< Mahukunta 9 >
1 Abimelek ɗan Yerub-Ba’al ya tafi Shekem wurin’yan’uwan mahaifiyarsa, ya ce musu da kuma dukan dangin mahaifiyarsa,
১যিৰুব্বালৰ পুত্র অবীমেলকে চিখিমলৈ নিজৰ মোমায়েকহঁতৰ ওচৰলৈ গ’ল আৰু তেওঁলোকৰ সৈতে মাকৰ পৰিয়ালৰ আনবোৰ ফৈদকে ক’লে,
2 “Ku tambayi’yan ƙasar Shekem, ‘Wanne ya fi muku, a sa dukan’ya’yan Yerub-Ba’al saba’in maza su yi mulkinku, ko dai mutum guda kawai yă yi mulkinku?’ Ku tuna, ni jininku ne.”
২“দয়া কৰি চিখিমৰ সকলো নেতাকে আপোনালোকে এই কথা সোধক: ‘আপোনালোকৰ কাৰণে কোনটো ভাল? যিৰুব্বালৰ সত্তৰজন পুত্র আপোনালোকৰ শাসনকর্তা হ’ব নে এজনে শাসন কৰা ভাল?’ পাহৰি নাযাব, মই আপোনালোকৰে হাড় আৰু মঙহ।”
3 Sa’ad da’yan’uwan suka mayar wa’yan ƙasar Shekem wannan, sai suka goyi bayan Abimelek, gama sun ce, “Shi ɗan’uwanmu ne.”
৩তেতিয়া অবীমেলকৰ মাকৰ পৰিয়ালবোৰে তেওঁৰ হৈ চিখিমৰ নেতাসকলৰ আগত কথা কোৱাত তেওঁলোকে অবীমেলকৰ পক্ষত থাকিবলৈ একমত হ’ল। তেওঁলোকে ক’লে “অবীমেলক আমাৰে ভাই।”
4 Suka ba shi shekel saba’in na azurfa daga haikalin Ba’al-Berit, Abimelek kuwa ya yi amfani da shi ya yi hayar’yan tauri waɗanda suka zama masu binsa.
৪তেওঁলোকে বাল-বৰীৎৰ মন্দিৰৰ পৰা তেওঁক সত্তৰ চেকল ৰূপৰ মুদ্ৰা দিলে; অবীমেলকে তাৰে কেইজনমান বেপেৰুৱা দু: সাহসী লোকক ভাড়া কৰিলে অাৰু এওঁলোক তেওঁৰ সঙ্গী হ’ল।
5 Sai ya tafi gidan mahaifinsa a Ofra kuma a dutse guda ya kashe’yan’uwansa,’ya’yan Yerub-Ba’al. Amma Yotam, autan ɗan Yerub-Ba’al ya tsira ta wurin ɓuya.
৫অবীমেলকে অফ্রাত নিজৰ বাপেকৰ ঘৰলৈ গৈ তেওঁৰ সত্তৰজন ভাইক অর্থাৎ যিৰুব্বালৰ পুতেকসকলক একেটা শিলৰ ওপৰত হত্যা কৰিলে। কেৱল, যিৰুব্বালৰ সৰু পুতেক যোথম লুকাই থকা বাবে সি বাচি গ’ল।
6 Sa’an nan duka’yan ƙasar Shekem da Bet Millo suka taru kusa da babban itacen wajen ginshiƙi a Shekem don a naɗa Abimelek sarki.
৬তাৰ পাছত চিখিমৰ আৰু বৈৎ-মিল্লোৰ নেতাসকলে একেলগে আহি চিখিমৰ স্তম্ভৰ ওচৰত থকা ওক গছজোপাৰ কাষলৈ গৈ অবীমেলকক ৰজা পাতিলে।
7 Sa’ad da aka gaya wa Yotam wannan, sai ya hau Dutsen Gerizim ya yi kira da ƙarfi ya ce, “Ku saurare ni,’yan ƙasar Shekem, don Allah yă saurare ku.
