< Ndu Manzaniba 5 >

1 Ndhiri bayo ndi Ananias mba wama safira ba ban bubumba ri le.
তেতিয়া অননিয় নামেৰে এজন লোক আৰু তেওঁৰ ভাৰ্যা চফীৰাই এডোখৰ মাটি বিক্রী কৰিলে৷
2 Nda zi mbru nkle wa ba kpa`a (uwama ngame a to), nda nji mbru nkle ka zi ni za manzaniba.
অননিয়ই তেওঁৰ ভার্যাৰ জ্ঞাতসাৰেই সেই ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখি, এক অংশ আনি পাঁচনি সকলৰ চৰণত থলে।
3 Bitrus a tre ndi, “Ananias wu ti he ni du brij shusron me nda du, u tiche ni Ruhi Tsatsra ni kma mbru nkle bubua'a zi ni tume?
তেতিয়া পিতৰে তেওঁক কলে- “হে অননিয়, পবিত্ৰ আত্মাৰ ওচৰত মিছা মাতিবলৈ চয়তানক তুমি কিয় তোমাৰ হৃদয়ত কার্য কৰিবলৈ দিলা? কিয় তুমি মাটি বেছা ধনৰ কিছু অংশ নিজলৈ লুকাই ৰাখিলা?
4 Niwa wuna rhihe u banle'a ana wumena, u niwa wu banle ana rhihe ni wome na? A nha yo kpeyi ni suron me? wuna tiche ni ndhi na, ama ni irjhi”.
সেই মাটি যেতিয়া বিক্রী হোৱা নাছিল, তেতিয়া সেই মাটি জানো তোমাৰেই ক্ষমতাৰ অধীনত নাছিল? এতিয়া বেচাৰ পাছতো তুমিয়েই সেই ধনৰ গৰাকী নাছিলানে? তেনেহলে এনে কাম কৰিবলৈ তুমি তোমাৰ মনত কেনেকৈ ঠিৰাং কৰিলা? তুমি মানুহৰ আগত নহয়, ঈশ্বৰৰ আগতহে মিছা কথা ক’লা”।
5 Niwo tre`a Ananias a ku rhoku u veri ma ka klekle, u biwa ba wo kpe yi ba ti sisiri kpukopme.
এই কথা শুনাৰ লগে লগে অননিয়ই মাটিত পৰি প্ৰাণ ত্যাগ কৰিলে। যিবোৰ মানুহে এই কথা শুনিলে, তেওঁলোকে বৰ ভয় খালে।।
6 Mri rize ba balu banwu cibi nda lo u nda ba u rhu ka rhu.
পাছত যুৱক সকল আগবাঢ়ি আহি তেওঁক কাপোৰেৰে মেৰিয়াই বাহিৰলৈ নি মৈদাম দিলে।
7 Niwa nton tra ati, uwama a riye, ana to ka ngye si grensi zren na.
প্রায় তিনি ঘন্টা মানৰ পাছত, অননিয়ৰ স্ত্রী চাফীৰা সেই ঠাইলৈ আহিল৷ কিন্তু কি ঘটিল, সেই বিষয়ে তেওঁ নাজানিলে।
8 Bitrus a tre niwu ndi, “Hla nitawu bi le ni bubumbi mba nitu kpe to yi?” A tre ndi “Ehh, nitu toki.”
পিতৰে তেওঁক সুধিলে- “কোৱাছোন, তোমালোকে বাৰু এই মাটি ইমান টকাতে বেচিলা নে?” তেতিয়া তেওঁ কলে, “হয় ইমানতে বেচা হল।”
9 Mle Bitrus alha niwu ndi, “Ahi ngyeti du yi zontu ni kpambi ndi tsra Ruhu Baci?, ya, za ndhi wa baka rhu lon me ba he ni kontra, ba banwu hi rhu.”
তেতিয়া পিতৰে চাফীৰাক কলে, “প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোকে কেনেকৈ একমত হলা? চোৱা, যি সকলে তোমাৰ স্বামীক মৈদাম দিব গৈছিল; তেওঁলোক আহি দুৱাৰৰ ওচৰ পাইছেহি, তেওঁলোকে তোমাকো বাহিৰলৈ লৈ যাব।”
10 A kri ku rhoku ni za ma nda gbron vri ma wu kle. Niwa mir nzeba ba ri ye nimi ba to a que nda banwu rhu ka rhu ni kosan bei lonma.
