< যেরেমিয়া 29 >

1 যিৰূচালেমৰ পৰা যিৰিমিয়া ভাববাদীয়ে পঠোৱা পত্ৰখনৰ কথা এইবোৰ - যিবোৰ দেশান্তৰলৈ নিয়া বৃদ্ধসকলৰ অৱশিষ্ট বাগলৈ, আৰু যিৰূচালেমৰ পৰা বাবিললৈ নবূখদনেচৰে বন্দী কৰি নিয়া পুৰোহিত, ভাববাদী, আৰু সকলো প্ৰজালৈ পঠিয়াইছিল।
A teć są słowa listu, który posłał Jeremijasz prorok z Jeruzalemu do ostatków starszych, którzy byli w pojmaniu, i do kapłanów, i do proroków, i do wszystkiego ludu, których był przeniósł Nabuchodonozor z Jeruzalemu do Babilonu,
2 আৰু এইয়া হৈছিল যেতিয়া যকনিয়া ৰজা, ৰাজমাও, নপুংসকসকল, যিহূদা আৰু যিৰূচালেমৰ প্ৰধান লোকসকল, আৰু ৰাজমিস্ত্ৰি বাঢ়ৈ আদি শিল্পকাৰীসকলে যিৰূচালেমৰ পৰা প্ৰস্থান কৰিছিল।
Gdy wyszedł Jechonijasz król i królowa, i komornicy, książęta Judzcy, i Jeruzalemscy, także cieśle i kowale z Jeruzalemu;
3 এই পত্র যিহূদাৰ চিদিকিয়া ৰজাই বাবিললৈ, বাবিলৰ ৰজা নবূখদনেচৰৰ গুৰিলৈ পঠোৱা চাফনৰ পুত্ৰ ইলিয়াচাৰ, আৰু হিল্কিয়াৰ পুত্ৰ গমৰিয়াৰ হাতত পঠিয়াইছিল।
Przez Elhasa, syna Safanowego, i Giemaryjasza, syna Helkijaszowego, (których był posłał Sedekijasz, król Judzki, do Nabuchodonozora, króla Babilońskiego, do Babilonu) mówiąc:
4 পত্রখনত এইদৰে কৈছিল, যে, “মই যিৰূচালেমৰ পৰা বাবিললৈ বন্দী কৰি নিয়া সকলো দেশান্তৰিত লোকক ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে:
Tak mówi Pan zastępów, Bóg Izraelski, do wszystkich pojmanych, którychem przeniósł z Jeruzalemu do Babilonu:
5 তোমালোকে ঘৰ সাজি তাত বাস কৰা, আৰু বাৰী পাতি তাৰ ফল ভোগ কৰা।
Budujcie domy, i osadzajcie się; szczepcie też sady, a jedzcie owoc ich;
6 বিবাহ কৰি লৰা-ছোৱালী জন্ম দিয়া, আৰু লৰা-ছোৱালী জন্মিবৰ কাৰণে তোমালোকৰ পুত্রসকললৈ ছোৱালী আনা, আৰু জীয়েৰাসকলক বিয়া দিয়া। এইদৰে যেন তোমালোক সংখ্যাত কম নহৈ বাঢ়ি যোৱা।
Pojmujcie żony, a płodźcie synów i córki, i dawajcie synom waszym żony, a córki wasze wydawajcie za mąż, aby rodziły synów i córki; rozmnażajcie się tam, i niech was nie ubywa.
7 আৰু মই তোমালোকক বন্দী কৰি নিয়া নগৰৰ শান্তিলৈ চেষ্টা কৰা আৰু তাৰ বাবে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা; কিয়নো তাৰ শান্তিতে তোমালোকৰো শান্তি হ’ব।
Szukajcie też pokoju miastu temu, do któregom was przeniósł, a módlcie się za nie Panu; bo w pokoju jego będziecie mieli pokój.
