< Ƙidaya 13 >

1 Ubangiji ya ce wa Musa,
তেতিয়া যিহোৱাই মোচিক ক’লে,
2 “Ka aiki waɗansu mutane zuwa ƙasar Kan’ana, wadda nake ba Isra’ilawa. Daga kowace kabila, ka aiki ɗaya daga cikin shugabanninta.”
“মই ইস্ৰায়েল সন্তান সকলক যি দেশ দিম, সেই কনান দেশ গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁলোকৰ নিজ নিজ পিতৃ-বংশৰ প্রত্যেকখন ফৈদৰ পৰা এজন এজন অধ্যক্ষক পঠোৱা।”
3 Saboda haka bisa ga umarnin Ubangiji, Musa ya aike su daga Hamadan Faran. Dukansu kuwa shugabanni ne na Isra’ilawa.
তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচিয়ে পাৰণ মৰুভূমিৰ পৰা তেওঁলোকক পঠিয়ালে। তেওঁলোক সকলোৱে ইস্ৰায়েলৰ সন্তান সকলৰ মূল মানুহ আছিল।
4 Shugabannin kuwa su ne, Shammuwa ɗan Zakkur, daga kabilar Ruben;
তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।
5 Shafat ɗan Hori, daga kabilar Simeyon;
চিমিয়োন ফৈদৰ মাজৰ হোৰীৰ পুত্ৰ চাফট।
6 Kaleb ɗan Yefunne, daga kabilar Yahuda;
যিহূদা ফৈদৰ মাজৰ যিফুন্নিৰ পুত্ৰ কালেব।
7 Igal ɗan Yusuf, daga kabilar Issakar;
ইচাখৰ ফৈদৰ মাজৰ যোচেফৰ পুত্ৰ যিগাল।
8 Hosheya ɗan Nun, daga kabilar Efraim;
ইফ্ৰয়িম ফৈদৰ মাজৰ নুনৰ পুত্ৰ হোচেয়া।
9 daga kabilar Benyamin, Falti ɗan Rafu;
বিন্যামীন ফৈদৰ মাজৰ ৰাফূৰ পুত্ৰ পল্টী।
10 Gaddiyel ɗan Sodi, daga kabilar Zebulun;
১০জবূলূন ফৈদৰ মাজৰ চোদীৰ পুত্ৰ গদ্দীয়েল।
11 Gaddi ɗan Susi, daga kabilar Manasse (wata kabilar Yusuf);
১১যোচেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচীৰ পুত্ৰ গদ্দী।
12 Ammiyel ɗan Gemalli, daga kabilar Dan;
১২দান ফৈদৰ মাজৰ গমল্লীৰ পুত্ৰ অম্মীয়েল।
13 Setur ɗan Mika’ilu, daga kabilar Asher;
১৩আচেৰ ফৈদৰ মাজৰ মীখায়েলৰ পুত্ৰ চখূৰ।
14 Nabi ɗan Bofsi, daga kabilar Naftali;
১৪নপ্তালী ফৈদৰ মাজৰ বফচীৰ পুত্ৰ নহ্বী।
15 Geyuwel ɗan Maki, daga kabilar Gad.
১৫গাদ ফৈদৰ মাজৰ মাখীৰ পুত্ৰ গূৱেল।
16 Waɗannan su ne sunayen mutanen da Musa ya aika su binciki ƙasar. (Sai Musa ya ba Hosheya ɗan Nun, suna Yoshuwa.)
১৬এই এই নামৰ লোকসকল মোচিয়ে গুপুতে দেশ চাবলৈ পঠিয়ালে। মোচিয়ে নুনৰ পুত্ৰ হোচেয়াৰ নাম যিহোচূৱা ৰাখিলে।
17 Sa’ad da Musa ya aike su domin su binciki Kan’ana ya ce, “Ku haura, ku ratsa ta Negeb har zuwa ƙasar tudu.
১৭কনান দেশ চাবলৈ পঠোৱা সময়ত মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক এই দক্ষিণ অঞ্চলেদি গৈ পৰ্ব্বতত উঠাগৈ।
18 Ku ga yadda ƙasar take, ku ga ko mutanen da suke zama a can ƙarfafa ne, ko raunannu, ko su kima ne, ko kuma suna da yawa.
১৮আৰু সেই দেশ কেনেকুৱা আৰু তাত বাস কৰা লোকসকল বলী নে নিৰ্ব্বলী আৰু তাকৰ নে সৰহ।
19 Wace irin ƙasa ce suke zama a ciki, Mai kyau ce, ko mummuna? Waɗanne irin birane ne suke zama a ciki? Suna da katanga, ko babu?
১৯আৰু তেওঁলোক যি দেশত বাস কৰিছে, সেই দেশ কেনেকুৱা, ভাল নে বেয়া আৰু যি যি নগৰত তেওঁলোকে বাস কৰিছে, সেইবোৰ নগৰ কেনেধৰণৰ, মুকলি নে গড়েৰে আবৃত হোৱা?
20 Yaya ƙasar take? Tana da wadata, ko babu? Akwai itatuwa, ko babu? Ku yi iya ƙoƙarinku ku ɗebo daga cikin albarkar ƙasar ku kawo.” (Lokacin farkon nunan inabi ne.)
