< লেবীয় পুস্তক 27 >
1 ১ আৰু এইদৰে যিহোৱাই মোচিক কৈছিল আৰু ক’লে,
Olúwa sọ fún Mose pé.
2 ২ “তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমাৰ নিৰূপিত মূল্য অনুসাৰে যদি কোনোৱে যিহোৱাৰ উদ্দেশ্যে মানুহে দিয়া সঙ্কল্প সিদ্ধ কৰিব খোজে, তলত উল্লেখ কৰা মূল্যৰ ব্যৱহাৰ কৰা।
“Sọ fún àwọn ọmọ Israẹli pé, ‘Bí ẹnìkan bá jẹ́ ẹ̀jẹ́ pàtàkì láti ya ènìyàn kan sọ́tọ̀ fún Olúwa nípa sísan iye tí ó tó,
3 ৩ তেন্তে বিশ বছৰতকৈ অধিক আৰু ষাঠি বছৰতকৈ কম বয়স হোৱা পুৰুষৰ কাৰণে হ’লে, পবিত্ৰ স্থানৰ চেকল অনুসাৰে তোমাৰ নিৰূপিত মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
kí iye owó ọkùnrin láti ọmọ ogún ọdún sí ọgọ́ta ọdún jẹ́ àádọ́ta òsùwọ̀n ṣékélì fàdákà, gẹ́gẹ́ bí òsùwọ̀n ṣékélì ti ibi mímọ́ Olúwa.
4 ৪ কিন্তু স্ত্ৰীৰ বাবে হ’লে, তোমাৰ নিৰূপিত মূল্য ত্ৰিশ চেকল হ’ব।
Bí ẹni náà bá jẹ obìnrin, kí iye owó rẹ̀ jẹ́ ọgbọ̀n òsùwọ̀n ṣékélì.
5 ৫ আৰু যদি পাঁচ বছৰতকৈ অধিক আৰু বিশ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য বিশ চেকল হ’ব আৰু স্ত্রীৰ বাবে দহ চেকল হ’ব।
Bí ẹni náà bá jẹ́ ọmọ ọdún márùn-ún sí ogún ọdún, kí iye owó rẹ̀ jẹ́ ogún ṣékélì fún ọkùnrin àti òsùwọ̀n ṣékélì mẹ́wàá fún obìnrin.
6 ৬ আৰু যদি এমাহতকৈ অধিক আৰু পাঁচ বছৰতকৈ কম বয়সীয়া হয়, তেন্তে ল’ৰাৰ বাবে তোমাৰ নিৰূপিত মূল্য পাঁচ চেকল হ’ব আৰু ছোৱালীৰ বাবে তিনি চেকল ৰূপ হ’ব।
Bí ẹni náà bá jẹ́ ọmọ oṣù kan sí ọdún márùn-ún, kí iye owó rẹ̀ jẹ́ òsùwọ̀n ṣékélì fàdákà márùn-ún fún ọkùnrin àti òsùwọ̀n ṣékélì fàdákà mẹ́ta fún obìnrin.
7 ৭ আৰু যদি ষাঠি বছৰ ও তাতকৈ অধিক বয়সীয়া হয়, তেনেহলে পুৰুষৰ বাবে তোমাৰ নিৰূপিত মূল্য পোন্ধৰ চেকল আৰু স্ত্ৰীৰ বাবে দহ চেকল ৰূপ হ’ব।
Bí ẹni náà bá jẹ́ ọmọ ọgọ́ta ọdún àti jù bẹ́ẹ̀ lọ, kí iye owó rẹ̀ jẹ́ òsùwọ̀n ṣékélì mẹ́ẹ̀ẹ́dógún fún ọkùnrin àti òsùwọ̀n ṣékélì mẹ́wàá fún obìnrin.
8 ৮ কিন্তু যদি লোকজন দুখীয়া হয় আৰু তুমি নিৰূপণ কৰা মূল্য তেওঁ দিবলৈ যদি অক্ষম হয়, তেন্তে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব; সঙ্কল্প কৰা লোকজনৰ সমৰ্থ অনুসাৰে পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব।
Bí ẹnìkan tí ó jẹ́ ẹ̀jẹ́ bá tálákà púpọ̀ dé bi pé kò lè san iye owó náà, kí a mú ẹni náà wá síwájú àlùfáà, àlùfáà yóò sì dá iye owó tí ó lè san lé e gẹ́gẹ́ bí agbára ẹni náà tí ó jẹ́ ẹ̀jẹ́.
