< 2 Sarakuna 17 >

1 A shekara ta goma sha biyu ta mulkin Ahaz sarkin Yahuda, Hosheya ɗan Ela ya zama sarkin Isra’ila a Samariya, ya kuma yi mulki na shekara tara.
যিহূদাৰ ৰজা আহজৰ ৰাজত্বৰ বাৰ বছৰৰ সময়ত এলাৰ পুত্ৰ হোচেয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈছিল। তেওঁ ন বছৰ ৰাজত্ব কৰিছিল।
2 Ya aikata mugunta a gaban Ubangiji, amma ba kamar na sarakunan Isra’ilan da suka riga shi ba.
যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।
3 Shalmaneser sarkin Assuriya ya kawo wa Hosheya wanda dā abokin tarayyarsa ne, hari har Hosheya ya biya shi haraji.
অচূৰৰ ৰজা চল্মনেচৰে আক্রমণ কৰি হোচেয়াক পৰাজয় কৰিলে; তাতে হোচেয়া তেওঁৰ অধীনৰ ৰজা হোৱাত তেওঁলৈ ৰাজহ আনিছিল।
4 Amma sarkin Assuriya ya gane cewa Hosheya mai cin amana ne, gama ya aika da wakilai wurin So sarkin Masar, ya kuma daina aika wa sarkin Assuriya haraji yadda ya saba yi kowace shekara. Saboda haka Shalmaneser ya kama shi ya sa a kurkuku.
পাছত অচূৰৰ ৰজাই বুজি পালে যে, হোচেয়াই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র ৰচনা কৰিছে, কিয়নো তেওঁ মিচৰৰ চো ৰজা ওচৰলৈ বার্তাবাহকসকলক পঠাইছিল আৰু অচূৰৰ ৰজাক বছৰে বছৰে যি ৰাজহ দিছিল, সেয়া পুনৰ দিয়া নাছিল। সেইবাবেই অচূৰৰ ৰজাই তেওঁক ধৰি নি কাৰাগাৰত বন্দী কৰি থৈছিল।
5 Sarkin Assuriya ya kai wa ƙasar Hosheya gaba ɗaya farmaki, ya kewaye Samariya na tsawon shekara uku.
তাৰ পাছত অচূৰৰ ৰজাই গোটেই দেশ আক্ৰমণ কৰি চমৰিয়ালৈকে গ’ল আৰু তিনি বছৰলৈকে তাক অৱৰোধ কৰিলে।
6 A shekara ta tara ta sarautar Hosheya, sarkin Assuriya ya ci Samariya da yaƙi ya kuma kwashe Isra’ilawa zuwa Assuriya. Ya tsugunar da su a Hala, da a Gozan a bakin Kogin Habor da kuma a garuruwan Medes.
হোচেয়াৰ ৰাজত্বৰ নৱম বছৰৰ সময়ত অচূৰৰ ৰজাই চমৰিয়া দখল কৰিলে আৰু ইস্ৰায়েলীয়াসকলক বন্দী কৰি অচূৰ দেশলৈ লৈ গ’ল। তেওঁলোকক তেওঁ হলহত, গোজনৰ নদী হাবোৰৰ পাৰত আৰু মাদীয়াসকলৰ নগৰবোৰত বাস কৰিবলৈ দিলে।
7 Duk wannan ya faru ne saboda Isra’ilawa sun yi wa Ubangiji Allahnsu zunubi, shi wanda ya fitar da su daga Masar daga ƙarƙashin ikon Fir’auna sarkin Masar. Sun yi wa waɗansu alloli sujada
এই সকলো ঘটিছিল, কাৰণ যদিও ইস্রায়েলৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক মিচৰৰ ৰজা ফৰৌণৰ অধীনৰ পৰা বাহিৰ কৰি মিচৰ দেশৰ পৰা লৈ আনিছিল, তথাপিও তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে পাপ কৰিছিল। তেওঁলোকে আন দেৱ-দেৱীৰ পূজা কৰিছিল।
8 suka kuma bi gurbin al’umman da Ubangiji ya kora a gabansu, da kuma ayyukan da sarakuna Isra’ila suka gabatar.
যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ সন্মুখৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ৰীতি-নীতি আৰু নিজৰ ৰজাসকলে স্থাপন কৰা ৰীতিত তেওঁলোক চলিছিল।
9 Isra’ilawa a ɓoye sun aikata abubuwan da ba daidai ba ga Ubangiji Allahnsu. Tun daga hasumiyoyi har zuwa birane masu katanga, sun gina wa kansu wuraren sujada na tudu a dukan garuruwansu.
ইস্ৰায়েলীয়াসকলে গোপনে ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অনুচিত কাৰ্যবোৰ কৰিছিল। প্রহৰীৰ ওখ মিনাৰৰ পৰা গড়েৰে আবৃত নগৰলৈকে তেওঁলোকৰ সকলো নগৰত ওখ মঠবোৰ নির্মাণ কৰিছিল।
10 Suka kafa keɓaɓɓun duwatsu da kuma ginshiƙan Ashera a kowane tudu mai tsayi da kuma a ƙarƙashin kowane babban itace.
১০তেওঁলোকে প্ৰত্যেকটো ওখ পাহাৰৰ ওপৰত আৰু সেউজীয়া ডাল পাতেৰে ভৰা প্রত্যেকজোপা গছৰ তলত পূজা কৰা শিলৰ স্তম্ভ আৰু আচেৰা মূর্তিবোৰ স্থাপন কৰিছিল।
11 Suka ƙona turare a kan kowane tudu, kamar dai yadda al’umman da Ubangiji ya kora daga gabansu suka yi. Suka yi muguntan da ya sa Ubangiji ya yi fushi.
১১যি জাতি সমূহক যিহোৱাই তেওঁলোকৰ সন্মুখৰ পৰা দূৰ কৰিছিল, সেই জাতিৰ লোকসকলৰ দৰে ইস্রায়েলীয়াসকলেও এই ওখ মঠবোৰত ধূপ জ্বলাইছিল। তেওঁলোকে দুষ্ট কর্মবোৰ কৰি যিহোৱাক ক্রোধিত কৰিছিল;
12 Suka bauta wa gumaka, ko da yake Ubangiji ya ce, “Ba za ku yi wannan ba.”
১২তেওঁলোকে মূর্তি পূজা কৰিছিল, যদিও যিহোৱাই তেওঁলোকক কৈছিল যে, “তোমালোকে এনে কার্য নকৰিবা।”
13 Ubangiji ya yi wa Isra’ila da Yahuda kashedi ta bakin dukan annabawansa da kuma masu duba, cewa, “Ku juyo daga mugayen ayyukanku. Ku yi biyayya da umarnai da farillaina, bisa ga dukan Dokar da na dokaci kakanninku su bi, waɗanda na kuma bayar ta wurin bayina, annabawa.”
১৩যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”
14 Amma ba su saurare ni ba don sun kangare kamar kakanninsu, waɗanda ba su amince da Ubangiji Allahnsu ba.
১৪তথাপিও তেওঁলোকে সেই কথা নুশুনিলে। ঈশ্বৰ যিহোৱাত বিশ্বাস নকৰা তেওঁলোকৰ পূর্বপুৰুষসকলৰ নিচিনাকৈ তেওঁলোক আঁকোৰ-গোঁজ হৈ থাকিল।
15 Suka yi watsi da farillansa da yarjejjeniyar da ya ƙulla da kakanninsu, da kuma kashedin da ya yi musu. Suka bi gumaka marasa amfani, wannan ya sa su ma kansu suka zama marasa amfani. Suka kwaikwayi sauran ƙasashen da suke kewaye da su, ko da yake Ubangiji ya umarce su cewa, “Kada ku yi rayuwa irin tasu,” suka kuwa yi abin da Ubangiji ya hana su.
