< নেহেমিয়া 8 >
1 ১ জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে।
১জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে।
2 ২ সপ্তম মাহৰ প্ৰথম দিনা ইজ্ৰা পুৰোহিতে সমাজৰ আগলৈ, স্ত্ৰী-পুৰুষ আদি যিমান লোকে শুনিব আৰু বুজিব পাৰে, তেওঁলোকৰ ওচৰলৈ সেই পুস্তক আনিলে।
২সপ্তম মাহৰ প্ৰথম দিনা ইজ্ৰা পুৰোহিতে সমাজৰ আগলৈ, স্ত্ৰী-পুৰুষ আদি যিমান লোকে শুনিব আৰু বুজিব পাৰে, তেওঁলোকৰ ওচৰলৈ সেই পুস্তক আনিলে।
3 ৩ জল-দুৱাৰৰ আগত থকা মুকলি ঠাইৰ ফালে মুখ কৰি, স্ত্ৰী-পুৰুষ আদি যিমানে বুজিব পাৰে, তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰ বেলালৈকে তাক পাঠ কৰিলে। সকলো লোকে সেই ব্যৱস্থা-পুস্তকৰ কথা মনদি শুনিলে।
৩জল-দুৱাৰৰ আগত থকা মুকলি ঠাইৰ ফালে মুখ কৰি, স্ত্ৰী-পুৰুষ আদি যিমানে বুজিব পাৰে, তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰ বেলালৈকে তাক পাঠ কৰিলে। সকলো লোকে সেই ব্যৱস্থা-পুস্তকৰ কথা মনদি শুনিলে।
4 ৪ ইজ্ৰা অধ্যাপকে, সেই কাৰ্যৰ কাৰণে সজা এখন ওখ কাঠৰ মঞ্চৰ ওপৰত থিয় হৈছিল। তেওঁৰ ওচৰত সোঁ ফালে মত্তিথিয়া, চেমা, অনায়া, উৰিয়া, হিল্কিয়া, আৰু মাচেয়া, আৰু বাওঁফালে পদায়া, মিচায়েল, মল্কিয়া, হাচুম, হচবদ্দানা, জখৰিয়া আৰু মচুল্লম থিয় হৈছিল।
৪ইজ্ৰা অধ্যাপকে, সেই কাৰ্যৰ কাৰণে সজা এখন ওখ কাঠৰ মঞ্চৰ ওপৰত থিয় হৈছিল। তেওঁৰ ওচৰত সোঁ ফালে মত্তিথিয়া, চেমা, অনায়া, উৰিয়া, হিল্কিয়া, আৰু মাচেয়া, আৰু বাওঁফালে পদায়া, মিচায়েল, মল্কিয়া, হাচুম, হচবদ্দানা, জখৰিয়া আৰু মচুল্লম থিয় হৈছিল।
5 ৫ তাৰ পাছত ইজ্ৰাই সকলো লোকতকৈ ওখ ঠাইত থিয় হৈ সকলো লোকে দেখাকৈ পুস্তকখন মেলিলে। তেওঁ পুস্তকখন মেলা মাত্ৰে সকলো লোক উঠি থিয় হ’ল।
৫তাৰ পাছত ইজ্ৰাই সকলো লোকতকৈ ওখ ঠাইত থিয় হৈ সকলো লোকে দেখাকৈ পুস্তকখন মেলিলে। তেওঁ পুস্তকখন মেলা মাত্ৰে সকলো লোক উঠি থিয় হ’ল।
6 ৬ ইজ্ৰাই মহান ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু সকলো লোকে হাত দাঙি উত্তৰ দিলে, “আমেন!, আমেন!” তাৰ পাছত মুৰ দোঁৱাই মাটিত উবুৰি হৈ যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
৬ইজ্ৰাই মহান ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু সকলো লোকে হাত দাঙি উত্তৰ দিলে, “আমেন!, আমেন!” তাৰ পাছত মুৰ দোঁৱাই মাটিত উবুৰি হৈ যিহোৱাৰ আগত প্ৰণিপাত কৰিলে।
