< গণনা পুস্তক 25 >
1 ১ পাছত ইস্ৰায়েলে চিটীমত বাস কৰিলে আৰু লোকসকলে মোৱাবৰ জীয়ৰীসকলেৰে সৈতে ব্যভিচাৰ কৰিবলৈ ধৰিলে,
И живљаше Израиљ у Ситиму, и народ стаде чинити прељубу са кћерима моавским.
2 ২ কিয়নো সেই জীয়ৰীসকলে তেওঁলোকক নিজ দেৱতাৰ বলিদান দিয়াবলৈ মাতিছিল। তেতিয়া লোকসকলে ভোজন কৰি তেওঁলোকৰ দেৱতাৰ আগত প্ৰণিপাত কৰিলে।
Оне позиваху народ на жртве својих богова, и народ јеђаше, и клањаше се боговима њиховим.
3 ৩ ইস্ৰায়েল পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱাত, ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।
И Израиљ приону уз Велфегора; и разгневи се Господ на Израиља.
4 ৪ যিহোৱাই মোচিক ক’লে, “যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ ইস্ৰায়েলৰ পৰা গুচিবৰ বাবে, তুমি লোকসকলৰ আটাই মূল মানুহক নি, যিহোৱাৰ উদ্দেশ্যে সূৰ্যৰ সন্মুখত তেওঁলোকক আঁৰি থোৱা।”
И рече Господ Мојсију: Узми све кнезове народне, и обеси их Господу према сунцу, да се одврати гнев Господњи од Израиља.
5 ৫ তেতিয়া মোচিয়ে ইস্ৰায়েলৰ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোক প্ৰতিজনে পিয়োৰৰ বাল দেৱতাত আসক্ত হোৱা নিজ লোকসকলক বধ কৰা।”
И рече Мојсије судијама Израиљевим: Побијте сваки своје који су прионули уз Велфегора.
6 ৬ পাছত ইস্ৰায়েলৰ সন্তান সকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত ক্ৰন্দন কৰি থাকোঁতে, মোচিৰ আৰু গোটেই সমাজৰ সাক্ষাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ এজন পুৰুষে নিজ জ্ঞাতিসকলৰ গুৰিলৈ এজনী মিদিয়নীয়া মহিলাক আনিলে।
И гле, један између синова Израиљевих дође и доведе к браћи својој једну Мадијанку на очи Мојсију и на очи свему збору синова Израиљевих; а они заплакаше на вратима шатора од састанка.
7 ৭ তাকে দেখি, হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে সমাজৰ মাজৰ পৰা উঠি হাতত বৰচা ল’লে।
А кад то виде Финес, син Елеазара сина Арона свештеника, уста исред збора и узе копље у руку;
8 ৮ সেই ইস্ৰায়েলীয়া পুৰুষৰ পাছে পাছে খেদি গৈ, কোঁঠালিত সোমাই সেই দুই জনক, সেই ইস্ৰায়েলীয়া পুৰুষক আৰু সেই মহিলাগৰাকীৰ পেটত খুচি মাৰিলে। তাতে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মহামাৰী স্থগিত হ’ল।
И уђе за човеком Израиљцем у шатор, и прободе их обоје, човека Израиљца и ону жену, кроз трбух, и преста погибија међу синовима Израиљевим.
9 ৯ আৰু যিসকল মহামাৰীত মৰিল, তেওঁলোক চব্বিশ হাজাৰ লোক আছিল।
И изгибе их од те погибије двадесет и четири хиљаде.
10 ১০ যিহোৱাই মোচিক ক’লে,
Тада рече Господ Мојсију говорећи:
11 ১১ “হাৰোণ পুৰোহিতৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে ইস্ৰায়েলৰ মাজত মোৰ অন্তৰ্জ্বালাৰে জ্বলি উঠি ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মোৰ ক্ৰোধ ঘূৰুৱাত মই নিজ অন্তৰ্জ্বালাৰে ইস্ৰায়েলৰ সন্তানসকলক বিনষ্ট নকৰিলোঁ।
Финес, син Елеазара сина Арона свештеника одврати гнев мој од синова Израиљевих отворивши ревност за ме међу њима, да не бих истребио синове Израиљеве у ревности својој.
12 ১২ এই হেতুকে তুমি এই কথা কোৱা, ‘যিহোৱাই কৈছে, চোৱা, মই পিনহচক শান্তিদায়ক নিয়মটিৰ প্ৰতিজ্ঞা সিদ্ধ কৰোঁ;
Зато му кажи: Ево дајем му свој завет мирни.
13 ১৩ সেয়ে তেওঁৰ পক্ষে আৰু তেওঁৰ ভাবি-বংশৰ পক্ষেও চিৰস্থায়ী পুৰোহিত পদৰ নিয়ম হ’ব; কিয়নো তেওঁ নিজ ঈশ্বৰৰ পক্ষে অন্তৰ্জ্বালাৰে জ্বলিছিল আৰু ইস্ৰায়েলৰ সন্তানসকলক প্ৰায়শ্চিত্ত কৰিলে।”
И имаће он и семе његово након њега завет свештенства вечног, јер ревнова за Бога свог и очисти синове Израиљеве.
14 ১৪ হত হোৱা যি ইস্ৰায়েলীয়া পুৰুষক সেই মিদিয়নীয়া তিৰোতাৰ লগত বধ কৰা হৈছিল, তেওঁৰ নাম চালূৰ পুতেক জিম্ৰী, তেওঁ চিমিয়োনীয়াসকলৰ পিতৃ-বংশৰ এজন অধ্যক্ষ আছিল।
А човеку Израиљцу убијеном, који би убијен с Мадијанком, беше име Замрије, син Салманов, кнез од дома оца свог од племена Симеуновог.
15 ১৫ আৰু সেই হত হোৱা মিদিয়নীয়া মহিলাগৰাকিৰ নাম চূৰৰ জীয়েক কজ্বী, চূৰ মিদিয়নৰ মাজত পিতৃ-বংশৰ লোকসকলৰ মূল মানুহ আছিল।
А убијеној жени Мадијани беше име Хазвија, кћи Сура кнеза народног у дому оца свог међу Мадијанима.
16 ১৬ গতিকে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
И рече Господ Мојсију говорећи:
17 ১৭ “তুমি মিদিয়নীয়া লোকসকললৈ শত্ৰুতা আচৰণ কৰি সিহঁতক প্ৰহাৰ কৰা।
Завојштите на Мадијане, и бијте их;
18 ১৮ কিয়নো পিয়োৰ দেৱতাৰ বিষয়ে আৰু সেই পিয়োৰৰ কাৰণে মহামাৰীৰ দিনা হত হোৱা তেওঁলোকৰ নিজ জাতিৰ কজ্বী নামেৰে মিদিয়নীয়া অধ্যক্ষৰ জীয়েকৰ বিষয়েও তেওঁলোকে তোমালোকক প্ৰতাৰণা কৰি ছলেৰে তোমালোকলৈ শত্ৰুতা আচৰণ কৰিলে।”
Јер они завојштише на вас преварама својим, и претворише вас Велфегором и Хазвијом кћерју кнеза мадијанског, сестром својом, која би убијена у дан погибије која дође с Фегора.