< Genèse 10 >
1 Voici les générations des fils de Noé, Sem, Cham et Japheth: car il leur naquit des fils après le déluge.
১নোহৰ পুত্ৰ চেম, হাম আৰু যেফতৰ বংশৰ বিৱৰণ এই: জলপ্লাৱনৰ পাছত তেওঁলোকৰ বহুতো সন্তান জন্ম হ’ল।
2 Les fils de Japheth sont: Gomer, Magog, Madaï, Javan, Thubal, Mosoch et Thiras.
২যেফতৰ সন্তানসকলৰ নাম গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক আৰু তীৰচ।
3 Les fils de Gomer: Ascenez, Riphath et Thogorma.
৩গোমৰৰ সন্তান সকল হ’ল অস্কিনজ, ৰীফৎ, আৰু তোগৰ্মা।
4 Et les fils de Javan: Elisa, Tharsis, Cetthim et Dodanim.
৪যাবনৰ সন্তান সকল হ’ল ইলীচা, তৰ্চীচ, কিত্তীম আৰু দোদানীম।
5 C’est par eux que furent divisées les îles des nations dans leurs pays, chacun selon sa langue et ses familles dans leurs nations.
৫যাবনৰ বংশৰ লোকসকলে সাগৰৰ কাষৰীয় অঞ্চল আৰু দ্বীপবোৰত বসবাস কৰিলে। তেওঁলোকৰ বংশধৰসকল বিভক্ত হৈ বিভিন্ন জাতি হ’ল আৰু প্রত্যেক জাতিৰ নিজস্ব ভাষা, গোষ্ঠী আৰু অঞ্চল হ’ল।
6 Les fils de Cham: Chus, Mesraïm, Phuth et Chanaan.
৬হামৰ সন্তান সকলৰ নাম কুচ, মিচৰ, পূট, আৰু কনান।
7 Les fils de Chus: Saba, Hévila, Sabatha, Regma et Sabatacha. Les fils de Regma: Saba et Dadan.
৭কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।
8 Or Chus engendra Nemrod; c’est lui qui commença à être puissant sur la terre.
৮কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।
9 C’était un fort chasseur devant le Seigneur. De là est venu le proverbe: Comme Nemrod, fort chasseur devant le Seigneur.
৯যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”
10 Le commencement de son royaume fut Babylone, Arach, Achad et Chalanné, dans la terre de Sennaar.
১০নিম্রোদৰ ৰাজত্বৰ প্রথম ঠাইবোৰ আছিল চিনাৰ দেশৰ বাবিল, এৰক, অক্কদ, আৰু কলনি।
11 De ce pays sortit Assur qui bâtit Ninive, les rues de cette ville et Chalé,
১১তেওঁ সেই ঠাইৰ পৰা অচুৰ দেশলৈকে গ’ল; তেওঁ নীনবি, ৰহোবোৎ-ঈৰ, কেলহ,
12 Et aussi Résen entre Ninive et Chalé: c’est la grande ville.
১২আৰু ৰেচন, এইবোৰ নগৰ নির্ম্মাণ কৰিলে। নীনবি আৰু কেলহৰ মাজত অৱস্থিত ৰেচন এখন মহানগৰ আছিল।
13 Quant à Mesraïm, il engendra Ludim, Anamim, Laabim, Nephthuim,
১৩লুদীয়া, অনামীয়া, লহাবীয়া, নপ্তুহীয়া,
14 Phétrusim et Chasluim, d’où sont sortis les Philistins et les Caphtorins.
১৪পথ্ৰোচীয়া, কচলুহীয়া আৰু কপ্তোৰীয়াসকল মিচৰৰ বংশৰ লোক আছিল। পলেষ্টীয়াসকল এই কচলুহীয়াসকলৰ পৰা আহিছিল।