৭যোথমক এই কথা জনোৱাত তেওঁ গৰিজ্জীম পৰ্ব্বতৰ টিঙলৈ উঠি গৈ চিঞঁৰি চিঞঁৰি ক’বলৈ ধৰিলে, “হে চিখিমৰ নেতাসকল, মোৰ কথা শুনা, তাতে ঈশ্বৰেও আপোনালোকৰ কথা শুনিব।
8 Wata rana itatuwa suka fita don su naɗa wa kansu sarki. Suka ce wa itacen zaitun, ‘Ka zama sarkinmu.’
৮এবাৰ গছবোৰে নিজৰ কাৰণে এজন ৰজাক অভিষেক কৰিবৰ অৰ্থে বাহিৰ ওলাই গ’ল। সিহঁতে জিত গছক ক’লে, ‘তুমি আমাৰ ৰজা হোৱা।’
9 “Amma itacen zaitun ya ce, ‘In bar mai nawa, wanda da shi ake girmama alloli da mutane, don in zo in yi ta fama da itatuwa?’
৯কিন্তু জিত গছে সিহঁতক ক’লে, ‘মোৰ যি তেল ঈশ্বৰ আৰু মানুহক সন্মান কৰিবলৈ ব্যৱহাৰ হয়, তাক এৰি মই কি আন গছবোৰৰ ওপৰত কেৱল দুলি থাকিবলৈকে যামনে?’
10 “Biye da wannan, sai itatuwan suka ce wa itacen ɓaure, ‘Zo ka zama sarkinmu.’
১০গছবোৰে ডিমৰু গছক ক’লে, ‘আহাঁ তুমিয়েই আমাৰ ৰজা হোৱা।’
11 “Amma itacen ɓauren ya ce, ‘In bar kyawawan’ya’yana da zaƙinsu, in zo in yi ta fama da itatuwa?’
১১কিন্তু ডিমৰু গছে সিহঁতক ক’লে, ‘মই জানো মোৰ মিঠা সোৱাদ আৰু উত্তম ফল ত্যাগ কৰি আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যাম?’
12 “Sa’an nan itatuwan suka ce wa kuringar inabi, ‘Ki zo ki zama sarkinmu.’
১২পাছে গছবোৰে দ্ৰাক্ষালতাক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
13 “Amma kuringar ta ce, ‘In bar ruwan inabina, wanda yake faranta zuciyar alloli da mutane, in zo in yi fama da itatuwa?’
১৩কিন্তু দ্ৰাক্ষালতাই সিহঁতক ক’লে, ‘মোৰ যি ন-ৰসে ঈশ্বৰ আৰু মানুহক সন্তোষ দিয়ে, তাক এৰি মই আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যামনে?
14 “A ƙarshe sai dukan itatuwa suka ce wa itacen ƙaya, ‘Ka zo ka zama sarkinmu.’
১৪তেতিয়া আটাই গছবোৰে কাঁইট গছক ক’লে, ‘তুমিয়েই আহি আমাৰ ৰজা হোৱা।’
15 “Itacen ƙaya ya ce wa itatuwan, ‘In da gaske ne kuke so ku naɗa ni sarkinku, ku zo ku sha inuwana; in ba haka ba, bari wuta ta fito daga itacen ƙaya ta cinye itacen al’ul na Lebanon!’
১৫কাঁইট গছে গছবোৰক ক’লে, ‘তোমালোকে তোমালোকৰ ৰজা হ’বলৈ মোক যদি সঁচাকৈ অভিষেক কৰিব বিচাৰা, তেন্তে আহাঁ আৰু মোৰ ছাঁত আশ্রয় লোৱা। তাকে যদি নকৰা, তেন্তে কাঁইট গছৰ পৰা জুই ওলাব আৰু লিবানোনৰ এৰচ গছবোৰকো পুৰি পেলাব।’
16 “To, da a ce kun yi abin bangirma da aniya mai kyau sa’ad da kuka naɗa Abimelek sarki, da kun nuna wa Yerub-Ba’al da iyalinsa ladabi, da kuma kun yi masa abin da ya cancanci shi,
১৬এতিয়া সেয়ে শুনক, অবীমেলকক ৰজা পাতি আপোনালোকে জানো সত্যতা আৰু বিশ্বস্ততাৰ কার্য কৰিছে? আপোনালোকে জানো যিৰুব্বাল আৰু তেওঁৰ পৰিয়ালৰ প্রতি সুবিচাৰ কৰিছে?
