< Alt Kanto 1 >
1 Alta kanto de Salomono.
১ৰজা চলোমনৰ অতি সুন্দৰ গীতৰ শৰাই-
2 Ho, li kisu min per kisoj de sia buŝo! Ĉar via amo estas pli bona, ol vino.
২প্রিয়াৰ কথা তুমি তোমাৰ মুখৰ চুম্বনবোৰেৰে মোক ভৰাই দিয়া, কাৰণ তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম।
3 Ho, kiel bonodoras viaj aromaĵoj! Via nomo similas al elverŝita oleo; Tial la fraŭlinoj amas vin.
৩তোমাৰ তেলৰ সুগন্ধই আনন্দৰ সৌৰভ আনে; বাকি দিয়া সুগন্ধৰ দৰেই তোমাৰ নাম; সেই বাবেই যুৱতীসকলে তোমাক ভাল পায়।
4 Altiru min; ni postkuros vin. La reĝo envenigu min en siajn ĉambrojn; Ho, ni ĝojos kaj gajiĝos kun vi; Ni memoros vian amon pli, ol vinon; Sincere oni amas vin.
৪(যুৱতীয়ে নিজৰ মনতে ক’লে) মোক তোমাৰ লগত লৈ ব’লা; আমি সোনকালে পলাই যাম। ৰজাই মোক তেওঁৰ কক্ষৰ ভিতৰলৈ লৈ আনিলে; প্রিয়ৰ প্রতি কইনাৰ কথা: মই সুখী; মই তোমাক লৈ আনন্দ কৰোঁ; মোক তোমাৰ প্রেমত উল্লাসিত হ’বলৈ দিয়া; তোমাৰ ভালপোৱা দ্রাক্ষাৰসতকৈও উত্তম। আন ৰমণীসকলে যে তোমাৰ প্রশংসা কৰে, ই স্বাভাৱিক কথা।
5 Mi estas nigra, tamen beleta, Ho filinoj de Jerusalem, Kiel la tendoj de Kedar, Kiel la tapetoj de Salomono.
৫আন ৰমণীসকলৰ প্রতি: হে যিৰূচালেমৰ ৰমণীসকল, মই ক’লা বৰণীয়া হ’লেও সুন্দৰী; মই কেদৰৰ তম্বুৰ নিচিনা ক’লা আৰু চলোমনৰ পর্দাবোৰৰ দৰে সুন্দৰী।
6 Ne rigardu min, ke mi estas nigreta: La suno min brulkolorigis. La filoj de mia patrino koleris kontraŭ mi; Ili faris min gardistino de la vinberĝardenoj; Mian propran vinberĝardenon mi ne gardis.
৬মই ক’লা বাবেই মোলৈ চাই নাথাকিবা; কাৰণ সূর্যৰ তাপে মোক ডেই নিলে। মোৰ ভাই-ককাইসকলে মোৰ ওপৰত খং কৰি মোক দ্ৰাক্ষাবাৰীবোৰৰ দেখা-শুনা কৰিবলৈ দিছিল; সেয়ে মই মোৰ নিজৰ দ্ৰাক্ষাবাৰীৰ যত্ন ল’ব পৰা নাই।
7 Diru al mi, ho vi, kiun mia animo amas, Kie vi paŝtas, kie vi ripozigas vian brutaron tagmeze: Kial mi similu al vagistino Ĉe la brutaroj de viaj kamaradoj?
৭প্রিয়ৰ প্রতি যুৱতীৰ কথা: হে মোৰ প্রিয়তম, মোৰ প্রাণে তোমাকে ভালপায়! মোক কোৱা, তুমি তোমাৰ মেৰ-ছাগৰ জাকক কোন ঠাইত চৰোৱা? তুমি তোমাৰ মেৰ-ছাগবোৰক দুপৰীয়া ক’ত বিশ্রাম কৰোঁৱা? তোমাৰ লগৰীয়াৰ মেৰ-ছাগৰ জাকবোৰৰ কাষত, মই কিয় ওৰণি লোৱা জনীৰ নিচিনা ঘূৰি ফুৰিম?