১০তেতিয়াই পিতৰৰ চৰণত পৰি চফীৰাই প্ৰাণ ত্যাগ কৰিলে। যুৱক সকলে ভিতৰলৈ আহি, চাফীৰাকো মৃত দেখিলে৷ তেতিয়া তেওঁকো বাহিৰলৈ নি তেওঁৰ স্বামীৰ কাষতে মৈদাম দিলে।
11 sisir rigra ma a ti eklisiya wawu ni biwa bawo kpi biyi”a.
১১মণ্ডলীৰ সকলো লোকে যেতিয়া এই কথা শুনিলে, তেওঁলোকে অতিশয় ভয় খালে।
12 ikpi gbugbuwu wa bana taba to ni son ba na ni chu tro nkankan ba kiya faru ni cikin ndi tawuri mazani ba. Ba ki wawumba ni trankon solomon.
১২পাছত পাঁচনি সকলৰ দ্বাৰাই মানু্হৰ মাজত অনেক চিন আৰু আচৰিত কার্য হবলৈ ধৰিলে। তেওঁলোক সকলোৱে চলোমনৰ বাৰাণ্ডাত গোট খাইছিল। তেওঁলোকৰ উদ্দেশ্যও একে আছিল।
13 Mbru ndhi ba bana hini gbengble suron u huba hikina ama ndhiba ba to ba ni nfutu.
১৩যদিও সকলোৱে তেওঁলোকক সমাদৰ কৰিলে, তথাপি আন লোক সকলে তেওঁলোকৰ মাজত সোমাবলৈ সাহস নকৰিলে।
14 Nikima, ndhi ba ta ye nda ni kpa Bau; ndi lilon baba mba gbugbuwu.
১৪কিন্তু ইয়াৰ মাজৰে অনেক পুৰুষ আৰু মহিলাই বিশ্বাস কৰি প্রভুৰ বিশ্বাসত যোগ দিলে।
15 Nda duba vu bi lilo thuka zi nitu nkon tu bubu kru ko ni bla krumba, ndi i dan Bitrus si zren zu, iwhi ma ni ku nitu bari mba.
১৫ইয়াৰ উপৰি লোক সকলে পিতৰ অহা-যোৱা কৰোঁতে তেওঁৰ ছাঁ যেন ৰোগী সকলৰ গাত পৰে, এই আশাৰে ৰোগী সকলক বিচনা আৰু খাটত তুলি বাটৰ কাষত থলেহি।
16 Kpandhi ngame ba ye rhi ni gbu biwa ba ne we were ni urishilima, ni bi lilo baba biwa meme brjhi loba, ba kpa si kpa mba
১৬যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
17 Nikima, niko firist alu kri, ni wawu biwa ba heniwu'a (biwa ba he ni derika sadukiawa); ba shuni ngu,
১৭কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল
18 nda yo wo vu manzani ba ka tro ni buba tro. “
১৮তেওঁলোকে পাঁচনি সকলক ধৰি আনি ৰাইজৰ কাৰাগাৰত বন্দী কৰি থলে।
19 Nikimame, niwa chu ati malaika u Baci a bwunko wu bubu tro'a nda njiba rhu ra, nda tha bawu ndi
১৯কিন্তু ৰাতি হলত প্ৰভুৰ এজন দূত আহি বন্দীশালৰ দুৱাৰ খুলি তেওঁলোকক বাহিৰলৈ যাব দি কলে,
20 “Hi, kri nimi Haikali ni tre ndi ndhiba wawu nitu lantre wu nu vriji”.
২০“যোৱা, তোমালোকে গৈ মন্দিৰত থিয় হৈ, অনন্ত জীৱনৰ সকলো কথা লোক সকলৰ আগত কোৱাগৈ”।
21 Niwa ba wo tre yi a, ba ri hi ni haikalia tsra ni bwunble nda tsroba. I a ninkon firt a ye baba biwa baheni wu'a nda yo son shubi bi ninkon gbu baba datibai ndhi bi Israila wawumba, nda tonba hi ni ko tre duba hi nii manzani ba ye.
