< Luka 18 >

1 Yesu ya ba wa almajiransa wani misali, don yă koya musu yadda ya kamata su dinga yin addu’a kullum, ban da fasawa.
নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে,
2 Ya ce, “A wani gari, an yi wani alƙali wanda ba ya tsoron Allah, bai kuma kula da mutane ba.
“এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল।
3 A garin nan kuma, akwai wata gwauruwa, wadda ta dinga zuwa wurin alƙalin nan, da roƙo cewa, ‘Ka yi mini adalci tsakanina da maƙiyina.’
সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’।
4 “An daɗe yana ƙi, amma a ƙarshe ya ce cikin tunaninsa, ‘Ko da yake ba na tsoron Allah, ba na kuma kula da mutane ba,
তাতে তেওঁ কিছু দিনলৈ সন্মত নহ’ল; কিন্তু পাছত নিজৰ মনতে ক’লে, ‘মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো,
5 amma don gwauruwan nan ta dame ni, zan tabbatar cewa ta sami adalci, domin kada tă gajiyar da ni, da yawan zuwanta.’”
তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব’।”
6 Sai Ubangiji ya ce, “Ku ji fa abin da alƙalin nan, marar gaskiya, ya ce.
পাছত প্ৰভুৱে ক’লে, “সেই অধাৰ্মিক বিচাৰকে কি কয়, ‘শুনা।
7 Ashe, Allah ba zai biya wa zaɓaɓɓunsa da suke masa kuka, dare da rana adalci ba? Zai ci gaba da ƙin sauraronsu ne?
তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’
8 Ina gaya muku, zai tabbatar sun sami adalci, ban da ɓatan lokaci. Amma sa’ad da Ɗan Mutum ya dawo, zai sami bangaskiya a duniya ke nan?”
মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?”
9 Yesu ya kuma faɗi wannan misali ga waɗansu masu taƙama da adalcinsu, kuma suna rena sauran mutane ya ce,
ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।
10 “Waɗansu mutane biyu sun tafi haikali don yin addu’a. Ɗaya Bafarisiye ne, ɗayan kuma mai karɓar haraji.
১০“দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী।
11 Sai Bafarisiyen ya tashi tsaye, ya yi addu’a game da kansa yana cewa, ‘Allah, na gode maka, saboda ni ba kamar sauran mutane ba ne, wato, mafasa, masu aikata mugunta, masu zina, ko kuma kamar mai karɓar harajin nan.
১১ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
12 Ina azumi sau biyu a mako, ina ba da zakka daga kowane abin da na samu.’
১২মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’।
13 “Amma mai karɓar harajin ya tsaya daga nesa. Bai ma iya ɗaga kansa sama ba, sai ya buga ƙirjinsa, yana cewa, ‘Allah, ka yi mini jinƙai, ni mai zunubi ne.’
১৩কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
14 “Ina gaya muku, wannan mutum ne, ba ɗayan ba, ya koma gida baratacce, babu laifi a gaban Allah. Gama duk wanda ya ɗaukaka kansa, za a ƙasƙantar da shi. Wanda kuma ya ƙasƙantar da kansa, za a ɗaukaka shi.”
১৪মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।”
15 Mutane suna kawo jarirai wurin Yesu don yă taɓa su. Da almajiransa suka ga haka, sai suka kwaɓe su.
১৫এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে।
16 Amma Yesu ya kira yaran a wurinsa ya ce, “Ku bar yara ƙanana su zo wurina. Kada ku hana su, gama mulkin Allah na irin waɗannan ne.
১৬তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।”
17 Gaskiya nake gaya muku, duk wanda ba zai karɓi mulkin Allah kamar ƙaramin yaro ba, ba zai taɓa shiga mulkin ba.”
১৭এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক’লে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।”
18 Wani mai mulki ya tambayi Yesu ya ce, “Malam managarci, me zan yi don in gāji rai madawwami?” (aiōnios g166)
১৮এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?” (aiōnios g166)
19 Yesu ya amsa ya ce, “Don me kake kira na managarci? Ai, ba wani nagari, sai Allah kaɗai.
১৯যীচুৱে ক’লে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই।
20 Ka san dokokin da suka ce, ‘Kada ka yi zina, kada ka yi kisankai, kada ka yi sata, kada ka ba da shaida ta ƙarya, ka girmama mahaifinka da mahaifiyarka.’”
২০তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।”
21 Mutumin ya ce, “Ai, tun ina ƙarami, na kiyaye duka waɗannan.”
২১তাতে শাসনকর্তাই ক’লে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।”
22 Da Yesu ya ji haka, sai ya ce masa, “Akwai abu ɗaya har yanzu da ya rage maka. Ka sayar da duk abin da kake da shi, ka ba wa matalauta, sa’an nan za ka sami dukiya a sama. Bayan haka, ka zo ka bi ni.”
