< שמואל א 10 >

וַיִּקַּח שְׁמוּאֵל אֶת־פַּךְ הַשֶּׁמֶן וַיִּצֹק עַל־רֹאשׁוֹ וַיִּשָּׁקֵהוּ וַיֹּאמֶר הֲלוֹא כִּֽי־מְשָׁחֲךָ יְהֹוָה עַל־נַחֲלָתוֹ לְנָגִֽיד׃ 1
তাৰ পাছত চমূৱেলে তেলৰ বটল লৈ, চৌলৰ মুৰৰ ওপৰত তেল ঢালি তেওঁক চুমা খাই ক’লে, যিহোৱাৰ নিজ বংশৰ সূত্ৰে অধিপতি হ’বলৈ তেওঁ তোমাক জানো অভিষেক কৰা নাই?
בְּלֶכְתְּךָ הַיּוֹם מֵֽעִמָּדִי וּמָצָאתָ שְׁנֵי אֲנָשִׁים עִם־קְבֻרַת רָחֵל בִּגְבוּל בִּנְיָמִן בְּצֶלְצַח וְאָמְרוּ אֵלֶיךָ נִמְצְאוּ הָאֲתֹנוֹת אֲשֶׁר הָלַכְתָּ לְבַקֵּשׁ וְהִנֵּה נָטַשׁ אָבִיךָ אֶת־דִּבְרֵי הָאֲתֹנוֹת וְדָאַג לָכֶם לֵאמֹר מָה אֶעֱשֶׂה לִבְנִֽי׃ 2
আজি তুমি যেতিয়া মোৰ ওচৰৰ পৰা যাবা, তেতিয়া বিন্যামীনৰ সীমাত থকা চেলচহত ৰাহেলৰ মৈদামৰ ওচৰত দুজন মানুহ লগ পাবা। তেওঁলোকে তোমাক ক’ব ‘তুমি যি গাধবোৰ বিচাৰি গৈছিলা, সেইবোৰ পোৱা হ’ল। এতিয়া তোমাৰ পিতৃয়ে গাধবোৰলৈ চিন্তা কৰিবলৈ এৰি তোমাৰ কাৰণে চিন্তা কৰি কৈছে, “মোৰ পুত্ৰৰ বিষয়ে কি কৰিম?’’
וְחָלַפְתָּ מִשָּׁם וָהָלְאָה וּבָאתָ עַד־אֵלוֹן תָּבוֹר וּמְצָאוּךָ שָּׁם שְׁלֹשָׁה אֲנָשִׁים עֹלִים אֶל־הָאֱלֹהִים בֵּֽית־אֵל אֶחָד נֹשֵׂא ׀ שְׁלֹשָׁה גְדָיִים וְאֶחָד נֹשֵׂא שְׁלֹשֶׁת כִּכְּרוֹת לֶחֶם וְאֶחָד נֹשֵׂא נֵֽבֶל־יָֽיִן׃ 3
তাৰ পাছত তুমি তাৰ পৰা আগবাঢ়ি গৈ তাবোৰৰ এলোন গছজোপা পাবা। বৈৎএললৈ ঈশ্বৰৰ ওচৰলৈ যোৱা তিনিজন লোকক তুমি তাত পাবা, তাৰে এজনে তিনিটা ছাগলী পোৱালি, আন জনে তিনিটা পিঠা, আৰু আন জনে এক মোট দ্ৰাক্ষাৰস কঢ়িয়াই অনা দেখিবা।
וְשָׁאֲלוּ לְךָ לְשָׁלוֹם וְנָתְנוּ לְךָ שְׁתֵּי־לֶחֶם וְלָקַחְתָּ מִיָּדָֽם׃ 4
তেওঁলোকে তোমাক মঙ্গলবাদ কৰিব আৰু তোমাক দুটা পিঠা দিব, তুমি তেওঁলোকৰ হাতৰ পৰা তাক ল’বা।
אַחַר כֵּן תָּבוֹא גִּבְעַת הָאֱלֹהִים אֲשֶׁר־שָׁם נְצִבֵי פְלִשְׁתִּים וִיהִי כְבֹאֲךָ שָׁם הָעִיר וּפָגַעְתָּ חֶבֶל נְבִאִים יֹרְדִים מֵהַבָּמָה וְלִפְנֵיהֶם נֵבֶל וְתֹף וְחָלִיל וְכִנּוֹר וְהֵמָּה מִֽתְנַבְּאִֽים׃ 5
তাৰ পাছত, তুমি পলেষ্টীয়াসকলৰ নগৰৰক্ষী সৈন্যদল থকা ঈশ্বৰৰ পৰ্ব্বত পাবাগৈ। তুমি যেতিয়া সেই নগৰ পাবা তেতিয়া নেবল, খঞ্জৰী, বাঁহী আৰু বীণা বজাই ভাববাণী প্ৰচাৰ কৰি কৰি ওখ স্থানৰ পৰা নামি অহা এদল ভাববাদীৰ লগত তোমাৰ সাক্ষাৎ হ’ব।
