< I Regum 12 >
1 Venit autem Roboam in Sichem: illuc enim congregatus erat omnis Israël ad constituendum eum regem.
১পাছত ৰহবিয়াম চিখিমলৈ গ’ল, কিয়নো তেওঁক ৰজা পাতিবৰ কাৰণে সমুদায় ইস্ৰায়েল চিখিমলৈ আহিছিল।
2 At vero Jeroboam filius Nabat, cum adhuc esset in Ægypto profugus a facie regis Salomonis, audita morte ejus, reversus est de Ægypto.
২তেতিয়া এনে ঘটিল যে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাতৰি শুনিলে, কিয়নো তেওঁ সেই সময়ত মিচৰত আছিল; চলোমন ৰজাৰ ভয়ত তেওঁ তালৈ পলাই গৈ তাত বাস কৰি আছিল৷
3 Miseruntque et vocaverunt eum: venit ergo Jeroboam, et omnis multitudo Israël, et locuti sunt ad Roboam, dicentes:
৩তেতিয়া লোকসকলে মানুহ পঠিয়াই ৰহবিয়ামক মাতি আনিলে৷ তেতিয়া যাৰবিয়াম আৰু ইস্ৰায়েলৰ গোটেই সমাজে আহি ৰহবিয়ামক এই কথা ক’লে,
4 Pater tuus durissimum jugum imposuit nobis: tu itaque nunc imminue paululum de imperio patris tui durissimo, et de jugo gravissimo quod imposuit nobis, et serviemus tibi.
৪“আপোনাৰ পিতৃয়ে আমাক কঠোৰ পৰিশ্ৰম কৰিবলৈ জোৰ কৰিছিল৷ তেওঁ যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাই আছে, সেই কার্যৰ ভাৰ যদি আপুনি কিছু লঘু কৰে; তেতিয়াহলে আমি আপোনাক সেৱা কৰি থাকিম।”
5 Qui ait eis: Ite usque ad tertium diem, et revertimini ad me. Cumque abiisset populus,
৫তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনলৈ আতৰি থকা, তাৰ পাছত মোৰ ওচৰলৈ ঘূৰি আহা৷” তেতিয়া লোকসকল গুচি গ’ল।
6 iniit consilium rex Roboam cum senioribus qui assistebant coram Salomone patre ejus cum adhuc viveret, et ait: Quod datis mihi consilium, ut respondeam populo huic?
৬পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীয়াই থকাৰ কালত যি বৃদ্ধ লোকসকল তেওঁৰ আগত থিয় হৈছিল, তেওঁলোকৰ লগত আলোচনা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ আপোনালোকে মোক কি পৰামৰ্শ দিব?”
7 Qui dixerunt ei: Si hodie obedieris populo huic, et servieris, et petitioni eorum cesseris, locutusque fueris ad eos verba lenia, erunt tibi servi cunctis diebus.
৭তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি আজি সেই লোকসকলৰ দাস হৈ তেওঁলোকক সেৱা কৰে আৰু সুকথা কৈ তেওঁলোকক উত্তৰ দিয়ে, তেতিয়া তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
8 Qui dereliquit consilium senum, quod dederant ei, et adhibuit adolescentes, qui nutriti fuerant cum eo, et assistebant illi,
৮কিন্তু ৰহবিয়ামে বৃদ্ধ লোকসকলে দিয়া পৰামৰ্শ তেওঁ অৱজ্ঞা কৰিলে, আৰু তেওঁৰে সৈতে একে লগে ডাঙৰ দীঘল হোৱা যি ডেকাসকল তেওঁৰ সন্মুখত থিয় দি আছিল, তেওঁলোকৰ সৈতে তেওঁ আলোচনা কৰিলে।
9 dixitque ad eos: Quod mihi datis consilium, ut respondeam populo huic, qui dixerunt mihi: Levius fac jugum quod imposuit pater tuus super nos?
৯তেওঁ তেওঁলোকক সুধিলে, “যি সকল লোকে, ‘আপোনাৰ পিতৃয়ে যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাইছে সেই কার্যৰ ভাৰ কিছু লঘু কৰক’, এইদৰে মোৰ আগত ক’লে, তেওঁলোকক উত্তৰ দিবলৈ তোমালোকে মোক কি পৰামৰ্শ দিয়া?”
10 Et dixerunt ei juvenes qui nutriti fuerant cum eo: Sic loqueris populo huic, qui locuti sunt ad te, dicentes: Pater tuus aggravavit jugum nostrum: tu releva nos. Sic loqueris ad eos: Minimus digitus meus grossior est dorso patris mei.
১০তাতে তেওঁৰে সৈতে ডাঙৰ দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে তেওঁলোকৰ ওপৰত কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল আৰু আপোনাক সেই ভাৰ কিছু লঘু কৰিবলৈ বুলি আপোনাৰ আগত কোৱা সেই লোকসকলক এই কথা ক’ব, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
11 Et nunc pater meus posuit super vos jugum grave, ego autem addam super jugum vestrum: pater meus cecidit vos flagellis, ego autem cædam vos scorpionibus.
