< Waƙar Waƙoƙi 4 >

1 Ke kyakkyawa ce, ƙaunatacciyata! Kai, ke kyakkyawa ce! Idanunki sun yi kamar na kurciya a cikin lulluɓinki. Gashinki ya yi kamar garken awaki da suke gangarawa daga Dutsen Gileyad.
চলোমনে কইনাৰ সৌন্দর্যৰ প্রশংসা কৰা প্রিয়ৰ কথা: প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি! তুমি সুন্দৰী। ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা; তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা।
2 Haƙoranki sun yi kamar garken tumakin da ba a daɗe da yin musu sausaya ba, da suke haurawa daga inda aka yi musu wanka. Kowanne yana tare da ɗan’uwansa; babu waninsu da yake shi kaɗai.
এইমাত্র নোম কাটি গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।
3 Leɓunanki kamar zaren jan garura bakinki yana da kyau. Kumatunki sun yi kamar rumman da aka tsaga biyu a cikin lulluɓinki.
তোমাৰ ওঁঠ দুটা এডাল ৰক্তিম সূতাৰ দৰে ৰঙা; কি যে মৰমলগা তোমাৰ মুখ। ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।
4 Wuyanki ya yi kamar hasumiyar Dawuda, da aka gina da daraja; a kansa an rataye garkuwoyi dubu, dukansu garkuwoyin jarumawa ne.
তোমাৰ ডিঙি, শিলেৰে শাৰিপাতি বনোৱা দায়ুদৰ ওখ স্তম্ভটিৰ দৰে, য’ত ওলমি আছে এহেজাৰ ঢাল; সেই সকলোবোৰেই সৈন্যসকলৰ।
5 Nonanki biyu sun yi kamar bareyi biyu, kamar tagwayen barewa da suke kiwo a cikin furen bi-rana.
তোমাৰ স্তন দুটা লিলি ফুলৰ বনত চৰি ফুৰা কৃষ্ণসাৰৰ যমজ পোৱালীৰ নিচিনা।
6 Sai gari ya waye inuwa kuma ta watse, zan je dutsen mur da kuma tudun turare.
ভোৰ নোহোৱালৈকে আৰু অন্ধকাৰৰ ছাঁয়া আঁতৰি নোযোৱালৈকে, হয়, মই গন্ধৰসৰ আৰু ধূপৰ পাহাৰতে গৈ থাকিম।
7 Duk, ke kyakkyawa ce, ƙaunatacciyata; babu wani lahani a cikinki.
মোৰ প্ৰিয়া, তুমি সৰ্ব্বাঙ্গ-সুন্দৰী; তোমাত কোনো খুঁত নাই।
8 Ki tare da ni daga Lebanon, amaryata, zo tare da ni daga Lebanon. Ki gangara daga ƙwanƙolin Amana, daga ƙwanƙolin Senir, ƙwanƙolin Hermon, daga ramin zaki da kuma dutsen da damisoshi suke zama.
হে মোৰ কইনাজনী, লিবানোনৰ পৰা মোৰ লগত আহাঁ। লিবানোনৰ পৰা মোৰ লগতেই আহাঁ; অমানাৰ চূড়াৰ পৰা, চনীৰ আৰু হৰ্মোণ পাহাৰৰ ওপৰৰ পৰা, সিংহবোৰৰ গাতৰ পৰা, আৰু নাহৰফুটুকী বাঘবোৰৰ পাহাৰী বাসস্থানৰ পৰা তুমি নামি আহাঁ।
9 Kin saci zuciyata,’yar’uwata, amaryata; kin saci zuciyata da hararar idanunki, da dutse mai daraja guda na abin wuyanki.
মোৰ প্রিয়া, মোৰ কইনাজনী, তুমি মোৰ মনকে চুৰ কৰিলা; তোমাৰ চকুৰ এক চাৱনীৰে, তোমাৰ ডিঙিৰ হাৰৰ এটা মণিৰে তুমি মোৰ মন বন্দী কৰিলা।
10 Ƙaunarki abar farin ciki ne,’yar’uwata, amaryata! Ƙaunarki ta fi ruwan inabi gamsuwa, ƙanshin turarenki kuma ya fi duk wani kayan yaji!
১০হে মোৰ প্রিয়া, মোৰ কইনাজনী, তোমাৰ ভালপোৱা কিমান যে মনমোহা! দ্ৰাক্ষাৰসতকৈয়ো তোমাৰ ভালপোৱা আৰু সকলো সুগন্ধি দ্রব্যতকৈয়ো তোমাৰ ঘ্রাণৰ সৌৰভ কেনে উত্তম।
11 Leɓunanki suna zub da zaƙi kamar kakin zuma, amaryata; madara da zuma suna a ƙarƙashin harshenki. Ƙanshin rigunanki ya yi kamar na Lebanon.
১১হে মোৰ কইনাজনী, তোমাৰ ওঁঠযুৰিৰ পৰা টোপ-টোপ কৰি মধু পৰে; তোমাৰ জিভাৰ তলত মধু আৰু দুগ্ধ আছে; তোমাৰ বস্ত্ৰৰ গন্ধ লিবানোনৰ বনৰ গন্ধৰ নিচিনা।
12 Ke lambu ne da aka kulle,’yar’uwata, amaryata; ke maɓulɓula ce da aka kewaye, maɓulɓular da aka rufe.
১২মোৰ প্রিয়া, মোৰ কইনাজনী বন্ধ কৰি থোৱা এক উদ্যান; এক বন্ধ কৰি থোৱা সুৰক্ষিত উদ্যান, মোহৰ মাৰি ৰখা এটি জুৰি।
13 Shuke-shukenki gonar rumman ne da’ya’yan itace masu kyau na lalle da nardi,
১৩এক ডালিম গছেৰে ভৰা উদ্যান; ডালবোৰ উত্তম উত্তম ফলেৰে ভৰা; তাত জেতুকা আৰু সুগন্ধি লতা আছে।
14 nardi, da asfaran, kalamus, da kirfa, da kowane irin itacen turare, da mur da aloyes da kuma dukan kayan yaji masu kyau.
১৪জটামাংসী, জাফৰন, সুগন্ধি বচ, ডালচেনি, আৰু সকলো ধৰণৰ মছলাৰ গছ আছে। তাত গন্ধৰস, অগৰু আদিকে ধৰি সকলো বিধৰ সুগন্ধি গছ আছে।
15 Ke lambun maɓulɓula ne, rijiya mai ruwan da yake gudu yana gangarawa daga Lebanon.
১৫তুমি যেন উদ্যানৰ জুৰি, যেন নির্মল পানীৰ এটি কুৱাঁ, যেন লিবানোনৰ পৰা বৈ নামি অহা জলস্রোত।
16 Farka, iskar arewa, ki kuma zo, iskar kudu! Hura a kan lambuna, don ƙanshinsa yă bazu har waje. Bari ƙaunataccena yă zo cikin lambunsa yă ɗanɗana’ya’yan itacensa mafi kyau.
১৬প্রিয়াৰ কথা: হে উত্তৰৰ বতাহ, সাৰ পোৱা; হে দক্ষিণৰ বতাহ, তুমি আহাঁ; মোৰ উদ্যানৰ ওপৰেদি প্রৱাহিত হোৱা, যাতে তাৰ সুগন্ধি দ্ৰব্যৰ সুঘ্ৰাণ বিয়পি পৰে। মোৰ প্রিয়তম যেন তেওঁৰ উদ্যানলৈ আহে আৰু তাৰ উত্তম ফলবোৰ ভোজন খায়।

< Waƙar Waƙoƙi 4 >