וְצָלְחָה עָלֶיךָ רוּחַ יְהֹוָה וְהִתְנַבִּיתָ עִמָּם וְנֶהְפַּכְתָּ לְאִישׁ אַחֵֽר׃ 6
তেতিয়া যিহোৱাৰ আত্মাই তোমাত স্থিতি ল’ব; তেতিয়া তুমিও তেওঁলোকৰ লগত ভাববাণী প্ৰচাৰ কৰিবা আৰু তুমি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা ব্যক্তি হ’বা।
וְהָיָה כִּי (תבאינה) [תָבֹאנָה] הָאֹתוֹת הָאֵלֶּה לָךְ עֲשֵׂה לְךָ אֲשֶׁר תִּמְצָא יָדֶךָ כִּי הָאֱלֹהִים עִמָּֽךְ׃ 7
এই সকলো চিন তোমালৈ ঘটাৰ পাছত, আমাৰ হাতে কৰিব খোজা সকলো কাম কৰিবা, কাৰণ যিহোৱা তোমাৰ লগত আছে।
וְיָרַדְתָּ לְפָנַי הַגִּלְגָּל וְהִנֵּה אָנֹכִי יֹרֵד אֵלֶיךָ לְהַעֲלוֹת עֹלוֹת לִזְבֹּחַ זִבְחֵי שְׁלָמִים שִׁבְעַת יָמִים תּוֹחֵל עַד־בּוֹאִי אֵלֶיךָ וְהוֹדַעְתִּי לְךָ אֵת אֲשֶׁר תַּעֲשֶֽׂה׃ 8
মোৰ আগেয়ে তুমি গিলগললৈ নামি যোৱা। তাৰ পাছ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিবলৈ মই তোমাৰ ওচৰলৈ যাম। মই যেতিয়ালৈকে তোমাৰ ওচৰলৈ গৈ তুমি কৰিবলগীয়া কাম তোমাক নুবুজাওঁ, তেতিয়ালৈকে তুমি সাত দিন মোৰ বাবে অপেক্ষা কৰিবা।
וְהָיָה כְּהַפְנֹתוֹ שִׁכְמוֹ לָלֶכֶת מֵעִם שְׁמוּאֵל וַיַּהֲפׇךְ־לוֹ אֱלֹהִים לֵב אַחֵר וַיָּבֹאוּ כׇּל־הָאֹתוֹת הָאֵלֶּה בַּיּוֹם הַהֽוּא׃ 9
চৌলে চমূৱেলৰ ওচৰৰ পৰা যাবলৈ ওলাল আৰু যিহোৱাই তেওঁৰ মন পৰিৱৰ্তন কৰিলে।
וַיָּבֹאוּ שָׁם הַגִּבְעָתָה וְהִנֵּה חֶבֶל־נְבִאִים לִקְרָאתוֹ וַתִּצְלַח עָלָיו רוּחַ אֱלֹהִים וַיִּתְנַבֵּא בְּתוֹכָֽם׃ 10
১০যেতিয়া তেওঁলোকে পৰ্ব্বত পালেগৈ, এদল ভাববাদীয়ে তেওঁক লগ পালে, তাতে যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল আৰু তেওঁলোকৰ মাজত তেৱোঁ ভাববাণী প্ৰচাৰ কৰিলে।
וַיְהִי כׇּל־יֽוֹדְעוֹ מֵאִתְּמוֹל שִׁלְשֹׁם וַיִּרְאוּ וְהִנֵּה עִם־נְבִאִים נִבָּא וַיֹּאמֶר הָעָם אִישׁ אֶל־רֵעֵהוּ מַה־זֶּה הָיָה לְבֶן־קִישׁ הֲגַם שָׁאוּל בַּנְּבִיאִֽים׃ 11
১১তেওঁক আগৰ পৰা যিসকলে জানিছিল তেওঁলোকে ভাববাদীসকলৰ সৈতে তেওঁক ভাববাণী প্ৰচাৰ কৰা দেখি, ইজনে-সিজনক ক’লে, “কীচৰ পুত্রৰ কি হ’ল? চৌলো ভাববাদীসকলৰ মাজৰ এজন নেকি?”