9 ৯ আৰু যদি যিহোৱাৰ উদ্দেশ্যে কোনো পশু উৎসৰ্গ কৰিবলৈ খোজে আৰু সেই পশু যদি যিহোৱাৰ দৃষ্টিত গ্রহণযোগ্য হয়, তেন্তে সেই পশু সম্পূর্ণৰূপে তেওঁৰ হ’ব।
“‘Bí ẹ̀jẹ́ tí ó jẹ́ bá jẹ́ ẹranko èyí tí ó jẹ́ ìtẹ́wọ́gbà gẹ́gẹ́ bí ọrẹ fún Olúwa, irú ẹran bẹ́ẹ̀ tí a bá fi fún Olúwa di mímọ́.
10 ১০ তেওঁ তাৰ অন্যথা বা সলনি নকৰিব, বেয়াৰ সলনি ভাল বা ভালৰ সলনি বেয়া নিদিব; যদি তেওঁ কোনো ৰূপে পশু সলনি কৰে, তেন্তে সেইটো আৰু তাৰ সলনি দিয়াটো পবিত্ৰ হ’ব।
Ẹni tí ó jẹ́ ẹ̀jẹ́ náà kò gbọdọ̀ pàrọ̀ ẹran mìíràn, yálà kí ó pàrọ̀ èyí tí ó dára sí èyí tí kò dára tàbí èyí tí kò dára sí èyí tí ó dára. Bí ó bá ṣe bẹ́ẹ̀ ti Olúwa ni ẹranko méjèèjì.
11 ১১ আৰু যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব নোৱাৰা কোনো অশুচি পশু যদি হয়, তেন্তে তেওঁ সেই পশু পুৰোহিতৰ ওচৰলৈ আনিব।
Ṣùgbọ́n bí ó bá jẹ́ ẹ̀jẹ́ ní ti ẹranko àìmọ́ tí a fi tọrẹ: èyí tí kò jẹ́ ìtẹ́wọ́gbà bí i ọrẹ fún Olúwa. Kí ọkùnrin náà mú ọrẹ náà lọ fún àlùfáà.
12 ১২ সেই পশুৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে বজাৰ দৰৰূপে মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
Kí àlùfáà díye lé e, gẹ́gẹ́ bí ó ti dára tàbí bí ó ti bàjẹ́ sí. Iye owó náà ni kí ó jẹ́.
13 ১৩ গৰাকীয়ে যদি কোনো ৰূপে তাক মুকলি কৰিব খোজে, তেন্তে তেওঁ তোমাৰ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
Bí ẹni náà bá fẹ́ rà á padà, ó gbọdọ̀ san iye owó rẹ̀ àti ìdá ogún iye owó náà láfikún.
14 ১৪ আৰু যদি কোনো লোকে তেওঁৰ ঘৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হবলৈ ইচ্ছা কৰে, তেন্তে সেই ঘৰ ভাল বেয়া বিবেচনা কৰি পুৰোহিতে তাৰ মূল্য স্থিৰ কৰিব। পুৰোহিতে নিৰূপণ কৰাৰ দৰে তাৰ মূল্য স্থিৰ হ’ব।
“‘Bí ẹnikẹ́ni bá ya ilẹ̀ rẹ̀ sí mímọ́ fún Olúwa: kí àlùfáà kó sọ iye tí yóò san gẹ́gẹ́ bí ilẹ̀ náà ti dára tàbí bàjẹ́ sí, iye owó náà ni kí ó jẹ́.
15 ১৫ আৰু গৰাকীয়ে তেওঁ পবিত্ৰ কৰা ঘৰ যদি মোকলাব খোজে, তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেচিকৈ দিব; আৰু তেতিয়া সেই ঘৰ তেওঁৰ হ’ব।
Bí ẹni tí ó yá ilé náà sí mímọ́ bá fẹ́ rà á padà. Jẹ́ kí ó fi ìdámárùn-ún owó ìdíyelé rẹ̀ kún ún, yóò si jẹ́ tirẹ̀.
16 ১৬ আৰু যদি কোনোৱে নিজৰ আধিপত্যৰ মাটি কোনো এভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব খোজে, তেন্তে তাত সিচাঁ কঠিয়া অনুসাৰে তোমাৰ নিৰূপিত মূল্য হব। এক হোমৰ যৱ সিঁচিবা পৰা মাটিৰ মূল্য পঞ্চাশ চেকল ৰূপ হ’ব।
“‘Bí ẹnìkan bá sì ya ara ilẹ̀ ìdílé rẹ̀ sí mímọ́ fún Olúwa. Iye tí ó bá jẹ́ ni kí wọ́n ṣètò gẹ́gẹ́ bí iye èso tí a ó fi gbìn ín. Àádọ́ta ṣékélì fàdákà fún òsùwọ̀n homeri irúgbìn barle.
17 ১৭ যদি তেওঁ যোৱেল বছৰ যোৱা মাত্ৰকে নিজৰ সেই ডোখৰ মাটি পবিত্ৰ কৰে, তেন্তে তোমাৰ নিৰূপিত মূল্য অনুসাৰে সেয়ে স্থিৰ হ’ব।
Bí ó ba ṣe pé ní ọdún ìdásílẹ̀ ni ó ya ilẹ̀ náà sí mímọ́. Iye owó tí wọn sọtẹ́lẹ̀ náà ni kí o san.