১৫তেওঁলোকে যিহোৱাৰ বিধিবোৰ, তেওঁলোকৰ পূর্বপুৰুষসকলৰ সৈতে স্থাপন কৰা তেওঁৰ বিধান আৰু তেওঁলোকক দিয়া তেওঁৰ সাৱধান বাণী মানিবলৈ অস্বীকাৰ কৰিছিল। তেওঁলোকে অসাৰ মূর্তিবোৰৰ পাছত চলি নিজেও অসাৰ হৈ পৰিছিল। যিহোৱাই তেওঁলোকক যি লোক সমূহৰ দৰে চলিবলৈ নিষেধ কৰিছিল, তেওঁলোকে নিজৰ চাৰিওফালে থকা সেই জাতি সমূহৰ দৰেই চলিছিল।
16 Suka wofinta dukan umarnan Ubangiji Allahnsu, suka yi wa kansu gumakan zubi na siffar’yan maruƙa biyu, da kuma ginshiƙin Ashera. Suka rusuna wa rundunan taurari, suka kuma yi wa Ba’al sujada.
১৬তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ সকলো আজ্ঞা অগ্রাহ্য কৰি, নিজৰ নিমিত্তে পূজা কৰিবলৈ সাঁচত ঢলা দুটা দামুৰিৰ মূর্তি, এটা আচেৰা মূর্তি সাজিছিল; তেওঁলোকে আকাশৰ সকলো তৰা আৰু বাল দেৱতাৰ সেৱা-পূজা কৰিছিল।
17 Suka miƙa’ya’yansu maza da mata hadaya ta wuta. Suka yi duba, suka yi sihiri suka kuma ba da kansu ga mugunta a gaban Ubangiji; suka sa ya yi fushi.
১৭নিজৰ ল’ৰা-ছোৱালীবোৰক তেওঁলোকে হোমবলিৰূপে উৎসর্গ কৰিছিল; ভৱিষ্যত জনাৰ বাবে তেওঁলোকে মঙ্গল চোৱা কাৰ্য ও মায়াকৰ্মৰ অভ্যাস কৰিছিল; যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই সকলোকে কৰিবলৈ তেওঁলোকে নিজক বিক্রী কৰি যিহোৱাক ক্রোধিত কৰি তুলিছিল।
18 Saboda haka Ubangiji ya yi fushi ƙwarai da Isra’ila, ya kuma kawar da su daga gabansa. Kabilar Yahuda kaɗai aka bari,
১৮এই হেতুকে ইস্ৰায়েলী লোকসকলৰ ওপৰত যিহোৱা অতিশয় ক্ৰোধিত হ’ল আৰু তেওঁলোকক নিজৰ সন্মুখৰ পৰা দূৰ কৰিলে; কেৱল যিহূদা গোষ্ঠীৰ বাহিৰে কোনো বাকী নাথাকিল।
19 ko Yahuda ma ba su kiyaye umarnan Ubangiji Allahnsu ba. Sun bi gurbin da Isra’ila ta kawo.
১৯কিন্তু যিহূদা ফৈদেও তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে নচলি, ইস্ৰায়েলে যি যি কৰিছিল তাকে অনুসৰণ কৰিছিল।
20 Saboda haka Ubangiji ya wofinta mutanen Isra’ila; ya azabtar da su, ya kuma ba da su a hannun masu kwasar ganima, sai da ya shafe su ƙaƙaf daga gabansa.
২০সেয়ে যিহোৱাই ইস্ৰায়েলৰ সকলো বংশকে অগ্ৰাহ্য কৰিলে আৰু নিজৰ সন্মুখৰ পৰা তেওঁলোকক দূৰ নকৰালৈকে, তেওঁ তেওঁলোকক কষ্ট দি আছিল; লুট কৰোঁতা সকলৰ হাতত তেওঁলোকক শোধাই দিছিল।
21 Sa’ad da ya ware Isra’ila daga gidan Dawuda, sai suka naɗa Yerobowam ɗan Nebat sarki a kansu. Yerobowam ya rinjayi Isra’ila daga ƙin Ubangiji, ya sa suka aikata babban zunubi.