17 a yi tunani cewa mahaifina ya yi yaƙi saboda ku, ya yi kasai da ransa don yă cece ku daga hannun Midiyawa
১৭মোৰ পিতৃয়ে আপোনালোকৰ কাৰণে যুদ্ধ কৰিলে, তেওঁ নিজৰ প্ৰাণকো তুচ্ছ জ্ঞান কৰি মিদিয়নীয়াসকলৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিলে;
18 (amma ga shi yau kun tayar wa iyalin mahaifina, kuka kashe’ya’yansa saba’in a dutse guda, kuka kuma naɗa Abimelek, ɗan baiwa, sarki a kan’yan ƙasar Shekem domin shi ɗan’uwanku ne)
১৮কিন্তু আজি আপোনালোকে মোৰ পিতৃ-বংশৰ বিৰুদ্ধে বিদ্রোহ কৰিছে; একেটা শিলৰ ওপৰতে তেওঁৰ সত্তৰজন পুত্রক বধ কৰিলে আৰু তেওঁৰ দাসীৰ পুত্র অবীমেলকক চিখিমৰ লোক সকলৰ ওপৰত ৰজা পাতিলে, কাৰণ তেওঁ আপোনালোকৰ আত্মীয়।
19 in har kun aikata wannan cikin bangirma da kuma aminci wajen Yerub-Ba’al da iyalinsa a yau, bari Abimelek yă zama farin cikinku, ku kuma nasa!
১৯আজি যদি আপোনালোকে যিৰুব্বাল আৰু তেওঁৰ বংশলৈ ন্যায়পৰায়ণতা আৰু সততাৰে কার্য কৰি থাকে, তেন্তে অবীমেলকত যেন আপোনালোকে আনন্দ কৰে আৰু তেৱোঁ আপোনালোকত আনন্দ কৰক।
20 Amma in ba haka ba, bari wuta ta fito daga Abimelek ya cinye ku,’yan ƙasar Shekem da Bet Millo, bari wuta kuma daga wurinku’yan ƙasar Shekem da Bet Millo ta cinye Abimelek!”
২০কিন্তু আপোনালোকে যদি ইয়াকে নকৰে, তেনেহ’লে অবীমেলকৰ পৰা যেন জুই ওলাই আহি আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলক পুৰি পেলাওক; আৰু আপোনালোকৰ অর্থাৎ চিখিম আৰু বৈৎ-মিল্লোৰ লোকসকলৰ মাজৰ পৰাও যেন জুই বাহিৰ হৈ অবীমেলকক পুৰি পেলাওক।”
21 Sa’an nan Yotam ya gudu, ya tsere zuwa Beyer ya zauna a can gama yana tsoron ɗan’uwansa Abimelek.
২১ইয়াকে কৈ যোথমে ল’ৰ মাৰি বেৰ নামৰ এখন ঠাইলৈ পলাই গ’ল। তেওঁ নিজৰ ভায়েক অবীমেলকৰ ভয়ত সেই ঠাইতে বাস কৰিলে।
22 Bayan Abimelek ya yi shekara uku yana mulki a Isra’ila,
২২অবীমেলকে ইস্ৰায়েলৰ ওপৰত তিনিবছৰ শাসন কৰিলে।
23 sai Allah ya aiko da mugun ruhu tsakanin Abimelek da’yan ƙasar Shekem, waɗanda suka ci amanar Abimelek.
২৩তাৰ পাছত ঈশ্বৰে অবিমেলক আৰু চিখিমৰ নেতাসকলৰ মাজত এক দুষ্ট আত্মা পঠাই দিলে। তাতে চিখিমৰ নেতাসকলে অবীমেলকলৈ থকা ভাৰসাক বিশ্বাসঘাটকতা কৰিলে।
24 Allah ya yi haka saboda kisan’ya’ya saba’in na Yerub-Ba’al, don a ɗauki fansar jininsu a kan Abimelek ɗan’uwansu da kuma’yan ƙasar Shekem, waɗanda suka taimake shi kisan’yan’uwansa.
২৪ঈশ্বৰে এই কার্য কৰিলে যাতে যিৰুব্বালৰ সত্তৰজন পুত্রলৈ ৰক্তপাতৰ যি অন্যায় কৰা হ’ল, তাৰ দ্বাৰা তেওঁলোকৰ ভায়েক অবীমেলকৰ ওপৰত আৰু তেওঁলোকক বধ কৰা কার্যত তেওঁৰ আৰু তেওঁৰ সহায়কাৰী চিখিমৰ লোকসকলৰ ওপৰত প্রতিশোধ লোৱা হয়।
25 Cikin hamayya da shi waɗannan’yan ƙasar Shekem suka sa mutane a kan tuddai don su yi kwanton ɓauna a kan su yi fashi ga duk wanda ya wuce a can, wannan fa ya kai kunnen Abimelek.
