< যোব 22 >
1 ১ তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি ক’লে,
А Елифас Теманац одговори и рече:
2 ২ মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে? বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়।
Може ли Богу бити човек користан? Сам је себи користан човек мудар.
3 ৩ তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে? তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব?
Је ли Свемогућем радост, ако си праведан? Или Му је добит, ако ходиш без мане?
4 ৪ তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে? তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব?
Хоће ли те карати и ићи на суд с тобом зато што те се боји?
5 ৫ তোমাৰ দুষ্টতা অধিক নহয় নে? তোমাৰ অপৰাধ অসীম নহয় নে?
Није ли злоћа твоја велика? И неправдама твојим има ли краја?
6 ৬ কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা, আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা।
Јер си узимао залог од браће своје низашта, и свлачио си хаљине с голих.
7 ৭ তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা।
Уморног ниси напојио воде, и гладноме ниси дао хлеба.
8 ৮ কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল; আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল।
Земља је била човека силног, и угледни је седео у њој.
9 ৯ তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা; আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল।
Удовице си отпуштао празне, и мишице сиротама потирао си.
10 ১০ এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে।
Зато су око тебе замке, и страши те страх изненада.
11 ১১ তুমি আন্ধাৰ দেখা নাই নে? তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা?
И мрак је око тебе да не видиш, и поводањ покрива те.
12 ১২ ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে? সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে?
Није ли Бог на висини небеској? Погледај горе звезде, како су високо.
13 ১৩ তুমি কৈছা, “ঈশ্বৰে কি জানে? ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে?
Али ти кажеш: Шта зна Бог? Еда ли ће кроз таму судити?
14 ১৪ ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়, কেৱল আকাশ-মণ্ডল ফুৰি থাকে।”
Облаци Га заклањају, те не види; хода по кругу небеском.
15 ১৫ তুমি পুৰণি পথকে ধৰি থাকিবা নে, যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে -
Јеси ли запазио стари пут којим су ишли неправедници,
16 ১৬ সিহঁতক অকালতে ধৰি নিয়া হৈছিল; আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল।
Који се искоренише пре времена и вода се разли по темељу њиховом?
17 ১৭ সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?”
Говораху Богу: Иди од нас. Шта би им учинио Свемогући?
18 ১৮ তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল; কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰত থাকে।
А Он им је напунио куће добра. Али намера безбожничка далеко је од мене.
19 ১৯ তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে; আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই,
Видеће праведници и радоваће се, и безазлени подсмеваће им се.
20 ২০ আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল; আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।”
Да, још није уништено добро наше, а остатак је њихов прождрао огањ.
21 ২১ এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা; তাকে কৰিলে তোমাৰ মঙ্গল হব।
Сложи се с Њим и помири се; тако ће ти бити добро.
22 ২২ তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা।
Прими из уста Његових закон, и сложи речи Његове у срцу свом.
23 ২৩ যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা।
Ако се вратиш к Свемогућем, опет ћеш се назидати, ако удаљиш од шатора својих безакоње,
24 ২৪ তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা;
Тада ћеш метати по праху злато и офирско злато по камењу из потока.
25 ২৫ তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব।
И Свемогући биће ти злато и сребро и сила твоја.
26 ২৬ কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, আৰু ঈশ্বৰলৈ মুখ তুলিবা।
Јер ћеш се тада радовати о Господу, и подигнућеш к Богу лице своје.
27 ২৭ তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব।
Молићеш Му се, и услишиће те, и завете своје извршићеш.
28 ২৮ তুমি কোনো বিষয় মনত স্থিৰ কৰিলে, সেয়ে তোমালৈ সিদ্ধ হ’ব; আৰু তোমাৰ পথত পোহৰ পৰিব।
Шта год наумиш, излазиће ти; и на путевима твојим светлиће видело.
29 ২৯ বিপদৰ কালত তুমি কবা, উন্নতি হব; আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব।
Кад други буду понижени, рећи ћеш: Да се подигну; и Бог ће избавити оног ко је оборених очију.
30 ৩০ তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব; এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।”
Избавиће и оног који није без кривице; избавиће га чистотом руку твојих.