< Luqaassa 20 >
1 Issi gallas Yesussay dere asa maqddasen tamaarsishinne miishrachcho qaala sabbakishin qeese halaqqati Xaafetine dere cimati shiiqqettidi izakko yida.
১এদিন যীচুৱে যিৰূচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি, লোক সকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰক সকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ ওচৰলৈ আহিল৷
2 Haysa ne oothizay oona shenenee? Nees shene immiday oonee? giidi iza oychchida.
২তেওঁলোকে তেওঁক সুধিলে, “আমাক কোৱা, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? বা তোমাক এই ক্ষমতা দিওঁতা জন কোন?”
3 Izikka istas hizgides taka intena issi oychcho oychchays, ane taas zaarite.
৩তেতিয়া তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, তোমালোকে মোক উত্তৰ দিয়া!
4 Yanisa xinqatay saloppeeye asappee?
৪যোহনৰ বাপ্তিস্ম স্বৰ্গৰ পৰা, নে মানুহৰ পৰা হৈছিল?”
5 Istika ba garsan hizgidi issay issara zorettida “nu Yanisa xinqatay salope giikko nuna histini aazas amanibbeykkettii? gaana.
৫তেতিয়া তেওঁলোকে ইজনে সিজনে বিবেচনা কৰি ক’লে, “‘স্বৰ্গৰ পৰা’ বুলি যদি কওঁ, তেনেহলে তেওঁত কিয় বিশ্বাস নকৰিলা বুলি তেওঁ ক’ব।
6 Asappe giiko asay wuri Yanisay nabe gididaysa amanizza gish nuna shuuchchara caddana.
৬কিন্তু আমি যদি কওঁ, ‘মানুহৰ পৰা’, তেনেহলে লোক সকলে আমাক শিল দলিয়াই মাৰিব; কাৰণ লোক সকলে যোহনক এজন ভাববাদীৰূপে দৃঢ় বিশ্বাস কৰে।”
7 Hessa gish izi awappekkonne nu erokko giidi zaarida.”
৭তেওঁলোকে তেতিয়া উত্তৰ দি ক’লে, “সেয়ে ক’ৰ পৰা আহিল, সেই বিষয়ে আমি নাজানো।”
8 Yesussaykka histtikko taka aaza wolqan oothizakonne intes yotikke gides.
৮তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তেনেহলে, কি ক্ষমতাৰে মই এইবোৰ কৰোঁ, সেই বিষয়ে ময়ো তোমালোকক নকওঁ।”
9 Qassekka Yesussay asas leemusora hizgidi yoottidees. Issi uray woyne mith tokides, biitta goyizaytas kira immidinne hara dere biiddi heen gam7ides.
৯পাছত তেওঁ লোক সকলৰ আগত এই দৃষ্টান্ত দি ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতিতাক খেতিয়ক সকলৰ হাতত গতাই দি বহু দিনৰ কাৰণে আন দেশলৈ গ’ল।
10 Kaxxiza bone wode kaththafe ekki yaana mala ba ashkkaratappe issi ura gadezza goyida asatakko yediin gada goyizayti kiita bida ashkkara qoxxidi mela kushe yedida.
১০পাছত সেই খেতিয়ক সকলে দ্ৰাক্ষাবাৰীৰ গুটিৰ অংশ তেওঁক যেন দিয়ে, এই কাৰণে বতৰৰ দিনত, তেওঁ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে। কিন্তু খেতিয়ক সকলে তেওঁক কোবাই, শুদা-হাতে খেদি দিলে৷
11 Kaalethidi hara ashkkara yedin goshshanchati ha7ikka oykki qoxxidinne kawishidi mela yedida.
১১আকৌ তেওঁ আন এজন দাসক পঠিওৱাত, তেওঁলোকে তেওঁকো কোবাই, অপমান কৰি শুদা-হাতে খেদি দিলে।
12 Ha7ikka kaalethidi heezantho ashkkara yedin goshshanchati izakka qoxxethi madunthidi gede kare olida.
১২তৃতীয় বাৰ আন এজনক পঠিওৱাত, তেওঁলোকে তেওঁকো আঘাত কৰি বাহিৰলৈ পেলাই দিলে।
13 Woyne miththa Goday ha7i ay oothoo? Oone erizayta keeha siiqiza ta naaza yedidakko iza bonchandettoshshaa? gides.
১৩তেতিয়া দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে ক’লে, ‘মই কি কৰিম? মোৰ প্ৰিয় পুত্ৰক পঠাই দিম; কিজানি তেওঁলোকে তেওঁক আদৰ কৰিব!’