২১যিহোৱাই ইস্রায়েলীসকলক দায়ুদৰ ৰাজকীয় বংশৰ পৰা যেতিয়া কাঢ়ি লৈ বেলেগ কৰিছিল, তেতিয়া তেওঁলোকে নবাটৰ পুত্র যাৰবিয়ামক ৰজা পাতিছিল। সেই যাৰবিয়ামে ইস্রায়েলী লোকসকলক যিহোৱাৰ নির্দেশিত পথত চলাৰ পৰা আঁতৰাই নি তেওঁলোকৰ দ্বাৰাই মহাপাপ কৰাইছিল।
22 Isra’ila suka nace cikin dukan zunuban Yerobowam, ba su kuwa rabu da su ba
২২ইস্ৰায়েলৰ লোকসকলে যাৰবিয়ামে কৰা সকলো পাপ কার্যকে অনুসৰণ কৰি চলিছিল। সেইবোৰৰ পৰা ঘূৰি অহা নাছিল।
23 har Ubangiji ya kawar da su daga gabansa, kamar yadda ya gargaɗe su ta bakin bayinsa annabawa. Saboda haka aka kwashi mutanen Isra’ila daga ƙasarsu zuwa bauta a Assuriya, har wa yau kuwa suna can.
২৩এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে।
24 Sarkin Assuriya ya kawo mutane daga Babilon, Kuta, Afa, Hamat da Sefarfayim ya zaunar da su a garuruwan Samariya don su maya gurbin Isra’ilawa. Suka mallaki Samariya suka kuma zauna a garuruwansu.
২৪অচূৰৰ ৰজাই ইস্রায়েলীসকলৰ সলনি বেবিলন, কূথা, অব্বা, হমাৎ আৰু চফৰ্বয়িমৰ পৰা লোক আনি চমৰীয়াৰ নগৰবোৰত বাস কৰিবলৈ দিলে; তেওঁলোকে চমৰিয়া অধিকাৰ কৰি তাৰ নগৰবোৰত বসতি কৰিবলৈ ধৰিলে।
25 Sa’ad da suka fara zama a can, ba su bauta wa Ubangiji ba; saboda haka ya aika da zakoki a tsakaninsu suka karkashe waɗansu mutane.
২৫সেই ঠাইত বসতি কৰাৰ আৰম্ভণীতে, তেওঁলোকে যিহোৱাক ভয় কৰা নাছিল; এই হেতুকে যিহোৱাই তেওঁলোকৰ মাজলৈ সিংহ পঠাই দিলে আৰু সেইবোৰে তেওঁলোকৰ কিছুমানক মাৰি পেলালে।
26 Sai aka faɗa wa sarkin Assuriya cewa, “Mutanen da ka kwashe ka zaunar a garuruwan Samariya fa ba su san abin da allahn ƙasar yake bukata ba. Saboda haka allahn ƙasar ya tura zakoki a cikinsu, waɗanda suke karkashe su, domin mutanen ba su san abin da yake bukata ba.”
২৬তেতিয়া অচূৰৰ ৰজাৰ আগত তেওঁলোকে ক’লে, “আপুনি যি জাতিবোৰক আনি চমৰিয়াত বাস কৰিবৰ কাৰণে পঠাই দিলে, তেওঁলোকে সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক নাজানে। সেয়ে ঈশ্বৰে তেওঁলোকৰ মাজলৈ সিংহ পঠালে আৰু সেইবোৰে লোকসকলক মাৰি আছে, কিয়নো তেওঁলোকে সেই দেশৰ ঈশ্বৰৰ নিয়ম প্ৰণালী নাজানে।”
27 Sai sarkin Assuriya ya ba da umarni cewa, “A sami wani daga cikin firistocin da aka kwaso zuwa bauta daga Samariya, yă koma yă zauna a can, yă koya wa mutanen abin da allahn ƙasar yake bukata.”