8 কাৰণ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘তোমালোকৰ মাজত থকা তোমালোকৰ ভাববাদী আৰু মঙ্গলতীসকলে তোমালোকক নুভুলাওক, নাইবা তোমালোকৰ সপোনত তোমালোকক দেখুউৱা কথালৈ কাণ নিদিবা।
Tak zaiste mówi Pan zastępów, Bóg Izraelski: Niech was nie zwodzą prorocy wasi, którzy są między wami, i wieszczkowie wasi, a nie sprawujcie się snami waszemi, które się wam śnią.
9 কিয়নো তেওঁলোকে মিছাকৈ মোৰ নামেৰে তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰে; যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই।
Bo wam oni kłamliwie prorokują w imieniu mojem; nie posłałem ich, mówi Pan.
10 ১০ কিয়নো যিহোৱাই এইদৰে কৈছে: ‘বাবিলত থকা সত্তৰ বছৰ পূৰ হ’ল, মই তোমালোকৰ বিচাৰ ল’ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মঙ্গল বাক্য সিদ্ধ কৰিম।
Tak zaiste mówi Pan: Jako się jedno wypełnią siedmdziesiąt lat Babilonowi, nawiedzę was, a potwierdzę wam słowa swego wybornego o przywróceniu was na to miejsce.
11 ১১ কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
Bo Ja najlepiej wiem myśli, które myślę o was, mówi Pan: myśli o pokoju, a nie o utrapieniu, abym uczynił koniec pożądany biedom waszym.
12 ১২ আৰু তেতিয়া তোমালোকে মোক মাতিবা আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তেতিয়া মই তোমালোকৰ কথা শুনিম।
Gdy mię wzywać będziecie, a pójdziecie, i modlić mi się będziecie, tedy was wysłucham;
13 ১৩ আৰু তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা।
A szukając mię, znajdziecie; gdy mię szukać będziecie ze wszystkiego serca swego,
14 ১৪ আৰু যিহোৱাই কৈছে: ‘মই তোমালোকক মোক পাবলৈ দিম, মই তোমালোকৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু মই তোমালোকক দেশান্তৰিত কৰা সকলো জাতিৰ পৰা আৰু সকলে ঠাইৰ পৰা তোমালোকক গোটাই আনিম,’ ইয়াক যিহোৱাই কৈছে: ‘আৰু যি ঠাইৰ পৰা মই তোমালোকক বন্দী কৰি নিয়ালোঁ, সেই ঠাইলৈ পুনৰায় আনিম।
Dam się wam zaiste znaleść, mówi Pan: a przywrócę więźniów waszych, i zgromadzę was ze wszystkich narodów, i ze wszystkich miejsc, gdziemkolwiek was zagnał, mówi Pan; i przyprowadzę was na to miejsce, skądem was wyprowadził.
15 ১৫ যিহেতু তোমালোকে কৈছা, যিহোৱাই বাবিলত আমাৰ কাৰণে ভাববাদীসকলক উৎপন্ন কৰিলে,
Gdy rzeczecie: Wzbudzał nam Pan proroków prorokujących o zaprowadzeniu do Babilonu.
16 ১৬ এই হেতুকে তোমালোকে জানিবা, যে, দায়ুদৰ সিংহাসনৰ ওপৰত বহোঁতা ৰজাৰ, আৰু তোমালোকৰ সৈতে দেশান্তৰলৈ নোযোৱা তোমালোকৰ ভাই এই নগৰ-নিবাসী সকলো প্ৰজাৰ বিষয়ে যিহোৱাই এইদৰে কৈছে:
Bo tak mówi Pan o królu, który siedzi na stolicy Dawidowej, i o wszystkim ludu, który mieszka w tem mieście, braciach waszych, którzy nie wyszli z wami w tę niewolę;
17 ১৭ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তেওঁলোকৰ মাজলৈ তৰোৱাল, আকাল, আৰু মহামাৰী পঠিয়াম; আৰু তোমালোক অতি বেয়া হোৱাৰ কাৰণে মই তোমালোকক খাব নোৱাৰা ঘিণলগীয়া ডিমৰু গুটিৰ দৰে কৰিম।
Tak mówi Pan zastępów: Oto Ja poślę na nich miecz, głód, i mór, a uczynię ich jako złe figi, których nie jadają, przeto, że są złe.
