< Job 5 >
1 to call: call out please there to answer you and to(wards) who? from holy to turn
১“এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
2 for to/for fool(ish) to kill vexation and to entice to die jealousy
২কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।
3 I to see: see fool(ish) to uproot and to curse pasture his suddenly
৩মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
4 to remove son: child his from salvation and to crush in/on/with gate and nothing to rescue
৪তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
5 which harvest his hungry to eat and to(wards) from thorn to take: take him and to long for snare strength: rich their
৫ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
6 for not to come out: come from dust evil: trouble and from land: soil not to spring trouble
৬কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে;
7 for man to/for trouble to beget and son: type of flash to exult to fly
৭কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।
8 but I to seek to(wards) God and to(wards) God to set: put cause my
৮কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।
9 to make: do great: large and nothing search to wonder till nothing number
৯অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;
10 [the] to give: give rain upon face: surface land: country/planet and to send: depart water upon face: surface outside
১০তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;
11 to/for to set: make low to/for height and be dark to exalt salvation
১১তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।
12 to break plot prudent and not to make: do hand their wisdom
১২তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
13 to capture wise in/on/with be shrewd they and counsel to twist to hasten
১৩তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।
14 by day to meet darkness and like/as night to feel in/on/with midday
১৪সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।
15 and to save from sword from lip their and from hand: power strong needy
১৫কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।
16 and to be to/for poor hope and injustice to gather lip her
১৬এইদৰে দীনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।
17 behold blessed human to rebuke him god and discipline Almighty not to reject
১৭চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
18 for he/she/it to pain and to saddle/tie to wound (and hand his *Q(K)*) to heal
১৮কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
19 in/on/with six distress to rescue you and in/on/with seven not to touch in/on/with you bad: evil
১৯তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
20 in/on/with famine to ransom you from death and in/on/with battle from hand: power sword
২০তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
21 in/on/with whip tongue to hide and not to fear from violence for to come (in): come
২১তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।
22 to/for violence and to/for famine to laugh and from living thing [the] land: soil not to fear
২২বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
23 for with stone [the] land: country covenant your and living thing [the] land: country to ally to/for you
২৩কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
24 and to know for peace tent your and to reckon: list pasture your and not to sin
২৪তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।
25 and to know for many seed: children your and offspring your like/as vegetation [the] land: soil
২৫তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা।
26 to come (in): come in/on/with vigor to(wards) grave like/as to ascend: establish stack in/on/with time his
২৬ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
27 behold this to search her so he/she/it to hear: hear her and you(m. s.) to know to/for you
২৭চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”