২৭তেতিয়া অচূৰৰ ৰজাই এই আজ্ঞা দিলে, “তাৰ পৰা অনা পুৰোহিতসকলৰ এজনক তালৈ যাবলৈ দিয়া আৰু তেওঁ গৈ তাত বসতি কৰক। তেওঁ সেই দেশৰ ঈশ্বৰক কেনেদৰে উপাসনা কৰিব লাগে, তাক শিকাওক।”
28 Saboda haka ɗaya daga cikin firistocin da aka kawo bauta daga Samariya ya dawo ya zauna a Betel, ya koya musu yadda za su yi sujada ga Ubangiji.
২৮সেয়ে চমৰিয়াৰ পৰা লৈ যোৱা পুৰোহিতসকলৰ মাজৰ এজনে আহি বৈৎএলত নিবাস কৰিলে আৰু কেনেকৈ তেওঁলোকে যিহোৱাক উপাসনা কৰিব লাগে, তাক তেওঁ শিকালে।
29 Duk da haka, jama’ar kowace ƙasa, suka ƙera tasu alloli a garuruwa masu yawa inda suke zaune, suka sa su a masujadan da mutanen Samariya suka gina a kan tuddai.
২৯তথাপিও প্ৰত্যেক জাতিৰ লোকসকলে যি যি নগৰত বাস কৰিছিল, তেওঁলোকে সেই নগৰবোৰত নিজৰ নিজৰ দেৱতাবোৰ নির্মাণ কৰিলে আৰু চমৰিয়াৰ লোকসকলে নির্মাণ কৰা ওখ ঠাইৰ মঠবোৰত সেইবোৰ ৰাখিলে।
30 Mutane daga Babilon suka ƙera Sukkot Benot, mutane daga Kut suka ƙera Nergal, mutane daga Hamat suka ƙera Ashima;
৩০সেইদৰে বেবিলনৰ লোকসকলে চক্কোৎ-বনোতৰ মূর্তি, কুথৰ লোকসকলে নেৰ্গলৰ মূর্তি, হমাতৰ লোকসকলে অচীমা মূর্তি সাজিলে;
31 Awwiyawa suka ƙera Nibhaz da Tartak, Sefarfayawa kuwa suka ƙone’ya’yansu a wuta a matsayi hadayu ga Adrammelek da Anammelek allolin Sefarfayim.
৩১অব্বিয়াসকলে নিভজ আৰু তৰ্তকৰ মূর্তি সাজিলে; অদ্ৰম্মেলক আৰু অনম্মেলক নামৰ চফৰ্বয়িমৰ দেৱতাবোৰৰ উদ্দেশ্যে চফৰ্বয়িমৰ লোকসকলে তেওঁলোকৰ নিজৰ সন্তান সকলক জুইত পুৰি উৎসর্গ কৰিলে।
32 Sun yi wa Ubangiji sujada, amma kuma suka zaɓi mutanensu su yi musu hidima a matsayin firistoci a masujadan da suke kan tuddai.
৩২তেওঁলোকে যিহোৱাৰো উপাসনা কৰিছিল। উপাসনাৰ ওখ ঠাইৰ মঠবোৰত পুৰোহিতৰ কার্য কৰিবৰ কাৰণে নিজৰ মাজৰ পৰাই লোক নিযুক্ত কৰিছিল; সেই পুৰোহিতসকলে তেওঁলোকৰ বাবে ওখ ঠাইৰ মঠ-মন্দিৰবোৰত বলি উৎসর্গ কৰিছিল।