১১এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত যি কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল, মই সেই ভাৰ পুনৰ গধুৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’৷ এই বুলি তেওঁলোকক ক’ব।”
12 Venit ergo Jeroboam et omnis populus ad Roboam die tertia, sicut locutus fuerat rex, dicens: Revertimini ad me die tertia.
১২পাছত “তৃতীয় দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি কৰি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
13 Responditque rex populo dura, derelicto consilio seniorum quod ei dederant,
১৩তেতিয়া ৰজাই লোকসকলক টান শব্দৰ কথাৰে উত্তৰ দিলে আৰু তেওঁক বৃদ্ধলোক সকলে দিয়া পৰামৰ্শবোৰ তেওঁ অৱজ্ঞা কৰিলে৷
14 et locutus est eis secundum consilium juvenum, dicens: Pater meus aggravavit jugum vestrum, ego autem addam jugo vestro: pater meus cecidit vos flagellis, ego autem cædam vos scorpionibus.
১৪সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক এই কথা ক’লে, “মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধুৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম৷”
15 Et non acquievit rex populo: quoniam aversatus fuerat eum Dominus, ut suscitaret verbum suum quod locutus fuerat in manu Ahiæ Silonitæ, ad Jeroboam filium Nabat.
১৫এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।
16 Videns itaque populus quod noluisset eos audire rex, respondit ei dicens: Quæ nobis pars in David? vel quæ hæreditas in filio Isai? vade in tabernacula tua, Israël: nunc vide domum tuam, David. Et abiit Israël in tabernacula sua.
১৬যেতিয়া গোটেই ইস্ৰায়েলে দেখিলে যে ৰজাই তেওঁলোকৰ কথালৈ কাণ দিয়া নাই, তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দি ক’লে, “দায়ুদত আমাৰ কি ভাগ আছে? যিচয়ৰ পুত্ৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল নিজ নিজ তম্বুলৈ গুচি যোৱা! হে দায়ুদ এতিয়া তুমি নিজ বংশলৈ চোৱা।” তেতিয়া ইস্ৰায়েলে নিজ নিজ তম্বুলৈ গুচি গ’ল।
17 Super filios autem Israël, quicumque habitabant in civitatibus Juda, regnavit Roboam.
১৭কিন্তু যিহূদাৰ নগৰ বোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত ৰহবিয়ামেই ৰজা হৈ থাকিল।
18 Misit ergo rex Roboam Aduram, qui erat super tributa: et lapidavit eum omnis Israël, et mortuus est. Porro rex Roboam festinus ascendit currum, et fugit in Jerusalem:
১৮পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাবোৰৰ অধ্যক্ষ অদোৰামক পঠিয়াওতে, গোটেই ইস্ৰায়েলে তেওঁলৈ এনেকৈ শিল দলিয়ালে যে, তেওঁৰ তাতেই মৃত্যু হ’ল৷ আৰু ৰজা ৰহবিয়ামে যিৰূচালেমলৈ পলাই যাবৰ বাবে বেগা বেগীকৈ নিজৰ ৰথত উঠিল।
19 recessitque Israël a domo David usque in præsentem diem.
১৯এইদৰে ইস্ৰায়েলে দায়ুদৰ বংশৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে আৰু আজিলৈকে সেই ভাৱেই আছে।
20 Factum est autem cum audisset omnis Israël quod reversus esset Jeroboam, miserunt, et vocaverunt eum congregato cœtu, et constituerunt eum regem super omnem Israël: nec secutus est quisquam domum David præter tribum Juda solam.
২০গোটেই ইস্ৰায়েলে যাৰবিয়াম ঘূৰি অহা কথা শুনি, দূত পঠিয়াই তেওঁক সমাজৰ ওচৰলৈ মতাই আনি গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে৷ তাতে কেৱল যিহূদা ফৈদৰ বাহিৰে, আন কোনেও দায়ুদৰ বংশৰ পাছত চলোঁতা নহ’ল।
21 Venit autem Roboam Jerusalem, et congregavit universam domum Juda, et tribum Benjamin, centum octoginta millia electorum virorum bellatorum, ut pugnarent contra domum Israël, et reducerent regnum Roboam filio Salomonis.
২১ৰহবিয়াম যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া যিহূদা আৰু বিন্যামীন ফৈদৰ লোকসকলক একগোট কৰিলে, তাতে এক লাখ আশী হাজাৰ যুদ্ধাৰু লোকক মনোনীত কৰিলে, যাতে ইস্ৰায়েলৰ বংশৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিব আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামৰ অধীনলৈ ৰাজ্য পুনৰায় আনিব পাৰিব।
22 Factus est autem sermo Domini ad Semeiam virum Dei, dicens:
২২কিন্তু ঈশ্বৰৰ লোক চময়িয়াৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিল, বোলে,
23 Loquere ad Roboam filium Salomonis regem Juda, et ad omnem domum Juda, et Benjamin, et reliquos de populo, dicens:
২৩“তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক, যিহূদা আৰু বিন্যামীনৰ গোটেই বংশক আৰু আন লোকসকলক কোৱা বোলে,
24 Hæc dicit Dominus: Non ascendetis, neque bellabitis contra fratres vestros filios Israël: revertatur vir in domum suam: a me enim factum est verbum hoc. Audierunt sermonem Domini, et reversi sunt de itinere, sicut eis præceperat Dominus.
