গৰুটোক সাৱধানে নেৰাখে, তেনেহ’লে তেওঁ সেই গৰুৰ সলনি আন গৰু দি ক্ষতিপূৰণ কৰিব লাগিব, আৰু মৰা গৰুটো তেওঁৰ নিজৰ হ’ব।”