18 ১৮ আৰু যদি তেওঁ যোৱেল বছৰৰ কিছু কালৰ পাছত নিজৰ মাটি পবিত্ৰ কৰে, তেন্তে পুৰোহিতে যোৱেল বছৰলৈকে বাকী থকা বছৰৰ সংখ্যা অনুসাৰে তালৈ হিচাপ কৰিব আৰু নিৰূপিত মূল্য কম কৰা হ’ব।
Bí ó bá ya ilẹ̀ náà sí mímọ́ lẹ́yìn ọdún ìdásílẹ̀ kí àlùfáà sọ iye owó tí yóò san fún ọdún tókù kí ọdún ìdásílẹ̀ mìíràn tó pé iye owó tí ó gbọdọ̀ jẹ yóò dínkù.
19 ১৯ আৰু যদি সেই মাটি পবিত্ৰ কৰাজনে কোনো ৰূপে তাক মুকলি কৰিব খোজে তেন্তে তেওঁ নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব, তাতে সেইয়ে তেওঁৰ নিজৰ হ’ব।
Bí ẹni tí ó ya ilẹ̀ sí mímọ́ bá fẹ́ rà á padà, kí ó san iye owó náà pẹ̀lú àfikún ìdámárùn-ún. Ilẹ̀ náà yóò sì di tirẹ̀.
20 ২০ কিন্তু যদি তেওঁ সেই মাটি মুকলি নকৰে বা যদি আন কোনোজনক বেচি দিয়ে, তেন্তে তাক আৰু মোকলোৱা নাযাব।
Bí kò bá ra ilẹ̀ náà padà tàbí bí ó bá tà á fún ẹlòmíràn kò le è ri rà padà mọ́.
21 ২১ কিন্তু সেই মাটি যোৱেল বছৰত মুকলি হৈ, বৰ্জিত কৰি দিয়া মাটিৰ নিচিনাকৈ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু তাত পুৰোহিতৰহে অধিকাৰ থাকিব।
Bí a bá fi ilẹ̀ náà sílẹ̀ ní ọdún ìdásílẹ̀ yóò di mímọ́ gẹ́gẹ́ bí ilẹ̀ tí a fi fún Olúwa. Yóò sì di ohun ìní àlùfáà.
22 ২২ আৰু যদি কোনোৱে নিজৰ পৈত্রিক ভুমিৰ বাহিৰে নিজে কিনি লোৱা মাটি এডোখৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰে,
“‘Bí ẹnikẹ́ni bá ya ilẹ̀ tí ó ti rà tí kì í ṣe ilẹ̀ ìdílé rẹ̀ sí mímọ́ fún Olúwa.
23 ২৩ তেন্তে যোৱেল বছৰলৈকে তুমি নিৰূপণ কৰা মূল্য পুৰোহিতে তাক হিচাপ কৰা দিব; তেওঁ সেই দিনাই, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হোৱা বস্তুৰূপে তোমাৰ নিৰূপিত মূল্য দিব।
Kí àlùfáà sọ iye tí ó tọ títí di ọdún ìdásílẹ̀. Kí ọkùnrin náà sì san iye owó náà ní ọjọ́ náà gẹ́gẹ́ bí ohun mímọ́ sí Olúwa.
24 ২৪ সেই মাটি যাৰ পৰা কিনা হৈছিল, তেওঁ, সেই মাটিৰ যাৰ স্বত্ত্ব আছিল, তেওঁৱেই যোৱেল বছৰত তাক পুনৰায় পাব।
Ní ọdún ìdásílẹ̀ ilẹ̀ náà yóò padà di ti ẹni tí ó ni í, lọ́wọ́ ẹni tí a ti rà á.
25 ২৫ আৰু তুমি নিৰূপণ কৰা আটাই মূল্য পবিত্ৰ স্থান চেকল অনুসাৰে হব; বিশ গেৰাই এক চেকল হয়।
Gbogbo iye owó wọ̀nyí gbọdọ̀ wà ní ìbámu pẹ̀lú ṣékélì ibi mímọ́, ogún gera.
26 ২৬ তথাপি প্ৰথমে জগা বুলি যি পশু যিহোৱাৰ, পশুবোৰৰ মাজত সেই প্ৰথমে জগা পশু কোনেও পবিত্ৰ কৰিব নোৱাৰিব; গৰু, মেৰ, বা ছাগলী হওক, সেয়ে যিহোৱাৰেই।
“‘Kò sí ẹni tí ó gbọdọ̀ ya gbogbo àkọ́bí ẹran sọ́tọ̀. Èyí jẹ́ ti Olúwa nípasẹ̀ òfin àkọ́bí: yálà akọ màlúù ni tàbí àgùntàn, ti Olúwa ni.
