< दानीएल 3 >

1 नबुखद्नेस्सर राजाने सोन्याचा एक पुतळा केला त्याची उंची साठ हात आणि रुंदी सात हात होती, त्याची स्थापना त्याने बाबेल प्रांताच्या दुरा मैदानात केली.
ৰজা নবূখদনেচৰে ষাঠি হাত ওখ আৰু ছহাত বহল এনে এক সোণৰ মূৰ্তি সাজি বাবিল প্ৰদেশৰ দূৰা নামৰ সমথলত স্থাপন কৰিলে।
2 नंतर नबुखद्नेस्सर राजाने स्थापलेल्या त्या पुतळ्याची प्रतिष्ठापना करण्यासाठी एकत्र होण्यास आपले प्रांताचे प्रशासक, प्रादेशिक प्रशासक, स्थानिक प्रशासक, सोबतचे सल्लागार, खजिनदार, न्यायाधीश, दंडाधिकारी आणि प्रांतातले सर्व उच्च मुख्याधिकारी हयांस निरोप पाठवला.
তাৰ পাছত ৰজা নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবৰ বাবে, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী সকলক একত্রিত হৈ, আহিবলৈ বাৰ্ত্তা পঠিয়ালে।
3 नंतर प्रांताचे प्रशासक, प्रादेशिक, प्रशासक, स्थानिक प्रशासक, सोबतचे सल्लागार, खजिनदार, न्यायाधीश, दंडाधिकारी आणि प्रांतातले सर्व उच्च मुख्याधिकारी यासाठी एकत्र आले की, नबुखद्नेस्सर राजाने स्थापित केलेल्या पुतळ्याचे समर्पण व्हावे.
নবূখদনেচৰে যি মূৰ্তি স্থাপন কৰিছিল, সেই মূৰ্তি উৎসৰ্গ কৰিবলৈ, প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, স্থানীয় অধ্যক্ষৰ সৈতে, প্ৰদেশৰ উপদেষ্টা, ধনভঁৰালী, বিচাৰক, বিচাৰকৰ্ত্তা আৰু সকলো মূখ্য কৰ্মচাৰী একত্রিত হৈ আহিল; আৰু মূৰ্তিৰ আগত উপস্থিত হ’ল।
4 तेव्हा दवंडी देणारा ओरडला, “अहो विविध देशाच्या विविध भाषेच्या लोकांनो,
তাৰ পাছত ঘোষণাকাৰীয়ে উচ্চস্বৰে চিঞৰিলে, “হে সকলো দেশ লোক, আৰু সকলো ভাষাৰ লোকসকল, আপোনালোকক আজ্ঞা দিয়া হৈছে যে,
5 ज्यावेळी तुम्ही शिंग, बासरी, सतार, विणा, पुंजी आणि सर्व प्रकारची वाद्ये यांचे संगीत ऐकाल त्यावेळी त्या सुवर्ण पुतळयास दंडवत करा ज्याची स्थापना नबुखद्नेस्सर राजाने केली आहे.
যি সময়ত আপোলোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিবলৈ পাব, সেই সময়তেই ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মূৰ্তিত আপোনালোক সকলোৱে উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব।
6 जो कोणी पालथा पडून त्यास नमन करणार नाही त्यास लगेच त्या क्षणाला जळत्या अग्नीच्या भट्टीत टाकले जाईल.”
যি সকলে সেই মুহূৰ্তত উবুৰি নহ’ব আৰু সেৱা নকৰিব, তেওঁলোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।”
7 मग शिंग, बासरी, सतार, सारंगी, विणा, पुंगी इत्यादी वाद्यांचा आवाज ऐकताच विविध देशाच्या विविध भाषेच्या लोकांनी त्या सुवर्ण पुतळयास पालथे पडून दंडवत केले जो नबुखद्नेस्सर राजाने स्थापला होता.
সেয়ে সকলো লোকে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিলে, তেতিয়াই দেশৰ সকলো লোকে, আৰু সকলো ভাষাৰ লোকসকলে ৰজা নবূখদনেচৰে স্থাপন কৰা সোণৰ মুৰ্ত্তিক উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিলে।
8 आता यावेळी काही खास्द्यांनी जवळ येऊन यहूद्यांवर दोषारोप केला.
সেই সময়ত কলদীয়া মানুহ কেইজনমান আহিল, আৰু যিহূদীসকলৰ অহিতে অভিযোগ কৰিলে।
9 ते नबुखद्नेस्सर राजास म्हणाले, “महाराज चिरायु असा.
তেওঁলোকে ৰজা নবূখদনেচৰক ক’লে, “মহাৰাজ চিৰজীৱি হওক!
