< 2 Tarihi 21 >

1 Yehoshafat ya huta tare da kakanninsa, aka kuma binne shi tare da su a Birnin Dawuda. Sai Yehoram ɗansa ya gāje shi a matsayin sarki.
পাছত যিহোচাফটে তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হোৱাত দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগতে তেওঁক মৈদাম দিয়া হ’ল; তাতে তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
2 ’Yan’uwan Yehoram,’ya’yan Yehoshafat maza su ne, Azariya, Yehiyel, Zakariya, Azariyahu, Mika’ilu da Shefatiya. Dukan waɗannan su ne’ya’yan Yehoshafat sarkin Isra’ila maza.
অজৰিয়া, যিহীয়েল, জখৰিয়া, অজৰিয়া, মীখায়েল আৰু চফটিয়া নামেৰে যিহোচাফটৰ পুত্ৰ যিহোৰামৰ কেইবাজনো ভায়েক আছিল৷ তেওঁলোক আটাইকেইজনেই ইস্ৰায়েলৰ ৰজা যিহোচাফটৰ পুত্ৰ আছিল।
3 Mahaifinsu ya ba su kyautai masu yawa na azurfa da zinariya da kayayyaki masu daraja, tare da birane masu katanga a Yahuda, amma ya ba da mulki ga Yehoram domin shi ne ɗan farinsa.
তেওঁলোকৰ পিতৃয়ে প্ৰতিজনকে অধিক সম্পত্তি, অৰ্থাৎ ৰূপ, সোণ, বহুমূল্য বস্তু আৰু যিহূদা দেশত থকা সুসজ্জিত গড়েৰে আবৃত নগৰবোৰ দান কৰিছিল; কিন্তু যিহোৰাম তেওঁৰ জেষ্ঠ্য পুত্ৰ হোৱাৰ বাবে তেওঁক তেওঁৰ ৰাজসিংহাসন দিলে।
4 Sa’ad da Yehoram ya kafa kansa sosai a bisa mulkin mahaifinsa, sai ya kashe dukan’yan’uwansa da takobi tare da waɗansu sarakunan Isra’ila.
যেতিয়া যিহোৰামে নিজৰ পিতৃৰ সিংহাসনত ৰাজত্ৱ কৰি নিজকে বলৱান ৰজাৰূপে প্ৰতিষ্ঠা কৰি ল’লে, তেতিয়া তেওঁ নিজৰ আটাইকেইজন ভাইক আৰু ইস্ৰায়েলৰ কেইবাজনো অধ্যক্ষক তৰোৱালেৰে বধ কৰিছিল।
5 Yehoram yana da shekara talatin da biyu sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima shekara takwas.
যিহোৰামে ৰাজত্ৱ আৰম্ভন কৰাৰ সময়ত তেওঁৰ বয়স বত্ৰিশ বছৰ আছিল আৰু তেওঁ যিৰূচালেমত আঠ বছৰলৈ ৰাজত্ব কৰিছিল।
6 Ya yi tafiya a hanyoyin sarakunan Isra’ila, kamar yadda gidan Ahab ta yi, gama ya auri’yar Ahab. Ya aikata mugayen ayyuka a idon Ubangiji.
তেওঁ আহাবৰ বংশৰ নিচিনাকৈ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; কিয়নো তেওঁ আহাবৰ জীয়েকক তেওঁৰ পত্নীৰূপে লৈছিল; আৰু তেওঁ যিহোৱাৰ দৃষ্টিত কেৱল কু-আচৰণ কৰিছিল।
7 Duk da haka, domin alkawarin da Ubangiji ya yi wa Dawuda, Ubangiji bai so yă hallaka gidan Dawuda ba. Ubangiji ya riga ya yi alkawari zai ci gaba da riƙe fitila domin Dawuda da zuriyarsa har abada.
তথাপিও দায়ূদৰ লগত যিহোৱাই কৰা নিয়ম-চুক্তিৰ কাৰণে যিহোৱাই দায়ূদৰ বংশক বিনষ্ট নকৰিলে; তেওঁক আৰু তেওঁৰ সন্তান সকলক চিৰকাললৈকে এক জীৱন দিম বুলি তেওঁ প্ৰতিজ্ঞা কৰিছিল৷
8 A zamanin Yehoram, Edom ya tayar wa Yahuda ya kuma naɗa sarkinsa.
তেওঁৰ ৰাজত্বৰ সময়ত ইদোমীয়া লোকসকলে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি নিজৰ ওপৰত এজন ৰজা পাতি লৈছিল।
9 Saboda haka Yehoram ya tafi can tare da shugabannin sojojinsa da kuma dukan keken yaƙinsa. Mutanen Edom suka kewaye shi da shugabannin keken yaƙinsa, amma ya tashi ya fatattaki su da dare.
তেতিয়া যিহোৰামে তেওঁৰ সেনাপতিসকলৰ সৈতে সকলো ৰথ লগত লৈ যাত্ৰা কৰিলে৷ তাতে তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু তেওঁৰ ৰথৰ সেনাপতিসকলক বেৰি ধৰা ইদোমীয়াসকলক প্ৰহাৰ কৰিলে।
10 Har yă zuwa yau Edom na tawaye a kan Yahuda. Libna ya yi tawaye a lokaci guda, domin Yehoram ya yashe Ubangiji Allah na kakanninsa.