২৫সেয়ে চিখিমৰ লোকসকলে অবীমেলকৰ বিৰুদ্ধে পাহাৰৰ ওপৰত মানুহ ৰাখিলে আৰু তেওঁলোকে লুকাই থাকি সেই পথেৰে যিসকল লোক যায় তেওঁলোকক লুট-পাট কৰে। এই বিষয়ে অবীমেলকক জনোৱা হ’ল।
26 To, Ga’al ɗan Ebed ya tafi tare da’yan’uwansa zuwa Shekem,’yan ƙasarta kuwa suka dogara da shi.
২৬সেই সময়ত এবদৰ পুত্ৰ গালে নিজৰ জ্ঞাতি-কুতুম্বসকলৰ সৈতে চিখিমলৈ আহিল আৰু চিখিমৰ নেতাসকলে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে।
27 Bayan sun tafi gonaki suka tattara inabi suka matse su, sai suka yi biki a haikalin allahnsu. Yayinda suke ci da sha, sai suka la’anci Abimelek.
২৭তেওঁলোকে খেতিলৈ গৈ দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপাই গছকিলে আৰু তাৰ ৰসেৰে উৎসৱ কৰিলে। তেওঁলোকে তেওঁলোকৰ দেৱতাৰ মন্দিৰলৈ গৈ ভোজন-পান কৰি অবীমেলকক শাও দিলে।
28 Sa’an nan Ga’al ɗan Ebed ya ce, “Wane ne Abimelek, kuma wane ne Shekem, da za mu bauta masa? Shi ba ɗan Yerub-Ba’al ba ne, kuma ba Zebul ne mataimakinsa ba? Ku bauta wa mutanen Hamor, mahaifin Shekem! Me ya sa za mu bauta wa Abimelek?
২৮এবদৰ পুতেক গালে ক’লে, “অবীমেলক কোন যে আমি চিখিমৰ লোকসকল তেওঁৰ অধীনত থাকিম? তেওঁ জানো যিৰুব্বালৰ পুতেক নহয়? জবুল জানো তেওঁৰ শাসনাধিপতি নহয়? আপোনালোকে বৰং চিখিমৰ বাপেক হমোৰৰ বংশধৰসকলৰ অধীন হৈ থাকক; কিয় আমি অবীমেলকৰ অধীনত থাকিম?
29 Da a ce waɗannan mutane suna a ƙarƙashina mana! Da zan hamɓarar da shi. In ce wa Abimelek, ‘Ka tara dukan mayaƙanka!’”
২৯এই লোকসকল মোৰ বশত থকাহেতেঁন কেনে ভাল হ’লহেতেন! তেতিয়াতো মই অবীমেলকক দুৰ কৰি দিলোঁহেঁতেন। তেওঁ অবীমেলকক সকলো সৈন্য লৈ আহিবলৈ ক’লে।”
30 Sa’ad da Zebul gwamnar birnin ya ji abin da Ga’al ɗan Ebed ya ce, sai ya fusata.
৩০এবদৰ পুতেক গালৰ সেই কথা নগৰৰ শাসনাধিপতি জবুলৰ কাণত পৰিল আৰু তেওঁ ক্ৰোধত জ্বলি উঠিল।
31 Asirce sai ya aiki manzanni wajen Abimelek, yana cewa, “Ga’al ɗan Ebed da’yan’uwansa sun zo Shekem suna kuma zuga birnin sun tayar maka.
৩১তেতিয়া তেওঁ অবীমেলকৰ গুৰিলৈ বার্তাবাহকৰ দ্বাৰাই কৈ পঠালে, “এবদৰ পুতেক গাল আৰু তেওঁৰ জ্ঞাতি-কুতুম্বসকলে চিখিমলৈ আহি আপোনাৰ বিৰুদ্ধে নগৰৰ লোকসকলক উত্তেজিত কৰি তুলিছে।
32 To, in dare ya yi, sai ka zo da mutanenka ku yi kwanto a filaye.
৩২সেয়ে, আপুনি আৰু আপোনাৰ সৈন্যসকলে ৰাতিতে উঠি আহি খেতিৰ মাজত লুকাই থাকিব।
33 Kashegari da safe, sai ku tashi ku fāɗa wa birnin. Sa’ad da Ga’al da mutanensa suka faɗa maka, sai ka yi abin da ka iya yi da su.”