וַיַּעַן אִישׁ מִשָּׁם וַיֹּאמֶר וּמִי אֲבִיהֶם עַל־כֵּן הָיְתָה לְמָשָׁל הֲגַם שָׁאוּל בַּנְּבִאִֽים׃ 12
১২তাত থকা এজন মানুহে উত্তৰ দিলে, “তেওঁলোকৰ পিতৃ কোন?” ইয়াৰ কাৰণে এই কথা প্রচলিত হ’ল, “চৌলো ভাববাদীসকলৰ মাজৰ এজন নে?”
וַיְכַל מֵֽהִתְנַבּוֹת וַיָּבֹא הַבָּמָֽה׃ 13
১৩ভাববাণী প্ৰচাৰ কৰি শেষ হোৱাৰ পাছত তেওঁ ওখ স্থানলৈ গ’ল।
וַיֹּאמֶר דּוֹד שָׁאוּל אֵלָיו וְאֶֽל־נַעֲרוֹ אָן הֲלַכְתֶּם וַיֹּאמֶר לְבַקֵּשׁ אֶת־הָאֲתֹנוֹת וַנִּרְאֶה כִי־אַיִן וַנָּבוֹא אֶל־שְׁמוּאֵֽל׃ 14
১৪চৌলৰ দদায়েকে তেওঁক আৰু তেওঁৰ দাসক সুধিলে, “তোমালোক ক’লৈ গৈছিলা?” তেওঁ উত্তৰ দি ক’লে, “গাধবোৰ বিচাৰি গৈছিলোঁ; কিন্তু গাধবোৰ ক’তো বিচাৰি নাপাই আমি চমূৱেলৰ ওচৰলৈ গ’লো।”
וַיֹּאמֶר דּוֹד שָׁאוּל הַגִּֽידָה־נָּא לִי מָה־אָמַר לָכֶם שְׁמוּאֵֽל׃ 15
১৫চৌলৰ দদায়েকে ক’লে, “অনুগ্ৰহ কৰি কোৱাচোন চমূৱেলে তোমালোকক কি ক’লে?”
