< Firistoci 18 >

1 Ubangiji ya ce wa Musa,
পাছত যিহোৱাই মোচিক ক’লে,
2 “Yi wa Isra’ilawa magana ka kuma faɗa musu cewa, ‘Ni ne Ubangiji Allahnku.
“তুমি ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
3 Kada ku yi yadda suke yi a Masar inda da kuke zama, kuma ba a ku yi kamar yadda suke yi a ƙasar Kan’ana inda nake kawo ku ba. Kada ku yi yadda suke yin abubuwa.
তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।
4 Dole ku kiyaye dokokina kuma ku lura ku bi farillaina. Ni ne Ubangiji Allahnku.
তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা আৰু মোৰ বিধিবোৰ পালন কৰিবা, আৰু সেইদৰে আচৰণ কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
5 Ku kiyaye farillaina da dokokina, gama mutumin da ya aikata waɗannan abubuwa zai rayu ta wurinsu. Ni ne Ubangiji.
এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰাণালীবোৰ সকলোকে পালন কৰিবা। কোনো এজন লোকে যদি সেইবোৰ পালন কৰে, তেনেহলে তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। মই যিহোৱা।
6 “‘Kada wani ya kusaci wani dangi na kusa don yă yi jima’i. Ni ne Ubangiji.
তোমালোকে কোনেও উলঙ্গতা অনাবৃত কৰিবলৈ, নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা; মই যিহোৱা।
7 “‘Kada ka ƙasƙantar da mahaifinka ta wurin kwana da mahaifiyarka. Ita mahaifiyarka ce; kada ka yi jima’i da ita.
তুমি নিজ পিতৃক, তোমাৰ মাতৃৰ উলঙ্গতাৰেই অনাবৃত নকৰিবা; তেওঁ তোমাৰ মাতৃ; তেওঁক লজ্জিত নকৰিবা।
8 “‘Kada ka yi jima’i da matar mahaifinka, wannan zai ƙasƙantar da mahaifinka.
তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা।
9 “‘Kada ka yi jima’i da’yar’uwarka, ko’yar mahaifinka ko’yar mahaifiyarka, ko an haife ta a gida ɗaya da kai ko kuwa a wani wuri dabam.
তোমাৰ বাই, ভনী, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্মাই হওঁক বা আন ঠাইতে জন্মা হওঁক, তেওঁলোকৰ উলঙ্গতা অনাবৃত নকৰিবা।
10 “‘Kada ka yi jima’i da’yar ɗanka ko’yar’yarka, wannan zai ƙasƙantar da kai.
১০তোমাৰ পো-নাতিয়েৰ বা জী-নাতিয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তেওঁলোকৰ উলঙ্গতা তোমাৰ নিজৰেই উলঙ্গতা।
11 “‘Kada ka yi jima’i da’yar matar mahaifinka wadda aka haifa wa mahaifinka; ita’yar’uwarka ce.
১১তোমাৰ পিতৃৰ ঔৰসত জন্মা তোমাৰ পিতৃৰ ভাৰ্য্যাৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ ভনী।
12 “‘Kada ka yi jima’i da’yar’uwar mahaifinka, ita dangin mahaifinka ne na kusa.
১২তোমাৰ পিতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ পিতৃৰ ওচৰ সম্বন্ধীয়া।
13 “‘Kada ka yi jima’i da’yar’uwar mahaifiyarka, domin ita dangin mahaifiyarka ce na kusa.
১৩তোমাৰ মাতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয়া।
14 “‘Kada ka ƙasƙantar da ɗan’uwan mahaifinka ta wurin kusaci matarsa don ka yi jima’i da ita, ita bābarka ce.
১৪তোমাৰ পিতৃৰ ককায়েক বা ভায়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তুমি তেওঁৰ ভাৰ্য্যাৰ ওচৰলৈ নাযাবা; তাই তোমাৰ বৰমা, বা খুৰী।
15 “‘Kada ka yi jima’i da matar ɗanka. Ita matar ɗanka ne; kada ka yi jima’i da ita.
১৫তোমাৰ বোৱাৰীয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ পো’ৰ ভাৰ্য্যা। তাইৰ উলঙ্গতা অনাবৃত নকৰিবা।
16 “‘Kada ka yi jima’i da matar ɗan’uwanka; wannan zai ƙasƙanta ɗan’uwanka.
