< Zacarías 7 >
1 El Señor envió un mensaje a Zacarías, en el cuarto día del novena mes, el mes de Quisleu. Esto fue durante el cuarto año del reinado de Darío.
১পাছত ৰজা দাৰিয়াবচৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ কিশ্লেব নামেৰে নৱম মাহৰ চতুৰ্থ দিনা, জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
2 Bethel-Sarezer envió a Regem-Melec y a sus hombres para pedir la bendición del Señor.
২সেই সময়ত, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ বৈৎএলৰ লোকসকলে চৰেচৰ, ৰেগক-মেলক আৰু তেওঁলোকৰ লোকসকলক পঠিয়াই দিলে।
3 Fueron a preguntar a los sacerdotes del Templo del Dios Todopoderoso y a los profetas: “¿Debo seguir de luto y ayuno en el quinto mes como lo he hecho por muchos años?”
৩তেওঁলোকে যিহোৱাৰ গৃহত উপস্থিত থকা বাহিনীসকল আৰু ভাববাদীসকলক ক’লে “মই ইমান বছৰ যি দৰে শোক কৰি আহিছোঁ, সেইদৰে নিজকে পৃথক ৰাখি পঞ্চম মাহত ব্রত ৰাখিম নে”?
4 Entonces el Señor Todopoderoso me envió un mensaje, diciendo:
৪তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
5 Dile a todos en la nación y a los sacerdotes: Cuando ayunaban y guardaban luto en el quinto y el séptimo mes durante estos setenta años, ¿lo hacían por mi?
৫“তুমি দেশৰ সকলো লোকসকলক আৰু পুৰোহিতসকলক এই কথা কোৱা, ‘যেতিয়া তোমালোকে যি পঞ্চম আৰু সপ্তম মাহত ব্ৰত আৰু শোক কৰিছিলা, তেতিয়া তোমালোকে সেই সত্তৰ বছৰত, মোৰে উদ্দেশ্যে প্রকৃততে ব্ৰত কৰিছিলা নে?
6 Y cuando comen y beben, ¿acaso no lo hacen para ustedes mismos?
৬আৰু যেতিয়া তোমালোকে ভোজন-পান কৰিছিলা, তেতিয়া তোমালোকে নিজৰ নিজৰ কাৰণে ভোজন-পান কৰা নাছিলা নে?
7 ¿No es esto lo que el Señor les dijo a través de los profetas anteriores, cuando Jerusalén era próspera y deshabitada, y cuando el pueblo vivía en el Neguev y la Sefelá?
৭এই কথাই পূৰ্বকালৰ ভাববাদীসকলৰ দ্বাৰাই যিহোৱাই ঘোষণা কৰি কোৱা সেই বাক্য নহয়নে, যি কালত যিৰূচালেম আৰু তাৰ চাৰিওফালে উন্নত অৱস্থাত থকা নগৰবোৰ আৰু তাৰে সৈতে দক্ষিণ অঞ্চল আৰু পশ্চিমাঞ্চলৰ নিম্নভুমিত তোমালোকে বাস কৰিছিলা’?”
8 El Señor Todopoderoso me envió otro mensaje.
৮পুনৰায় জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
9 Esto es lo que el Señor dice: Juzguen con justicia y verdad. Tengan misericordia y bondad unos por otros.
৯বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
10 No exploten a las viudas ni a los huérfanos, tampoco a los extranjeros ni a los pobres. No hagan planes sorbre cómo hacerse daño unos a otros.
১০আৰু যি সকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ সেই লোকসকলক অত্যাচাৰ নকৰিবা; আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ বিৰুদ্ধে নিজ মনত কু-কল্পনা নকৰিবা।’
11 Pero ellos se negaron a oír. Fueron obstinados, dieron la espalda y cerraron sus oídos.
১১কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ’ল; আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে; আৰু শুনাত সন্মত নহ’বলৈ নিজ নিজ কাণত সোপা দিলে।
12 Endurecieron sus corazones como piedras. Se negaron a oír la ley o lo que el Señor Todopoderoso les decía por medio de su Espíritu a través de los profetas anteriores. Por eso el Señor Todopoderoso se enojó con ellos.
১২এনে কি তেওঁলোকে বাহিনীসকলৰ যিহোৱাই নিজ আত্মাৰ দ্বাৰাই আগৰ কালৰ ভাববাদীসকলৰ যোগেদি পঠোৱা বাক্য নুশুনিবৰ কাৰণে তেওঁলোকে নিজ নিজ হৃদয় হীৰাৰদৰে টান কৰিলে; এই কাৰণে বাহিনীসকলৰ যিহোৱাৰ মহাক্ৰোধ হ’ল।
13 Así que como no me oyeron cuando los llamé, yo no escucharé cuando me llamen ellos, dice el Señor Todopoderoso.
১৩যেতিয়া বাহিনীসকলৰ যিহোৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। ‘সেই একেধৰণে’ বাহিনীসকলৰ যিহোৱাই ক’লে, “তেওঁলোকে চিঞৰি মাতিব, কিন্তু মই নুশুনিম।
14 Con los vientos de una tormenta yo dispersé a las naciones donde vivían como extranjeros. La tierra que abandonaron se volvió tan desolada que ni siquiera los viajeros pasaban por ella. Convirtieron la Tierra Prometida en un desierto.
১৪কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা’মাৰলি বতাহেৰে তেওঁলোকক ছিন্ন-ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ’ল, যে তাৰ মাজেদি কোনেও অহা-যোৱা নকৰিলে; কিয়নো তেওঁলোকৰ দ্বাৰাই মনোহৰ দেশখন উচ্ছন্ন হ’ল।’”