10 १० महाराज तुम्ही असे फर्मान काढले आहे ना, की, जो कोणी शिंग, बासरी, सतार, विणा, पुंगी आणि इतर वाद्याचा आवाज ऐकतो त्याने सुवर्ण् पुतळयास दंडवत करावे.
১০হে মহাৰাজ আপুনি এই আজ্ঞা কৰিছিল যে, প্রতিজন ব্যক্তিয়ে যেতিয়াই শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ বাদ্য শুনিব, তেতিয়াই সকলোৱে সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিব লাগিব।
11 ११ जो कोणी त्यास पायापडून नमन करणार नाही त्यास लगेच त्या क्षणाला तप्त अग्नीच्या भट्टीत टाकण्यात येईल.
১১কিন্তু যি জনে উবুৰি হৈ সেৱা নকৰিব, তেওঁক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব।
12 १२ आता येथे काही यहूदी आहेत ज्यांची नेमणूक तुम्ही बाबेलाच्या प्रांतात केली, त्यांची नावे शद्रख, मेशख अबेदनगो ही आहेत. हे लोक, राजा, आपली पर्वा करत नाहीत, ते तुमच्या देवास नमन करत नाहीत, त्याची सेवा करत नाही, किंवा तुमच्या पुतळ्यास दंडवत करत नाहीत, ज्याची तुम्ही स्थापना केली आहे.”
১২ইয়াত বাবিল প্ৰদেশৰ ৰাজ কাৰ্যত আপুনি নিযুক্ত কৰা চদ্ৰক, মৈচক, আৰু অবেদ-নেগো নামেৰে কেইজনমান যিহূদীলোক আছে; তেওঁলোকে আপোনাৰ কথালৈ মনোযোগ দিয়া নাই। তেওঁলোকে আপোনাৰ দেৱতাবোৰক সেৱা নকৰে, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰে।”
13 १३ तेव्हा नबुखद्नेस्सर राजाने रागात संतप्त होऊन शद्रख, मेशख, अबेदनगो हयास घेऊन या अशी आज्ञा केली तेव्हा लोकांनी त्यांना राजापुढे सादर केले.
১৩ইয়াকে শুনি নবূখদনেচৰে খং আৰু ক্রোধেৰে পৰিপূৰ্ণ হ’ল, আৰু চদ্ৰক, মৈচক আৰু অবেদ-নেগোক তেওঁৰ ওচৰলৈ আনিবলৈ আজ্ঞা দিলে। তেতিয়া তেওঁলোকে সেই লোক কেইজনক ৰজাৰ ওচৰলৈ আনিলে।
14 १४ नबुखद्नेस्सर त्यांना म्हणाला, “काय तुम्ही शद्रख, मेशख, अबेदनगो आपल्या मनाची तयारी केली? की तुम्ही माझ्या स्थपलेल्या सुवर्ण पुतळयास नमन करून त्यास दंडवत करणार नाही?
১৪নবূখদনেচৰে তেওঁলোকক ক’লে, “হে চদ্ৰক, মৈচক আৰু অবেদ-নেগো, আপোনালোকে মোৰ দেৱতাবোৰক সেৱা কৰা নাই, আৰু মই স্থাপন কৰা সোণৰ মূৰ্তিত সাষ্টাঙ্গে প্রণিপাত কৰা নাই, এই কাৰ্য আপোনালোকে জানিয়ে কৰিছে নে?
15 १५ आता जर तुम्ही तयार आहात तर, जेव्हा तुम्ही शिंग, बासरी, सतार, सारंगी, विणा, पुंगी आणि इतर वाद्ययांचा आवाज ऐकाल तेव्हा तुम्ही या पुतळयापुढे उपडे पडून दंडवत कराल तर बरे; पण जर तुम्ही नमन करणार नाही, तर तुम्हास त्वरीत तप्त अग्नीच्या भट्टीत टाकण्यात येईल. तुम्हास माझ्या हातातून सोडविणारा असा कोण देव आहे?”
১৫এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”
16 १६ शद्रख, मेशख, अबेदनगो यांनी राजाला उत्तर दिले की, “हे नबुखद्नेस्सरा, या बाबतीत उत्तर देण्याचे आम्हास प्रयोजन नाही.
১৬তেতিয়া চদ্ৰক, মৈচক আৰু অবেদ-নেগোৱে ৰজাক উত্তৰ দি ক’লে, “হে নবূখদনেচৰ, আপোনাক এই বিষয়ে উত্তৰ দিয়া আমাৰ একো প্ৰয়োজন নাই।
17 १७ जर काही उत्तर आहे, तर ते हे की, ज्या देवाची आम्ही सेवा करतो तो आम्हास तप्त आग्नीच्या भट्टीतून काढण्यास समर्थ आहे, आणि महाराज तो आम्हास आपल्या हातून सोडवील.
