< Zabura 80 >

1 Don mai bi da kaɗe-kaɗe. Mai muryar “Lilin Alkawari.” Na Asaf. Zabura ce. Ka ji mu, ya Makiyayin Isra’ila, kai da ka bishe Yusuf kamar garke. Kai da kake zaune a kursiyi tsakanin kerubobi, ka haskaka
হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
2 a gaban Efraim, Benyamin da Manasse. Ka tā da ƙarfinka; ka zo ka cece mu.
তুমি ইফ্ৰয়িম, বিন্যামীন আৰু মনচি ফৈদৰ সন্মুখত তোমাৰ পৰাক্ৰম জগাই তোলা, আমাক উদ্ধাৰ কৰিবলৈ আহাঁ।
3 Ka mai da mu, ya Allah; ka sa fuskarka ta haskaka a kanmu, za mu kuwa cetu.
হে ঈশ্বৰ, তুমি আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
4 Ya Ubangiji Allah Maɗaukaki, har yaushe fushinka zai yi ta ƙuna a kan addu’o’in mutanenka?
হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?
5 Ka ciyar da su da burodin hawaye; ka sa suka sha hawaye ta cikakken kwaf.
তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা, আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।
6 Ka mai da mu abin faɗa ga maƙwabtanmu, kuma abokan gābanmu suna mana ba’a.
তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্রতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে। আমাৰ শত্রুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি-তামাচা কৰে।
7 Ka mai da mu, ya Allah Maɗaukaki; ka sa fuskarka ta haskaka a kanmu za mu kuwa cetu.
হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
8 Ka fitar da inabi daga Masar; ka kori al’ummai ka kuma dasa shi.
তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
9 Ka gyara wuri saboda shi, ya kuwa yi saiwa ya cike ƙasa.
তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা; তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।
10 Aka rufe duwatsu da inuwarsa, manya-manyan itatuwan al’ul da rassansa.
১০তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;
11 Ya miƙe rassansa zuwa Teku tohonsa har zuwa Kogi.
১১সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।
12 Me ya sa ka rurrushe bangayensa don duk masu wucewa su tsinke’ya’yan inabinsa?
১২তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
13 Aladu daga kurmi suna ɓarnatar da shi halittun gonaki kuma suna cinsa.
১৩বনৰ বৰাহে আহি তাক নষ্ট কৰে; পথাৰৰ পশুবোৰেও তাক খায়।
14 Ka komo wurinmu, ya Allah Maɗaukaki! Ka duba daga sama ka gani! Ka lura da wannan inabi,
১৪হে বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আহাঁ; স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেখ-ভাল কৰা,
15 saiwar da hannun damarka ya dasa, ɗan da ka renar wa kanka.
১৫যি পুলি গছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
16 An yanke inabinka, an ƙone shi da wuta; a tsawatawarka mutanenka sun hallaka.
১৬সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে; তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।
17 Bari hannunka yă zauna a kan mutumin da yake hannun damarka, ɗan mutum da ka renar wa kanka.
১৭কিন্তু তোমাৰ সোঁ হাতৰ লোকৰ ওপৰত তুমি নিজৰ হাত ৰাখা; হাত ৰাখা সেই মনুষ্য পুত্রৰ ওপৰত যাক তুমি নিজৰ কাৰণে শক্তিশালী কৰিলা।
18 Ta haka ba za mu juye mu bar ka ba; ka rayar da mu, za mu kuwa kira bisa sunanka.
১৮তাতে আমি কেতিয়াও তোমাৰ ওচৰৰ পৰা উলটি নাযাম; তুমি আমাক পুনৰ জীৱন দিয়া, আমি তোমাৰ নামত নিবেদন কৰিম।
19 Ka mai da mu, ya Ubangiji Allah Maɗaukaki; ka sa fuskarka ta haskaka a kanmu, za mu kuwa cetu.
১৯হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।

< Zabura 80 >