< সামসঙ্গীত 146 >
1 ১ তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
Halleluja.
2 ২ মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
Chwal, duszo moja! Pana. Chwalić będę Pana, pókim żyw; będę śpiewał Bogu memu, póki mię staje.
3 ৩ তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
Nie ufajcie w książętach, ani w żadnym synu ludzkim, w którym nie masz wybawienia.
4 ৪ তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
Wynijdzie duch jego, i nawróci się do ziemi swojej; w onże dzień zginą wszystkie myśli jego.
5 ৫ যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
Błogosławiony, którego Bóg Jakóbowy jest pomocnikiem, którego nadzieja jest w Panu, Bogu jego;
6 ৬ তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকালে বিশ্বাসযোগ্য।
Który uczynił niebo, i ziemię, morze, i wszystko, co w nich jest, który przestrzega prawdy aż na wieki;
7 ৭ তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
Który czyni sprawiedliwość ukrzywdzonym, i daje chleb zgłodniałym; Pan rozwiązuje więźniów.
8 ৮ যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;
Pan otwiera oczy ślepych; Pan podnosi upadłych; Pan miłuje sprawiedliwych.
9 ৯ যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
Pan strzeże przychodniów, sierotce i wdowie pomaga; ale drogę niepobożnych podwraca.
10 ১০ যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।
Pan będzie królował na wieki; Bóg twój, o Syonie! od narodu do narodu. Halleluja.