8 Se vi ne scias tion, ho belulino inter virinoj, Sekvu la paŝojn de la ŝafaro, Kaj paŝtu viajn kapridojn ĉe la tendoj de la paŝtistoj.
৮প্রিয়ৰ কথা: তুমি যদি তাক নাজানা, হে পৰম সুন্দৰী যুৱতী, মোৰ মেৰ-ছাগৰ জাকৰ খোজৰ চিনবোৰৰ পাছে পাছে আহাঁ আৰু তোমাৰ ছাগলী পোৱালিবোৰক মেৰ-ছাগ ৰখীয়াসকলৰ তম্বুৰ ওচৰতে চৰোৱা।
9 Al la ĉevalino en la ĉaroj de Faraono Mi komparas vin, ho mia amatino.
৯হে মোৰ প্ৰিয়তমা, ফৰৌণৰ ৰথৰ এজনী ঘোঁৰাৰে সৈতে, মই তোমাক তুলনা কৰিছোঁ।
10 Belaj estas viaj vangoj sub la orelringoj, Via kolo sub la laĉoj de perloj.
১০গালৰ দুপাশৰ গহণাৰে সৈতে, তোমাৰ গাল দুখন সুন্দৰ দেখাইছে, আৰু মুকুতাৰ কণ্ঠহাৰে তোমাৰ ডিঙি শোভিত কৰিছে।
11 Orajn orelringojn ni faros al vi, Kun arĝentaj enkrustaĵoj.
১১মই তোমাৰ কাৰণে ঠায়ে ঠায়ে ৰূপ খচিত সোণৰ অলঙ্কাৰ নির্মাণ কৰিম।
12 Dum la reĝo sidas ĉe la festotablo, Mia nardo bonodoras.
১২প্রিয়াৰ কথা: ৰজাই যেতিয়া তেওঁৰ বিচনাত শুইছিল, তেতিয়া মোৰ সুগন্ধৰ সুঘ্রাণ বিয়পি পৰিল।
13 Kiel fasko de mirho, restanta inter miaj mamoj, Estas al mi mia amato.
১৩মোৰ ওচৰত মোৰ প্রিয় গন্ধৰস থোৱা এটি মোনাৰ দৰে, যি মোৰ স্তনযুগলৰ মাজত গোটেই ৰাতি থাকে।
14 Kiel floraro de kofero estas por mi mia amato, En la vinberĝardenoj de En-Gedi.
১৪মোৰ প্রিয় মোৰ ওচৰত যেন এথোপা জেতুকা ফুল, যি অয়িন-গদীৰ দ্ৰাক্ষাবাৰীত উৎপন্ন হয়।
15 Ho, vi estas bela, mia amatino; ho, vi estas ja bela; Viaj okuloj estas kiel ĉe kolomboj.
১৫প্রিয়ৰ কথা: চোৱা, কি সুন্দৰী তুমি! মোৰ প্রিয়া; তুমি কিমান যে সুন্দৰী! তোমাৰ দুচকু কপৌৰ নিচিনা।
16 Ho, vi estas bela, mia amato, kaj ĉarma; Nia lito estas kiel freŝaj herboj;
১৬প্রিয়াৰ কথা: চোৱা, কি সুন্দৰ তুমি! মোৰ প্রিয়; তুমি কিমান যে সুন্দৰ! আমাৰ শয্যা সেউজীয়া ঘাহেঁৰে ভৰা।
17 La traboj de nia domo estas cedraj, Niaj ĉevronoj estas abiaj.
১৭এৰচ গছৰ ডাল আমাৰ ঘৰৰ চতি আৰু আমাৰ ঘৰৰ বাটাম দেবদাৰুৰ ডাল।