< Ezekiyel 31 >
1 A shekara ta goma sha ɗaya, a wata na uku a rana ta farko, maganar Ubangiji ta zo mini cewa,
১তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 “Ɗan mutum, faɗa wa Fir’auna sarkin Masar da jama’arsa cewa, “‘Da wa za a kwatanta girmanka?
২“হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
3 Ka dubi Assuriya, ta taɓa zama kamar al’ul a Lebanon da rassa masu kyau suna inuwartar da kurmi; ya yi tsayi ainun kansa ya kai cikin gizagizai.
৩চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল; আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল।
4 Ruwa ya sa ya yi girma, zurfafan maɓulɓulai sun sa ya yi tsayi; rafuffuka suna gudu kewaye da tushensa yana aika da rafuffukansa zuwa dukan itatuwan kurmi.
৪জল সমূহে তাক ডাঙৰ-দীঘল কৰিছিল; অগাধ জলে তাক বঢ়াইছিল। তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।
5 Saboda haka ya yi tsayi fiye da sauran itatuwan kurmi; rassansa suka ƙaru suka yi tsayi, suka bazu saboda yalwar ruwaye.
৫এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল।
6 Dukan tsuntsayen sararin sama suka yi sheƙa a rassansa, dukan namun jeji suka haihu a ƙarƙashin rassansa; dukan al’ummai suka zauna a inuwarsa.
৬তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল। আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।
7 Yana da girma a kyau, da dogayen rassansa da ya baza, gama saiwoyinsa sun nutse can ƙasa har cikin yalwar ruwaye.
৭এইদৰে, তাৰ শিপা অনেক জল সমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।
8 Al’ul a cikin lambun Allah ba su kai shi ba, balle itatuwan kasharina su kai rassansa, ko itatuwan durumi su kai rassansa, ko itace a lambun Allah ya kai kyansa.
৮ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল! দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।
9 Na sa ya yi kyau da yalwar rassa, abin ƙyashi na dukan itatuwan Eden a lambun Allah.
৯মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”
10 “‘Saboda haka ga abin da Ubangiji Mai Iko Duka yana cewa domin ya yi tsayi, kansa kuma ya kai cikin gizagizai, kuma domin ya yi fariya saboda tsayinsa,
১০এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে,
11 na miƙa shi ga mai mulkin al’ummai, don yă sāka masa gwargwadon muguntarsa. Na jefar da shi a gefe,
১১মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল!
12 kuma baƙi mafi mugunta na al’ummai suka sare shi suka bar shi. Rassansa sun fāɗi a kan duwatsun da suke cikin dukan kwaruruka; rassansa kuma sun kakkarye, sun fāɗi a cikin dukan magudanan ruwa na ƙasa. Dukan al’umman duniya suka fito daga ƙarƙashin inuwarsa suka bar shi.
১২আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।
13 Dukan tsuntsaye sararin sama suka zauna a itacen da ya fāɗi, dukan namun jeji kuma suna cikin rassansa.
১৩পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে।
14 Saboda haka ba wani daga cikin itatuwan da suke kusa da ruwan da zai taɓa yin fariyar tsawonsa, har kawunansu su kai cikin gizagizai. Ba wani daga cikin itatuwan da ya sha ruwa sosai da zai taɓa yi wannan tsayi; duk an bashe su ga mutuwa, zuwa can ƙasa, a cikin matattu, tare da waɗanda suka gangara zuwa rami.
১৪জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
15 “‘Ga abin da Ubangiji Mai Iko Duka yana cewa a ranar da aka yi ƙasa da shi zuwa kabari na rufe zurfafa maɓulɓulai da makoki dominsa; na janye rafuffukansa, aka kuma hana yalwan ruwansa. Saboda shi na rufe Lebanon da baƙin ciki, dukan itatuwan kurmi suka bushe. (Sheol )
১৫প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল। (Sheol )
16 Na sa al’ummai suka yi rawar jiki da jin ƙarar fāɗuwarsa sa’ad da na yi ƙasa da shi zuwa kabari tare da waɗanda suka gangara rami. Sai dukan itatuwan Eden, zaɓaɓɓu da kuma mafi kyau na Lebanon, dukan itatuwan da aka yi musu banruwa, sun ta’azantu a ƙarƙashin ƙasa. (Sheol )
১৬গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে। (Sheol )
17 Waɗanda suka zauna a inuwarsa, dukan masu tarayyarsa a cikin al’ummai, su ma sun gangara zuwa kabari tare da shi, sun haɗu da waɗanda aka kashe da takobi. (Sheol )
১৭যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল। (Sheol )
18 “‘Da wa cikin itatuwan Eden za a kwatanta da kai cikin girma da daraja? Duk da haka kai ma, za a yi ƙasa da kai tare da itatuwan Eden zuwa ƙarƙashin ƙasa; za ka kwanta a cikin marasa kaciya, tare da waɗanda aka kashe da takobi. “‘Fir’auna ke nan da dukan jama’arsa, in ji Ubangiji Mai Iko Duka.’”
১৮এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!