< תהילים 131 >
שיר המעלות לדוד יהוה לא-גבה לבי-- ולא-רמו עיני ולא-הלכתי בגדלות ובנפלאות ממני | 1 |
১হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহও।
אם-לא שויתי ודוממתי-- נפשי כגמל עלי אמו כגמל עלי נפשי | 2 |
২কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ, যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে; মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।
יחל ישראל אל-יהוה-- מעתה ועד-עולם | 3 |
৩হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা, এতিয়াৰ পৰা অনন্ত কাললৈকে।