< জেফানিয়া 3 >
1 ১ ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
Teško nepokornom, okaljanom, nasilničkom gradu!
2 ২ তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে; যিহোৱাৰ শাসন গ্রাহ্য নকৰে! যিহোৱাৰ ওপৰত ভাৰসা নকৰে; নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে।
On nikada nije čuo poziva, nikada nije prihvatio pouku; Jahvi on se nikada nije povjerio; svome Bogu nije se nikada približio.
3 ৩ তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
Njegovi su knezovi usred njega - lavovi koji riču; njegovi su suci - vuci večernji koji do jutra nisu kosti glodali;
4 ৪ তাইৰ ভাববাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক! তাইৰ পুৰোহিতসকলে পবিত্রক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কার্য কৰিছে!
proroci su njegovi - razmetljivci, puki lažljivci, svećenici njegovi skvrne Svetište, krše Zakon.
5 ৫ তাইৰ মাজত থকা যিহোৱা ধাৰ্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায় বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
Usred njega, Jahve je pravedan - on ne čini nepravde; svako jutro iznosi svoju pravicu, u praskozorje ne izostaje; ali bezbožnik srama ne poznaje.
6 ৬ যিহোৱাই কৈছে, “মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ কোঁঠবোৰ ধ্বংস কৰা হ’ল; মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলোঁ; কোনেও সেইবোৰেদি অহা-যোৱা নকৰে; তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ’ল; সেইবোৰত কোনো মানুহ নাই; কোনেও বাস নকৰে।
“Uništio sam narode, razorena su kruništa kula njihovih, poharao sam njihove ulice: nema više prolaznika! Razoreni su njihovi gradovi: nema ljudi, nema stanovnika!
7 ৭ মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
Govorio sam: 'Ti ćeš se mene ipak bojati, prigrlit ćeš pouku; u njihovim očima ne mogu nestati toliki moji pohodi.' Ali ne! - oni su žurno pokvarili sva djela svoja.
8 ৮ যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছোঁ যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
Zato mene čekajte - riječ je Jahvina - do dana kad ustanem kao tužilac; jer ja sam odredio da se sakupe narodi, da se saberu kraljevstva, da na vas gnjev svoj izlijem, svu gorčinu svoje srdžbe: u vatri moje ljubomore bit će sva zemlja sažgana.
9 ৯ তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
Dat ću narodima čiste usne, da svi mogu zazivati ime Jahvino i služiti mu jednodušno.
10 ১০ মোৰ লোকসকল, যিসকল সিচঁৰিত হৈ ইথোপীয়া দেশৰ নৈৰ সিপাৰত থাকে, মোৰ সেই আৰাধনাকাৰীসকলে মোৰ উদ্দেশ্যে উৎসর্গৰ উপহাৰ লৈ আহিব।
S druge obale rijeka etiopskih prinosit će mi žrtvene darove moji štovaoci.
11 ১১ তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোঁতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা।
U onaj dan nećeš se sramiti svih svojih nedjela koja si protiv mene počinio, jer ću ukloniti iz tebe tvoje ohole hvalisavce; i nećeš se više šepiriti na Svetoj gori mojoj,
12 ১২ কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
jer ću pustiti da u tebi opstane samo skroman i čedan narod, i u imenu Jahvinu tražit će okrilje
13 ১৩ ইস্ৰায়েলৰ সেই অৱশিষ্ট ভাগে অপৰাধ নকৰিব; তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত ছলনাৰ কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু শুব; তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব।”
Ostatak Izraelov. Oni neće više činiti nepravdu, neće više govoriti laži; u njihovim ustima neće se više naći jezik prijevarni. Moći će pasti i odmarati se, i nitko im neće smetati.”
14 ১৪ হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!
Klikći od radosti, Kćeri sionska, viči od veselja, Izraele! Veseli se i raduj se iz sveg srca, Kćeri jeruzalemska!
15 ১৫ যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা।
Jahve te riješio tvoje osude, neprijatelje tvoje uklonio! Jahve, kralj Izraelov, u sredini je tvojoj! Ne boj se više zla!
16 ১৬ সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব, ‘হে চিয়োন, তুমি ভয় নকৰিবা; তোমাৰ হাত শিথিল নহওক।।
U onaj dan reći će se Jeruzalemu: “Ne boj se, Sione! Neka ti ne klonu ruke!
17 ১৭ তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
Jahve, Bog tvoj, u sredini je tvojoj, silni spasitelj! On će se radovati tebi pun veselja, obnovit će ti svoju ljubav, kliktat će nad tobom radosno
18 ১৮ পৰ্ব্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব।” যিহোৱাই কৈছে, “মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম।
kao u dan svečani. Odvratio sam od tebe nevolju da na sebi više ne nosiš sramotu.
19 ১৯ চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
Evo svladavam sve tvoje tlačitelje. U ono vrijeme izbavit ću sve hrome, sabrat ću prognane, pribavit im hvalu i diku po svoj zemlji gdje ih sramota bijaše dopala.
20 ২০ সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”
U ono vrijeme ja ću vas dovesti, u ono vrijeme ja ću vas sabrati! Tada ću vam dati hvalu i diku među narodima zemlje, kad okrenem vašu sudbinu pred vašim očima” - govori Jahve.