১৭ইয়াৰ উত্তৰ যদি আছে, তেনেহ’লে মহাৰাজ, আমি যি জনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰে প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক ৰক্ষা কৰিবলৈ সমৰ্থ, আৰু তেওঁ আমাক আপোনাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰে।
18 १८ पण जर नाही तर महाराज हे आपणास माहित असावे की, आम्ही तुमच्या देवाची उपासना करणार नाही, आणि त्याच्या पुढे आम्ही पालथे पडून त्यास दंडवत करणार नाही.”
১৮কিন্তু যদি উদ্ধাৰ নকৰেও, তথাপিও হে মহাৰাজ, আপোনাক জনাওঁ যে, আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰোঁ, আৰু আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক সাষ্টাঙ্গে প্রণিপাত নকৰোঁ।”
19 १९ नबुखद्नेस्सर रागाने संतप्त झाला, त्याची शद्रख, मेशख, अबेदनगो विरूद्ध त्याची मुद्रा पालटली. त्याने आज्ञा केली की, भट्टी नेहमीपेक्षा सातपटीने तप्त करण्यात यावी.
১৯তাৰ পাছত নবূখদনেচৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ অহিতে মুখমণ্ডল বিকৃত কৰিলে। তেওঁ অগ্নিকুণ্ডৰ জুই নিয়মিত পৰিমাণতকৈ সাত গুণ বেছি প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে।
20 २० नंतर त्याने आपल्या सैनिकातील काही बलवान पुरुषास आज्ञा केली की, शद्रख, मेशख, अबेदनगो यांना बांधा आणि तप्त भट्टीत टाका.
২০তাৰ পাছত তেওঁ তেওঁৰ সৈন্যৰ মাজৰ কিছুমান বলী মানুহক চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে।
21 २१ ते बांधलेले असताना त्यांनी आपले पायमोजे, सदरे झगे आणि इतर वस्त्र घातले होते आणि त्यांना तप्त भट्टीत टाकण्यात आले.
২১তেতিয়া সেই কেইজনক চোলা, জামা, পাগুৰি, আৰু আন আন বস্ত্রৰ সৈতে তেওঁলোকক বান্ধি অগ্নিকুণ্ডত পেলাই দিয়া হ’ল।
22 २२ राजाची आज्ञा सक्त असल्याने ती भट्टी फारच तप्त केलेली होती. शद्रख, मेशख, अबेदनगो यांना ज्यांनी भट्टीत टाकले ते सैनिक तिच्या ज्वालेने मरण पावले.
২২ৰজাৰ আজ্ঞা যথাযথভাবে পালন কৰা হৈছিল, আৰু অগ্নিকুণ্ড অতিশয় তপত আছিল, সেয়ে চদ্ৰক, মৈচক আৰু অবেদ-নেগোক লৈ যোৱা মানুহ কেইজনক সেই অগ্নিশিখাই গ্রাস কৰিলে।
23 २३ तिथे ते पुरुष शद्रख, मेशख, अबेदनगो हातपाय बांधलेले असे त्या भट्टीत पडले.
২৩চদ্ৰক, মৈচক আৰু অবেদ-নেগো, এই তিনি জন লোক বন্ধা অৱস্থাতে অগ্নিকুণ্ডৰ ভিতৰত পৰিল।
24 २४ नंतर नबुखद्नेस्सर चकीत होऊन त्वरीत उभा राहिला त्याने आपल्या सल्लागारास विचारले, “आपण त्या तिघांना बांधून भट्टीत टाकले ना?” त्यांनी उत्तर दिले, निश्चित राजे.
২৪তাৰ পাছত ৰজা নবূখদনেচৰে আচৰিত হৈ বেগাই থিয় হ’ল। তেওঁ তেওঁৰ পৰামৰ্শদাতা সকলক সুধিলে, “আমি তিনি জন মানুহক বান্ধি জুইত পেলোৱা নাছিলো নে?” তেওঁলোকে উত্তৰ দি ক’লে, “হয় মহাৰাজ।”
25 २५ तो म्हणाला, मला असे दिसते की, चार माणसे अग्नीत मोकळे फिरत आहेत, त्यांना काही एक दुखापत झालेली नाही, चौथ्याचे तेज हे जणू देवपुत्रासारखे आहे.
২৫তেতিয়া ৰজাই ক’লে, “কিন্তু মই চাৰিজন মানুহ মুকলি হৈ জুইৰ মাজত অহা-যোৱা কৰি থকা দেখিছোঁ; আৰু তেওঁলোকৰ একো ক্ষতি হোৱা নাই, আৰু চতুৰ্থ জনৰ উজ্জলতা দেৱতাৰ পুত্ৰৰ দৰে।”
26 २६ तेव्हा नबुखद्नेस्सराने धगधगत्या भट्टीच्या दाराजवळ येऊन त्यांना हाक मारली “शद्रख, मेशख, अबेदनगो, सर्वोच्च देवाच्या दासांनो बाहेर या.” येथे या, नंतर शद्रख, मेशख, अबेदनगो अग्नीतून बाहेर आले.