15 Chanaan engendra Sidon, son premier-né, l’Héthéen,
১৫কনান, চীদোন আৰু হেতৰ পিতৃ আছিল। চীদোন আছিল কনানৰ প্রথম সন্তান।
16 Le Jébuséen, l’Amorrhéen, le Gergéséen,
১৬যিবুচীয়া ইমোৰীয়া, গিৰ্গাচীয়া,
17 L’Hévéen, l’Aracéen, le Sinéen,
১৭হিব্বীয়া, অৰ্কীয়া, চীনীয়া,
18 L’Aradien, le Samaréen et l’Amathéen: et après cela se sont dispersés les peuples des Chananéens.
১৮অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলো কনানৰ বংশৰ লোক আছিল। পাছত কনানীয়া গোষ্ঠীবোৰ বিস্তাৰিত হৈ পৰিল।
19 Et les limites des Chananéens furent depuis Sidon en venant à Gérara, jusqu’à Gaza; et en venant à Sodome, Gomorrhe, Adama et Séboïm, jusqu’à Lésa.
১৯কনানীয়াসকলৰ সীমা চীদোনপৰা গৰাৰৰ ফালে গাজা পর্যন্ত আৰু চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীমলৈ যোৱাৰ ফালে লেচা পর্যন্ত আছিল।
20 Ce sont là les enfants de Cham selon leur parenté, leurs langues, leurs générations, leurs pays et leurs nations.
২০নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল হামৰ বংশৰ লোক।
21 De Sem aussi, père de tous les enfants d’Héber et frère aîné de Japheth, naquirent des fils.
২১যেফতৰ ডাঙৰ ককায়েক চেমৰো সন্তান-সন্ততি হ’ল। চেম এবৰৰ বংশধৰসকলৰ আদি পুৰুষ আছিল।
22 Les fils de Sem sont: Elam, Assur, Arphaxad, Lud et Aram.
২২চেমৰ পুত্রসকল থ’ল এলম, অচুৰ, অৰ্ফকচদৰ, লুদ আৰু অৰাম।
23 Les fils d’Aram: Us, Hul, Géther et Mes.
২৩অৰামৰ পুত্রসকল উচ, হুল, গেথৰ, আৰু মচ।
24 Or Arphaxad engendra Salé, dont est né Héber.
২৪অৰ্ফকচদৰ সন্তানৰ নাম চেলহ আৰু চেলহৰ সন্তানৰ নাম এবৰ।
25 À Héber naquirent deux fils: le nom de l’un fut Phaleg, parce qu’en ses jours la terre fut divisée; et le nom de son frère, Jectan.
২৫এবৰৰ দুজন পুত্ৰ আছিল। তেওঁলোকৰ এজনৰ নাম পেলগ, কিয়নো তেওঁৰ দিনতে পৃথিৱী বিভক্ত হৈছিল। পেলগৰ ভায়েকৰ নাম আছিল যক্তন।
26 Lequel Jectan engendra Elmodad, Saleph, Asarmoth, Jaré,
২৬যক্তনৰ পুত্ৰসকলৰ নাম অলমোদদ, চেলফ, হচমাবৎ, যেৰহ,
29 Ophir, Hévila et Jobab: tous ceux-là sont les fils de Jectan.
২৯ওফীৰ, হবীলা আৰু যোবব; এইলোক সকলোৱেই যক্তনৰ সন্তান।
30 Et leur habitation s’étendit de Messa jusqu’à Séphar, montagne qui est à l’orient.
৩০মেচাৰ পৰা পূব দিশৰ ছফাৰ পৰ্ব্বতলৈকে যোৱা অঞ্চলত তেওঁলোকে বসবাস কৰিছিল।
31 Voilà les fils de Sem, selon leur parenté, leurs langues, leurs pays et leurs nations.
৩১নিজৰ নিজৰ ফৈদ, ভাষা, দেশ আৰু জাতি হিচাবে এইসকল লোকেই আছিল চেমৰ বংশৰ লোক।
32 Et voilà les familles de Noé, selon leurs peuples et leurs nations. C’est par elles qu’ont été divisées toutes les nations sur la terre après le déluge.
৩২এয়াই হ’ল বংশানুক্রমে আৰু জাতি অনুসাৰে নোহৰ পুত্রসকলৰ গোষ্ঠী। জলপ্লাৱনৰ পাছত এওঁলোকৰ বংশৰ লোকসকলেই পৃথক পৃথক জাতি হ’ল আৰু গোটেই পৃথিৱীতে সিচঁৰিত হ’ল।