33 Sun yi wa Ubangiji sujada, amma kuma sun bauta wa allolinsu bisa ga al’adun ƙasashen da suka fito.
৩৩তেওঁলোকে যিহোৱাক উপাসনা কৰাৰ লগতে যি জাতিবোৰৰ মাজৰ পৰা তেওঁলোকক লৈ অনা হৈছিল, সেই জাতিবোৰৰ নিয়ম-প্ৰণালী অনুসাৰে নিজৰ দেৱতাবোৰৰো পূজা-অর্চনা কৰিছিল।
34 Har yă zuwa yau, sun nace da ayyukansu na dā. Ba sa yin wa Ubangiji sujada, ba sa kuma bin dokoki da farillansa, dokoki da umarnan da Ubangiji ya ba wa zuriyar Yaƙub, wadda ya ba wa suna Isra’ila.
৩৪আজিলৈকে তেওঁলোকে সেই পূৰ্বকালৰ নিয়ম-প্ৰণালী মানি চলি আছে। তেওঁলোকে প্রকৃতার্থত যিহোৱাক উপাসনা নকৰে, কাৰণ যিহোৱাই যি যাকোবৰ নাম ইস্রায়েল ৰাখিছিল, সেই যাকোবৰ সন্তান সকলৰ বিধি বা নির্দেশ বা বিধান বা যিহোৱাই তেওঁলোকক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে কাৰ্য নকৰে।
35 Da Ubangiji ya ƙulla alkawari da Isra’ilawa, ya dokace su cewa, “Kada ku yi wa waɗansu alloli sujada ko ku durƙusa a gabansu ku bauta musu, ko ku miƙa musu hadaya.
৩৫যাকোবৰ সৈতে যিহোৱাই ইস্রায়েলসকলৰ কাৰণে এটি নিয়ম স্থাপন কৰি তেওঁলোকক এই আজ্ঞা দিছিল, “তোমালোকে আন কোনো দেৱ-দেবীক ভয় নকৰিবা বা তেওঁলোকৰ আগত প্ৰণিপাত নকৰিবা আৰু তেওঁলোকক সেৱা-পূজা বা তেওঁলোকৰ উদ্দেশ্যে বলিদান নকৰিবা।
36 Amma Ubangiji wanda ya fito da ku daga Masar da iko mai girma da hannu mai ƙarfi, shi ne za ku yi masa sujada. Gare shi za ku durƙusa ku kuma miƙa masa hadayu.
৩৬কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
37 Dole kullum ku mai da hankali ga kiyaye ƙa’idodi da farillan, dokoki da umarnan da ya rubuta muku. Kada ku yi wa waɗansu alloli sujada.
৩৭তেওঁ যি সকলো বিধি, নির্দেশ, বিধান আৰু আজ্ঞা তোমালোকৰ কাৰণে লিখি দিছিল তাক তোমালোকে সদায় পালন কৰিবা। গতিকে তোমালোকে আন দেৱতাবোৰলৈ ভয় নকৰিবা।
38 Kada ku manta da alkawarin da na ƙulla da ku, kada ku yi sujada ga waɗansu alloli.
৩৮মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
39 Maimakon haka, ku yi wa Ubangiji Allahnku sujada; shi ne zai cece ku daga hannun abokan gābanku.”
৩৯কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
40 Amma ba su saurara ba, suka nace da ayyukansu na dā.
৪০তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
41 Ko ma yayinda mutanen nan suke yi wa Ubangiji sujada, ba su daina bauta wa gumakansu ba. Har yă zuwa yau,’ya’yansu da jikokinsu sun ci gaba da bin gurbin kakanninsu.
৪১এইদৰে সেই জাতি সমূহে যিহোৱাক ভয় কৰিছিল আৰু তেওঁলোকৰ কটা-প্ৰতিমাকো পূজা কৰিছিল; তেওঁলোকৰ পূর্বপুৰুষসকলে যেনেকৈ কৰিছিল, তেওঁলোকৰ নাতি-পুতিসকলেও তেনেকৈ আজিলৈকে কৰি আহিছে।

< 2 Sarakuna 17 >