7 ৭ আৰু যেচুৱা, বানী, চেৰেবিয়া, যামীন, অক্কুব, চবথয়, হোদিয়া, মাচেয়া, কলীটা, অজৰিয়া, যোজাবদ, হানন, পলায়া, আৰু লেবীয়াসকলে, নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে।
৭আৰু যেচুৱা, বানী, চেৰেবিয়া, যামীন, অক্কুব, চবথয়, হোদিয়া, মাচেয়া, কলীটা, অজৰিয়া, যোজাবদ, হানন, পলায়া, আৰু লেবীয়াসকলে, নিজ নিজ ঠাইত থিয় হৈ থকা লোকসকলক ব্যৱস্থা পুস্তকখনৰ অৰ্থ বুজিবলৈ সহায় কৰিলে।
8 ৮ তাৰ পাছত তেওঁলোকে স্পষ্টকৈ ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজাই দিলে।
৮তাৰ পাছত তেওঁলোকে স্পষ্টকৈ ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজাই দিলে।
9 ৯ দেশাধ্যক্ষ নহিমিয়া, অধ্যাপক আৰু পুৰোহিত ইজ্ৰা, আৰু লেবীয়াসকল যি সকলে অৰ্থ বুজাই দিছিল, তেওঁলোকে লোকসকলক ক’লে, “আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে শোক নকৰিব আৰু নাকান্দিব।” কাৰণ ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দি আছিল।
৯দেশাধ্যক্ষ নহিমিয়া, অধ্যাপক আৰু পুৰোহিত ইজ্ৰা, আৰু লেবীয়াসকল যি সকলে অৰ্থ বুজাই দিছিল, তেওঁলোকে লোকসকলক ক’লে, “আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে শোক নকৰিব আৰু নাকান্দিব।” কাৰণ ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দি আছিল।
10 ১০ তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”
১০তেতিয়া নহিমিয়াই তেওঁলোকক ক’লে, “যাওক, চৰ্বি জাতীয় বস্তু ভোজন কৰক, আৰু মিঠা ৰস পান কৰক, আৰু যাৰ প্ৰস্তুত কৰা একো বস্তু নাই, তেওঁলোকৰ কাৰণে কিছু আহাৰ পঠাই দিয়ক। কিয়নো আজি আমাৰ প্ৰভুৰ উদ্দেশ্যে পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব; কাৰণ যিহোৱাত যি আনন্দ সেয়ে আপোনালোকৰ শক্তি।”
11 ১১ সেয়ে লেবীয়াসকলে লোকসকলক শান্ত কৰি ক’লে, “মনে মনে থাকক, কাৰণ আজি পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব।”
১১সেয়ে লেবীয়াসকলে লোকসকলক শান্ত কৰি ক’লে, “মনে মনে থাকক, কাৰণ আজি পবিত্ৰ দিন। আপোনালোকে দুখ নকৰিব।”
12 ১২ তেতিয়া তেওঁলোকক বুজাব বিচাৰা কথা বুজি, খোৱা-বোৱা কৰিবলৈ, আৰু আহাৰ ভাগ কৰি খাবলৈ, আৰু অতিশয় আনন্দেৰে উদযাপন কৰি সকলো লোক নিজ বাটে গ’ল।
১২তেতিয়া তেওঁলোকক বুজাব বিচাৰা কথা বুজি, খোৱা-বোৱা কৰিবলৈ, আৰু আহাৰ ভাগ কৰি খাবলৈ, আৰু অতিশয় আনন্দেৰে উদযাপন কৰি সকলো লোক নিজ বাটে গ’ল।
