< भजनसंग्रह 24 >
1 पृथ्वी र त्यसको पूर्णता, संसार र त्यसमा बसोवास गर्ने सबै परमप्रभुका हुन् ।
১পৃথিৱী আৰু তাৰ সকলোৱেই যিহোৱাৰ, জগত আৰু তাত বাস কৰাসকল তেওঁৰেই।
2 उहाँले त्यसलाई समुद्रहरूमाथि बसाल्नुभएको छ र त्यसलाई नदीहरूमाथि स्थापित गर्नुभएको छ ।
২কিয়নো তেৱেঁই সমুদ্ৰৰ ওপৰত ভূমিৰ ভেঁটি স্থাপন কৰিলে, পানীৰ ওপৰত তাক দৃঢ় কৰি ধৰি ৰাখিলে।
3 परमप्रभुको पर्वतमाथिको को चढ्नेछ? उहाँको पवित्र स्थानमा को खडा हुनेछ?
৩যিহোৱাৰ পৰ্ব্বতটোলৈ কোনে উঠি যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোনে থিয় হ’ব পাৰে?
4 त्यो जसका हातहरू शुद्ध छन् र हृदय शुद्ध छ । जसले झुटलाई उचालेको छैन र छल गर्नलाई सपथ खाएको छैन ।
৪কেৱল সেই জনেই পাৰে, যি জনৰ হাত শুচি আৰু অন্তৰো নিৰ্ম্মল; যিজনে মিছা কথালৈ নিজৰ মন নেমেলে, আৰু ছল কৰি মিছা শপত নাখায়।
5 त्यसले परमप्रभुबाट आशिष् र त्यसको उद्धारको परमेश्वरबाट धार्मिकता प्राप्त गर्नेछ ।
৫তেওঁলোকেই যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাব; তেওঁলোকেই নিজ পৰিত্রাণকর্তা ঈশ্বৰৰ পৰা ধাৰ্মিকতা পাব।
6 उहाँको खोजी गर्नेहरूका पुस्ता, याकूबका परमेश्वरको मुहार खोज्नेहरू यस्तै हुन्छन् । सेला
৬এই লোকসকলেই যিহোৱাক বিচাৰে, যাকোবৰ ঈশ্বৰৰ সাক্ষাত পাবলৈ বিচাৰে; তেওঁলোকেই যাকোবৰ বংশ। (চেলা)
7 ए मूल ढोकाहरू हो, आफ्ना शिर उठाओ । ए अनन्त ढोकाहरू हो, उच्च होओ, ताकि महिमाका राजा भित्र आऊन् ।
৭হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
8 महिमाको यो राजा को हुनुहुन्छ? परमप्रभु, बलियो र शक्तिशाली । परमप्रभु, युद्धमा शक्तिशाली ।
৮সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
9 ए मूल ढोकाहरू हो, आफ्ना शिर उठाओ । हे अनन्त ढोकाहरू हो, उच्च होओ, ताकि महिमाका राजा भित्र आऊन् ।
৯হে নগৰৰ দুৱাৰবোৰ, তোমালোকৰ মূৰবোৰ ওপৰলৈ তোলা, হে পুৰণি দিনৰ দুৱাৰবোৰ, ওপৰলৈ দাং খাই উঠা, প্ৰতাপী ৰজাই যেন ভিতৰলৈ সোমাব পাৰে।
10 महिमाको यो राजा को हुनुहुन्छ? सर्वशक्तिमान् परमप्रभु, उहाँ नै महिमाको राजा हुनुहुन्छ । सेला
১০সেই প্ৰতাপী ৰজা কোন? তেওঁ বাহিনীসকলৰ যিহোৱা, তেওঁ গৌৰৱৰ ৰজা। (চেলা)