< 1 Tarihi 13 >

1 Sai Dawuda ya tattauna da kowane ɗaya daga cikin shugabanninsa, shugabannin sojoji na dubu-dubu da na ɗari-ɗari.
দায়ূদে সহস্ৰপতি, শতপতি আৰু সকলো প্রধান লোকসকলৰ সৈতে পৰামৰ্শ কৰিলে।
2 Sa’an nan ya ce wa dukan taron Isra’ila, “In ya yi muku kyau kuma in nufin Ubangiji Allahnmu ne, bari mu aika da saƙo nesa da kuma ko’ina zuwa ga sauran’yan’uwanmu a duk iyakokin Isra’ila, da kuma zuwa ga firistoci da Lawiyawa waɗanda suke tare da su a garuruwansu da makiyayansu, su zo wurinmu.
দায়ূদে ইস্ৰায়েলৰ সমবেত লোকসকলক ক’লে, “যদি তোমালোকৰ দৃষ্টিত ভাল হয়, আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়, তেন্তে আহাঁ আমি ইস্ৰায়েল দেশত সকলো ফালে অৱশিষ্ট থকা আমাৰ ভাইসকলক, পুৰোহিতসকলক আৰু তেওঁলোকৰ নগৰত বাস কৰা লেবীয়াসকলক আমাৰ লগত একগোট হবলৈ বাৰ্তাবাহকৰ যোগেদি বাৰ্তা পঠাওহঁক।
3 Bari mu ɗauko akwatin alkawarin Allahnmu mu kawo wurinmu, gama ba mu neme shi a lokacin mulkin Shawulu ba.”
আহাঁ আমাৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমি নিজৰ ওচৰলৈ উভটাই আনোহঁক, কাৰণ চৌলৰ ৰাজত্বৰ সময়ত আমি তাৰ বিষয়ে কোনো বিচাৰ কৰা নাছিলোঁ।”
4 Dukan taron jama’a suka yarda su yi haka, domin ya yi daidai ga dukan mutane.
তেতিয়া সমাজৰ সকলো লোকে সেই কাৰ্য কৰিবলৈ মান্তি হ’ল, কাৰণ সেই কথা তেওঁলোকৰ দৃষ্টিত ভাল দেখিলে।
5 Saboda haka Dawuda ya tattara dukan Isra’ilawa, daga Kogin Shihor a Masar zuwa Lebo Hamat, don su kawo akwatin alkawarin Allah daga Kiriyat Yeyarim.
সেয়ে কিৰিয়ৎ-যিয়াৰীমৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক আনিবলৈ, দায়ূদে মিচৰ দেশৰ চীহোৰ নদীৰ পৰা লেবো সীমালৈকে ইস্ৰায়েলী লোকসকলক একগোট কৰিলে।
6 Dawuda da dukan Isra’ilawa tare da shi suka tafi Ba’ala na Yahuda (Kiriyat Yeyarim) don su haura daga can su kawo akwatin alkawarin Allah Ubangiji, wanda yake zama tsakanin kerubobi, akwatin alkawarin da ake kira da Sunan.
ঈশ্বৰৰ নামেৰে প্ৰখ্যাত হোৱা, কৰূব দুটাৰ মাজত বহা ঈশ্বৰৰ নিয়ম-চন্দুক যিহূদাৰ অধীনত থকা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমৰ পৰা আনিবলৈ দায়ুদ আৰু ইস্ৰায়েলৰ সকলো লোক সেই ঠাইলৈ গ’ল।
7 Suka ɗauki akwatin alkawarin Allah daga gidan Abinadab a kan sabon keken shanu, Uzza da Ahiyo ne suke lura da shi.
সেয়ে তেওঁলোকে অবীনাদবৰ ঘৰৰ পৰা ঈশ্বৰৰ নিয়ম-চন্দুক উলিয়াই আনিলে আৰু এখন নতুন ৰথত তুলিলে। উজ্জা আৰু অহিয়ো সেই ৰথৰ পথ প্রদৰ্শক হ’ল।
8 Dawuda da dukan Isra’ilawa suka yi shagali da dukan ƙarfinsu a gaban Allah, tare da waƙoƙi da garayu, molaye, ganguna, kuge da ƙahoni.
দায়ুদ আৰু ইস্রায়েলৰ লোকসকলে বীণা, বেহেলা, খঞ্জৰী, তাল, আৰু তূৰী বাদ্যেৰে গীত-গান কৰি ঈশ্বৰৰ উদ্দেশে উৎসৱ উদযাপন কৰিলে।
9 Sa’ad da suka kai masussukar Kidon, Uzza ya miƙa hannunsa don yă gyara akwatin alkawarin, gama shanun sun yi tuntuɓe.
যেতিয়া তেওঁলোকে কীদোনৰ ধান মৰণা মৰা ঠাই পালে, তেতিয়া ষাঁড়-গৰুহালে উজুটি খোৱাত উজ্জাই নিয়ম-চন্দুকটো হাত মেলি থাপমাৰি ধৰিলে।
10 Sai fushin Ubangiji ya ƙuna a kan Uzza, ya kuma buge shi domin ya sa hannunsa a kan akwatin alkawarin. Sai ya mutu a can a gaban Allah.
১০উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।
11 Ran Dawuda ya ɓace domin Ubangiji ya husata a kan Uzza, kuma har wa yau ana ce da wannan wuri Ferez Uzza.
১১যিহোৱাই উজ্জাক আঘাত কৰাৰ বাবে দায়ূদৰ খং উঠিল। আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা হৈ আছে।
12 Dawuda ya ji tsoron Allah a wannan rana ya kuma yi tambaya, “Yaya zan taɓa kawo akwatin alkawarin Allah gare ni?”
১২দায়ূদে ঈশ্বৰলৈ সেই দিনা ভয় কৰিলে। তেওঁ ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক মোৰ ঘৰলৈ মই কেনেকৈ আনিম?”
13 Don haka bai ɗauki akwatin alkawarin ya kasance tare da shi a Birnin Dawuda ba. A maimakon haka, ya kai shi gidan Obed-Edom mutumin Gat.
১৩সেয়ে দায়ূদে নিয়ম-চন্দুক দায়ূদৰ নগৰলৈ নানিলে কিন্তু একাষৰিয়াকৈ লৈ গ’ল আৰু গাতীয়াৰ ওবেদ-ইদোমৰ ঘৰত থলে।
14 Akwatin Alkawarin Allah ya zauna tare da iyalin Obed-Edom a gidansa wata uku, Ubangiji kuwa ya albarkaci gidan Obed-Edom da kome da yake da shi.
১৪ঈশ্বৰৰ সেই নিয়ম-চন্দুক ওবেদ-ইদোমৰ পৰিয়ালবৰ্গৰ সৈতে তেওঁৰ ঘৰত তিনি মাহ থাকিল। সেয়ে যিহোৱাই তেওঁৰ ঘৰ আৰু তেওঁৰ অধিকাৰত থকা সকলোকে আশীৰ্ব্বাদ কৰিলে।

< 1 Tarihi 13 >