13 ১৩ তাৰ পাছত দ্বিতীয় দিনা সকলো লোকৰ পিতৃ বংশৰ মূল লোক, পুৰোহিত, আৰু লেবীয়াসকলে ব্যৱস্থা পুস্তকৰ বাক্য গভীৰ ভাবে বুজিবলৈ ইজ্ৰা অধ্যাপকৰ ওচৰলৈ আহি গোট খালে।
১৩তাৰ পাছত দ্বিতীয় দিনা সকলো লোকৰ পিতৃ বংশৰ মূল লোক, পুৰোহিত, আৰু লেবীয়াসকলে ব্যৱস্থা পুস্তকৰ বাক্য গভীৰ ভাবে বুজিবলৈ ইজ্ৰা অধ্যাপকৰ ওচৰলৈ আহি গোট খালে।
14 ১৪ তেওঁলোকে, ব্যৱস্থা পুস্তকত লিখা কথাৰ পৰা গম পালে যে, কি দৰে মোচিৰ দ্বাৰাই যিহোৱাই আদেশ কৰা অনুযায়ী, ইস্ৰায়েলৰ সন্তান সকলে সপ্তম মাহৰ পৰ্ব্বৰ কালত গৃহত থাকিব লাগে।
১৪তেওঁলোকে, ব্যৱস্থা পুস্তকত লিখা কথাৰ পৰা গম পালে যে, কি দৰে মোচিৰ দ্বাৰাই যিহোৱাই আদেশ কৰা অনুযায়ী, ইস্ৰায়েলৰ সন্তান সকলে সপ্তম মাহৰ পৰ্ব্বৰ কালত গৃহত থাকিব লাগে।
15 ১৫ আপোনালোকে ইয়াত লিখাৰ দৰে যিৰূচালেমত আৰু তেওঁলোকৰ সকলো নগৰত এই কথা ঘোষণা কৰি ক’ব লাগে যে, “অস্থায়ী আশ্ৰয় গৃহ সাজিবৰ কাৰণে পৰ্ব্বতলৈ গৈ জলফাই গছ, বনৰীয়া জিত গছ আৰু মেন্দি গছৰ ডাল, খাজুৰ পাত আৰু ছাঁ দিয়া গছৰ পাত আনক।”
১৫আপোনালোকে ইয়াত লিখাৰ দৰে যিৰূচালেমত আৰু তেওঁলোকৰ সকলো নগৰত এই কথা ঘোষণা কৰি ক’ব লাগে যে, “অস্থায়ী আশ্ৰয় গৃহ সাজিবৰ কাৰণে পৰ্ব্বতলৈ গৈ জলফাই গছ, বনৰীয়া জিত গছ আৰু মেন্দি গছৰ ডাল, খাজুৰ পাত আৰু ছাঁ দিয়া গছৰ পাত আনক।”
16 ১৬ সেয়ে লোকসকলে ওলাই গৈ সেইবোৰ আনি প্ৰতেকে নিজৰ বাবে তেওঁলোকৰ নিজৰ চোতালত, ঈশ্বৰৰ গৃহৰ চোতাল বোৰত, জল-দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত আৰু ইফ্ৰয়িমৰ দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত গৃহ সাজিলে।
১৬সেয়ে লোকসকলে ওলাই গৈ সেইবোৰ আনি প্ৰতেকে নিজৰ বাবে তেওঁলোকৰ নিজৰ চোতালত, ঈশ্বৰৰ গৃহৰ চোতাল বোৰত, জল-দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত আৰু ইফ্ৰয়িমৰ দুৱাৰৰ সন্মুখৰ মুকলি ঠাইত গৃহ সাজিলে।
17 ১৭ সমবেত হোৱা লোকসকলৰ, যি সকল বন্দী অৱস্থাৰ পৰা ঘূৰি আহিছিল, গৃহ সাজি তাত বাস কৰিলে। কাৰণ নুনৰ পুত্ৰ যেচুৱাৰ দিনৰে পৰা সেই দিনলৈকে ইস্ৰায়েলৰ সন্তান সকলে এই পৰ্ব পালন কৰা নাছিল; সেয়ে অধিক আনন্দ হ’ল।
১৭সমবেত হোৱা লোকসকলৰ, যি সকল বন্দী অৱস্থাৰ পৰা ঘূৰি আহিছিল, গৃহ সাজি তাত বাস কৰিলে। কাৰণ নুনৰ পুত্ৰ যেচুৱাৰ দিনৰে পৰা সেই দিনলৈকে ইস্ৰায়েলৰ সন্তান সকলে এই পৰ্ব পালন কৰা নাছিল; সেয়ে অধিক আনন্দ হ’ল।
18 ১৮ ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।
১৮ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।