২৬তেতিয়া নবূখদনেচৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ মাতিলে, “হে সৰ্বোপৰি ঈশ্বৰৰ দাস চদ্ৰক, মৈচক আৰু অবেদ-নগো ওলাই আহাঁ; ইয়ালৈ আহাঁ!” তাতে চৈদ্ৰক, মৈচক আৰু অবেদ-নেগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল।
27 २७ तेथे जमलेले प्रांताधिकारी, प्रशासक, प्रादेशिक प्रशासक, स्थानिक प्रशासक, इतर प्रशासक आणि राजाचे सल्लागार ह्यांनी त्यास पाहिले. त्यांच्या शरीरावर अग्नीच्या जखमा नव्हत्या त्याचा एकही केस होरपळला नाही. त्यांना अग्नीचा वासही लागला नाही.
২৭প্রদেশৰ অধ্যক্ষ, আঞ্চলিক অধ্যক্ষ, আন অধ্যক্ষসকল, আৰু ৰজাৰ পৰামৰ্শদাতাসকল সকলোৱে সেই তিনিজন লোকক চাবলৈ একগোট হ’ল। তেওঁলোকৰ শৰীৰত জুইয়ে একো ক্ষতি কৰা নাছিল, তেওঁলোকৰ মূৰৰ চুলি এডালো পোৰা নাছিল, তেওঁলোকৰ বস্ত্ৰও নষ্ট হোৱা নাছিল, আৰু তেওঁলোকৰ গাত জুইৰ গোন্ধও নাছিল।
28 २८ नबुखद्नेस्सर म्हणाला या आपण शद्रख, मेशख, अबेदनगो यांच्या देवाचे स्तवन करूया, कारण त्याने आपला दिव्यदूत पाठवला आणि ज्या आपल्या सेवकांनी त्याच्यावर भरवसा ठेवला, आणि राजाची आज्ञा पालटवली, आणि आपल्या देवाशिवाय दुसऱ्या कोणत्याही देवाची सेवा करू नये किंवा दुसऱ्या कोणाला नमन करू नये म्हणून आपली शरीरे अर्पिली त्यांना त्याने सोडवले आहे.
২৮তেতিয়া নবূখদনেচৰে ক’লে, “চদ্ৰক, মৈচক আৰু অবেদ-নেগোক নিজৰ দূত পঠিয়াই ৰক্ষা কৰা ঈশ্বৰক আহাঁ আমি প্রশংসা কৰোঁহক! তেওঁলোকে মোৰ আজ্ঞা লঙ্ঘন কৰা সময়ত তেওঁলোকে তেওঁতেই ভৰসা কৰিছিল, আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা বা সাষ্টাঙ্গে প্রণিপাত কৰিবলগীয়া নহয়, সেই বাবে তেওঁলোকৰ শৰীৰ সমৰ্পণ কৰিলে।
29 २९ त्यामुळे मी ठराव करतो की, कुणीही लोक, कुठल्याही देशाचे, कोणतीही भाषा बोलणारे जर शद्रख, मेशख, अबेदनगो, यांच्या देवाच्या विरोधात बोलतील तर त्यांचे तुकडे करण्यात येतील, आणि त्यांच्या घराचे उकिरडे करण्यात येतील. कारण अशा प्रकारे सोडविणारा दुसरा कोणता देव नाही.
২৯সেই কাৰণে মই এই আজ্ঞা দিছোঁ যে, যিকোনো লোক, যিকোনো দেশ, বা যিকোনো ভাষাৰ লোকে চদ্ৰক, মৈচক আৰু অবেদ-নেগোৰ ঈশ্বৰৰ বিৰুদ্ধে ক’ব, তেওঁলোকক ডোখৰ ডোখৰকৈ কটা যাব, আৰু তেওঁলোকৰ ঘৰ জাবৰৰ দ’মৰ দৰে কৰা হ’ব; কাৰণ এইদৰে ৰক্ষা কৰিব পৰা ইয়াত আন কোনো দেৱতা নাই।”
30 ३० नंतर राजाने शद्रख, मेशख, अबेदनगो यांना बाबेलच्या परगण्यात बढती दिली.
৩০তেতিয়া ৰজাই চদ্ৰক, মৈচক আৰু অবেদ-নেগোক বাবিল প্ৰদেশত উচ্চ পদত নিযুক্ত কৰিলে।

< दानीएल 3 >