১০এইদৰে ইদোমীয়াসকল আজিলৈকে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি সদায় বিদ্ৰোহ কৰি থাকিল৷ সেই একে সময়তে লিব্‌নায়ো তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহ আচৰণ কৰিলে, কিয়নো যিহোৰামে তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিছিল।
11 Ya gina masujadan kan tudu a tuddan Yahuda, ya kuma sa mutanen Urushalima suka yi karuwanci, ya sa Yahuda suka kauce.
১১আনকি যিহোৰামে যিহূদাৰ পৰ্বতসমূহত পবিত্ৰ ঠাইবোৰ স্থাপন কৰিলে; তেওঁ যিৰূচালেম নিবাসীসকলক ব্যভিচাৰ কৰালে৷ এইদৰে তেওঁ যিহূদাক অপথে নিলে।
12 Yehoram ya sami wasiƙa daga Iliya annabi, wadda ta ce, “Ga abin da Ubangiji Allah na kakanka Dawuda ya ce, ‘Ba ka yi tafiya a hanyoyin mahaifinka Yehoshafat ko Asa sarkin Yahuda ba.
১২পাছত যিহোৰামলৈ এলিয়া ভাববাদীৰ পৰা এখন পত্ৰ আহিল৷ তাত এইদৰে কৈছিল, “তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তুমি তোমাৰ পিতৃ যিহোচাফটৰ পথত বা যিহূদাৰ আচা ৰজাৰ পথত নচলিলা,
13 Amma ka yi tafiya a hanyoyin sarakunan Isra’ila, ka sa Yahuda ya kauce, ka kuma sa mutanen Urushalima suka yi karuwanci, kamar yadda gidan Ahab ta yi. Ka kuma kashe’yan’uwanka, membobi gidan mahaifinka, mutanen da suka fi ka kirki.
১৩কিন্তু ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিলা আৰু আহাবৰ বংশই কৰা নিচিনাকৈ যিহূদাক আৰু যিৰূচালেমৰ নিবাসীসকলক ব্যভিচাৰীৰ দৰে আচৰণ কৰিবলৈ দিলা - আৰু তোমাতকৈ উত্তম তোমাৰ পিতৃ-বংশৰ যি ভাইসকল, তেওঁলোককো তৰোৱালেৰে বধ কৰিলা -
14 Saboda haka a yanzu Ubangiji yana shirin ya bugi mutanenka,’ya’yanka maza, matanka da kuma kome da yake naka, da bugu mai ƙarfi.
১৪চোৱা, এই কাৰণে যিহোৱাই তোমাৰ প্ৰজা, তোমাৰ সন্তান সকলক, তোমাৰ পত্নীসকলক আৰু তোমাৰ সকলো সম্পত্তি এটা ভয়ংকৰ মহামাৰীৰে আঘাত কৰিব৷
15 Kai kuma za ka kamu da ciwon hanji wanda zai yi ta cinka kowace rana sai har hanjinka sun fito.’”
১৫তুমি নিজেও নাড়ীৰ ৰোগত দিনে দিনে অতিশয় বেদনা পাবা; শেষত সেই ৰোগতে তোমাৰ নাড়ী-ভুৰু ওলাই পৰিব।”
16 Ubangiji ya sa Filistiyawa da Larabawa waɗanda suke zama kusa da Kushawa su yi gāba da Yehoram
১৬যিহোৱাই যিহোৰামৰ অহিতে পলেষ্টীয়া আৰু কুচীয়াৰ ওচৰত থকা আৰবীয়া লোকসকলৰ মন উচটাই পেলালে৷
17 Suka yaƙi Yahuda, suka kai masa hari, suka kwashe dukan abubuwa masu kyau da suka samu a fadan sarki, tare da’ya’yansa maza da kuma matansa. Ba wanda aka bari, sai dai Ahaziya autansa.
১৭তাতে তেওঁলোকে যিহূদাৰ বিৰুদ্ধে আহি গড় ভংগ কৰি, ৰাজ-গৃহত পোৱা সকলো সম্পত্তিবোৰ লৈ গ’ল৷ আনকি তেওঁলোকে তেওঁৰ পুত্ৰসকল আৰু লগতে তেওঁৰ পত্নীসকলকো লৈ গ’ল৷ তাতে তেওঁৰ কনিষ্ঠ পুত্ৰ যিহোৱাহজৰ বাহিৰে তেওঁৰ এটাও পুত্ৰ অৱশিষ্ট নাথাকিল।
18 Bayan dukan wannan, sai Ubangiji ya sa wa Yehoram cuta marar warkarwa ta ciki.
১৮এই সকলো ঘটনাৰ পাছত, সুস্থ কৰিব নোৱাৰা নাড়ীৰ ৰোগেৰে যিহোৱাই তেওঁক আঘাত কৰিলে।
19 Cikin lokaci, a ƙarshen shekara ta biyu, sai hanjin cikinsa suka fito saboda cutar, ya kuma mutu cikin tsananin zafi. Mutanensa suka hura wuta don girmama shi, kamar yadda suka yi wa kakanninsa.
১৯তাতে কালক্ৰমে দুবছৰৰ পাছত তেওঁৰ নাড়ী-ভুৰু সেই ৰোগত ওলাই পৰিল আৰু তেওঁৰ অতিশয় যাতনাৰে মৃত্যু হ’ল৷। তেওঁৰ পূর্ব-পুৰুষসকলৰ কাৰণে যেনেকৈ সুগন্ধি বস্তু জ্বলাইছিল, তেনেকৈ তেওঁৰ প্ৰজাসকলে তেওঁৰ কাৰণে নকৰিলে।
20 Yehoram yana da shekara talatin da biyu sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima shekara takwas. Ya mutu, ba ma wanda ya kula, aka kuma binne shi a Birnin Dawuda, amma ba a makabartan sarakuna ba.
২০তেওঁ বত্ৰিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল; তেওঁ যিৰূচালেমত আঠ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মৃত্যু হোৱাত কাৰো মনত দুখ নালাগিল৷ লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে, কিন্তু ৰজাসকলৰ ৰাজকীয় মৈদামৰ ঠাইত নিদিলে।

< 2 Tarihi 21 >