১৬তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলঙ্গতা।
17 “‘Kada ka yi jima’i da mace da kuma’yarta. Kada ka yi jima’i da’yar ɗanta ko’yar’yarta; su danginta ne na kusa. Wannan mugun abu ne.
১৭কোনো মহিলা আৰু তাইৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ পো-নাতিয়েক বা জী-নাতিয়েকক বিয়া নকৰিবা। তেওঁলোক ওচৰ সম্বন্ধীয়া; এইয়ে লম্পটতা।
18 “‘Kada ka auri’yar’uwar matarka ta zama kishiyar matarka ka kuma yi jima’i da ita yayinda matarka tana da rai.
১৮নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।
19 “‘Kada ka kusaci mace don ka yi jima’i da ita a lokacin ƙazantar al’adarta.
১৯আৰু কোনো মহিলাৰ মাহেকীয়া অশৌচেৰে অশুচি হৈ থকা সময়ত, তাইৰ উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ ওচৰলৈ নাযাবা।
20 “‘Kada ka yi jima’i da matar maƙwabcinka ka ƙazantar da kanka tare da ita.
২০আৰু তুমি নিজকে অশুচি কৰিবলৈ ওচৰ-চুবুৰিয়াৰ ভাৰ্য্যাৰ লগত সহবাস নকৰিবা।
21 “‘Kada ku ba da wani daga cikin’ya’yanku don a yi hadaya wa Molek, gama ba za ku ƙasƙantar da sunan Allahnku ba. Ni ne Ubangiji.
২১তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
22 “‘Kada ka kwana da namiji kamar yadda namiji yakan kwana da ta mace, wannan abin ƙyama ne.
২২তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম।
23 “‘Kada ka yi jima’i da dabba ka ƙazantar da kanka. Mace ba za tă ba da kanta ga dabba don yă yi jima’i da ita ba; wannan abin ƙyama ne.
২৩আৰু তুমি নিজকে অশুচি কৰিবলৈ, কোনো জন্তুত পতিত নহ’বা; আৰু কোনো মহিলাই নিজৰে সৈতে সংসৰ্গ কৰিবলৈ, কোনো জন্তুৰ আগত থিয় নহ’ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য।
24 “‘Kada ku ƙazantar da kanku da wani daga cikin waɗannan, domin haka al’umman da zan kora a gabanku suka ƙazantu.
২৪তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ’ল।
25 Har ƙasar ma ta ƙazantu, saboda haka na hukunta ta saboda zunubinta, ƙasar kuwa ta amayar da mazaunanta.
২৫আৰু সেই দেশখনো অশুচি হ’ল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো আৰু সেই দেশে নিজ নিবাসীসকলক বতিয়াই পেলালে।
26 Amma dole ku kiyaye farillaina da kuma dokokina. Kada haifaffe ɗan ƙasa da baƙin da suke zama a cikinku yă yi wani daga cikin waɗannan abubuwa banƙyama,
২৬এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশীয়েই হওঁক, তোমালোকে সেই সকলো ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা।
27 gama mutanen da suka zauna a wannan ƙasa kafin ku sun aikata dukan waɗannan abubuwa, suka kuma ƙazantu.
২৭কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল।
28 Kuma in kuka ƙazantar da ƙasar, za tă amayar da ku kamar yadda ta amayar da al’umman da suka riga ku.
২৮কিয়নো সাৱধান, তোমালোকে সেই দেশ অশুচি কৰিলে, তোমালোকৰ পূৰ্বে থকা সেই জাতিক বতিয়াই পেলোৱাৰ নিচিনাকৈ, সেই দেশে তোমালোককো বতিয়াই পেলাব।
29 “‘Duk wanda ya yi wani daga cikin waɗannan abubuwa banƙyama, dole a fid da mutumin daga cikin mutanensa.
২৯কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
30 Ku kiyaye umarnaina kuma kada yi ku wata al’ada mai banƙyamar da aka yi kafin ku zo kuma kada ku ƙazantar da kanku da su. Ni ne Ubangiji Allahnku.’”
৩০এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”

< Firistoci 18 >