< Ayuba 39 >
1 “Ka san lokacin da awakin kan dutse suke haihuwa? Ko ka taɓa lura da yadda batsiya take haihuwa?
১তুমি জানো পৰ্ব্বতৰ বনৰীয়া ছাগলীবোৰৰ জগা কাল জানা? হৰিণীয়ে পোৱালি কেতিয়া জগায়, তাক জানো তুমি ঠিককৈ ক’ব পাৰা?
2 Kana ƙirga watanni nawa suke yi kafin su haihu? Ka san lokacin da suke haihuwa?
২সিহঁতে কেইমাহ গৰ্ভধাৰণ কৰে, তাক তুমি নিৰ্ণয় কৰিব পাৰা নে? বা সিহঁতে জগোৱা সময় তুমি জানা নে?
3 Suna kwanciya su haifi’ya’yansu; naƙudarsu ta ƙare bayan sun haihu.
৩সিহঁতে আঠু পাৰিহে গৰ্ভৰ পৰা পোৱালি উলিয়ায়, আৰু তেতিয়াই নিজৰ বেদনা জোকাৰি পেলায়।
4 ’Ya’yansu suna girma kuma suna girma cikin ƙarfi a jeji; sukan tafi ba su dawowa.
৪সিহঁতৰ পোৱালিবোৰ অৰণ্যতে শক্তিশালী আৰু ডাঙৰ-দীঘল হয়; সিহঁতৰ বাহিৰলৈ ওলাই যায় আৰু পুনৰ ওচৰলৈ উভটি নাহে।
5 “Wane ne yake sakin jakin dawa yă bar shi? Wane ne yake kunce igiyoyinsu?
৫বনৰীয়া গাধক কোনে স্বাধীন কৰি এৰি দিলে? কোনে বনৰীয়া গাধৰ বান্ধ সোলোকালে?
6 Na sa jeji yă zama gidansa ƙasar gishiri kuma ta zama wurin zamansa.
৬মই অৰণ্যক তাৰ ঘৰ কৰিলোঁ, আৰু লোণা ভুমিক তাৰ নিবাসৰ ঠাই কৰিলোঁ।
7 Yana dariyar hargitsin da yake faruwa a cikin gari; ba ya jin tsawar mai tuƙa shi.
৭সি নগৰৰ কোলাহল হেয়জ্ঞান কৰে; চলাওঁতাৰ ডাবি-হুকি শুনিবলৈ নাপায়।
8 Yana kiwo a kan tuddai don abincinsa yana neman kowane ɗanyen abu mai ruwan ciyawa.
৮চাৰণভুমিৰ দৰে সি পৰ্ব্বতমালাত ঘূৰি ফুৰে; সি খাবৰ বাবে সকলো বিধৰ কেঁচা বৰণীয়া বন বিচাৰি ফুৰে।
9 “Ko ɓauna zai yarda yă zauna a wurin sa wa dabbobi abinci? Zai tsaya a ɗakin dabbobinka da dare?
৯মেঠনে তোমাৰ তলত খাটিবলৈ মান্তি হব নে? তোমাৰ দানা পাত্ৰৰ ওচৰত থাকিব নে?
10 Ko za ka iya daure shi da igiya a kwarin kunya? Zai yi maka buɗar gonarka?
১০তুমি জোঁট-জৰী লগাই মেঠনক সীৰলুত ৰাখিব পাৰা নে? সি তোমাৰ পাছে পাছে উপত্যকাত মৈ টানিব নে?
11 Ko za ka dogara da shi don yawan ƙarfinsa? Za ka bar masa nauyin aikinka?
১১তাৰ বল অধিক হোৱাৰ কাৰণে তুমি তাক বিশ্বাস কৰিবা নে? তোমাৰ কাম তাক গটাই দিবা নে?
12 Ko za ka amince da shi yă kawo maka hatsinka gida yă tattara shi a masussuka?
১২সি তোমাৰ খেতিৰ শস্য ঘৰলৈ আনিব বুলি, তোমাৰ খলাত ধান চপাব বুলি, তুমি তাত প্ৰত্যয় কৰিব পাৰা নে?
13 “Fikafikan jimina suna bugawa cike da farin ciki amma ba za su gwada kansu da fikafikan da na shamuwa ba.
১৩উট চৰাইৰ ডেউকাই উল্লাস কৰে, কিন্তু তাইৰ ডেউকা আৰু পাখি মৰমীয়াল নে?
14 Tana sa ƙwai nata a ƙasa kuma ta bar su su yi ɗumi a cikin ƙasa,
১৪তাই মাটিত নিজৰ কণী পাৰি এৰি থৈ যায়, আৰু ধুলিত উম পাবলৈ দিয়ে।
15 ba tă damu ko za a taka su a fasa su, ko waɗansu manyan dabbobi za su tattake su.