14 Gido attin biitta goyizayti naza beyddamala ba garsan haysi iza laatana naaza gidennee? Haa yite iza wodhidi biitta laattos giidi zorettida.
১৪কিন্তু খেতিয়ক সকলে তেওঁক দেখি ইজনে সিজনে কোৱা-মেলা কৰি ক’লে, ‘এৱেঁই উত্তৰাধিকাৰী; আহা, উত্তৰাধিকাৰ আমাৰ হ’বলৈ এওঁক বধ কৰোঁহক৷’
15 Woyne miththa tookkida sooppe gede kare kessidi naaza wodhida. Histtikko ha7i woyne miththa Goday ha asata wostanee?
১৫এই বুলি তেওঁলোকে তেওঁক দ্ৰাক্ষাবাৰীৰ পৰা বাহিৰ কৰি বধ কৰিলে। এই হেতুকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে তেওঁলোকক কি কৰিব?
16 Yiidine he goshshanchata dhaysana woyne miththa tookkizassoza haratas immana. Dereykka hessa izi gidayssa siyidi hayssa malay hanoppo gides.
১৬তেওঁ আহি সেই খেতিয়ক সকলক সংহাৰ কৰি, আন লোকৰ হাতত দ্ৰাক্ষাবাৰী দিব৷” তেতিয়া এই কথা শুনা লোক সকলে ক’লে, “ঈশ্বৰে এনে নকৰক!”
17 Yesussaykka istakko xeellidi “histini shuuchchan keeth keexiza asati leqqi aggida shuuchchay keethas waana hu7e gidees geetetidi Xaafettida leemusozas birshethay aazzee?” gides.
১৭তাতে তেওঁ তেওঁলোকলৈ চাই ক’লে, “এই লিখা বচনৰ অৰ্থ কি? ‘তেনেহলে ঘৰ-সজা সকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ’ল’?
18 Ha shuchcha bolla kundiday wuri shuuchchan qoxxettana shuuchchaykka iza bolla wedhida uray wurikka liiqqana.
১৮সেই শিলৰ ওপৰত যি কোনো পৰিব, তেওঁ ডোখৰ-ডোখৰকৈ ভাগি যাব; কিন্তু যাৰ ওপৰত সেই শিল পৰিব, তেওঁক ধূলিৰ দৰে গুড়ি কৰি পেলাব।”
19 Xaafetine qeese halaqqati hessi leemusozi ista bolla haasa7ettidaysa eridi heerakka iza oykkanas koyida shin derezas babida.
১৯বিধানৰ অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে তেওঁলোকৰ বিৰুদ্ধে যীচুৱে এই দৃষ্টান্ত ক’লে বুলি জানি, সেই সময়তেই তেওঁক হাতে-হাতে ধৰিবলৈ উপায় বিচাৰিলে; কিন্তু লোক সকলৰ বাবে ভয় কৰিলে।
20 Yesussa wolqara haarizaytas aathi immanas iza duunappe keziza bala qaala demmida oykanas kaalli kaalli naagidanne xillo asa milattida iza kaallidi iza duunappe yo naagiza asata izakko yedida.
২০তাতে তেওঁলোকে তেওঁৰ ধাৰ্মিকতাত সাৱধানতাৰে সতৰ্ক দৃষ্টি ৰাখি, তেওঁৰ কথাত যেন দায় ধৰিব পাৰে আৰু তেওঁক দেশৰ অধিকাৰী আৰু শাসনকৰ্তাৰ হাতত যেন শোধাই দিব পাৰে, এই কাৰণে সাধুৰ বেশ ধৰা কিছুমান চোৰাংচোৱা পঠাই দিলে।
21 Iza duunappe yo koyiza asati Yesussa astamaare neni tuma haasa7izaysanne tamaarsizaysa qassekka Xoossa oge ne tumu tamaarsizaysane oonakka shaakka maadontaysa nu eroos.
