< Josua 16 >
1 Und für die Söhne Josephs kam heraus das Los vom Jordan bei Jericho an die Wasser von Jericho gegen Aufgang; die Wüste hinaufsteigend von Jericho in das Gebirge nach Bethel.
১যোচেফৰ ফৈদক নিৰূপিত কৰা অঞ্চলৰ সীমা, যিৰীহোৰ সন্মুখত থকা যৰ্দ্দনৰ পৰা পূব দিশে থকা যিৰীহোৰ জুৰিৰে, মৰুপ্ৰান্ত হৈ, যিৰীহোৰ ওপৰ ভাগেৰে বৈৎএল পৰ্ব্বতীয়া দেশৰ মাজেৰে গ’ল।
2 Und sie ging aus von Bethel gen Lus und zog sich hinüber nach der Grenze des Architers nach Ataroth;
২পাছত এই সীমা বৈৎএলৰ পৰা ওলাই লুজলৈ গ’ল আৰু সেই ঠাই পাৰ কৰি অৰ্কীয়াসকলৰ অঞ্চল অটাৰোতলৈ গ’ল।
3 Und ging hinab dem Meere zu an die Grenze des Japhletiters bis zur Grenze des unteren Beth-Chorons und bis nach Geser, und seine Ausläufe waren an das Meer.
৩তাৰ পৰা এই সীমা তললৈ নামি যফ্লেটীয়াসকলৰ অঞ্চলৰ পশ্চিমফালে থকা তলৰ বৈৎ-হোৰোণৰ সীমাৰ পৰা গেজৰলৈ নামি গ’ল; সমুদ্ৰত ইয়াৰ সীমা শেষ হ’ল।
4 Und die Söhne Josephs erhielten es als Erbe, Menascheh und Ephraim.
৪এইদৰে যোচেফৰ ফৈদ, মনচি আৰু ইফ্ৰয়িমে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
5 Und die Grenze der Söhne Ephraims nach ihren Familien war: die Grenze ihres Erbes war aber gegen den Aufgang von Atroth-Addar bis gegen das obere Beth-Choron.
৫নিজ নিজ বংশৰ অনুসাৰে ইফ্ৰয়িমৰ ফৈদৰ সীমা এনে ধৰণৰ আছিল: তেওঁলোকৰ উত্তৰাধিকাৰৰ সীমা পূবফালে থকা অটৰোৎ-অদ্দৰ পৰা ওপৰ বৈৎ-হোৰোণলৈকে,
6 Und die Grenze ging hinaus nach dem Meere, gen Michmethath nördlich; und die Grenze wandte sich herum nach dem Aufgang bis Thaanath-Schiloh und zog sich hinüber vom Aufgang gen Janochah;
৬আৰু তাৰ পৰা সাগৰলৈ৷ পাছত সেই সীমা উত্তৰ ফালে থকা মিকমথতৰ পৰা পূব ফালে ঘূৰি তনাৎ-চীল পাৰ কৰি জানোহৰ পূবফাললৈ গ’ল৷
7 Und ging hinab von Janochah nach Ataroth und Naarath und stieß an Jericho und ging aus an den Jordan.
৭পাছত জানোহৰ পৰা নামি গৈ অটাৰোৎ আৰু নাৰতেদি হৈ, যিৰীহোত পাই, যৰ্দ্দনত শেষ হ’ল৷
8 Von Tappuach ging die Grenze dem Meere zu gen Nachal Kanah. Und ihre Ausläufe waren an das Meer. Dies ist das Erbe des Stammes der Söhne Ephraims nach ihren Familien.
৮আৰু সেই সীমা তপ্পুহৰ পৰা পশ্চিমফালে কান্না জুৰিলৈ গৈ সমুদ্ৰত তাৰ সীমা শেষ হ’ল। নিজ নিজ বংশ অনুসাৰে ইফ্ৰয়িম ফৈদৰ সন্তান সকল ইয়াৰ উত্তৰাধিকাৰী হ’ল।
9 Und die den Söhnen Ephraims ausgeschiedenen Städte waren inmitten des Erbes der Söhne Menaschehs, alle Städte und ihre Dörfer.
৯ইয়াৰ বাহিৰে মনচি ফৈদৰ উত্তৰাধিকাৰৰ সৈতে ইফ্ৰয়িম ফৈদৰ বাবে নিৰূপিত কৰা গাওঁবোৰৰ উপৰিও তেওঁলোকৰ নগৰবোৰো একেলগে আছিল।
10 Sie trieben aber die Kanaaniter, die in Geser wohnten, nicht aus; und der Kanaaniter wohnt mitten unter Ephraim bis auf diesen Tag und wurde zum zinsbaren Knechte.
১০তেওঁলোকে গেজৰত থকা কনানীয়াসকলক খেদি নপঠিয়ালে; সেয়েহে তেওঁলোক আজিলৈকে ইফ্ৰয়িমৰ সন্তান সকলৰ মাজত বাস কৰি আছে৷ কিন্তু কনানীয়াসকলে তেওঁলোকক সযত্নে কাম কৰি দিবলগীয়া হৈছিল।