৩৩পাছদিনা ৰাতিপুৱা সুৰ্য্য উদয় হোৱা মাত্ৰেই আপোনালোকে উঠি আহি নগৰ আক্ৰমণ কৰিব; যেতিয়া গাল আৰু তেওঁৰ লোকসকল আপোনাৰ বিৰুদ্ধে ওলাই আহিব, তেতিয়া আপোনালোকে যিহকে কৰিব পাৰে তাকে তেওঁলোকলৈ কৰিব।”
34 Saboda haka Abimelek da dukan mutanensa suka tashi da dare suka ɓuya kusa da Shekem a ƙungiyoyi huɗu.
৩৪যেতিয়া, অবীমেলক আৰু তেওঁৰ সকলো সৈন্যদলে ৰাতিতে উঠিল আৰু চাৰিটা দলত ভাগ হৈ চিখিমৰ ওচৰত লুকাই থকিল।
35 To, Ga’al ɗan Ebed ya riga ya fita waje yana tsaye a ƙofar birni daidai Abimelek da mayaƙansa suka fito daga inda suka ɓuya.
৩৫নগৰৰ পৰা ওলাই আহি এবদৰ পুতেক গাল প্রৱেশদ্বাৰৰ ওচৰত থিয় হৈ আছিল। তেনেতে অবীমেলক আৰু তেওঁৰ সৈন্যসকল লুকাই থকা ঠাইৰ পৰা ওলাই আহিল।
36 Sa’ad da Ga’al ya gan su, sai ya ce wa Zebul, “Duba, ga mutane suna gangarowa daga kan duwatsu!” Zebul ya ce, “Kana ɗaukan inuwan duwatsu kana ce mutane.”
৩৬গালে তেওঁলোকক দেখি জবুলক ক’লে, “চাওঁক, পাহাৰৰ ওপৰৰ পৰা লোক সমূহ নামি আহিছে!” জবুলে উত্তৰত ক’লে, “আপুনি পাহাৰৰ ছাঁবোৰকে মানুহ যেন দেখিছে।”
37 Amma Ga’al ya sāke magana ya ce, “Duba, mutane suna gangarowa daga tsakiyar filaye, kuma wata ƙungiya tana zuwa daga wajen itacen masu duba.”
৩৭কিন্তু গালে পুনৰায় ক’লে, “চাওঁক, লোকসকল দেশৰ মধ্যস্থানলৈ নামি আহিছে; আৰু এটা দল মোনইনীমৰ বাটেদি আহিছে।”
38 Sa’an nan Zebul ya ce masa, “Ina bakin da ka yi ɗin, kai da ka ce, ‘Wane ne Abimelek da za mu bauta masa.’ Ba mutanen ne ka yi musu ba’a ba? Fita, ka yaƙe su mana!”
৩৮তেতিয়া জবুলে তেওঁক ক’লে, “এতিয়া আপোনাৰ সেই ডাঙৰ ডাঙৰ কথাবোৰ কলৈ গ’ল? আপুনিয়ে কৈছিলে, ‘অবীমেলক কোন যে আমি তেওঁৰ অধীনত থাকিম?’ এই লোকসকলকেই আপুনি তুচ্ছ জ্ঞান কৰা নাছিল নে? এতিয়া ওলাই গৈ তেওঁলোকৰে সৈতে যুদ্ধ কৰক।”
39 Saboda haka Ga’al ya fito da’yan ƙasar Shekem suka yaƙi Abimelek.
৩৯তেতিয়া চিখিমৰ নেতা গালে লোকসকলক পৰিচালনা কৰি বাহিৰলৈ ওলাই গ’ল, আৰু অবীমেলকেৰে সৈতে যুদ্ধ কৰিলে।
40 Abimelek ya kore shi, mutane da yawa suka ji ciwo a yaƙin, har zuwa ƙofar birnin.
৪০অবীমেলকে গালৰ পাছে পাছে খেদি যোৱাত তেওঁ পলাই গ’ল; আৰু তেওঁৰ দলৰ অনেকেই নগৰৰ প্ৰৱেশ দুৱাৰত সোমোৱাৰ আগতেই আঘাত পাই ঢলি পৰিল।