২১আজ্ঞা অনুসাৰে তেওঁলোকে ৰাতিপুৱাতে মন্দিৰত সোমাই উপদেশ দিলে। আনফালে মহা-পুৰোহিত আৰু তেওঁৰ সংগী সকলে আহি ইস্ৰায়েলী সকলৰ জেষ্ঠ লোকৰ এক মহাসভা মাতিলে আৰু পাঁচনি সকলক বন্দীশালৰ পৰা আনিবলৈ মানুহ পঠালে।
22 Ofisa wa ba tonbarba hi ka waba hamani ko tro'a nda kima ye lha bawu.
২২কিন্তু সেই বিষয়া সকলে বন্দীশাললৈ গৈ তেওঁলোকক দেখা নাপালে আৰু উভতি আহি ক’লে,
23 “Kika to nkotraba baki ni tro vrenme, ni bi ki gben ba ni kontra. Ama niwa ki bwu ni ri, kina to ndior nimi na.
২৩“আমি বন্দীশালৰ দু্ৱাৰ টানকৈ বান্ধি থোৱা দেখিলোঁ আৰু ৰখীয়াবোৰেও দুৱাৰত থিয় হৈ আছে; কিন্তু দুৱাৰ খুলি ভিতৰত তেওঁলোকক দেখা নাপালোঁ।”
24 Ni wo tre yi, captin wu haikalia mba ninko first wawu, ba ku sisiri nitu mba, don kpe wa ni wu gon ma.
২৪এই কথা শুনি মন্দিৰৰ সেনাধিপতি আৰু প্ৰধান পুৰোহিত সকলে ইয়াৰ পৰিণতি কি হব বুলি ভাবি হতবুদ্ধি হ’ল।
25 Mle ndhiri a ye nda ye lha bawu ndi, “Ndhi wa bi vu sru ni ko tro ba kri si tero ndhi ni mi haikali.”
২৫তেনেতে কোনোবা এজনে আহি জনালে যে, “আপোনালোকে যি সকল মানু্হক বন্দীশালত থৈছিল, সেই মানুহবোৰে মন্দিৰত থিয় হৈ লোক সকলক উপদেশ দি আছে।”
26 Kaptin babamir binduma ba wru hi nda ka vu ba ye, hama ni gbiba ni gbeneblen, nitu ba ti sisiri ko ndhi ba ta ba ni tita.
২৬তেতিয়া সেনাপতি জনে তেওঁৰ লোক সকলৰ সৈতে সেই ঠাইলৈ গৈ পাঁচনি সকলক লৈ আহে। তাতে মানুহবোৰে পাথৰ মাৰিব পাৰে বুলি ভয় খাই তেওঁলোকে পাঁচনি সকলক কোনো বেয়া ব্যৱহাৰ নকৰিলে।
27 Niwa ba njiba ye'a ba zi ba shishi bi ninkon'a,
২৭পাছত তেওঁলোকক আনি সভাত উপস্থিত কৰোঁতে, মহা-পুৰোহিতে তেওঁলোকক প্রশ্ন কৰিলে,
28 Nikon first a tsra ba ni mye ndi, “we mha yi ndife yi ton du yi na tsro ni nde yi na, ama bi ka gbu urishilima ni tsro mbi ndi nison nji yi guyi ye sa nitumbu.”
২৮“এই নামেৰে উপদেশ নিদিবলৈ আমি তোমালোকক কঠোৰ আজ্ঞা দিছিলোঁ; তথাপি তোমালোকে নিজৰ শিক্ষাৰে যিৰূচালেম পূর্ণ কৰিছা আৰু সেই মানুহৰ ৰক্তপাতৰ বাবে আমাক দোষী কৰিব বিচাৰিছা।”
29 Bitrus baba manzaniba ba sa ndi, kita ki hu tre irjhi zan tre ndhi.
২৯তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
30 Irjhi ba timbu a nzu Yesu hi, wandi bi klo wuu ni kunkro.
৩০যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
31 Irjhi a nzu u hon hi ni woko ko rhima na uren u tuchu mba wu kpachuwo, don du buw kon tuba ni mir Israila, nda wru latre mba lhe.