18 ১৮ মই তৰোৱাল, আকাল, আৰু মহামাৰী লৈ তেওঁলোকৰ পাছে পাছে খেদিম, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম; আৰু মই তেওঁলোকক খেদাই দিয়া সকলো জাতিৰ মাজত তেওঁলোকক শাও, আচৰিত, ইচ্ ইচ্ আৰু ধিক্কাৰৰ বিষয় কৰিম।
Albowiem prześladować ich będę mieczem, głodem i morem, i dam ich na potłukanie po wszystkich królestwach ziemi, na przeklęstwo, i na zdumienie, owszem, na poświstanie, i na urąganie między wszystkimi narodami, tam, gdzie ich zapędzę,
19 ১৯ কাৰণ যিহোৱাই কৈছে: ‘মই অতি প্ৰভাতে উঠি তেওঁলোকৰ ওচৰলৈ মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই পঠোৱা মোৰ বাক্যলৈ তোমালোকে কাণ নিদিলা;’ যিহোৱাই কৈছে: ‘তোমালোকে মোৰ বাক্য শুনিবলৈ ইচ্ছা নকৰিলা।’
Przeto, iż nie słuchają słów moich, mówi Pan, gdy posyłam do nich sług swoich, proroków, rano wstawając i posyłając; a nie słuchaliście, mówi Pan.
20 ২০ এই হেতুকে যিৰূচালেমৰ পৰা বাবিললৈ মই পঠোৱা দেশান্তৰিত হোৱা যি তোমালোক, সকলোৱে যিহোৱাৰ বাক্য শুনা:
Przetoż słuchajcie słowa Pańskiego wy wszyscy pojmani, którychem wysłał z Jeruzalemu do Babilonu.
21 ২১ ‘কোলায়াৰ পুত্ৰ যি আহাবে, আৰু মাচেয়াৰ পুত্ৰ যি চিদিকিয়াই মোৰ নামেৰে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰিলে, তেওঁলোকৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: ‘চোৱা, মই তেওঁলোকক তোমালোকৰ চকুৰ আগতেই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত শোধাই দিম।
Tak mówi Pan zastępów, Bóg Izraelski, o Achabie, synu Kolajaszowym, i o Sedekijaszu, synu Maazejaszowym, którzy wam prorokują w imieniu mojem kłamstwo: Oto Ja podam ich w rękę Nabuchodonozora, króla Babilońskiego, aby ich pobił przed oczyma wasze mi.
22 ২২ আৰু বাবিলৰ ৰজাই জুইত পোৰা চিদিকিয়া আৰু আহাবৰ দৰে যিহোৱাই তোমাক কৰক বুলি কৈ, বাবিলত থকা যিহূদাৰ সকলো দেশান্তৰিত লোকে তেওঁলোকক দৃষ্টান্তৰ স্থল কৰি শাও দিব।’
I będzie wzięte z nich przeklinanie między wszystkich pojmanych z Judy, którzy są w Babilonie, aby mówili: Niech cię uczyni Pan jako Sedekijasza, i jako Achaba, których upiekł król Babiloński na ogniu,
23 ২৩ কিয়নো তেওঁলোকে ইস্ৰায়েলৰ মাজত অজ্ঞানতাৰ কাৰ্য কৰিলে, আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ স্ত্রীলৈ গমন কৰিলে, আৰু মই তেওঁলোকক আজ্ঞা নিদিয়া বাক্য মিছাকৈয়ে মোৰ নামেৰে প্ৰচাৰ কৰিলে।’ যিহোৱাই কৈছে: ‘ময়েই জানো, আৰু ময়েই সাক্ষী আছোঁ।’
Przeto, że popełniali złość w Izraelu, cudzołożąc z żonami bliźnich swoich, a kłamliwie mówiąc słowo w imieniu mojem, czegom im nie przykazał; a Ja o tem wiem, i jestem tego świadkiem, mówi Pan.