২০আৰু সিহঁতৰ মাটি কেনেকুৱা, সাৰুৱা নে অসাৰোৱা, তাৰ মাজত গছ-গছনি আছে নে নাই, এই সকলোকে তোমালোকে চাবা। তোমালোকে সাহিয়াল হোৱা আৰু সেই দেশৰ কোনো কোনো ফল লগত আনিবা।” তেতিয়া প্ৰথমে পকা দ্ৰাক্ষাফলৰ সময় আছিল।
21 Saboda haka suka haura, suka binciki ƙasar daga Hamadan Zin har zuwa Rehob, wajen Lebo Hamat.
২১তাতে তেওঁলোকে উঠি গৈ, ছিন মৰুভূমিৰ পৰা ৰহোবলৈ, হমাতৰ প্ৰৱেশস্থানলৈকে দেশখন গুপুতে চালে।
22 Suka kuma haura ta Negeb, suka iso Hebron, inda Ahiman, da Sheshai, da Talmai, zuriyar Anak, suke zama. (An gina Hebron da shekara bakwai kafin a gina Zowan a Masar.)
২২তেওঁলোক দক্ষিণ অঞ্চলেদি গৈ, হিব্ৰোণলৈকে উঠিল, সেই ঠাইতে অহিমন, চেচয় আৰু তল্ময়, এই তিনিজন অনাক’ৰ সন্তান আছিল। মিচৰ দেশত থকা চোৱন নগৰ স্থাপন কৰাৰ সাত বছৰৰ আগেয়ে হিব্ৰোণ স্থাপন কৰা হ’ল।
23 Da suka iso Kwarin Eshkol, sai suka yanko reshe guda na nonon inabi tare da’ya’yansa cunkus. Mutum biyu suka ɗauka shi rataye a sanda a kafaɗarsu, suka haɗa tare da rumman da kuma ɓaure.
২৩পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে।
24 Sai aka kira wurin Kwarin Eshkol saboda nonon inabin da suka yi cunkus, wanda Isra’ilawa suka yanko a wurin.
২৪ইস্ৰায়েলৰ সন্তান সকলে সেই ঠাইতে সেই দ্ৰাক্ষাৰ থোপা কাটিলে দেখি, সেই ঠাইৰ নাম ইষ্কোল উপত্যকা ৰখা হ’ল।
25 A ƙarshen kwana arba’in sai suka komo daga bincikensu.
২৫চল্লিশ দিনৰ পাছত, তেওঁলোকে দেশ চাই উলটি আহিল।
26 Suka dawo wurin Musa, da Haruna, da dukan jama’ar Isra’ilawa, a Kadesh, a Hamadan Faran. A can suka ba da rahoton ga dukan taron da yake wurin, suka kuma nuna musu amfanin ƙasar.
২৬পাছত তেওঁলোকে পাৰণ মৰুভূমিৰ কাদেচলৈ, মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ আহি, তেওঁলোকক আৰু গোটেই সমাজক সম্বাদ দিলে আৰু সেই দেশৰ ফল তেওঁলোকক দেখুৱালে।
27 Suka ce wa Musa, “Mun je ƙasar da ka aike mu, ƙasar tana zub da madara da zuma! Ga kuma amfaninta.
২৭আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল।
28 Amma fa mazaunan can ɗin ƙarfafa ne, an kuma kewaye biranen da manya-manyan katanga. Mun kuma ga zuriyar Anak a can.
২৮সেই দেশত থকা লোকসকল বলী আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকীয়া সন্তান সকলকো দেখিলোঁ।
29 Amalekawa suna zama a Negeb; Hittiyawa, Yebusiyawa da kuma Amoriyawa, suna zama ne a ƙasar tudu. Kan’aniyawa kuma suna zama kusa da teku da kuma a bakin Urdun.”
২৯দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে। আৰু পৰ্ব্বতত হিত্তীয়া, যিবুচীয়া, আৰু ইমোৰীয়া লোকসকলে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু যৰ্দ্দনৰ পাৰত কনানীয়া লোকসকলে বাস কৰিছে।”
30 Sai Kaleb ya sa mutane suka yi shiru a gaban Musa, sai ya ce, “Ya kamata mu tafi mu mallaki ƙasar, gama lalle za mu iya cinta.”
৩০পাছত কালেবে মোচিৰ আগত লোকসকলক শান্ত কৰিবৰ অৰ্থে ক’লে, “আহা, আমি একেবাৰে উঠি গৈ, তাক অধিকাৰ কৰোঁ; কিয়নো তাক জয় কৰিবলৈ অৱশ্যে আমাৰ অধিক শক্তি আছে।”
31 Amma sauran mutanen da suka je tare da shi, suka ce, “Ba za mu iya kara da mutanen nan ba; sun fi mu ƙarfi.”
৩১কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।”
32 Sai suka yaɗa labari marar kyau ga Isra’ilawa game da ƙasar da suka binciko. Suka ce, “Ƙasar da muka ratsa cikinta domin mu leƙi asirinta, tana cinye waɗanda suke zama a cikinta. Dukan mutanen da muka gani a wurin, ƙatti ne.
৩২এইদৰে, তেওঁলোকে যি দেশ চাবলৈ গৈছিল, ইস্ৰায়েলৰ সন্তান সকলৰ আগত সেই দেশ দুৰ্যশ কৰি ক’লে, “আমি যি দেশৰ মাজেদি চাই চাই গৈছিলোঁ; সেই দেশ নিজৰ নিবাসীসকলক গ্ৰাস কৰোঁতা দেশ। আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ, তেওঁলোক অতি ওখ ওখ লোক।
33 Mun ga Nefilimawa a can (zuriyar Anak sun fito ne daga Nefilim). Sai muka ga kanmu kamar fāra ne kawai, haka kuwa muke a gare su.”
৩৩আৰু তাৰ নাফিল বংশ অনাকৰ সন্তান নাফিলসকলক দেখি, আমাৰ মানত আমি ফৰিঙৰ নিচিনা হ’লো; আৰু সিহঁতৰ দৃষ্টিতো তেনেকুৱাই আছিলোঁ।”

< Ƙidaya 13 >