< Farawa 6 >

1 Sa’ad da mutane suka fara ƙaruwa a duniya, aka kuma hahhaifi musu’ya’ya mata,
এইদৰে পৃথিবীত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু তেওঁলোকৰ মাজত অনেক কন্যা সন্তানৰো জন্ম হ’ল।
2 sai’ya’yan Allah maza suka ga cewa’ya’yan mutane mata suna da bansha’awa, sai suka zaɓi waɗanda suke so, suka aura.
ঈশ্বৰৰ সন্তানসকলে মানুহৰ এই যুৱতীবোৰক ৰূপৱতী দেখিলে আৰু সেয়ে, তেওঁলোকৰ যিয়ে যাকে পছন্দ কৰে, তেওঁ তাইকে বিয়া কৰাই ল’লে।
3 Sa’an nan Ubangiji ya ce, “Ruhuna ba zai zauna a cikin mutum har abada ba, saboda shi mai mutuwa ne, kwanakinsa za su zama shekaru ɗari da arba’in ne.”
এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”
4 Nefilimawa suna nan a duniya a waɗancan kwanaki, da kuma kwanakin da suka bi baya, a sa’ad da’ya’yan Allah suka kwana da’ya’yan mutane mata, suka kuma hahhaifi musu’ya’ya. Ai, su ne jarumawan dā, mutanen da suka shahara.
সেইকালত আৰু পৰৱর্তীকালত পৃথিৱীত নাফিলসকল আছিল। তেওঁলোক আছিল ঈশ্বৰৰ সন্তান সকলৰ লগত মানুহৰ যুৱতীবোৰৰ মিলনৰ ফলত জন্ম পোৱা সন্তান। নাফিলসকল পুৰনাকালৰ মহাবলী পুৰুষৰূপে বিখ্যাত আছিল।
5 Ubangiji kuwa ya lura cewa muguntar mutum ta yi yawa a duniya, kuma kowane abin da yake tunani a zuciyarsa mugu ne kawai a kowanne lokaci.
যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
6 Ubangiji ya damu da ya yi mutum a duniya, abin ya zafe shi ƙwarai.
পৃথিৱীত মানুহ সৃষ্টি কৰি যিহোৱা দুঃখিত হ’ল আৰু অন্তৰত বেজাৰ পালে।
7 Saboda haka Ubangiji ya ce, “Zan kawar da mutum, da dabbobi, da halittu masu rarrafe a ƙasa da kuma tsuntsayen sama waɗanda na halitta, daga doron ƙasa, saboda na damu da na yi su.”
সেয়ে যিহোৱাই ক’লে, “মই নিজে সৃষ্টি কৰা মানুহক পৃথিবীৰ পৰা উচ্ছন্ন কৰিম; মানুহৰ লগতে সকলো ডাঙৰ জীৱ-জন্তু, বগাই ফুৰা প্রাণী আৰু আকাশৰ চৰাইবোৰ লুপ্ত কৰিম; কিয়নো এই সকলোকে সৃষ্টি কৰি মই দুখ পাইছো।”
8 Amma Nuhu ya sami tagomashi a gaban Ubangiji.
কিন্তু নোহৰ প্রতি যিহোৱাৰ অনুগ্ৰহৰ দৃষ্টি আছিল।
9 Ga tarihin Nuhu. Nuhu mutum ne mai adalci, marar abin zargi a cikin mutanen zamaninsa, ya kuma yi tafiya tare da Allah.
এয়া হৈছে নোহৰ বিৱৰণ। নোহ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
10 Nuhu yana da’ya’ya maza uku, Shem, Ham da Yafet.
১০চেম, হাম আৰু যেফৎ নামৰ নোহৰ তিনিজন পুত্ৰ আছিল।
11 Duniya dai ta lalace sosai a gaban Allah, ta kuma cika da tashin hankali.
১১সেই কালত ঈশ্বৰৰ দৃষ্টিত গোটেই পৃথিৱী দুর্নীতি আৰু হিংসাৰে পৰিপূৰ্ণ হৈ পৰিছিল।
12 Allah ya ga yadda duniya ta lalace, gama dukan mutane a duniya sun lalatar da rayuwarsu.
১২ঈশ্বৰে পৃথিৱীলৈ দৃষ্টিপাত কৰি দেখিলে যে, পৃথিৱী ভ্রষ্টতাৰে পূর্ণ হৈছে; কিয়নো পৃথিবীৰ সকলো প্রাণীয়ে দুর্নীতিৰ পথত চলিবলৈ ধৰিলে।