২২যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷”
23 Da jin haka, sai ya ɓata rai, domin shi mai arziki ne sosai.
২৩তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল।
24 Yesu ya kalle shi ya ce, “Yana da wuya fa, masu arziki su shiga mulkin Allah!
২৪তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
25 Tabbatacce, zai fi sauƙi raƙumi ya shiga ta kafar allura, da mai arziki ya shiga mulkin Allah.”
২৫কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।”
26 Waɗanda suka ji wannan suka yi tambaya suka ce, “To, wa zai iya samun ceto?”
২৬যি সকল লোকে এই কথা শুনিলে তেওঁলোকে ক’লে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
27 Yesu ya amsa ya ce, “Abin da ba ya yiwuwa ga mutane, mai yiwuwa ne ga Allah.”
২৭যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।”
28 Sai Bitrus ya ce, masa, “To, ga shi mun bar kome da muke da shi, don mu bi ka!”
২৮তেতিয়া পিতৰে ক’লে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ।”
29 Yesu ya ce musu, “Gaskiya nake gaya muku, ba wanda ya bar gida, ko mata, ko’yan’uwa maza, ko iyaye, ko yara, saboda mulkin Allah,
২৯তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে,
30 da zai kāsa samun riɓi mai yawa, a wannan zamani, ya kuma sami rai madawwami a zamani mai zuwa.” (aiōn g165, aiōnios g166)
৩০এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।” (aiōn g165, aiōnios g166)
31 Sai ya kai Sha Biyun gefe ɗaya, ya ce musu, “Za mu Urushalima, kuma dukan abin da annabawa suka rubuta a kan Ɗan Mutum zai cika.
৩১পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব।
32 Za a ba da shi ga Al’ummai, za su yi masa ba’a, su zage shi, su tofa masa miyau,
৩২কিয়নো অনা-ইহুদী লোকৰ হাতত তেওঁক শোধাই দিয়া হ’ব; তাতে মানুহে তেওঁক বিদ্রপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব,
33 za su yi masa bulala, su kuma kashe shi. A rana ta uku kuma zai tashi.”
৩৩আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব; পাছত তিনি দিনৰ দিনা তেওঁ আকৌ উঠিব।”
34 Almajiran ba su gane da ko ɗaya daga cikin wannan ba. An ɓoye musu ma’anarsa, kuma ba su gane da abin da yake magana a kai ba.
৩৪কিন্তু এই কথা তেওঁ কিয় ক’লে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ’ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে।
35 Da Yesu ya yi kusa da Yeriko, akwai wani makaho da yake zaune a gefen hanya, yana bara.
৩৫পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি অাছিল।
36 Da ya ji taron suna wucewa, sai ya yi tambaya ko mene ne ke faruwa.
৩৬তাতে মানুহৰ দল এটাই সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে।
37 Suka ce masa, “Ai, Yesu Banazare ne ke wucewa.”
৩৭তেতিয়া তেওঁলোকে তেওঁক ক’লে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।”
38 Sai ya yi kira ya ce, “Yesu, Ɗan Dawuda, ka yi mini jinƙai!”
৩৮তেতিয়া তেওঁ ৰিঙিয়াই ক’লে, “হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।”
39 Mutane da suke gaba suka kwaɓe shi, suka ce masa ya yi shiru. Amma sai ya ƙara ɗaga murya, yana cewa, “Ɗan Dawuda, ka yi mini jinƙai!”
৩৯তাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক ডবিয়ালে; কিন্তু তেওঁ তেতিয়া বেচিকৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক।”
40 Sai Yesu ya tsaya, ya ba da umarni a kawo mutumin wurinsa. Da ya zo kusa, Yesu ya tambaye shi ya ce,
৪০তেতিয়া যীচু থমকি ৰ’ল আৰু তেওঁৰ ওচৰলৈ মানুহ জনক আনিবলৈ আজ্ঞা দিলে।
41 “Me kake so in yi maka?” Sai ya amsa ya ce, “Ubangiji, ina so in sami ganin gari.”
৪১পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।”
42 Yesu ya ce masa, “Ka sami ganin garinka; bangaskiyarka ta warkar da kai.”
৪২তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।”
43 Nan da nan, ya sami ganin garinsa, kuma ya bi Yesu, yana yabon Allah. Da dukan mutane suka ga wannan, sai su ma suka yabi Allah.
৪৩সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ’ল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।

< Luka 18 >