< 1 Sama’ila 21 >

1 Dawuda ya tafi Nob a wurin Ahimelek firist. Da Ahimelek ya gan shi sai ya firgita ya ce, “Me ya sa kai kaɗai ne? Me ya sa ba wani tare da kai?”
তাৰ পাছত দায়ুদ নোবত থকা অহীমেলক পুৰোহিতৰ ওচৰলৈ আহিল। তাতে অহীমেলকে কঁপি কঁপি দায়ূদৰ লগত সাক্ষাৎ কৰিবলৈ আহিল, আৰু তেওঁক ক’লে, “কিয় তোমাৰ লগত কোনো নাই আৰু তুমি কিয় অকলে আহিছা?”
2 Dawuda ya ce wa Ahimelek firist, “Na zo aikin sarki ne, ya kuwa ce kada in sanar wa kowa abin da ya sa in yi. Na faɗa wa mutanena inda za su same ni.
দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ।
3 Yanzu, me kake da shi a hannu? Ka ba ni burodi guda biyar, ko wani abu da kake da shi a nan.”
এতিয়া তোমাৰ হাতত কি আছে? মোক পাঁচটা পিঠা বা ইয়াত যি আছে তাকে দিয়া।”
4 Amma firist ya ce wa Dawuda, “Ba ni da burodi iri na kowa da kowa, sai dai akwai burodin da aka tsarkake. Za ka iya ɗauka ku ci idan mutanenka ba su kwana da mata ba.”
পুৰোহিতে দায়ূদক উত্তৰ দি ক’লে, “মোৰ হাতত সাধাৰণ পিঠা নাই, কিন্তু পবিত্ৰ পিঠাহে আছে; যদি যুৱকসকলে নিজকে মহিলাৰ পৰা পৃথকে ৰাখে।”
5 Dawuda ya ce, “Lalle ne a keɓe muke daga mata. Mutanena sukan keɓe kansu a koyaushe suka tashi’yar tafiya, balle fa a yau!”
দায়ূদে পুৰোহিতক উত্তৰ দিলে, “নিশ্চয়কৈ এই তিনি দিন আমাৰ পৰা মহিলাসকলক পৃথকে ৰাখিম। যেতিয়া মই ওলাই আহিলোঁ, যুৱকসকলৰ শৰীৰ পবিত্ৰ আছিল, যদিও বা এই যাত্ৰা সাধাৰণ আছিল। আজি তেওঁলোকৰ শৰীৰ আৰু কিমান পবিত্ৰ হ’ব লাগে?”
6 Don haka firist ya ba shi keɓaɓɓen burodi, tun da yake babu wani burodi a can sai dai burodin Kasancewa da aka cire daga gaban Ubangiji, aka sa burodi mai zafi a maimakon wanda aka cire a ranar.
তাতে পুৰোহিতে তেওঁক পবিত্ৰ পিঠা দিলে। কাৰণ তাত আন পিঠা নাছিল, কেৱল তাত থকা পিঠা যি যিহোৱাৰ সন্মুখৰ পৰা আঁতৰোৱা হৈছিল যাতে তাৰ ঠাইত গৰম পিঠা ৰাখিব পৰা যায়।
7 A ranar kuwa, ɗaya daga cikin bayin Shawulu yana can, a tsare a gaban Ubangiji, sunansa Doyeg, mutumin Edom, shugaban makiyayan Shawulu.
সেই দিনা চৌলৰ দাসবোৰৰ মাজৰ ইদোমীয়া দোৱেগ নামেৰে এজন লোক যিহোৱাৰ সন্মুখত, তেওঁ চৌলৰ প্ৰধান পশুপালক আছিল।
8 Dawuda ya ce wa Ahimelek, “Ba ka da māshi ko takobi a nan? Ban kawo māshina ko wani makami ba gama saƙon sarki ya zo mini da gaggawa.”
দায়ূদে অহীমেলকক ক’লে, “তোমাৰ এই ঠাইত যাঠি বা তৰোৱাল একো নাই নে? কাৰণ, মই ৰজাৰ জৰুৰী কাৰ্য কৰিব লগা হোৱাত, মই নিজৰ তৰোৱাল বা অস্ত্ৰ লগত অনা নহ’ল।”
9 Sai firist ya ce, “Takobin Goliyat Bafilistin nan wanda ka kashe a Kwarin Ela yana nan. An naɗe shi da ƙyallen aka ajiye a bayan Efod, in kana so, sai ka ɗauka. Ba wani takobi kuma sai wancan.” Dawuda ya ce, “Ba ni shi, ai, ba wani kamar sa.”
পুৰোহিতে ক’লে, “এলা উপত্যকাত তুমি যাক বধ কৰিছিলা সেই পলেষ্টীয়া গলিয়াথৰ তৰোৱাল এফোদৰ পাছফালে কাপোৰেৰে মেৰোৱা আছে। যদি তুমি লব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই।” তাতে দায়ূদে ক’লে, “তাৰ সমান তৰোৱাল আৰু নাই; তাকে মোক দিয়া।”
10 A ranar, Dawuda ya gudu daga wajen Shawulu ya tafi wuri Akish sarkin Gat.
১০তাৰ পাছত দায়ুদ উঠি চৌলৰ ভয়ত পলাল আৰু সেই দিনাই গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
11 Amma bayin Akish suka ce masa, “Wannan ba shi ne Dawuda sarkin ƙasar ba? Ashe, ba shi ne aka yi ta yin waƙoƙi a kansa, ana raye-raye, ana cewa, “Shawulu ya kashe dubbai, Dawuda kuwa ya kashe dubun dubbai?”
১১আখীচৰ দাসবোৰে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ুদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”
12 Dawuda ya riƙe waɗannan kalmomi a zuciyarsa, ya kuma ji tsoron Akish sarkin Gat sosai.
১২তাতে দায়ূদে সেই কথা হৃদয়ত ৰাখি গাতৰ ৰজা আখীচলৈ অতিশয় ভয় কৰিলে।
13 Don haka sai ya yi kamar ya taɓu a gabansu. A duk lokacin da yake tare da su, sai yă yi kamar ya haukace. Ya yi ta zāne-zāne a ƙofofi, ya bar miyau yana ta bin gemunsa.
১৩তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি-বাকি আৰু নিজৰ ডাঢ়িৰ ওপৰত লালটি বোৱাই তেওঁলোকৰ আগত বলীয়াৰ ভাও ধৰিলে।
14 Akish ya ce wa bayinsa, “Duba, wannan mutum yana hauka. Me ya sa kuka kawo shi a wurina?
১৪তাতে আখীচে তেওঁৰ দাসবোৰক ক’লে, “চোৱা, এই মানুহজন বলীয়া। তেওঁক মোৰ ওচৰলৈ কিয় আনিছা?
15 Na rasa masu hauka ne da za ku kawo mini wannan mutum yă yi ta hauka a gabana? Dole ne wannan mutum yă shiga gidana?”
১৫মোৰ জানো বলীয়া মানুহৰ অভাৱ হৈছে, যে, মোৰ ওচৰত বলীয়াৰ দৰে ব্যৱহাৰ কৰিবলৈ তোমালোকে ইয়াক আনিলা, এই মানুহ মোৰ গৃহত সোমাব নে?”

< 1 Sama’ila 21 >