וַיֹּאמֶר שָׁאוּל אֶל־דּוֹדוֹ הַגֵּד הִגִּיד לָנוּ כִּי נִמְצְאוּ הָאֲתֹנוֹת וְאֶת־דְּבַר הַמְּלוּכָה לֹא־הִגִּיד לוֹ אֲשֶׁר אָמַר שְׁמוּאֵֽל׃ 16
১৬চৌলে দদায়েকক ক’লে, “তেওঁ আমাক স্পষ্টকৈ ক’লে যে, “গাধবোৰ বিচাৰি পাবা।” কিন্তু ৰাজ্যৰ বিষয়ে যি কথা চমূৱেলে তেওঁক কৈছিল, সেই কথা তেওঁ দদায়েকক নক’লে।
וַיַּצְעֵק שְׁמוּאֵל אֶת־הָעָם אֶל־יְהֹוָה הַמִּצְפָּֽה׃ 17
১৭চমূৱেলে লোকসকলক মতি আনি মিস্পাত যিহোৱাৰ সাক্ষাতে গোট খোৱালে।
וַיֹּאמֶר ׀ אֶל־בְּנֵי יִשְׂרָאֵל כֹּֽה־אָמַר יְהֹוָה אֱלֹהֵי יִשְׂרָאֵל אָנֹכִי הֶעֱלֵיתִי אֶת־יִשְׂרָאֵל מִמִּצְרָיִם וָאַצִּיל אֶתְכֶם מִיַּד מִצְרַיִם וּמִיַּד כׇּל־הַמַּמְלָכוֹת הַלֹּחֲצִים אֶתְכֶֽם׃ 18
১৮ইস্ৰায়েলৰ সন্তান সকলক তেওঁ ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মই ইস্ৰায়েলক মিচৰৰ পৰা আনিলোঁ, মিচৰীয়াসকলৰ হাতৰ পৰা আৰু যিবোৰ ৰাজ্যই তোমালোকক উপদ্ৰৱ কৰিছিল তেওঁলোকৰ পৰা মই উদ্ধাৰ কৰিলোঁ।
וְאַתֶּם הַיּוֹם מְאַסְתֶּם אֶת־אֱלֹהֵיכֶם אֲשֶׁר־הוּא מוֹשִׁיעַ לָכֶם מִכׇּל־רָעוֹתֵיכֶם וְצָרֹתֵיכֶם וַתֹּאמְרוּ לוֹ כִּי־מֶלֶךְ תָּשִׂים עָלֵינוּ וְעַתָּה הִֽתְיַצְּבוּ לִפְנֵי יְהֹוָה לְשִׁבְטֵיכֶם וּלְאַלְפֵיכֶֽם׃ 19
১৯কিন্তু তোমালোকে আজি তোমালোকৰ ঈশ্বৰক হেয়জ্ঞান কৰিলা, যি জনে সকলো আপদ আৰু সঙ্কটৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে; তেওঁকেই তোমালোকে কৈছা, “আমাৰ ওপৰত এজন ৰজা নিযুক্ত কৰক’। সেয়ে, তোমালোকে এতিয়া নিজৰ ফৈদ অনুসাৰে আৰু নিজৰ গোষ্ঠী অনুসাৰে যিহোৱাৰ আগত উপস্থিত হোৱা।”
וַיַּקְרֵב שְׁמוּאֵל אֵת כׇּל־שִׁבְטֵי יִשְׂרָאֵל וַיִּלָּכֵד שֵׁבֶט בִּנְיָמִֽן׃ 20
২০তাৰ পাছত চমূৱেলে ইস্ৰায়েলৰ সকলো ফৈদক ওচৰলৈ আনিলে আৰু বিন্যামীন ফৈদক মনোনীত কৰিলে।
וַיַּקְרֵב אֶת־שֵׁבֶט בִּנְיָמִן לְמִשְׁפְּחֹתָו וַתִּלָּכֵד מִשְׁפַּחַת הַמַּטְרִי וַיִּלָּכֵד שָׁאוּל בֶּן־קִישׁ וַיְבַקְשֻׁהוּ וְלֹא נִמְצָֽא׃ 21
২১গোষ্ঠী অনুসাৰে বিন্যামীন ফৈদক ওচৰলৈ আনাৰ পাছত মট্ৰীয়া সকলৰ গোষ্ঠীক মনোনীত কৰা হ’ল আৰু তাৰ মাজত কীচৰ পুত্ৰ চৌলক মনোনীত কৰিলে; কিন্তু তেওঁলোকে যেতিয়া তেওঁক বিচাৰি গ’ল, তেতিয়া তেওঁক বিচাৰি নাপালে।