১৫কোনোবাই তাক ভৰিৰে ভাঙি পেলাব বুলি, বা বনৰীয়া জন্তুৱে তাক গচকিব বুলি তাইৰ তালৈ মনত নপৰে।
16 Tana tsananta wa’ya’yanta kamar ba nata ba ba tă damu da wahalar da ta sha ba.
১৬পৰৰ পোৱালিৰ নিচিনাকৈ তাই নিজৰ পোৱালিবোৰলৈ নিৰ্দ্দয় ব্যৱহাৰ কৰে, আৰু কণী পৰা বিফল হলেও তাই মনত দুখ নাপায়।
17 Gama Allah bai ba ta hikima ba ko kuma iya fahimta.
১৭কিয়নো ঈশ্বৰে তাইক জ্ঞানহীন কৰিলে, আৰু তাইক বুদ্ধিৰ ভাগ নিদিলে।
18 Duk da haka sa’ad da ta buɗe fikafikanta ta shara da gudu tana yi wa doki da mai hawansa dariya.
১৮কিন্তু যেতিয়া তাই ডেউকা কোবাই কোবাই লৰ মাৰে, তেতিয়া তাই ঘোঁৰাত উঠা জনকো হেয়জ্ঞান কৰে।
19 “Ko kai ne kake ba doki ƙarfinsa kai kake rufe wuyansa da geza mai yawa?
১৯ঘোঁৰাক জানো তুমি বল দিলা? লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?
20 Ko kai kake sa shi yă yi tsalle kamar fāra, ba ya jin tsoro sai dai a ji tsoronsa.
২০তাক ফৰিঙৰ দৰে জপিওৱা জানো তুমি কৰিলা? তাৰ নাকৰ ফোৰোহনিৰ শব্দ অতি ভয়ানক।
21 Yana takawa da ƙarfi yana jin daɗin ƙarfinsa yana shiga filin yaƙi gabagadi.
২১সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়।
22 Yana yi wa tsoro dariya ba ya jin tsoron kome; ba ya guje wa takobi.
২২সি ভয়ক হাঁহে, আৰু আতংকিত নহয়; সি তৰোৱালৰ মুখ পৰা উলতি নাহে।
23 Kwari a baka yana lilo a gabansa kibiya da māshi suna wuce kansa.
২৩তূণে তাৰ বিৰুদ্ধে পাৰ্শ্বদেশত শব্দ কৰে; চিকমিকীয়া বৰছা আৰু যাঠিয়ে তাৰ ওপৰত শব্দ কৰে।
24 Yana kartar ƙasa da ƙarfi; ba ya iya tsayawa tsab sa’ad da ya ji busar ƙaho.
২৪সি ক্ৰোধত ভয়ানক মুৰ্ত্তি ধৰি মাটি গ্ৰাস কৰে; শিঙা-ধ্বনি শুনিলে, সি থিয় হৈ থিৰে নাথাকে।
25 Da jin ƙarar ƙaho sai ya ce, ‘Yauwa!’ Ya ji ƙanshin yaƙi daga nesa, da ihun shugabannin yaƙi.
২৫শিঙাধ্বনি যেতিয়া শুনে সি হিঁ হিঁ শব্দ কৰে; সি দুৰৈৰ পৰা যুদ্ধৰ গোন্ধ পায়, সি সেনাপতিসকলৰ গৰ্জ্জন আৰু সিংহনাদ শুনে।
26 “Ko ta wurin hikimarka ce shirwa take firiya take kuma baza fikafikanta zuwa kudu?
২৬তোমাৰ বুদ্ধিৰেই জানো শেনে ওপৰলৈ উড়া মাৰে, আৰু তাতে সি জানো দক্ষিণ ফাললৈ নিজৰ ডেউকা মেলে?
27 Ko da umarninka ne shaho yake firiya ya kuma yi sheƙarsa a can sama?
২৭ঈগল পক্ষীয়ে জানো তোমাৰ আজ্ঞাত ওপৰলৈ উঠে, আৰু অতি ওখ ঠাইত বাহ সাজে?
28 Yana zama a kan dutse yă zauna a wurin da dare; cikin duwatsu ne wurin zamansa.
২৮সি শিলত বাস কৰে, তাতেই তাৰ বাহ; সি থিয় পৰ্ব্বতৰ টিঙত আৰু দুৰ্গম ঠাইত থাকে।
29 Daga can yake neman abincinsa; idanunsa suna gani daga nesa.
২৯সেই ঠাইৰে পৰা সি আহাৰ মনে; তাৰ চকুৱে দুৰৈৰ পৰা তাক দেখে।
30 ’Ya’yansa suna shan jini, inda akwai waɗanda aka kashe nan za a same shi.”
৩০তাৰ পোৱালিবোৰে তেজ পিয়ে; য’তে বধ কৰা শৱ থাকে, ত’তে সিও থাকে।”