13 Saboda haka, Allah ya ce wa Nuhu, “Zan kawo ƙarshen dukan mutane, gama saboda su duniya ta cika da tashin hankali. Lalle zan hallaka su da kuma duniya.
১৩ঈশ্বৰে নোহক ক’লে, “মই দেখা পাইছো যে, সমগ্র মানৱজাতিকে ধ্বংস কৰাৰ সময় হ’ল; কিয়নো তেওঁলোকে ক্রোধ আৰু হিংসাৰে পৃথিৱী পৰিপূৰ্ণ কৰিছে। মানুহৰ লগতে মই পৃথিৱীৰ সকলোকে ধ্বংস কৰিম।
14 Saboda haka ka yi wa kanka jirgi da katakon Saifires, ka yi ɗakuna a cikinsa, ka shafe shi da ƙaro ciki da waje.
১৪তুমি নিজৰ কাৰণে গোফৰ কাঠেৰে এখন জাহাজ নিৰ্ম্মাণ কৰা। তাৰ ভিতৰত কিছুমান কোঠালি থাকিব আৰু সেই জাহাজৰ ভিতৰে বাহিৰে শিলাজতুৰে লিপি দিবা।
15 Ga yadda za ka gina shi; jirgin zai kasance mai tsawon ƙafa 45, fāɗinsa ƙafa 75, tsayinsa kuma ƙafa 45.
১৫জাহাজখন তুমি এইদৰে নির্ম্মাণ কৰিবা: দীঘলে তিনিশ হাত, পথালিয়ে পঞ্চাশ হাত আৰু তাৰ উচ্চতা হ’ব ত্ৰিশ হাত।
16 Ka yi masa rufi, ka kuma ba da fili inci 18 tsakanin rufin a kowane gefen jirgin. Ka sa ƙofa a gefen jirgin. Ka yi shi hawa uku, ka yi ƙofa a gefe.
১৬জাহাজখনত এখন চালি বনাবা আৰু চালৰ পৰা তললৈ একহাত পর্যন্ত খিড়িকি কৰিবা আৰু জাহাজৰ কাষত দুৱাৰ ৰাখিবা; প্ৰথম, দ্বিতীয় আৰু তৃতীয় এনে তিনি তলাকৈ তাক নিৰ্ম্মাণ কৰিবা;
17 Ga shi zan aiko da ambaliya ruwa a duniya, in hallaka dukan mai rai da yake a ƙarƙashin sama, kowace halittar da take numfashi a cikinta. Dukan abin da yake a duniya zai hallaka.
১৭আৰু চোৱা, মই পৃথিৱীত এনে এক বন্যা আনিম, তাতে আকাশৰ তলত শ্বাস-প্রশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণীয়েই ধ্বংস হৈ যাব। তেতিয়া পৃথিৱীত থকা সকলো প্রাণীৰ মৃত্যু হ’ব।
18 Amma zan kafa alkawarina da kai, kai kuma za ka shiga jirgin, kai da’ya’yanka maza da matarka da matan’ya’yanka tare da kai.
১৮কিন্তু মই তোমাৰ লগত মোৰ ব্যৱস্থা স্থাপন কৰিম; তুমি গৈ জাহাজত উঠিবা আৰু তোমাৰ লগত তোমাৰ পুত্ৰসকল, তোমাৰ ভাৰ্যা আৰু তোমাৰ পো-বোৱাৰীসকল থাকিব।
19 Za ka shigar da biyu na dukan halittu masu rai, namiji da ta mace a cikin jirgin, domin su rayu tare da kai.
১৯তোমাৰ লগত জীয়াই ৰাখিবলৈ প্রত্যেকবিধ প্রাণীৰ পৰা মতা মাইকী এযোৰ এযোৰকৈ জাহাজত তুলিবা।
20 Biyu na kowane irin tsuntsu, kowace irin dabba da kuma kowace irin halitta mai rarrafe a ƙasa, za su zo wurinka domin a bar su da rai.
২০বিধে বিধে চৰাই, বিধে বিধে পশু, আৰু বিধে বিধে মাটিত বগাই ফুৰা সকলোৰে এযোৰ এযোৰকৈ তোমাৰ ওচৰলৈ আহিব। তুমি সিহঁতক জীয়াই ৰাখিবা।
21 Za ka ɗauki kowane irin abinci wanda za a ci, ka adana don yă zama abincinka da nasu.”
২১তুমি সকলোবিধৰ খোৱা-বস্তু গোটাই থ’বা। সেইবোৰ তোমাৰ আৰু সিহঁতৰ বাবে আহাৰ হ’ব।”
22 Nuhu ya yi kome kamar yadda Allah ya umarce shi.
২২তেতিয়া নোহে সেই দৰেই কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।

< Farawa 6 >

The World is Destroyed by Water
The World is Destroyed by Water