וַיִּשְׁאֲלוּ־עוֹד בַּֽיהֹוָה הֲבָא עוֹד הֲלֹם אִישׁ וַיֹּאמֶר יְהֹוָה הִנֵּה־הוּא נֶחְבָּא אֶל־הַכֵּלִֽים׃ 22
২২তেতিয়া লোকসকলে যিহোৱাক বহুতো প্ৰশ্ন সুধিব খুজিলে, “এতিয়াও এই ঠাইলৈ আন এজন মানুহ আহিব লগা আছে নে?” যিহোৱাই উত্তৰ দিলে, “সেই পুৰুষ মালবস্তুৰ মাজত লুকাই আছে।”
וַיָּרֻצוּ וַיִּקָּחֻהוּ מִשָּׁם וַיִּתְיַצֵּב בְּתוֹךְ הָעָם וַיִּגְבַּהּ מִכׇּל־הָעָם מִשִּׁכְמוֹ וָמָֽעְלָה׃ 23
২৩তেওঁলোকে লগে লগে দৌৰি গৈ তাৰ পৰা তেওঁক উলিয়াই আনিলে, আৰু তেওঁ লোকসকলৰ মাজত থিয় হোৱাত, আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
וַיֹּאמֶר שְׁמוּאֵל אֶל־כׇּל־הָעָם הַרְּאִיתֶם אֲשֶׁר בָּחַר־בּוֹ יְהֹוָה כִּי אֵין כָּמֹהוּ בְּכׇל־הָעָם וַיָּרִעוּ כׇל־הָעָם וַיֹּאמְרוּ יְחִי הַמֶּֽלֶךְ׃ 24
২৪তেতিয়া চমূৱেলে লোক সকলক ক’লে, “যিহোৱাই মনোনীত কৰা পুৰুষ জনক তোমালোকে দেখিছা নে? ইয়াত সকলো লোকৰ মাজত এওঁৰ দৰে আন কোনো নাই!” তাতে সকলো লোকে জয়-ধ্বনি কৰি ক’লে “ৰজা চিৰজীৱি হওঁক!”
וַיְדַבֵּר שְׁמוּאֵל אֶל־הָעָם אֵת מִשְׁפַּט הַמְּלֻכָה וַיִּכְתֹּב בַּסֵּפֶר וַיַּנַּח לִפְנֵי יְהֹוָה וַיְשַׁלַּח שְׁמוּאֵל אֶת־כׇּל־הָעָם אִישׁ לְבֵיתֽוֹ׃ 25
২৫তাৰ পাছত চমূৱেলে লোকসকলৰ আগত ৰাজ্যৰ ৰীতি-নীতি ব্যাখ্যা কৰিলে, আৰু এখন পুস্তকত এই সকলো লিখি যিহোৱাৰ সন্মুখত ৰাখিলে। তাৰ পাছত চমূৱেলে লোকসকলক নিজৰ নিজৰ ঘৰলৈ পঠিয়াই দিলে।
וְגַם־שָׁאוּל הָלַךְ לְבֵיתוֹ גִּבְעָתָה וַיֵּלְכוּ עִמּוֹ הַחַיִל אֲשֶׁר־נָגַע אֱלֹהִים בְּלִבָּֽם׃ 26
২৬চৌলেও নিজৰ ঘৰ গিবিয়ালৈ গ’ল; আৰু ঈশ্বৰে যিসকলৰ হৃদয় স্পৰ্শ কৰিলে, এনে কেইজন মান শক্তিমান পুৰুষ তেওঁৰ লগত গ’ল।
וּבְנֵי בְלִיַּעַל אָמְרוּ מַה־יֹּשִׁעֵנוּ זֶה וַיִּבְזֻהוּ וְלֹא־הֵבִיאוּ לוֹ מִנְחָה וַיְהִי כְּמַחֲרִֽישׁ׃ 27
২৭কিন্তু কেইজন মান মূল্যহীন মানুহে ক’লে, “এই পুৰুষে আমাক কেনেকৈ ৰক্ষা কৰিব?” তেওঁলোকে চৌলক হেয়জ্ঞান কৰিলে আৰু তেওঁলৈ কোনো উপহাৰ নানিলে; তথাপি তেওঁ মনে মনে থাকিল।

< שמואל א 10 >