24 ২৪ তুমি নিহিলামীয়া চময়িয়াৰ বিষয়ে এই কথা কোৱা:
A do Semejasza Nechalamity rzecz, mówiąc:
25 ২৫ ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: যিৰূচালেমত থকা সকলো লোকলৈ, আৰু মাচেয়াৰ পুত্ৰ চফনিয়া পুৰোহিত আদি সকলো পুৰোহিতলৈ তুমি নিজৰ নামেৰে পত্ৰ পঠিয়াই কৈছা,
Tak powiada Pan zastępów, Bóg Izraelski, mówiąc: Przeto żeś ty posłał imieniem swojem listy do wszystkiego ludu, który jest w Jeruzalemie, i do Sofonijasza, syna Maazejaszowego, kapłana, i do wszystkich kapłanów, mówiąc:
26 ২৬ “যি কোনো মানুহে বলীয়া হৈ নিজকে ভাববাদী পাতে, সেই মানুহক কুন্দাত আৰু শিকলিত বন্ধ কৰিবলৈ, যিহোৱাৰ গৃহত অধ্যক্ষ হবৰ কাৰণে যিহোয়াদা পুৰোহিতৰ সলনি যিহোৱাই তোমাক পুৰোহিত নিযুক্ত কৰিলে।
Pan cię dał za kapłana miasto Jojady kapłana, abyście mieli dozór w domu Pańskim na każdego męża w rozum zaszłego a prorokującego, abyś dał takowego do więzienia i do kłody.
27 ২৭ এই হেতুকে অনাথোতীয়া যি যিৰিমিয়াই তোমালোকৰ আগত নিজকে নিজে ভাববাদী পাতে, সেই যিৰিমিয়াক তুমি কিয় ধমকি দিয়া নাই?
Przeczżeś tedy teraz nie zgromił Jeremijasza Anatotczyka, który wam prorokuje?
28 ২৮ কিয়নো বাবিলত থকা আমালৈ তেওঁ কৈ পঠিয়াইছে, যে, বহুদিন হ’ব, তোমালোকে ঘৰ সাজি তাত বাস কৰা, বাৰী পাতি তাৰ ফল ভোগ কৰা’।”
Bo posłał do nas do Babilonu, mówiąc: Jeszczeć długo czekać; budujcie domy, a osadzajcie się, szczepcie sady, a jedzcie owoce ich.
29 ২৯ চফনিয়া পুৰোহিতে সেই পত্ৰখন যিৰিমিয়া ভাববাদীয়ে শুনাকৈ পাঠ কৰিলে।
Bo Sofonijasz kapłan czytał ten list przed Jeremijaszem prorokiem.
30 ৩০ তাতে যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
I stało się słowo Pańsie do Jeremijasza mówiąc:
31 ৩১ তুমি দেশান্তৰিত হোৱা লোকসকলৰ আগলৈ এই কথা কৈ পঠিওৱা, যিহোৱাই নিহিলামীয়া বিষয়ে এই কথা কৈছে, মই চময়িয়াক নপঠোৱাকৈয়ে তেওঁ তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰিলে, আৰু মিছা কথাত তোমালোকৰ বিশ্বাস জন্মালে।
Poślij do wszystkich zabranych w niewolę, mówiąc: Tak mówi Pan o Semejaszu Nechalamitczyku: Przeto, że wam prorokował Semejasz, chociażem go Ja nie posłał, a przywodzi was do tego, abyście mieli nad zieję w kłamstwie;
32 ৩২ এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতি সমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।”
Przetoż tak mówi Pan: Oto Ja nawiedzę Semejasza Nechalamitczyka i nasienie jego; nie będzie miał nikogo, ktoby mieszkał w pośrodku ludu tego, ani ogląda tego dobra, które Ja uczynię ludowi swemu, mówi Pan; bo radził, aby odstąpił lud od Pana.

< যেরেমিয়া 29 >