< Yobu 5 >
1 “Itana ngati ungathe, koma ndani adzakuyankhe? Kodi ndi kwa mngelo uti ungapezeko thandizo?
১“এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
2 Mkwiyo umapha chitsiru, ndipo njiru imawononga wopusa.
২কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসুয়াই নিৰ্ব্বোধক হত্যা কৰে।
3 Ine ndinaona chitsiru chitamera mizu, koma mwadzidzidzi nyumba yake inatembereredwa.
৩মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাৎ তাৰ বাসস্থানক শাও দিলোঁ।
4 Ana ake alibe ndi chitetezo chomwe; amaponderezedwa mʼbwalo la milandu popanda owateteza.
৪তাৰ সন্তান সকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুড়ি কৰা হল; সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল।
5 Anthu anjala amamudyera zokolola zake, amamutengera ndi za pa minga pomwe, ndipo anthu akhwinthi amafunkha chuma chake.
৫ক্ষুধাতুৰ লোকে তাৰ শস্য খাই পেলালে, কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাতুৰ লোকে খাইছিল, তেওঁলোকৰ যি আছিল, লোভী লোকসকলে সকলো লৈ গৈছিল।
6 Pakuti masautso satuluka mʼfumbi, ndipo kuwukira sikuchokera mʼdothi.
৬কিয়নো অমঙ্গল ধুলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে;
7 Komatu munthu amabadwira kuti azunzike monga momwe mbaliwali zimathethekera mlengalenga.
৭কিন্তু জুইৰ ফিৰিঙটি যেনেকৈ ওপৰলৈ উড়ে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে।
8 “Koma ndikanakhala ine, ndikanamudandawulira Mulungu; ndikanapereka mlandu wanga kwa Iye.
৮কিন্তু মই হোৱা হ’লে ঈশ্বৰলৈ ঘূৰি গলোঁহেতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোঁহেতেন।
9 Iye amachita zozizwitsa zimene sizimvetsetseka, zodabwitsa zimene sizingatheke kuwerengedwa.
৯অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;
10 Iye amagwetsa mvula pa dziko lapansi, ndipo amathirira minda ya anthu.
১০তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে;
11 Iye amakweza anthu wamba, ndipo iwo amene akulira amawayika pa malo otetezedwa.
১১তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।
12 Iyeyo amalepheretsa chiwembu cha anthu ochenjera, kotero kuti cholinga chawo sichipindula kanthu.
১২তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে; তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে।
13 Iye amakola anthu ochenjera mu msampha wa kuchenjera kwawo, ndipo zolinga za atambwali amazithetsa msangamsanga.
১৩তেওঁ জ্ঞানীলোকক সিহঁতৰ নিজৰ চতুৰতাত ধৰে; তাতে কুটিলমনবোৰৰ কল্পনা নিস্ফল হৈ পৰে।
14 Mdima umawagwera nthawi yamasana; nthawi yamasana amayenda moyambasayambasa monga nthawi ya usiku.
১৪সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন-দুপৰতে খপিয়াই ফুৰে।
15 Mulungu amapulumutsa amphawi ku lupanga la mʼkamwa mwawo; amawapulumutsa mʼmanja mwa anthu amphamvu.
১৫কিন্তু তেওঁ সিহঁতৰ মুখৰূপ তৰোৱালৰ পৰা, আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে।
16 Choncho osauka ali ndi chiyembekezo, ndipo anthu opanda chilungamo amawatseka pakamwa.
১৬এইদৰে দীনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে।
17 “Wodala munthu amene Mulungu amamudzudzula; nʼchifukwa chake usanyoze chilango cha Wamphamvuzonse.
১৭চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি সৰ্ব্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
18 Pakuti Iye amavulaza koma amamanganso mabalawo; Iye amakantha munthu, komanso manja ake amachiritsa.
১৮কিয়নো তেওঁ ঘা লগায়, আৰু তাক বান্ধে; তেওঁ আঘাত কৰে, আৰু নিজ হাতেৰে তাক সুস্থ কৰে।
19 Pakuti adzakupulumutsa ku masautso nthawi ndi nthawi, mavuto angachuluke bwanji, sadzakukhudza ndi pangʼono pomwe.
১৯তেওঁ ছয় সঙ্কটৰ পৰা তোমাক উদ্ধাৰ কৰিব; এনে কি, সাত সঙ্কটতো অমঙ্গলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব।
20 Pa nthawi ya njala adzakulanditsa ku imfa, ndipo nthawi ya nkhondo adzakupulumutsa ku lupanga.
২০তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব।
21 Adzakuteteza kwa anthu osinjirira, ndipo palibe chifukwa chochitira mantha pamene chiwonongeko chafika.
২১তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা; আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা।
22 Uzidzaseka pa nthawi ya chiwonongeko ndi ya njala, ndipo palibe chifukwa chochitira mantha ndi zirombo za mʼdziko lapansi.
২২বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা।
23 Pakuti udzachita pangano ndi miyala ya mʼmunda mwako, ndipo nyama zakuthengo zidzakhala nawe mwamtendere.
২৩কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ’ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব।
24 Udzadziwa kuti nyumba yako ndi malo otetezedwa; udzawerengera katundu wako ndipo sudzapeza kanthu kamene kasowapo.
২৪তাতে তোমাৰ তম্বু যে কুশলে আছে, সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল’লে, আশাত বঞ্চিত নহবা।
25 Udzadziwa kuti ana ako adzakhala ambiri, ndipo zidzukulu zako zidzakhala ngati udzu wa mʼdziko lapansi.
২৫তোমাৰ সন্তান-সন্ততি যে অধিক হ’ব, আৰু তোমাৰ বংশ যে পৃথিবীত তৃণৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা।
26 Udzafika ku manda utakalamba, monga mitolo ya zokolola pa nyengo yake.
২৬ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ’ব।
27 “Ife tafufuza zimenezi ndipo ndi zoona, choncho uzimvere ndi kuzitsata.”
২৭চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ; ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।”