41 Abimelek ya zauna a Aruma, Zebul kuwa ya kori Ga’al da’yan’uwansa daga Shekem.
৪১অবীমেলক অৰূমাত থাকিল আৰু জবুলে চিখিমৰ পৰা গাল আৰু তেওঁৰ জ্ঞাতি-কুটুম্বসকলক খেদি বাহিৰ কৰি দিলে।
42 Kashegari mutanen Shekem suka tafi gonaki, aka kuwa gaya wa Abimelek.
৪২পাছদিনাখন চিখিমৰ লোকসকলে নগৰৰ বাহিৰ ওলাই খেতিলৈ গ’ল আৰু এই বাতৰি অবীমেলকক জনোৱা হ’ল।
43 Saboda haka ya ɗauki mutanensa, ya raba su ƙungiya uku, sa’an nan ya yi kwanto a gonakin. Sa’ad da ya ga mutanen suna fitowa daga birni, sai ya yi wuf ya fāɗa musu.
৪৩অবীমেলকে তেওঁৰ লোকসকলক লৈ তিনিটা দলত ভাগ কৰি খেতিৰ মাজত লুকাই থাকিল; যেতিয়া নগৰৰ পৰা লোক সমূহক বাহিৰ হৈ অহা দেখিলে, তেতিয়া তেওঁ তেওঁলোকক আক্রমণ কৰি বধ কৰিলে।
44 Abimelek da ƙungiyoyin da suke tare da shi suka yi maza suka yi tsaya a ƙofar birnin. Sa’an nan ƙungiyoyi biyu suka ruga suka fāɗa wa waɗanda suke a gonaki suka karkashe su.
৪৪অবীমেলকে তেওঁৰ দলটোৰে সৈতে গৈ নগৰৰ প্রৱেশ-দুৱাৰৰ ওচৰত থিয় হৈ থাকিল; আন দুটা দলে খেতিত থকা সকলো লোকক আক্ৰমণ কৰি বধ কৰিলে।
45 Dukan yinin, Abimelek ya matsa yaƙi da birnin sai da ya cinye ta ya kuma kashe mutanenta. Sa’an nan ya hallaka birnin ya barbaza gishiri a kanta.
৪৫সেইদিনা ওৰে দিনটো অবীমেলকে নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিলে আৰু সেই ঠাইৰ লোক সমূহক বধ কৰি নগৰ অধিকাৰ কৰিলে। তাৰ পাছত নগৰৰ দেৱাল ধ্বংস কৰি তাৰ ওপৰত নিমখ চতিয়াই দিলে।
46 Da jin haka, sai’yan ƙasa a hasumiyar Shekem suka shiga wurin mafaka a hankalin El-Berit.
৪৬এই খবৰ শুনি চিখিমৰ দুৰ্গৰ নেতাসকলে এল-বৰীৎ দেৱতাৰ মন্দিৰৰ ভিতৰত সোমালগৈ।
47 Da Abimelek ya ji dukan mutanen hasumiyar Shekem sun taru a can,
৪৭অবীমেলকে যেতিয়া শুনিলে যে লোকসকলে চিখিমৰ দুৰ্গলৈ গৈ একেলগ হৈছে,
48 sai Abimelek da dukan mutanensa suka haura zuwa Dutsen Zalmon. Sai ya ɗauki gatari ya sassare waɗansu rassa, waɗanda ya sa a kafaɗunsa. Ya umarci mutanen da suke tare da shi ya ce, “Sauri, ku yi abin da kuka ga na yi!”
৪৮তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমোন পৰ্ব্বতলৈ উঠি গ’ল। তেওঁ কুঠাৰ ললে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল’লে। তাৰ পাছত তেওঁৰ লগত থকা লোকসকলক আদেশ দিলে, “তোমালোকে মোক যি যি কৰা দেখিলা, তোমালোকেও শীঘ্রে তেনেকুৱা কৰিবা।”
49 Saboda haka mutanen suka sassare rassan itatuwa suka bi Abimelek. Suka tattara su a jikin mafakar suka kuma cinna mata wuta a kan mutanen da suke a ciki. Ta haka dukan mutanen da suke cikin hasumiyar Shekem, wajen maza da mata dubu ɗaya suka mutu.