২১পাছত তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, আপুনি যথাৰ্থৰূপে কথা কৈছে আৰু উপদেশ দিছে আৰু কাৰো মুখলৈ নাচাই, পক্ষপাত নকৰাকৈ ঈশ্বৰৰ পথ দেখুৱাই আছে, ইয়াক আমি জানোঁ।
22 Gido attin qeesares giira giiranas bessize bessenne?
২২কিন্তু বিধানৰ মতে আমি চীজাৰক কৰ দিব পায় নে নাপায়?”
23 Izikka ista gene qofa eridi hizgides,
২৩যীচুৱে তেওঁলোকৰ চতুৰালি বুজি তেওঁলোকক ক’লে,
24 ane issi dinnare tana beessite, haysi iza bolla diza medhaynne Xaafezi oonayisee? Istika qeesareysa gida.
২৪“মোক এটা আধলিদেখুওঁৱা। ইয়াত কাৰ প্ৰতিমূৰ্তি আৰু নাম দিয়া আছে?” তেওঁলোকে ক’লে, “চীজাৰৰ।”
25 Izikka zaaridi istas qeesareysa qeesares Xoossisa Xoossassi immite gides.
২৫তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে যি চীজাৰৰ, সেই চীজাৰক দিয়া আৰু যি ঈশ্বৰৰ, তাক ঈশ্বৰক দিয়া।”
26 Hessa gish iza haasa7ida qaalappe ekkidi asa sinthan iza qaxanas dand7ibeyitenna izi immida qaalan malaletidi co7u gida.
২৬তাতে অধ্যাপক আৰু প্ৰধান পুৰোহিত সকলে লোক সকলৰ আগত তেওঁৰ কথাত দোষ ধৰিব নোৱাৰিলে৷ তেওঁৰ উত্তৰত কেৱল বিস্ময় মানি নিজম দি থাকিল।
27 Hayqqidayta denthi baawa giza Saduqawistappe issi issi asati Yesussako yiidi oychcho shiishshida.
২৭পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকলৰ কোনো কোনোৱে তেওঁৰ ওচৰলৈ আহি সুধিলে,
28 Godo issi uray machcho ekkidi na yelontta hayqqikko he hayqqidaysa machchiyo iza ishay ekkidi ba isha laatana na izas yelo giidi Musey nuus xaafidees
২৮“হে গুৰু, ককাই-ভাইৰ মাজৰ পত্নী থকা কোনো এজন যদি নিঃসন্তান হৈ মৰে, তেনেহলে, তেওঁৰ ভায়েক বা ককায়েকে সেই পত্নীক বিয়া কৰাই মৃত জনলৈ বংশ উৎপন্ন কৰিব, এই বুলি মোচিয়ে আমালৈ লিখিলে।
29 Histini laappun ishati deetes shin istafe bayray machchidi na yelonta hayqqides.
২৯বাৰু, কোনো সাত জন ভাই-ককাই আছিল; প্ৰথম জনে বিয়া পাতি নিঃসন্তান হৈ মৰিল।
30 Iza kaalozikka izatho hayqqides,
৩০ক্ৰমান্বয়ে দ্বিতীয় জনে তাইৰে সৈতে বিয়া পাতিলে আৰু
31 Heezanthozikka izo ekkidees, laappunati wurikka he maccashiyo ekkidi wurikka na yelonta hayqqida.
৩১তৃতীয় জনেও তাইকেই বিয়া কৰিলে; সেইদৰে সাত জনেই সন্তান নথকাকৈ মৰিল।
32 Wursethan maccashiya hayqqadus.
৩২অৱশেষত সেই পত্নীও ঢুকাল।
33 Laappunatikka ha maccashiyo ekkida shin ha maccashiya wursethan hayqqidayti dendiza wode iza awayssa machcho gidanee?
৩৩এতিয়া পুনৰুত্থানৰ সময়ত তেওঁ কোন জনৰ পত্নী হব, কাৰণ সাত জনেই তেওঁক বিয়া কৰাইছিল?”