৩১সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
32 kita ki biwa ki to kpibiyi, ni ruhu tsatsra ngame, wandi Irjhi a nu bi wa ba hu tre ma'a.
৩২এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”
33 Niwa, bi ninko wa ba son'a da trea nfu a toba, u bata son wuu manzani ba.
৩৩এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনি সকলক বধ কৰিবলৈ বিচাৰিলে।
34 Ama igu pharisawa ri wu nde ma hi Gamalial ndhi wu tsro doka, wandi ndhi wawu ba kpanyme ni wu'a, a lu kri ni minba nda ti gbuchu du manzani ba rhu dinko ni bawu wu ton fime ri.
৩৪কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।
35 Wa alu kri lha ni son ndi, “ndhi Israila, mal ya kpe wa bi tre bi ti ni ndhi biyi.
৩৫তাৰ পাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোক সকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওক।
36 Kafi du vi biyi ye, Theudus a lu wru nda gbresan ndi wawu hi ndior, u ndhi bari, ba derinzia ba zontu hu. Ba wuu, duka biwa bata hu'a ba vra hi kankan ni zremba ngame a na ti tu na.
৩৬কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰি শ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল।
37 Bay ki ma u, Juda wu Galile a lu kri ni vi wa ba bla ndhi nda gbron bari baka hu. wawu ngame a que kado u biwa bata hu'a ba vera hi kan kan.
৩৭এই মানুহ জনৰ পাছত, লোক পিয়লৰ সময়ত যিহূদা নামৰ গালীলীয়া এজন ওলাল আৰু তেওঁ ভালেমান মানুহক নিজৰ ফাললৈ আনিলে; তেৱোঁ নিহত হোৱাত তেওঁৰ অনুগামী সকলো ছিন্ন-ভিন্ন হৈ গ’ল।
38 Zizan mi lhayiwu, rhu ni nkon ndhi biyi di don ba toome, idan shiri yo ko ndu yi, hi wundi ana kri gban me na nda vralhe.
৩৮এতিয়া মই আপোনালোকক কওঁ, এই লোক সকলৰ পৰা দূৰৈত থাকক আৰু তেওঁলোকক এৰি দিয়ক; কিয়নো এই পৰিকল্পনা বা কৰ্ম যদি মানুহৰ পৰা হয়, তেনেহলে ই ব্যর্থ হব৷
39 Anita ndu Irjhi, bina iya yi nasara ni ba na bi klna to bisi tsi ni Irjhimu.” Toki ba kpanyme ni tre ma.
৩৯কিন্তু যদিহে ঈশ্বৰৰ পৰা হয়, তেনেহলে আপোনালোকে তেওঁলোকক বন্ধ কৰিব নোৱাৰিব। হয়তো দেখিব যে, আপোনালোকে ঈশ্বৰৰ বিৰুদ্ধেই যুদ্ধ কৰিছে।” তেতিয়া, তেওঁলোকে এই পৰামর্শ গ্ৰহন কৰিলে।
40 Mle ba yo manzaniba ri ni son nda lhobatsi nda hla ndi du ba na tre ni nde Yesu na, nda du ba hi kpamba.
৪০তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে।
41 Ba rhu rhi ni son bi ninko'a ni takpe don ba he ni mi biwa ba mla duba ti ba ya nitu ndema.
৪১পাঁচনি সকলে যীচুৰ নামত অপমান পোৱাৰ যোগ্য হোৱাৰ কাৰণে আনন্দিত হৈ মহাসভাৰ পৰা গুছি গল।
42 Hu kima, chachu, ni mi haikali mba ni ko hi ni ko, ba zi tsro ndani d'bu ni lha njo ndi Yesu wawuyi hi Kristi.
৪২ইয়াৰ পাছত তেওঁলোকে প্ৰতিদিনে মন্দিৰত আৰু সকলো ঘৰতে গৈ শিক্ষা দিবলৈ ধৰিলে আৰু যীচুৱেই যে খ্ৰীষ্ট এই কথা প্ৰচাৰ কৰি থাকিল।

< Ndu Manzaniba 5 >