27 ২৭ যদি সেই পশু অশুচি পশু হয়, তেন্তে উৎসৰ্গ কৰা জনে নিৰূপিত মূল্যৰ পাঁচভাগৰ এভাগ বেছলৈ দি তাক মোকলাব পাৰে। মোকলোৱা নহ’লে, নিৰূপণ কৰা মূল্যত তাক বেচা যাব।
Bí ó bá jẹ́ ọ̀kan nínú àwọn ẹran tí kò mọ́, nígbà náà ni kí ó rà á padà gẹ́gẹ́ bí ìdíyelé rẹ̀, kí ó sì fi ìdámárùn-ún lé e, tàbí bí a kò bá rà á padà kí ẹ tà á gẹ́gẹ́ bí ìdíyelé rẹ̀.
28 ২৮ তথাপি মানুহ বা পশু হওক বা নিজ আধিপত্যৰ মাটিয়েই হওক, যি কোনো মানুহে নিজৰ সৰ্ব্বস্বৰ পৰা যিহোৱাৰ উদ্দেশ্যে বৰ্জিত কৰি দিয়ে, সেই বৰ্জিত বস্তু বেচা মোকলোৱা নাযাব; প্ৰত্যেক বৰ্জিত বস্তু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
“‘Ohun tí a bá yà sí mímọ́ pátápátá láti ọwọ́ ẹnikẹ́ni sí Olúwa tàbí ẹranko tàbí ilẹ̀ tí ó jogún, òun kò gbọdọ̀ tà á kí ó rà á padà. Gbogbo ohun ìyàsọ́tọ̀ bẹ́ẹ̀ di mímọ́ jùlọ fún Olúwa.
29 ২৯ মানুহৰ মাজত যাক বৰ্জিত কৰি দিয়া হয়, সেই বৰ্জিত লোকক মোকলোৱা নাযাব; নিশ্চয়ে তেওঁক বধ কৰা হ’ব।
“‘Ẹni tí ẹ bá ti yà sọ́tọ̀ fún pípa, ẹnikẹ́ni kò gbọdọ̀ rà á padà, pípa ni kí ẹ pa á.
30 ৩০ আৰু ভুমিৰ শস্য বা গছৰ গুটিয়েই হওক, ভুমিৰ উৎপন্ন সকলো বস্তুৰ দশম ভাগ যিহোৱাৰ হ’ব; সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
“‘Gbogbo ìdámẹ́wàá ilẹ̀ náà yálà tí èso ilẹ̀ ni, tàbí tí èso igi, ti Olúwa ni. Mímọ́ ni fún Olúwa.
31 ৩১ আৰু যদি কোনোৱে নিজৰ দশম ভাগৰ কিছু মোকলাব খোজে, তেন্তে তেওঁ তাৰ পাঁচভাগৰ এভাগ বেছিকৈ দিব।
Bí ẹnikẹ́ni bá fẹ́ ra ìdámẹ́wàá nǹkan rẹ̀ padà, o gbọdọ̀ fi márùn-ún kún un.
32 ৩২ আৰু গৰু বা মেৰ বা ছাগলীৰ জাকৰ আটাই দশমভাগ, লাখুটিৰ তলেদি যোৱা সকলৰ দশমভাগ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব।
Gbogbo ìdámẹ́wàá àgbò àti ẹran ọ̀sìn, àní ìdámẹ́wàá ẹran tó bá kọjá lábẹ́ ọ̀pá darandaran kí ó jẹ́ mímọ́ fún Olúwa.
33 ৩৩ তাৰ ভাল বেয়া বিচাৰ নকৰিব আৰু তাক নসলাব। কিন্তু যদি তেওঁ কোনো প্ৰকাৰে তাক সলায়, তেন্তে সেইটো আৰু সলনি দিয়াটো দুয়োটাও পবিত্ৰ হ’ব। তাক মোকলোৱা নাযাব’।”
Ènìyàn kò gbọdọ̀ wádìí bóyá ó dára tàbí kò dára, kò sì gbọdọ̀ pààrọ̀ rẹ̀. Bí ó bá pààrọ̀ rẹ̀: àti èyí tí ó pààrọ̀ àti èyí tí ó fi pààrọ̀ ni kí ó jẹ́ mímọ́. Wọn kò gbọdọ̀ rà á padà.’”
34 ৩৪ এইবোৰ আজ্ঞাই ইস্ৰায়েলৰ সন্তান সকলৰ বাবে যিহোৱাই চীনয় পৰ্ব্বতত মোচিক দিছিল।
Àwọn àṣẹ wọ̀nyí ni Olúwa pa fún Mose fún àwọn ọmọ Israẹli ní orí òkè Sinai.