34 Yesussay istas ha dere nayti geleetesinne eekketees. (aiōn )
৩৪তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এই যুগৰ সন্তান সকলে বিয়া কৰাই আৰু বিয়া দিয়াও হয়; (aiōn )
35 Buro yaana alamen hayqqidayta dentha demmnas bessizayti gidikko gelettenanne ekettena. (aiōn )
৩৫কিন্তু যি সকলে সেই যুগৰ আৰু মৃত লোক সকলৰ মাজৰ পৰা পুনৰুত্থান পাবৰ যোগ্য বুলিগণ্য হয়, তেওঁলোকে বিয়া নকৰাই আৰু বিয়া দিয়াও নহয়। (aiōn )
36 Isti kiitanchata mala gidana gish hessafe guye hayqqetenanne hayqoppe dentha nayta gidida gish isti Xoossa nayta.
৩৬তেওঁলোকৰ মৃত্যু হ’ব নোৱাৰে; কাৰণ, তেওঁলোক স্বৰ্গৰ দূত সকলৰ তুল্য; আৰু পুনৰুত্থানৰ সন্তান হোৱা বাবে তেওঁলোক ঈশ্বৰৰ সন্তান হয়।
37 Musey qeeri wora gish xaafettida tarikezan Goda “Abrame Xoossa Yisaqa Xoossa Yaqobe Xoossa” gussan hayqqidayti denddanaysa besses.
৩৭মোচিয়ে জোপোহাৰ আঁৰত থকাপ্ৰভুক, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ বুলি মতাত, মৃত যে পুনৰুত্থিত হয়, তেওঁ ইয়াকে প্ৰকাশ কৰিছিল।
38 Wurikka izas deyo gidida gish izi paxxata Xoossafe attin hayqqethata xoossu gidenna.
৩৮এতিয়া তেওঁ মৃত লোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে।”
39 Issi issi Xaafeti astamaare lo7o gadasa gida.
৩৯তাতে কোনো কোনো বিধানৰ অধ্যাপকে উত্তৰ দি ক’লে, “হে গুৰু, আপুনি ভাল কৈছে।”
40 Hessafe guye ay assikka iza oychchanas xaalibeynna.
৪০কিয়নো তেওঁক পুনৰ কোনো কথা সুধিবলৈ তেওঁলোকৰ সাহস নহ’ল।
41 Hessafe guye Yesussay hizgides asay Yesussa waanidi izi Dawite na gizee?
৪১যীচুৱে তেওঁলোকক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, ইয়াক কেনেকৈ কয়?
42 Gaasoykka Dawitey ba xaafida mazmure maxaafatan “ta ne morketa ne tohos yedheth kessana gakkanaas Goday ta Goda ta oshachchan utta” waanidi gidee?
৪২কিয়নো দায়ুদে নিজে গীতমালা পুস্তকত কৈছে, প্ৰভুৱে মোৰ প্ৰভুক ক’লে, ‘মোৰ সোঁ হাতে বহি থাকা,
৪৩যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ।’
44 Histtikko Dawitey iza Goda gi xeygishe waani izas na gidanee?
৪৪এইদৰে দায়ুদে তেওঁক ‘প্ৰভু’ বুলিলে; তেনেহলে তেওঁ কেনেকৈ দায়ুদৰ সন্তান হ’ব পাৰে?”
45 Derey wuri siyishin bena kaallizaytas
৪৫পাছে সকলো লোকে শুনাকৈ, তেওঁ তেওঁৰ শিষ্য সকলক ক’লে,
46 goochchetiza adusa qamse mayidi yuushe dosizaytappene giyay dizason sarokketteth koyizaytapenne mukuraben dhoqqa oydenne, diggisa son boncho so koyizaytappe Xaafistappe naagetite.
৪৬“এতেকে তেওঁলোকলৈ সাৱধান হোৱা, যি সকল বিধানৰ অধ্যাপকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ ইচ্ছা কৰে আৰু হাট-বজাৰত নমস্কাৰ বিচাৰে, নাম-ঘৰত প্ৰধান আসন আৰু ভোজনত প্ৰধান ঠাইবোৰ ভালপায়;
47 Haytanti am7ista keeth kalosizayta. assi beyana mala woosa adusetes hayta iita firday naages. gides.
৪৭আৰু বাৰী-বিধৱা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, তেওঁলোকে অৱশ্যে অধিক দণ্ড পাব।”