২৪‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ ভাই ইস্ৰায়েল সন্তান সকলক আক্ৰমণ আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা; প্ৰতিজন নিজ নিজ ঘৰলৈ ঘূৰি যোৱা, কিয়নো মোৰ দ্বাৰাইহে এই কাৰ্য হৈছে’।” তেতিয়া লোকসকলে যিহোৱাৰ সেই বাক্য শুনি, তেওঁৰ বাক্য অনুসাৰে নিজ নিজ বাটেদি ঘূৰি গুচি গ’ল।
25 Ædificavit autem Jeroboam Sichem in monte Ephraim, et habitavit ibi: et egressus inde ædificavit Phanuel.
২৫পাছত যাৰবিয়ামে ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত চিখিম নগৰ সাজি তাৰ মাজতে বাস কৰিলে৷ তেওঁ তাৰ পৰা গৈ পনুৱেল নগৰো সাজিলে।
26 Dixitque Jeroboam in corde suo: Nunc revertetur regnum ad domum David,
২৬তেতিয়া যাৰবিয়ামে নিজৰ মনতে ভাবিলে, “এতিয়া দায়ূদৰ বংশলৈ ৰাজ্য পুনৰায় ঘূৰি আহিব৷
27 si ascenderit populus iste ut faciat sacrificia in domo Domini in Jerusalem: et convertetur cor populi hujus ad dominum suum Roboam regem Juda, interficientque me, et revertentur ad eum.
২৭এই লোকসকলে যদি যিৰূচালেমত থকা যিহোৱাৰ গৃহত বলি উৎসৰ্গ কৰিবলৈ যায়, তেতিয়া তেওঁলোকৰ প্ৰভু যিহূদাৰ ৰজা ৰহবিয়ামলৈ পুনৰায় এই লোকসকলৰ মন ঘূৰিব; তেতিয়া তেওঁলোকে মোক বধ কৰি পুনৰায় যিহূদাৰ ৰজা ৰহবিয়ামৰ ফলীয়া হ’ব।”
28 Et excogitato consilio fecit duos vitulos aureos, et dixit eis: Nolite ultra ascendere in Jerusalem: ecce dii tui Israël, qui te eduxerunt de terra Ægypti.
২৮এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
29 Posuitque unum in Bethel, et alterum in Dan:
২৯তেওঁ তাৰে এটা বৈৎএলত আৰু আনটো দানত স্থাপন কৰিলে।
30 et factum est verbum hoc in peccatum: ibat enim populus ad adorandum vitulum usque in Dan.
৩০এই কাৰ্য পাপৰ কাৰণ হ’ল, কিয়নো লোকসকলে সেই দুই প্ৰতিমাৰ আগত সেৱা কৰিবলৈ দানলৈকে বা আনটো ঠাইলৈ অহা-যোৱা কৰিবলৈ ধৰিলে।
31 Et fecit fana in excelsis, et sacerdotes de extremis populi, qui non erant de filiis Levi.
৩১যাৰবিয়ামে পবিত্ৰ ঠাইবোৰত মন্দিৰ সাজিলে; আৰু যিসকল লেবীৰ সন্তান নাছিল, সেই লোকসকলৰ মাজৰ পৰাও পুৰোহিত পাতিলে।
32 Constituitque diem solemnem in mense octavo, quintadecima die mensis, in similitudinem solemnitatis quæ celebrabatur in Juda. Et ascendens altare, similiter fecit in Bethel, ut immolaret vitulis quos fabricatus fuerat: constituitque in Bethel sacerdotes excelsorum quæ fecerat.
৩২পাছত যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ দৰে এক উৎসৱ পাতি যজ্ঞবেদীলৈ উঠি গ’ল৷ তেওঁ বৈৎএলত এই দৰে কৰিলে আৰু নিজে নিৰ্ম্মাণ কৰা দামুৰি দুটাৰ আগত বলি উৎসৰ্গ কৰিলে আৰু বৈৎএলত নিজে সজা পবিত্ৰ ঠাইবোৰত পুৰোহিতসকলক ৰাখিলে।
33 Et ascendit super altare quod exstruxerat in Bethel, quintadecima die mensis octavi, quem finxerat de corde suo: et fecit solemnitatem filiis Israël, et ascendit super altare, ut adoleret incensum.
৩৩অষ্টম মাহত যৰবিয়ামে অৰ্থাৎ যি মাহ তেওঁ নিজ ইচ্ছামতে নিৰূপণ কৰিছিল, সেই অষ্টম মাহৰ পঞ্চদশ দিনা বৈৎএলত তেওঁ নিৰ্ম্মাণ কৰা যজ্ঞবেদীলৈ উঠি গৈছিল; তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে এক উৎসৱ নিৰূপণ কৰিছিল, আৰু ধূপ জ্বলাবৰ বাবে যজ্ঞবেদীলৈ উঠি গৈছিল।