৪৯সেয়ে সকলোৱে এটা এটা ডাল কাটি লৈ অবীমেলকৰ পাছে পাছে গ’ল। তাৰ পাছত তেওঁলোকে সেই ডালবোৰ আনি মন্দিৰৰ মাটিৰ তলত থকা সেই ঘৰটোৰ ওপৰত জাপি দি জুই লগাই দিলে; এইদৰে চিখিমৰ দুৰ্গত থকা সকলো লোক মৰিল; তাত প্রায় এক হাজাৰ পুৰুষ আৰু মহিলা আছিল।
50 Biye da wannan Abimelek ya tafi Tebez, ya kewaye ta ya kuma cinye ta da yaƙi.
৫০তাৰ পাছত অবীমেলক তেবেচলৈ গৈ তাৰ বিৰুদ্ধে ছাউনি পাতি তাক অধিকাৰ কৰি ল’লে।
51 A cikin birnin, akwai wata hasumiya mai ƙarfi, inda dukan maza da mata, dukan mutanen birnin, suka ɓuya. Suka kulle kansu, suka kuma hau rufin hasumiyar.
৫১সেই নগৰৰ ভিতৰত এটা দৃঢ় দুৰ্গ আছিল; সকলো পুৰুষ, মহিলা আৰু নগৰৰ নেতাসকল তালৈ পলাই গৈ দুৱাৰ বন্ধ কৰি নিজকে ভিতৰত আবদ্ধ কৰিলে। তাৰ পাছত তেওঁলোক দুর্গৰ চালৰ ওপৰত উঠিলগৈ।
52 Abimelek ya je wajen hasumiya ya kuma auka mata. Amma da ya yi kusa da ƙofar hasumiyar don yă cinna mata wuta,
৫২অবীমেলকে সেই দুর্গৰ ওচৰলৈ আহি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে; তেওঁ দুৰ্গত জুই লগাবৰ বাবে দুৰ্গৰ দুৱাৰৰ ওচৰলৈকে আহিল।
53 sai wata mata ta saki ɗan dutsen niƙa a kan Abimelek ta fasa ƙoƙon kansa.
৫৩কিন্তু তাত এগৰাকী মহিলাই জাঁতৰ ওপৰৰ শিলচটা লৈ অবীমেলকৰ মূৰৰ ওপৰত পেলাই দি তেওঁৰ মূৰৰ খোলা ভাঙিলে।
54 Da sauri ya kira mai riƙon masa makami ya ce, “Zaro takobinka ka kashe ni, don kada a ce ‘Mace ce ta kashe shi.’” Saboda haka bawansa ya soke shi, ya mutu.
৫৪তেতিয়া অবীমেলকে ততাতৈয়াকৈ নিজৰ অস্ত্রবহনকাৰী যুবকক মাতি ক’লে, “তোমাৰ তৰোৱাল উলিয়াই মোক বধ কৰা যাতে কোনেও মোৰ বিষয়ে এইদৰে ক’ব নোৱাৰে যে ‘এগৰাকী মহিলাই মোক বধ কৰিলে’।” তেতিয়া সেই যুবকে তেওঁক তৰোৱালেৰে খুচিলে আৰু তেওঁৰ মৃত্যু হ’ল।
55 Sa’ad da Isra’ilawa suka ga Abimelek ya mutu, sai suka tafi gida.
৫৫অবীমেলকৰ মৃত্যু হোৱা দেখি ইস্ৰায়েলীয়াসকলে নিজৰ ঘৰলৈ উলটি গ’ল।
56 Ta haka Allah ya sāka muguntar da Abimelek da ya yi wa mahaifinsa ta wurin kisan’yan’uwansa saba’in.
৫৬এই দৰে সত্তৰজন ভায়েকক বধ কৰি অবীমেলকে নিজৰ বাপেকৰ বিৰুদ্ধে যি কুকৰ্ম কৰিলে, ঈশ্বৰে তাৰ সমুচিত দণ্ড তেওঁক দিলে।
57 Allah kuma ya sa muguntar mutanen Shekem suka koma kansu. La’anar Yotam ɗan Yerub-Ba’al kuma ta kama su.
৫৭চিখিমৰ লোকসকলে যি সকলো অন্যায় কৰিছিল, তেওঁলোকৰ নিজৰ মূৰৰ ওপৰত ঈশ্বৰে দণ্ড আনিলে; যিৰুব্বালৰ পুতেক যোথমৰ শাও তেওঁলোকৰ ওপৰত পৰিল।